ৰােগাক্ৰান্ত পিতৃৰ অস্ত্ৰোপচাৰ প্ৰতিশ্ৰুতি পূৰণ নহ’ল, মণিপুৰৰ ভূমিস্খলনত প্ৰাণ হেৰুৱালে সেনা জোৱান শংকৰে

ৰােগাক্ৰান্ত পিতৃৰ অস্ত্ৰোপচাৰ প্ৰতিশ্ৰুতি পূৰণ নহ’ল, মণিপুৰৰ ভূমিস্খলনত প্ৰাণ হেৰুৱালে সেনা জোৱান শংকৰে

July 1, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ নিজৰ ৰােগাক্ৰান্ত পিতৃৰ অস্ত্ৰােপচাৰৰ বাবে সােনকালে ঘৰলৈ উভতি অহা কথা আছিল ভাৰতীয় সেনাৰ জােৱান শংকৰৰ।

কিন্তু এই প্ৰতিশ্ৰুতি পূৰণ কৰিব নােৱাৰিলে শংকৰ ছেত্ৰী নামৰ জােৱানজনে।

কৰ্তব্যস্থলীৰ মণিপুৰৰ পৰা উত্তৰ বংগৰ মালবজাৰৰ নগৰকাতাৰ ঘৰলৈ আহিল সেনা জােৱানজনৰ মৃতদেহ।

উল্লেখ্য যে মণিপুৰৰ নোনে জিলাৰ টুপুলত সংঘটিত প্ৰচণ্ড ভূমিস্খলনত শ্বহীদ হয় শংকৰ ছেত্ৰী নামৰ সেনা জােৱানজনাে।

সেনা জোৱানজনৰ মৃত্যুৰ বাতৰি লাভ কৰাৰ পিছতে হাহাকাৰ লাগিছে শংকৰ ছেত্ৰীৰ পৰিয়ালত।

উল্লেখ্য যে মণিপুৰৰ নোনে জিলাত ৰেলপথ নিৰ্মাণ প্ৰকল্পৰ সময়ত নিৰাপত্তাৰ দায়িত্বত আছিল সেনা জোৱানজন।

হঠাতে সংঘটিত প্ৰচণ্ড ভূমিস্খলনত গুৰুতৰভাৱে আহত হয় শংকৰ। লগে লগে তেওঁক হাস্পতাললৈ নিয়া হয় যদিও হাস্পতাল পোৱাৰ পূৰ্বেই মৃত্যু ঘটে জোৱানজনৰ।

শংকৰ ছেত্ৰীয়ে শেষবাৰৰ বাবে বুধবাৰে সন্ধিয়া কথা পাতিছিল পৰিয়ালৰ সৈতে। তাৰ পিছতে বৃহস্পতিবাৰে তেওঁলোকে লাভ কৰে দুঃসংবাদটো।

দুই এদিনতে শংকৰে ছুটিত ঘৰলৈ যোৱাৰ কথা দিছিল পত্নীক। ঘৰলৈ উভতি আহিয়েই অসুস্থ পিতৃৰ এটা অস্ত্ৰোপচাৰ কৰাৰ কথা আছিল শংকৰে।

উল্লেখ্য যে শংকৰ ছেত্ৰী নামৰ সেনা জােৱানজন এটি ৫ বছৰীয়া কন্যা সন্তানৰ পিতৃ।

শংকৰে বাল্যকালৰ পৰাই সেনাত ভৰ্তি হোৱাৰ সপোন দেখিছিল।

এই সপোন অৱশেষত পূৰণ হৈছিল শংকৰৰ। আনহাতে ৪ মাহ পূৰ্বে জোৱানজনক মনিপুৰলৈ বদলি কৰা হৈছিল।

আৰু ইয়াৰ পিছতে প্ৰাকৃতিক দুৰ্যােগৰ কবলত পৰিল কৰ্তব্যৰত অৱস্থাত শ্বহীদ হ’ল সেনা জােৱানজন।

লগতে চাওকঃ

ভয়ংকৰ সংঘৰ্ষ! সেনা-আৰক্ষীৰ গুলীত নিহত আলফাৰ দুৰ্ধৰ্ষ কেডাৰ জ্ঞান অসম