ATM ৰ কােঠালিৰ ভিতৰত অধ্যয়ন নিৰাপত্তা ৰক্ষীৰ, IAS বিষয়াৰ প্ৰেৰণাদায়ক ফটাে ভাইৰেল

নিউজ ডেস্ক। সকলাে সফল ব্যক্তিয়ে বহু ঘাত-প্ৰতিঘাত অতিক্ৰম কৰিয়েই উপনীত হয় সফলতাৰ শীৰ্ষত। এনে সংগ্ৰামৰ সময়ত কিছুমান কথা নাইবা ঘটনাই ব্যক্তি এজনক উৎসাহ নাইবা অনুপ্ৰেৰণা যােগায়।

বহ অভাৱ-সমস্যাৰ মাজেৰে বহু ত্যাগ আৰু কষ্টৰ বিনিময়তে সফলতাৰ শীৰ্ষত আৰােহণ কৰি আন এশজনৰ বাবে অনুপ্ৰেৰণা হৈ ৰৈ বহু লােক।

বিভিন্ন ব্যক্তিয়ে সৰু-সৰু প্ৰত্যাহ্বানৰ সন্মুখীন হৈয়ে আধাতে সামৰে তেওঁলােকৰ সংগ্ৰাম। কিন্তু তেনে পৰিস্থিতিত আনৰ সংগ্ৰামৰ কাহিনীয়ে এনে বহু লােকক অনুপ্ৰেৰণা যােগায়।

শেহতীয়াকৈ এগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াই টুইটাৰত শ্বেয়াৰ কৰা এটা দৃশ্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। দৃশ্যটো শ্বেয়াৰ কৰিছে আই এ এছ বিষয়া অৱনিশ চৰনে।

দৃশ্যটোত দেখা অনুসৰি, এটা এটিএমৰ নিৰাপত্তাৰক্ষীয়ে নিজৰ কৰ্তব্যৰ মাজতে নিশা সোমাই পৰিছে এটিএম মেচিন থকা কোঠাটোৰ ভিতৰত।

তাৰ পিছত তেওঁ তাৰ মজিয়াত এখন কাপোৰ পাৰি বহি লৈছে এটিএমটোৰ কাষত আৰু আৰম্ভ কৰিছে নিজৰ অধ্যয়ন। অৰ্থাৎ তেওঁ এটিএমটোৰ নৈশ নিৰাপত্তাৰ দায়িত্ব পালন কৰাৰ লগতে কৰি গৈছে নিজৰ অধ্যয়নো।

এই দৃশ্যটো এতিয়া শ্বেয়াৰ কৰি ভাইৰেল কৰিছে সকলোৱে। বহুতে এই দৃশ্য সন্দৰ্ভত কৰিছে না না উদ্গনিমূলক মন্তব্য।

এই দৃশ্যই প্ৰমাণ কৰিছে যে সকলোৰে জীৱন একেই নহয়। অৰ্থাৎ কোনোৱে কিবা লাভ কৰিবৰ বাবে কৰিব লগা হয় অক্লান্ত পৰিশ্ৰম অথবা জীৱন যুদ্ধ।

ইপিনে, একাংশ টুইটাৰ ব্যৱহাৰকাৰীয়েও তেনে সংগ্ৰামৰ ফটাে শ্বেয়াৰ কৰে বিষয়াগৰাকীৰ সৈতে।

লগতে চাওকঃ

আত্মীয়ৰ মহানুভৱতা! পথ দুৰ্ঘটনাত মৃত্যু হোৱা যুৱকৰ অংগৰে ৫ জনৰ নতুন জীৱন লাভ!

Leave a Comment