শােকাৱহ! টাৱাঙত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত শ্বহীদ পাইলট, চিকিৎসাধীন সহ-পাইলট

নিউজ ডেস্ক। প্ৰতিবেশী ৰাজ্য অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত সংঘটিত হৈছে এক শােকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনা। ভাৰত-চীন সীমান্তৱৰ্তী টাৱাং জিলাৰ দুৰ্গম এলেকাত দুৰ্ঘটনাত পতিত হ’ল ভাৰতীয় সেনাৰ এখন চিতা হেলিকপ্টাৰ। নিয়মীয়া অনুশীলনৰ সময়তে টাৱাং জিলাৰ জিমিথাং ৰাজহ চক্ৰৰ এলেকাধীন নিয়ামজাং চু এলােকাত ভূপতিত হয় এই হেলিকপ্টাৰখন। এই দুৰ্ঘটনাত হেলিকপ্টাৰখনৰ পাইলট লেফটেনেণ্ট কৰ্ণেল সৌৰভ যাদৱ শ্বহীদ হয়। আনহাতে, … Read more

মৰ্মান্তিক! নৈৰ পাৰত একেলগে ফটো উঠাৰ কিছু মুহুৰ্তৰ পাছতে সলিল সমাধি ঘটিল একেটা পৰিয়ালৰ ৬ জনৰ

নিউজ ডেস্ক। পৰিয়ালৰ এক অনুষ্ঠানত অংশ লবলৈ আহি গঙ্গাৰ আঁৰত ফটো উঠিবলৈ গৈছিল একেটা পৰিয়ালৰ শিশু, কিশােৰীসহ ৬ জন। গঙ্গাৰ পাৰত আটাইকেইজনে একেলগে ফটো উঠাৰ কিছু মুহুৰ্তৰ পিছতে ঘটিল এক অনাকাংক্ষিত ঘটনা! গঙ্গাৰ কোবাল সোঁতে উটুৱাই নিয়া তাৰে এটি শিশুক বচোৱাৰ চেষ্টা কৰি এটা এটাকৈ সলিল সমাধি ঘটিল আটাইকেইজনৰে। এই শোকাবহ ঘটনা সংঘটিত হৈছে উত্তৰ … Read more

অকৃত্ৰিম স্নেহ! অসুস্থ পত্নীক হুইল চেয়াৰত লৈ পূজা উপভােগ স্বামীৰ…

নিউজ ডেস্ক। ৰাজ্যজুৰি দুৰ্গা পূজাৰ উলহ-মালহৰ মাজতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিল এক বিশেষ দৃশ্য। অসুস্থ পত্নীক হুইল চেয়াত উঠাই পদব্ৰজে পূজাথলীত উপস্থিত হ’ল এজন ককা। এই দৃশ্য প্ৰত্যক্ষ কৰা হ’ল নগাঁও চহৰত। পত্নী স্নেহৰ এক অনন্য নিদৰ্শন দেখুৱালে ককাই। অসুস্থ পত্নীক ৰঙ-বিৰঙৰ বেলুন সংলগ্ন হুইল চেয়াৰত বহুৱাই এখনৰ পাছত আনখন পূজা উপভোগ কৰোৱালে স্বামীয়ে। … Read more

নাও দুৰ্ঘটনাত সন্ধানহীন ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক। বৃহস্পতিবাৰে ধুবুৰীত ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত নাও দুৰ্ঘটনাত সন্ধানহীন হােৱা ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ উদ্ধাৰ। ঘটনাস্থলীৰ পৰা প্ৰায় ১কি.মি আঁতৰত উদ্ধাৰ বিষয়াগৰাকীৰ মৃতদেহ। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে ধুবুৰীৰ আৰক্ষী অধীক্ষককে ধৰি প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল। মৃতদেহ উদ্ধাৰ কৰি মৰণােত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে নিৰ্মীয়মাণ ধুবুৰী-ফুলবাৰী দলঙৰ খুঁটাত খুন্দা মাৰি লুইতৰ … Read more

মৰ্মান্তিক! পূজা মণ্ডপত আলােকসজ্জাৰ কামত নিয়ােজিত যুৱকৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু

নিউজ ডেস্ক। ৰাজ্যজুৰি দুৰ্গা পূজাৰ আনন্দ-উল্লাসৰ মাজতে ঘটিল এক শােকাৱহ ঘটনা। পূজা মণ্ডপত আলােকসজ্জাৰ কামত নিয়ােজিত হৈ থকা যুৱকৰ বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু। এই ঘটনাৰ স্থান কাছাৰ জিলাৰ উদাৰবন্দ কালিবাড়ি ৰোড স্থিত পূজা মণ্ডপ। মৃত যুৱকজনৰ নাম সুজন দাস। ঘৰ কাছাৰ জিলাৰ বৈৰাগী টিলাত। জানিব পৰা মতে, সুজন দাস পূজাস্থলীত আলোকসজ্জাৰ কাম কৰিছিল। কামত ব্যস্ত … Read more

বন আইন উলংঘা! মুখ্যমন্ত্ৰী, সদগুৰু আৰু মন্ত্ৰী জয়ন্ত মল্লৰ বিৰুদ্ধে এজাহাৰ দুই সচেতন নাগৰিকৰ

নিউজ ডেস্ক। বিতৰ্কত মাজত সােমাই পৰিছে সদগুৰুৰ কাজিৰঙা ভ্ৰমণ। শনিবাৰে এন্ধাৰ হােৱাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক জীপত উঠাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত প্ৰৱেশ কৰাত আশ্চৰ্য প্ৰকাশ কৰিছে একাংশ সচেতন লােকে। এনে কাৰ্যৰ জৰিয়তে বন আইন ১৯৭২ ভংগ কৰাৰ অভিযােগ তুলি তিনিওজনৰ বিৰুদ্ধে বােকাখাত থানাত এজাহাৰ দাখিল কৰিছে সোণেশ্বৰ নৰহ আৰু … Read more

মৰ্মান্তিক! কৰ্তব্যস্থলীৰ পৰা ঘূৰি অহাৰ পথত দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যু মহিলা চিকিৎসকৰ

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। কৰ্তব্যস্থলীৰ পৰা ওভতাৰ পথত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল এগৰাকী মহিলা চিকিৎসকৰ। নিহত চিকিৎসকগৰাকীৰ নাম ডাঃ ৰিজুৱানা বেনজিৰ (৩੦)। এই কৰুণ দুৰ্ঘটনাৰ স্থান নগাঁও জিলাৰ বঢ়মপুৰৰ নৰ্তম গাঁৱেৰে পাৰ হৈ যােৱা ৰাষ্ট্ৰীয় ঘাইপথ। জানিব পৰা মতে, পুৱা নিজৰ কৰ্তব্যস্থলী কাৱৈমাৰী চিকিৎসালয়ৰ পৰা নগাঁৱৰ দিশে নিজৰ এএছ ০৬ এই ৫০০৬ নম্বৰৰ আই … Read more

শােকাৱহ! পুখুৰীত গা ধুবলৈ গৈ একেলগে ৪ কন্যা শিশুৰ সলিল সমাধি

নিউজ ডেস্ক। এক কৰুণ ঘটনা। পুখুৰীত গা ধুবলৈ গৈ একেলগে সলিল সমাধি ৪ কন্যা শিশুৰ। নগাঁও জিলাৰ জুৰীয়াৰ সুতিৰপাৰত সংঘটিত হৈছে এক কৰুণ ঘটনা। এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত হৈছে জুৰীয়াৰ সুতিৰপাৰৰ চিতলমাৰি বিল গাঁৱত। জানিব পৰামতে, পুখুৰীটোত ৫জনী কিশোৰীয়ে গা ধুবলৈ গৈছিল আৰু পুখুৰীটোৰ পানীত ডুব গৈ ৪ কিশোৰীৰ সলিল সমাধি ঘটে। সৌভাগ্যক্ৰমে মৃত্যুৰ … Read more

আজিৰে পৰা পুনৰ ভাৰতীয় পৰ্যটকৰ বাবে খােল খালে ভূটানৰ প্ৰৱেশ দুৱাৰ…

নিউজ ডেস্ক। আজিৰে পৰা পুনৰ ভাৰতীয় পৰ্যটকৰ বাবে খােল খালে প্ৰতিবেশী ৰাষ্ট্ৰ ভূটানৰ প্ৰৱেশ দুৱাৰ। ইয়াৰ লগে লগে ভূটান ভ্ৰমণৰ বাবে প্ৰতিক্ষাৰত অসমৰ পৰ্যটকসকলেও লাভ কৰিব প্ৰতিবেশী ৰাষ্ট্ৰখনত প্ৰৱেশৰ সুবিধা। উল্লেখ্য যে শুকুৰবাৰে পুৱাই ভূটানৰ প্ৰধানমন্ত্ৰী লােটে শ্বেৰিঙে ভূটানৰ প্ৰৱেশ দুৱাৰৰ পৰম্পৰাগত ৰীতি-নীতিৰে মুকলি কৰে। ইয়াৰ লগে লগে ক’ভিড-১৯ৰ সংক্ৰমণৰ সময়ছােৱাৰ পৰাই বন্ধ হৈ থকা … Read more

কবি মদিৰা শ‍‍ইকীয়া ভূঞাৰ আকস্মিক দেহাৱসান

নিউজ ডেস্ক। উদীয়মান কবি, সমাজ সেৱিকা মদিৰা শইকীয়া ভূঞাৰ আকস্মিক দেহাৱসান। দুলীয়াজানৰ অইলৰ আবাসিক এলেকাৰ বাসিন্দা মদিৰা শইকীয়া ভূঞাৰ হৃদৰােগত আক্ৰান্ত হৈ মৃত্যু হয়।  তেওঁৰ এনে আকস্মিক বিয়োগৰ খবৰে বৃহত্তৰ দুলীয়াজান অঞ্চলতে শোকৰ ছাঁ পেলাইছে।  দুলীয়াজান লেখিকা সংস্থাৰ সম্পাদিকা পদত কাৰ্যনিৰ্বাহ কৰাৰ উপৰি প্ৰয়াত মদিৰা শইকীয়া অঞ্চলটােৰ বিভিন্ন সামাজিক, সাংস্কৃতিক সংগঠনৰ সৈতে ওতঃপ্ৰােতঃভাৱে জড়িত হৈ … Read more