পৰীক্ষা কেন্দ্ৰত গাফিলতি! গ্ৰেপ্তাৰ হ’ল মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সিদ্ধাৰ্থ শংকৰ নাথ

নিউজ ডেস্ক। অসম চৰকাৰে চতুৰ্থ বৰ্গৰ ১৩,৩੦੦ টা পদ পূৰণৰ বাবে দেওবাৰে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাৰ চলি থকাৰ মাজতে অঘটন। পৰীক্ষা কেন্দ্ৰত প্ৰ’টকল ভংগ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হ’বলগা হ’ল পৰীক্ষা কেন্দ্ৰৰ দায়িত্বত থকা মহাবিদ্যালয়ৰ অধ্যক্ষ। এই মহাবিদ্যালয় অধ্যক্ষগৰাকী হৈছে শিলচৰৰ কাছাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ সিদ্ধাৰ্থ শংকৰ নাথ। জানিব পৰা মতে, কাছাৰ জিলা উপায়ুক্ত ৰােহন ঝাৰ এজাহাৰৰ … Read more

‘শক্তিমান’ৰ অভিনেত্ৰীৰ সন্ন্যাস গ্ৰহণ, ২৭ বছৰীয়া কেৰিয়াৰ ত্যাগ কৰি হিমালয়লৈ নুপুৰ…

নিউজ ডেস্ক। ৰাষ্ট্ৰীয় টেলিভিছনৰ জনপ্ৰিয় তথা বিখ্যাত অভিনেত্ৰী নুপুৰ অলংকাৰে হঠাতে সন‍্যাস গ্ৰহণ কৰাৰ খবৰে খলকনি তুলিছে টেলিভিছন জগতত। যোৱা ২৭ বছৰ ধৰি বিভিন্ন চৰিত্ৰৰে দৰ্শকক মনোৰঞ্জন প্ৰদান কৰি অহা নুপুৰে এতিয়া সকলো এৰি হৈ পৰিছে সন্ন্যাসী। নুপুৰ বৰ্তমান সকলো মায়া মোহ ত‍্যাগ কৰি হিমালয়লৈ ৰাওনা হৈছে। তেওঁ জনোৱা মতে যে তেওঁলোকৰ যাত্ৰাৰ ব্যয় আৰু … Read more

একেলগে নিৰুদ্দেশ দুই স্কুলীয়া ছাত্ৰী, আৰক্ষীৰ তদন্তত পােহৰলৈ আহিল এই চাঞ্চল্যকৰ কথা…

নিউজ ডেস্ক। ৰহস্যজনকভাৱে একেলগে সন্ধানহীন হ’ল দুই স্কুলীয়া ছাত্ৰী। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিলে নগাঁও জিলাৰ ৰূপহীত। সন্ধানহীন হােৱা ছাত্ৰী দুগৰাকী হৈছে ৰূপহীৰ ছাইদৰীয়া গাঁৱৰ জেৰিন তাচনিম আৰু জান্নাতুল ফেৰদৌছি। ৰূপহীহাটৰ ছাইদৰীয়াৰ জেৰিন তাচনিম আৰু জান্নাতুল ফেৰদৌছি নামৰ ছাত্ৰী দুগৰাকী বৃহস্পতিবাৰে বিদ্যালয়লৈ যোৱাৰ পিছৰে পৰাই সন্ধানহীন হৈ আছে। নিৰ্দিষ্ট সময়ত বিদ্যালয়ৰ পৰা ছাত্ৰী দুগৰাকী … Read more

ভাৰত-বাংলাদেশ সীমান্তত উগ্ৰপন্থীৰে সংঘৰ্ষত শ্বহীদ বিএছএফ জােৱান

নিউজ ডেস্ক। পুনৰ দেশৰ সীমান্তৰ সুৰক্ষাৰ দায়িত্বত নিয়ােজিত সীমা সুৰক্ষা বাহিনী চমুকৈ বিএছএফৰ জােৱন শ্বহীদ হ’ল। এইবাৰ গাে মাফিয়া নহয়, উগ্ৰপন্থী সংগঠনৰ সৈতে হােৱা সংঘৰ্ষত প্ৰাণ ত্যাগ কৰিলে বিএছএফ জােৱানে। এইবাৰ ঘটনাৰ স্থান ত্ৰিপুৰা, মিজােৰমৰ সৈতে সংলগ্ন ভাৰত-বাংলাদেশ সীমান্ত। শ্বহীদ জােৱানজনৰ নাম গিৰজেশ কুমাৰ উদে বুলি জানিব পৰা গৈছে। এই জােৱানজন বিএছএফত হেড কনিষ্টবল আছিল। … Read more

পথাৰত গৰু আনিবলৈ গৈ বজ্ৰাঘাতত প্ৰাণ গ’ল প্ৰণৱৰ, পৰিয়ালত হাহাকাৰ

নিউজ ডেস্ক। চৰণেহে জানে মৰণৰ ঠাই…। এই বাক্যশাৰীয়েই যেন সঁচা প্ৰমাণিত হ’ল প্ৰণৱ নাথ নামৰ এজন যুৱকৰ ক্ষেত্ৰতাে। সন্ধিয়া গৰু আনিবলৈ পথাৰলৈ যােৱা গােৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত কাৰিপাৰাৰ উপৰ-বগুৱানৰ বাসিন্দা প্ৰণৱ কুমাৰ নাথৰ বজ্ৰপাতত মৃত্যু ঘটে। এই আকস্মিক ঘটনাই গভীৰ শােকৰ ছাঁ পেলাই সমগ্ৰ অঞ্চলত। জানিব পৰা মতে, ঘৰৰ সমীপতে সংঘটিত হয় এই শােকাৱহ … Read more

৮ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হােৱা চৰকাৰী কৰ্মচাৰীক ৪ বছৰৰ কাৰাদণ্ড আদালতৰ, বিহিলে জৰিমনাও

নিউজ ডেস্ক। এজন ব্যক্তিৰ পৰা ৮ হাজাৰ টকাৰ ঘােচ লৈ ভিজিলেঞ্চৰ হাতত গ্ৰেপ্তাৰ হােৱা চৰকাৰী কৰ্মচাৰীক ৪ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে। কেৱল এয়াই নহয়, কৰ্মচাৰীজনে ভৰিব লাগিব ১੦ হাজাৰ টকাৰ জৰিমনাও। এই নিলম্বিত কৰ্মচাৰীজনৰ নাম হৈছে দেৱেশ্বৰ তালুকদাৰ। জানিব পৰা মতে, তেওঁ গুৱাহাটীৰ খানাপাৰাস্থিত পৰিবহণ আয়ুক্তৰ কাৰ্যালয়ত জ্যেষ্ঠ সহায়ক হিচাপে কৰ্মৰত আছিল। জৰিমনা আদায় নকৰিলে … Read more

এইবাৰ শিক্ষকৰ পৰা ঘােচ লৈ হাতে-লােটে গ্ৰেপ্তাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া

নিউজ ডেস্ক। পুনৰ চলিল সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। এইবাৰ কামৰূপ জিলাৰ ৰাণী খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতিৰ বিৰুদ্ধে অভিযান চলালে ভিজিলেঞ্চে। এই অভিযানত ৰাণী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া (BEEO) লাচিত বসুমতাৰীক এগৰাকী শিক্ষকৰ পৰা উৎকােচ লৈ থকা অৱস্থাত হাতে-লােটে ধৰা পেলায় ভিজিলেঞ্চৰ অভিযানকাৰী দলটােৱে। জানিব পৰা মতে, শিক্ষকৰ সেৱা পুথি উন্নীতকৰণ আৰু … Read more

মৰ্মান্তিক! বিধায়কৰ কাৰ্যালয়ত পতাকা নমাবলৈ গৈ বিদ্যুৎস্পৃষ্ট যুৱক, চিকিৎসালয়ত মৃত্যু

নিউজ ডেস্ক। ৰাজ্যজুৰি স্বাধীনতা দিৱসৰ আনন্দ-উল্লাসৰ মাজতে কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ উপৰহালীত সংঘটিত হ’ল এক কৰুণ ঘটনা। পলাশবাৰী সমষ্টিৰ বিজেপি বিধায়ক হেমাংগ ঠাকুৰীয়াৰ উপৰহালী স্থিত কাৰ্যালয়ৰ চৌহদত ৰাষ্ট্ৰীয় পতাকা নমাবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক আকােৱালি ল’লে এজন যুৱকে। মৃত স্থানীয় যুৱকজনৰ নাম জিতু ঠাকুৰীয়া। এই যুৱকজন বিধায়ক হেমাংগ ঠাকুৰীয়াৰ কাৰ্যালয়ত কাৰ্যালয় সহায়ক হিচাপে কৰ্মৰত … Read more

কাৰামুক্ত হৈ পুনৰ চাকৰিত যােগদান SI জোনমণি ৰাভাৰ…

নিউজ ডেস্ক। কাৰামুক্ত হৈ পুনৰ চাকৰিত যােগদান কৰিলে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জােনমণি ৰাভাই। প্ৰৱঞ্চনাৰ গােচৰত মাজুলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জােনমণি ৰাভাই যােৱা ৮ জুলাইত ন্যায়ালয়ৰ পৰা জামিন লৈ মুকলি আকাশৰ তললৈ আহিল। ইয়াৰ পিছতে সোমবাৰে নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত আৰক্ষীৰ পোছাকত দেখা পোৱা গ’ল এছআই গৰাকীক। উল্লেখ্য যে, ভাৱীস্বামী ৰাণা পগাগৰ … Read more

বাৰিষাৰ মাজতে পতাকা উত্তােলন কৰিবলৈ গৈ ঘটিল ভয়ংকৰ ঘটনা, একেটা পৰিয়ালৰে ৩ ভাতৃ-ভগ্নীৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু

নিউজ ডেস্ক। দেশজুৰি স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতিৰ মাজতে দেওবাৰে নিশা সংঘটিত হ’ল এক কৰুণ ঘটনা। বাৰিষাৰ মাজতে ঘৰৰ ছাদৰ ওপৰত পতাকা উত্তােলন কৰিবলৈ গৈ উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ আহি মৃত্যুক সাৱটিবলগীয়া হ’ল একেটা পৰিয়ালৰে ৩ ভাতৃ-ভগ্নীয়ে। এই শােকাৱহ ঘটনা সংঘটিত হ’ল ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত। জানিব পৰা মতে, কানকে আৰক্ষী থানাৰ অন্তৰ্গত আৰ্চাণ্ডে ৰাইচ … Read more