উৎকোচ কাণ্ড! ঘােচ লৈ হাতে-লোটে ধৰা পৰিল কনিষ্ঠ অভিযন্তা দেৱাশীষ দাস, ঘৰতাে চলিল অভিযান

নিউজ ডেস্ক। চৰকাৰী বিভাগসমূহত দুৰ্নীতিৰ পােহাৰ মেলা একাংশ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। এইবাৰ ঠিকাদাৰৰ পৰা নগদ ২৫ হাজাৰ টকাৰ ঘােচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল পৌৰ প্ৰশাসনিক কাৰ্যালয়ৰ কনিষ্ঠ অভিযন্তা দেৱাশীষ দাস। এগৰাকী ঠিকাদাৰৰ ধন মােকলাই দিয়াৰ বাবদ ২৫ হাজাৰ টকাৰ ঘােচ লওঁতেই দুৰ্নীতি নিবাৰক শাখাৰ অভিযানকাৰী দলৰ … Read more

IPL ৰ জুৱাত সৰ্বস্বান্ত হ’ল পোষ্টমাষ্টাৰ! খৰচ কৰিলে গ্ৰাহকৰ ফিক্স ডিপােজিটৰ কােটি টকা

নিউজ ডেস্ক। দেশত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই.পি.এল.) ৰ খেল চলি থকাৰ সমান্তৰালভাৱে চলি আছে বৃহৎ জুৱাৰ বজাৰ এখনো। এইবাৰ ক্ৰিকেট খেলৰ জুৱাত বাজি ধৰি মধ্যপ্ৰদেশৰ এজন পোষ্টমাষ্টাৰে ১.২৫ কোটি টকা হেৰুৱাই সৰ্বাস্বান্ত হােৱাৰ খবৰ পােহৰলৈ আহিছে। জানিব পৰা মতে, তেওঁ এই বৃহৎ ধন ডাকঘৰৰ থকা দুই ডজন পৰিয়ালৰ ফিক্স ডিপােজিটৰ পৰা মনে মনে খৰচ কৰিছিল। … Read more

মৰ্মান্তিক! বিবাহ বাৰ্ষিকীৰ দিনাই শ্ৰেণীকােঠাত ঢলি পৰি শিক্ষকৰ কৰুণ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। নিজৰ বিবাহ বাৰ্ষিকীৰ দিনটােতে পত্নী-পৰিয়ালক এৰি চিৰদিনৰ বাবে গুচি গ’ল এগৰাকী শিক্ষক। ৰাজ্যৰ প্রাথমিক আৰু মাধ্যমিক বিদ্যালয়সমূহত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ চলি থকাৰ মাজতে এই শােকাৱহ ঘটনা সংঘটিত হ’ল শিৱসাগৰ জিলাৰ ডিমৌত। জানিব পৰা মতে, জিলাখনৰ ডিমৌ খণ্ড প্রাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ডিমৌৰ পৰা প্ৰায় পোন্ধৰ কিলোমিটাৰ নিলগৰ পানীদিহিঙৰ ৫৭ … Read more

মৰ্মান্তিক! দ পুখুৰীত পৰি ছাত্ৰীৰ কৰুণ মৃত্যু, কথমপি প্ৰাণৰক্ষা দুই বান্ধৱীৰ

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। দ পুখুৰীত পৰিল সলিল সমাধি ঘটিল এগৰাকী দ্বাদশ শ্ৰেণীৰ ছাত্ৰীৰ। কথমপি প্ৰাণৰক্ষা ছাত্ৰীগৰাকীৰ দুই বান্ধৱীৰ। এই ঘটনা সংঘটিত হ’ল শিৱসাগৰ জিলাৰ ডিমৌৰ বকতা বৰপিয়ালহাবি গাঁৱত। জানিব পৰা মতে, গাঁওখনৰ বাসিন্দা ধীৰেণ ফুকন আৰু প্রবৃতি ফুকনৰ কনিষ্ঠ কন্যা তথা নাজিৰাৰ স্বৰাজ একাডেমীৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ্থী কৃষ্ণাক্ষী ফুকনে বিয়লি ৪ মান … Read more

সপোন চূৰমাৰ! আৰক্ষীৰ চাকৰিৰ আশাৰে অনুশীলনৰ বাবে গৈ ট্ৰাকৰ খুন্দাত মৃত্যু ৩ কিশোৰৰ…

মঙলবাৰে পুৱাই সংঘটিত হয় এক শোকৱাহ পথ দুৰ্ঘটনা। তীব্ৰ বেগী ট্ৰাকে মহতিয়াই নিলে ৭ গৰাকী প্ৰাতঃভ্ৰমণকাৰীক। যাৰ ফলত ৩ কিশোৰীসহ এই পৰ্যন্ত প্ৰাণ হেৰুৱাইছে ৫ গৰাকীকৈ লোকে। দৰঙৰ ছিপাঝাৰত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। ছিপাঝাৰৰ কলেজ চ’কৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো৷ আৰক্ষীৰ চাকৰিৰ আশাৰে অনুশীলনৰ কৰি থকাৰ সময়তে … Read more

উৎকােচ লৈ হাতে-লােটে গ্ৰেপ্তাৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা, মধ্যভােগী কৰ্মচাৰী

নিউজ ডেস্ক। দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান অব্যাহত থকাৰ পিছতাে অসৎ পন্থাৰে ধন উপাৰ্জনৰ হাবিয়াস হ্ৰাস পােৱা নাই একাংশৰ। ঠিকাৰ ধন মােকলাই দিয়াৰ নামত মােটা অংকৰ কমিছন দাবী কৰি এইবাৰ ভিজিলেঞ্চৰ হাতত গ্ৰেপ্তাৰ হ’ল জলসিঞ্চন বিভাগৰ এগৰাকী কাৰ্যবাহী অভিযন্তাসহ বিভাগীয় কৰ্মচাৰী। অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জিপি সিঙে টুইট কৰি … Read more

শােকাৱহ! বিদ্যালয়ৰ পৰা ঘৰলৈ ওভতাৰ পথত নাও দুৰ্ঘটনাত প্ৰাণ গ’ল কণমানি নিছাতৰ

নিউজ ডেস্ক। মৰিগাঁও জিলাৰ মায়াং থানাৰ অন্তৰ্গত কাউৰহাগী আৰু কলবাৰী গাঁৱৰ মাজৰ পকৰীয়া নৈত বৃহস্পতিবাৰে দুপৰীয়াৰ ভাগত এক শোকাৱহ নাও দুৰ্ঘটনা সংঘটিত হয়। এখন টুলুঙা নাৱেৰে স্কুলৰ পৰা ঘৰলৈ উভতি অহাৰ পথতে সংঘটিত হয় এই নাও দুৰ্ঘটনাটো। দুৰ্ঘটনা সংঘটিত হোৱা নাওখনত প্ৰধান শিক্ষকৰ লগতে দহগৰাকীতকৈও অধিক ছাত্ৰ-ছাত্ৰী আছিল বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনাটোৰ ফলত … Read more

মৰ্মান্তিক! গাঁৱত সম্পন্ন হ’ল কনিষ্ঠ পুত্ৰৰ বিয়া, পুনৰ চহৰৰ কৰ্মস্থলীলৈ ৰাওনা হােৱাৰ সময়তে নিঃশেষ হ’ল ৭ জনীয়া পৰিয়াল

নিউজ ডেস্কঃ এক শােকাৱহ ঘটনা। গাঁৱৰ পৈতৃক ঘৰত উলহ মালহেৰে সম্পন্ন হ’ল কনিষ্ঠ পুত্ৰৰ বিয়া, বিয়াৰ এসপ্তাহ পিছতে চহৰৰ কৰ্মস্থলীলৈ উভতিছিল নৱ দম্পতীসহ ৭ জনীয়া পৰিয়ালৰ। কিন্তু আদবাটতে এক দুৰ্ঘটনাত নিঃশেষ হ’ল সম্পূৰ্ণ পৰিয়াল। উল্লেখ্য যে, যোৱা শনিবাৰে পুৱা ৫ বজাত উতত্ৰ প্ৰদেশৰ মথুৰাত সংঘটিত হৈছিল এটা শোকাবহ দুৰ্ঘটনা। মথুৰা জিলাৰ নৌহাজহিল থানাৰ অন্তৰ্গত যমুনা … Read more

শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনা, দুজন পাইলটৰ মৃত্যু

নিউজ ডেস্ক। বৃহস্পতিবাৰে সন্ধিয়া ছত্তীশগড়ৰ ৰায়পুৰৰ বিমানবন্দৰত এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত দুজন পাইলট নিহত হয়। হেলিকপ্টাৰখন অৱতৰণৰ সময়ত কাৰিকৰী বিজুতিৰ ফলতে প্ৰচণ্ড গতিত ভূপতিত হয়। দুৰ্ঘটনাটোত হেলিকপ্টাৰত থকা দুয়োজন পাইলট ক্ৰমে কেপ্টেইন গোপাল কৃষ্ণ পাণ্ডা আৰু কেপ্টেইন এপি শ্ৰীবাস্তৱ মৃত্যু হয়। হেলিকপ্টাৰৰ ভিতৰত আন কোনো যাত্ৰী উপস্থিত নাছিল। জ্যেষ্ঠ আৰক্ষী অধীক্ষক (এছএছপি) প্ৰশান্ত আগৰৱালে … Read more

সঞ্জীৱ, ধনজিতেই নহয়, আলফা স্বাধীনে মৃত্যুদণ্ড বিহিছিল প্ৰাক্তন ছাত্ৰনেতা বিজু গগৈকো

নিউজ ডেস্কঃ এতিয়া সমগ্ৰ ৰাজ্যজুৰি চৰ্চাৰ বিষয় হৈ পৰিছে আলফা স্বাধীন। নিষিদ্ধ ঘোষিত সংগঠনটোৰ শেহতীয়া কাৰ্যকলাপ আৰু অসমীয়া যুৱক-যুৱতীৰ মাজত বৃদ্ধি সশস্ত্ৰ সংগ্ৰামৰ পথ বাচি লোৱাৰ প্ৰৱণতাই উদ্বিগ্ন কৰি ৰাখিছে সকলোকে। তাৰ মাজতে পোহৰলৈ আহিছে আলফা স্বাধীনক লৈ আন এক বিস্ফোৰক খবৰ। শেহতীয়াকৈ তিনিচুকীয়াৰ জাগুনৰ টিংকুপানী বনাঞ্চলত গ্ৰেপ্তাৰ হোৱা আলফা স্বাধীনৰ কেডাৰ সন্তোষ লামা ওৰফে … Read more