শােকাৱহ পথ দুৰ্ঘটনাত আৰক্ষী জােৱান কৃষ্ণ মহন্তৰ মৃত্যু

নিউজ ডেস্ক। এক পথ দুৰ্ঘটনাত মূৰত গুৰুতৰ আঘাত পাই এপষেক ধৰি চিকিৎসাধীন অৱস্থাত থকা অসম আৰক্ষীৰ জােৱান কৃষ্ণ মহন্তই অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে। অতি অমায়িক, শান্ত-নির্জু স্বভাৱৰ কৃষ্ণ মহন্তৰ মৃত্যুৰ সময়ত বয়স আছিল ৩৭ বছৰ। ইহ সংসাৰত এৰি থৈ গ’ল পিতৃ-মাতৃকে ধৰি ৫ মাহৰ অন্তঃসত্বা পত্নীক। অসম আৰক্ষীৰ কনিষ্টবল কৃষ্ণ মহন্ত মহানগৰীৰ নুনমাটি আৰক্ষী … Read more

গুৰুতৰভাৱে অসুস্থ এগৰাকী প্ৰাক্তন সেনা বিষয়াৰ প্ৰাণ ৰক্ষা কৰিলে ছুইগীৰ ডেলিভাৰী বয়ে

নিউজ ডেস্ক। অনলাইন যােগে ফুড ডেলিভাৰী কৰা ছুইগী (swiggy)ৰ এজন ডেলিভাৰী বয়ৰ প্ৰশংসাৰে উপচি পৰিছে সামাজিক মাধ্যম। এগৰাকী অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ প্ৰাণ ৰক্ষা কৰাৰ বাবে এতিয়া সকলোৱে প্ৰশংসাৰে উপচাই পেলাইছে ডেলিভাৰী বয় মৃণাল কিৰদাতক। মৃণালৰ বাবেই সময়মতে চিকিৎসালয়ত উপস্থিত হৈ প্ৰাণ ৰক্ষা পৰা অৱসৰপ্ৰাপ্ত কৰ্ণেল মন মোহন মালিকেও প্ৰশংসাৰে উপচাই পেলাইছে মৃণালক। তেওঁ কৰা এই … Read more

বিয়া খাবলৈ গৈ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু নৱম শ্ৰেণীৰ ছাত্ৰী অংকিতাৰ

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনাই জােকাৰি গ’ল মঙ্গলদৈ চহৰ। চহৰৰ মাজমজিয়াত উপায়ুক্ত কাৰ্যালয়ৰ নিচেই সমীপত থকা জিলা কাৰাগাৰৰ সন্মুখত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ১২ চকীয়া মালবাহী ট্ৰাকে এখন বাইকক খুন্দিওৱাৰ ফলতে মঙ্গলদৈ লেঙেৰীপাৰা নিবাসী অংকিতা কাশ্যপ নামৰ ১৫ বছৰীয়া কিশােৰীগৰাকীৰ শােকাৱহ মৃত্যু হয়। অংকিতা কাশ্যপ মঙ্গলদৈ ডনবস্ক’ হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী আছিল। জানিব … Read more

প্ৰবীণ অভিনেতা ৰমেশ দেওৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু

নিউজ ডেস্ক। হিন্দী আৰু মাৰাঠী ছবি উদ্যোগৰ প্ৰবীণ পৰিচালক, অভিনেতা ৰমেশ দেওৱে বুধবাৰে হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে। ‘আনন্দ’, ‘আপ কী কচম’ আদি হিন্দী ছবিৰ বাবে সুপৰিচিত প্ৰবীণ অভিনেতাগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৯৩ বছৰ। ৰমেশ দেওৱে তেওঁৰ ৬০ বছৰীয়া কেৰিয়াৰত ২৫০ খনতকৈও অধিক হিন্দী চলচ্চিত্ৰ আৰু প্ৰায় ২০০ খন মাৰাঠী চলচ্চিত্ৰত অভিনয় … Read more

নতুন ইতিহাস ৰচি ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বীৰ দায়িত্বভাৰ ল’লে অসম সন্তান ৰাণা প্রতাপ কলিতাই

নিউজ ডেস্ক। কেৱল অসমেই নহয়, সমগ্ৰ উত্তৰ পূব বাসীৰ বাবে এক ঐতিহাসিক দিন। ভাৰতীয় সেনা বাহিনীৰ ইষ্টাৰ্ণ কামাণ্ডৰ দৰে গুৰুত্বপূৰ্ণ সামৰিক পদবীৰ মুৰব্বীৰ দায়িত্বভাৰ ল’লে অসমৰ সুযােগ্য সন্তান লেফটেনেন্ট জেনেৰেল ৰাণা প্রতাপ কলিতাই। উল্লেখ্য যে পশ্চিম বংগৰ ৰাজধানী কলকাতাৰ ফ’ৰ্ট উইলিয়ামত অৱস্থিত ভাৰতীয় সেনাৰ ইষ্টার্ণ কামাণ্ডৰ মুখ্য কাৰ্যালয়। ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বী পদত (জি অ’ চি– … Read more

চিকিৎসকে ‘মৃত’ বুলি ঘােষণা কৰা সদ্যজাত কন্যা শিশুৱে পৰাস্ত কৰিলে মৃত্যুক, লাভ কৰিলে নৱজীৱন!

নিউজ ডেস্ক। ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে? অসমীয়াৰ এই প্ৰবাদ যেন সঠিক প্ৰমাণিত হল এটি কণমানিৰ সৈতে। ৩ খন জিলাৰ ৮ খন ব্যক্তিগত হাস্পতালৰ চিকিৎসকে হাত দাঙি দিয়াৰ পিছত ঈশ্বৰৰ আশীৰ্বাদত নতুন জীৱন লাভ কৰিলে এটি কণমানি শিশুৱে। এই ঘটনা সংঘটিত হৈছে হাৰিয়ানাৰ ভিৱানীত। কেইবাখনো হাস্পতালৰ চিকিৎসকে শিশুটি জীয়াই নাথাকে বুলি কোৱাৰ … Read more

কন্যাৰ বিয়াৰ যা-যোগাৰ চলাই থকাৰ মাজতে কৰ্তব্যৰত অৱস্থাত মৃত্যু আৰক্ষী বিষয়া পিতৃৰ

নিউজ ডেস্ক। ১৬ ফেব্ৰুৱাৰীত কন্যাৰ বিয়া! ঘৰত ইতিমধ্যেই উখল মাখল পৰিবেশে বিৰাজ কৰিছিল। বিয়াৰ যা-যোগাৰ কৰি গাত তত নাইকিয়া হৈছিল পৰিয়ালৰ সদস্যসকলৰ। চৰকাৰী কৰ্তব্যৰ মাজতে সময় উলিয়াই কন্যাৰ বিয়াৰ সৰু সৰু কামবোৰ কৰি গৈছিল আৰক্ষী বিষয়া পিতৃ বীৰেন্দ্ৰ পাছৱানেও। ৯ ফেব্ৰুৱাৰীৰ পৰা ছুটি বিচাৰি তেওঁ ইতিমধ্যেই আবেদন কৰিছিল। বিয়াৰ বহু কাম এতিয়াও সম্পূৰ্ণ হবলৈ বাকী। … Read more

প্ৰয়াত স্বামীৰ চিকিৎসাৰ বাবে সংগ্ৰহ কৰা ৪০ লাখ টকা ক’ভিড ৰােগীৰ চিকিৎসাৰ বাবে আগবঢ়ালে পত্নীয়ে

নিউজ ডেস্ক। যোৱা দুটা বছৰত বিশ্বজুৰি আতংকৰ সৃষ্টি কৰিছে ক’ভিড-১৯ মহামাৰীয়ে। এই ভয়ংকৰ পৰিস্থিতিত পিতৃ-মাতৃহাৰা হৈছে অনেক সন্তান, স্বামী হাৰা হৈ জীৱনৰ আনন্দ চিৰদিনলৈ হেৰুৱাই পেলাইছে অনেক পত্নীয়ে! মৃত্যুৰ কিৰিলি আৰু আপোনজনৰ হিয়াৰ বিননিয়ে কঁপাই থৈ গৈছে আকাশ-বতাহ। ক’ভিডৰ এনে ভয়ংকৰ পৰিস্থিতিত বহুজনে নিজৰ আপোনজনৰ মুখখন শেষবাৰলৈ চাবলৈও সক্ষম নহ’ল। কোৰোনাৰ এই নিষ্ঠুৰ সময়তে স্বামীহাৰা … Read more

২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেটত উত্তৰ-পূবৰ বাবে আশাৰ বতৰা, জানক সবিশেষ

নিউজ ডেস্ক। মঙ্গলবাৰে সংসদত ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে। এই বাজেটে উত্তৰ-পূৰ্বাঞ্চললৈ কেইবাটাও আশাৰ বতৰা কঢ়িয়াই আনিছে। এইবাৰ বাজেটত উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক বিকাশৰ বাবে ১৫০০ কোটি টকা আৱণ্টন দিয়া হৈছে। এই বাজেটত উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ পৰিকল্পনা আৰম্ভ কৰা হ’ব বুলি ঘোষণা কৰি এই পৰিকল্পনাৰ জৰিয়তে ইয়াৰ জনসাধাৰণৰ জীৱনৰ মানদণ্ড উন্নত কৰি তোলা হ’ব … Read more

‘কবি’ ভূপেন বৰাৰ ‘জনপ্ৰিয়তা’ৰ কথা স্বীকাৰ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টাৰ, মিষ্টাৰ ৰাজকুমাৰৰ সৈতে তুলনা!

নিউজ ডেস্ক। অৱশেষত প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা শেহতীয়াকৈ এজন ‘কবি’ হিচাপে ৰাজ্যজুৰি চৰ্চা লাভ কৰা ভূপেন বৰাৰ জনপ্ৰিয়তাৰ কথা স্বীকাৰ কৰিলে শাসকীয় পক্ষৰ এজন বিধায়কে। তেওঁ হ’ল অসমৰ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক জয়ন্ত মল্ল বৰুৱা। অৱশ্যে এইবাৰ এই ‘কবিতা’ বিতৰ্কৰ মাজত জয়ন্ত মল্লই টানি আনিছে মিষ্টাৰ ৰাজকুমাৰক। সাংবাদিকৰ আগত মন্তব্য … Read more