বৰষুণৰ বতৰত মুকলি ঠাইত ম’বাইল ফােন ব্যৱহাৰ কৰাৰ ভয়ংকৰ পৰিণতি! CCTV কেমেৰাত বন্দী দৃশ্য

নিউজ ডেস্ক। কেইটামান চেকেণ্ডৰ এটা ভিডিঅ’। যি দৃশ্য দেখিলে গাৰ নোম শিয়ঁৰি উঠিব আপোনাৰো। প্ৰচণ্ড বজ্ৰপাতে এজন ব্যক্তিক দূৰলৈ দলিয়াই পেলোৱাৰ দৃশ্য এয়া। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এই ভিডিঅ’টো ইণ্ডোনেছিয়াৰ বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, এই ঘটনা সংঘটিত হৈছে ইণ্ডোনেছিয়াৰ জাকাৰ্টা চহৰত। বাতৰি অনুসৰি, এটা ঔদ্যোগিক প্ৰতিষ্ঠানৰ এজন ৩৫ বছৰীয়া নিৰাপত্তাৰক্ষী গুৰুতৰভাৱে … Read more

যেন ছবিৰ কাহিনী! প্ৰেমিকৰ হাতত নিজ পত্নীক গতাই দিলে ‘হৃদয়বান’ স্বামীয়ে

নিউজ ডেস্ক। ১৯৯৯ চনত মুক্তি লাভ কৰিছিল এখন হিন্দী ছবিয়ে। প্ৰেম আৰু ত্যাগৰ এক অনন্য কাহিনীৰে চিত্ৰিত ছবিখনৰ নাম আছিল ‘হাম দি দে চুকে চনম’। ছবিখনত এজন দুৰ্ঘোৰ প্ৰেমিকৰ চৰিত্ৰত অভিনয় কৰিছিল চলমান খানে। কিন্তু অগাধ ভালপোৱা থকা স্বত্বেও পৰিয়ালৰ বাধ্যত প্ৰেয়সী ঐশ্বৰ্য্য ৰায়ে বিবাহত বহিছিল অজয় দেৱগনৰ। কিন্তু যেতিয়া স্বামীৰূপে অজয় দেৱগণে দুয়োৰে প্ৰেম … Read more

চুইফ্ট ডিজায়াৰ সৈতে সংঘৰ্ষৰ পাছত মৃত্যু স্কুটী আৰােহী স্বাস্থ্যকৰ্মীৰ, আহত পুত্ৰ

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনাত এগৰাকী মহিলা স্বাস্থ্যকৰ্মীৰ অকালতে মৃত্যু। দুৰ্ঘটনাত নিহত সংগীতা ভট্টাচাৰ্য (৪০) নামৰ এগৰাকী স্বাস্থ্যকৰ্মী। দুৰ্ঘটনাত আহত পুত্ৰ কৌশিকাে। ঘটনাৰ স্থান শিলচৰৰ উদাৰবন্দ। নিহত সংগীতা ভট্টাচাৰ্যৰ ঘৰ উদাৰবন্দৰ চালগংগাত। সংগীতা ভট্টাচাৰ্য জানিব পৰা মতে, নিজৰ স্কুটীত উঠি কৰ্তব্যস্থলীৰ পৰা নিজ ঘৰলৈ পুত্ৰ সৈতে যাত্ৰা কৰিছিল সংগীতা ভট্টাচাৰ্যই। যাত্ৰাপথত ভিআইপি পথৰ উদাৰবন্দ … Read more

ৰাজ্যৰ প্ৰথমগৰাকী মহিলা আৰক্ষী মহাপৰিদৰ্শক (IGP) হ’ল ভায়লেট বৰুৱাৰ

ভায়লেট বৰুৱা

নিউজ ডেস্ক। নতুন বছৰৰ প্ৰাকক্ষণত অসমৰ প্ৰথমগৰাকী মহিলা আৰক্ষী মহাপৰিদৰ্শক (IGP) হিচাপে পদােন্নতি লাভ কৰিলে ভাৰতীয় আৰক্ষী সেৱা (IPS) বিষয়া ভায়লেট বৰুৱাই। টুইটাৰত এই কথা প্ৰকাশ কৰি বৰুৱাই এই পদােন্নতিৰ বাবে নিজকে ধন্য অনুভৱ কৰা বুলি উল্লেখ কৰে। টুইটাৰত বৰুৱা উল্লেখ কৰে, ”আইজিপি পদলৈ পদোন্নতি লাভ, অসমৰ প্ৰথম মহিলা আইজিপি হোৱাৰ বাবে ধন্য অনুভৱ কৰিছো।” … Read more

এদিন পিতৃ-মাতৃয়ে কৰিছিল এলাগী, আজি চৰকাৰী চাকৰিৰে স্বনিৰ্ভৰশীল দুই সংযুক্ত যমজ ভাতৃ

নিউজ ডেস্ক। অমৃতসৰৰ ২ যমজ ভাতৃ চোহনা আৰু মোহনাই লাভ কৰিছে চৰকাৰী চাকৰি। পঞ্জাৱ ষ্টেট পাৱাৰ কৰ্পোৰেচন লিমিটেডত (পিএছপিচিএল) নিযুক্তি লাভ কৰিছে সংযুক্ত শৰীৰৰ যমজ ভাতৃদ্বয়ে। ১৯ বছৰীয়া চোহনা আৰু মোহনাই ইতিমধ্যে যোৱা ২০ ডিচেম্বৰত চাকৰিত যোগদান কৰি সম্পাদন কৰিছে দায়িত্ব। বিদ্যুৎ বিভাগত বৈদ্যুতিক সঁজুলিবোৰ চোৱাচিতা কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে তেওঁলোকক। চাকৰি লাভ কৰাৰ … Read more

বৰদিনৰ পূৰ্বে কোভিড-১৯ত আক্ৰান্ত শিশুৰ মাজত উপহাৰ বিতৰণ ছাণ্টাৰ, ভাইৰেল ভিডিঅ’

নিউজ ডেস্ক। খ্ৰীষ্টান ধৰ্মাৱলম্বী সকলৰ বাবে বছৰটোৰ এটা বিশেষ দিন বৰদিন। বিশেষকৈ শিশু সকলে এই বিশেষ দিনটোৰ বাবে ৰৈ থাকে আগ্ৰহেৰে। ছাণ্টাই দি যোৱা ৰঙা-নীলা উপহাৰৰ টোপোলাৰে শিশুসকলৰ বাবে বিশেষ হৈ পৰে খ্ৰীষ্টমাছৰ সন্ধিয়াটো। কিন্তু বিশ্বব্যপী আতংকৰ সৃষ্টি কৰা কোভিড মহামাৰীৰ বাবে যোৱা দুটা বছৰ ম্লান পৰিছে খ্ৰীষ্টমাছৰ আনন্দ। শিশুসকলে ঘৰতে আবদ্ধ থাকিবলগা হোৱাত ছাণ্টাৰ … Read more

SI ৰ বাছনি পৰীক্ষাত হাই-টেক্ পদ্ধতিৰে নকল কৰি ধৰা পৰিল পৰীক্ষাৰ্থী, ভাইৰেল ভিডিঅ’

নিউজ ডেস্ক। এটা চৰকাৰী চাকৰিৰ সপোন কাৰ নাথাকে? কিন্তু বৰ্তমান দেশত চৰকাৰী চাকৰিৰ সংখ্যা যিমানেই কমি আহিছে, সিমানেই বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা। যাৰ ফলত চতুৰ্থ বৰ্গৰ এটা সাধাৰণ পদৰ বাবেও হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে আবেদন জনাবলৈ বাধ্য হৈছে। শিক্ষা আৰু যোগ্যতাক একাষৰীয়াকৈ থৈ উচ্চ শিক্ষিত সকলেও পিয়ন-চকীদাৰ আদি পদৰ বাবেও প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। আনহাতে চৰকাৰী চাকৰিৰ … Read more

অবিশ্বাস্য ঘটনা! প্ৰকাণ্ড চিলা উৰুৱাবলৈ গৈ বিপদত পৰিল এজন লােক, ভাইৰেল ভিডিঅ’

নিউজ ডেস্ক। চিলা উৰুৱাবলৈ কোনেনো পছন্দ নকৰে। বিশ্বৰ বিভিন্ন প্ৰান্তত চিলা উৰুওৱা প্ৰতিযোগিতাও অনুষ্ঠিত। কিন্তু যদি চিলা উৰুওৱাৰ সময়ত চিলাৰ সৈতে আপুনিও বতাহত পেণ্ডুলামৰ দৰে দুলি থাকে.. সেই দৃশ্য এবাৰ কল্পনা কৰকচোন। অবিশ্বাস্য যেন লাগিলেও শ্ৰীলংকাৰ জাফনা প্ৰদেশত সংঘটিত হল এনে এক ঘটনা। যি ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত এতিয়া দ্ৰুত গতিত ভাইৰেল হৈ পৰিছে। জাফনা … Read more

আজব ঘটনা! ৰে’লৰ ইঞ্জিনকে বিক্ৰী কৰিলে বিভাগীয় অভিযন্তাই

নিউজ ডেস্ক। ৰে’ল বিভাগৰ এগৰাকী অভিযন্তাই সংঘটিত কৰা এটা কাণ্ডই ব্যাপক চৰ্চা লাভ কৰিছে। নিজৰ ব্যক্তিগত লাভৰ বাবে বিভাগীয় অনুমতি অবিহনেই এই বিষয়াগৰাকীয়ে ‘স্ক্ৰেপ’ বুলি বিক্ৰী কৰি পেলালে এটা ইঞ্জিন। এই ঘটনা সংঘটিত হৈছে বিহাৰৰ পূৰ্ণিয়াত। জানিব পৰা মতে, এটা পুৰণি ভাপ ইঞ্জিন অবৈধভাৱে ‘স্ক্ৰেপ’ হিচাপে বিক্ৰী কৰাৰ বাবে এজন ৰে’ল অভিযন্তাক নিলম্বন কৰা হৈছে। … Read more

শােকাৱহ! ডাম্পাৰে মহটিয়াই নিলে স্কুটী, অকালতে প্ৰাণ গ’ল মণিকাৰ…

নিউজ ডেস্ক। একাংশ উদণ্ড ডাম্পাৰ চালকৰ বাবে ৰাজ্যত নিতৌ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। এনে পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱাইছে বহু লােকে। তেনে এক শােকাৱহ দুৰ্ঘটনাত দেওবাৰে নিশা প্ৰাণ গ’ল এগৰাকী ২৬ বছৰীয়া যুৱতীৰ, নাম মণিকা ৰায়। দুৰ্ভগীয়া যুৱতীগৰাকীৰ ঘৰ বঙাইগাঁও জিলাৰ বিজনীৰ গেৰুকাবাৰীত। পৰিয়ালটােৰ একমাত্ৰ জীয়ৰী আছিল উচ্চ শিক্ষিত মণিকা। জানিব পৰা মতে, বঙাইগাঁও জিলাৰ … Read more