বিদ্যালয়ৰ সন্মুখত ৰৈ ছাত্ৰীক অশালীন ইংগিত! আটক ৭ লম্পট…

নিউজ ডেস্কঃ বিদ্যালয়ৰ সন্মুখত ৰৈ স্কুলীয়া ছাত্ৰীকি জোকাই আটক হ’ল ৭ জনকৈ লম্পট যুৱক। হাইলাকান্দিৰ চন্দ্ৰপুৰ গাঁৱত শনিবাৰে আটক কৰে যুৱক কেইজনক। ইতিমধ্যে আৰক্ষীয়ে যুৱক কেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। ইফালে ধৃত যুৱক কেইজনৰ পৰিচয় হাইলাকান্দি জিলাৰ ঢোলচেৰা আৰু বিলাইপুৰ গাঁৱৰ কাছিম উদ্দিন, ৰেজাউল ইছলাম বৰভূঞা, সমীৰ উদ্দিন, … Read more

ঋণ ৰেহাইৰ নামত ১ টকাৰ চেক পালে মহিলাই, চেক সংগ্ৰহ কৰিবলৈ খৰচ ১ হাজাৰ টকা

নিউজ ডেস্ক। অসম চৰকাৰে মাইক্ৰ’ফাইনেন্সৰ ঋণৰ পৰা মহিলাসকলক ঋণমুক্ত কৰিবলৈ গ্ৰহণ কৰা অভিলাষী আঁচনিৰ পৰা লাভান্বিত হৈছে ৰাজ্যৰ হেজাৰ হেজাৰ মহিলা। তাৰ মাজতে বঙাইগাঁৱত এগৰাকী মহিলাৰ সৈতে সংঘটিত হ’ল এক আজব ঘটনা। ঋণ ৰেহাইৰ চেক সংগ্ৰহ কৰিবলৈ গাড়ী ভাৰা আৰু পঞ্জীয়নৰ নামত প্ৰায় ১ হাজাৰ টকা খৰচ কৰি গান্ধী ময়দানত উপস্থিত হােৱা মহিলাগৰাকীয়ে লাভ কৰে … Read more

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰচনা প্ৰতিযােগিতাত উজলিল অসমৰ ছাত্ৰী ছানিয়া, প্ৰধানমন্ত্ৰীয়ে কৰিলে পুৰস্কৃত

নিউজ ডেস্ক। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰচনা প্ৰতিযােগিতাত সফলতা অসমৰ ছাত্ৰী ছানিয়া ডেকাৰী। তিনিচুকীয়াৰ হিজুগুৰিৰ লংকেশ্বৰ গোহাঁই নগৰ নিবাসী ৰাজু ডেকাৰী আৰু পাপৰি ডেকাৰীৰ কন্যা আৰু তিনিচুকীয়াৰ বাডিং বাৰ্ডছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী ছানিয়া। উল্লেখ্য যে ‘সতর্কতা জাগৰণ সপ্তাহ’ উপলক্ষে কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদ আৰু কেন্দ্রীয় সতর্কতা আয়োগে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত কৰিছিল ৰচনা প্ৰতিযােগিতা। এই … Read more

অভিনেতা চনু সুদে অসমৰ ৰাজুক দিলে দুখন ‘হাত’!

নিউজ ডেস্ক। বলিউডৰ অভিনেতা চনু সুদৰ মহানুভৱতা! দুখন হাত নথকা অসমৰ এজন লােকক প্ৰদান কৰিলে দুখন হাত। উল্লেখ্য যে চনু সুদৰ মুম্বাইস্থিত বাসভৱনত অভিনেতাজনৰ পৰা সহায় বিচাৰি উপস্থিত হৈছিল অসমৰ ৰাজু আলী নামৰ লােকজন। অভিনেতাজনক সাক্ষাৎ কৰাৰ পিছতে ৰাজু আলীক দুখন কৃত্ৰিম হাত সংৰােপণ কৰাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে চনু সুদে। কথা মতেই কাম! প্ৰতি … Read more

মৰ্মান্তিক! পুত্ৰক গাড়ী চালনৰ প্ৰশিক্ষণ দিয়াৰ সময়তে কুঁৱাত বাগৰি পৰিল বাহন, পিতৃৰ মৃত্যু-আহত পুত্ৰ

নিউজ ডেস্ক। এক শোকাৱহ ঘটনা। পুত্ৰক গাড়ী চালনৰ প্ৰশিক্ষণ দি থকাৰ সময়তে কুঁৱাত বাগৰি পৰিল বাহন। থিতাতে প্ৰাণ গ’ল পিতৃৰ, গুৰুতৰভাৱে আহত হ’ল পুত্ৰ। এই শোকাবহ ঘটনা সংঘটিত হৈছে কেৰালাৰ কন্নুৰত। জানিব পৰা মতে, কন্নুৰৰ নেল্লিকুনৰ নিৱাসী মথুকট্টু নামৰ ব্যক্তিজনে পুৱা তেওঁৰ ১৭ বছৰীয়া পুত্ৰক গাড়ী চলাবলৈ শিকাই থকাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই ঘৰৰ কাষৰ এটা … Read more

শােকাৱহ! নৃত্য পৰিৱেশন কৰিবলৈ গৈ ডেৰাডুনত মৃত্যু মাজুলীৰ লুইচি বৰাৰ

নিউজ ডেস্ক। এক বেয়া খবৰ। তেজশ্বিতা বৰুৱাৰ পিছতে পুনৰ আন এগৰাকী উদীয়মান প্ৰতিভাক হেৰুৱালে মাজুলীৰ লগতে অসমবাসীয়ে। উত্তৰাখণ্ডৰ ডেৰাডুনলৈ নৃত্য পৰিৱেশন কৰিবলৈ গৈ গুৰুতৰভাৱে অসুস্থ হৈ বিগত ৪ মাহে চিকিৎসাধীন হৈ থকা মাজুলীৰ সম্ভাৱনাময় শিল্পী লুইচি বৰা (২৫)ৰ ডেৰাডুনৰ চিকিৎসালয়ত মৃত্যু। উল্লেখ্য যে প্ৰায় চাৰি মাহৰ পূৰ্বে মাজুলীৰ হলিৰাম বায়নৰ নেতৃত্বত সত্ৰীয়া নৃত্য পৰিবেশন কৰিবলৈ … Read more

জীৱন শেষ কৰিবলৈ নৈত জাঁপ দিয়া লােকক জীৱন্তে উদ্ধাৰ কৰি পুৰস্কৃত অ’চি সমৰজিত বসুমতাৰী

নিউজ ডেস্ক। জনহিত জনসেৱাৰ্থে! নিজৰ প্ৰাণ বিসৰ্জন দিবলৈ নৈত জাঁপ দিয়া এজন লােকক প্ৰাণৰক্ষাৰ বাবে নৈত জাঁপ দি লােকজনক নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা কৰিলে অসম আৰক্ষীৰ এগৰাকী বিষয়াই। নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি নিস্বাৰ্থ আৰু সাহসিকতাৰে লােকজনৰ প্ৰাণ ৰক্ষা কৰি সামগ্রিকভাৱে অসম আৰক্ষীলৈ গৌৰৱ কঢ়িয়াই আনিলে কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সমৰজিৎ বসুমতাৰীয়ে। এনে … Read more

এইবাৰ দিছপুৰত উৎকােচ কাণ্ড! ৯੦ হাজাৰ টকাৰ ঘােচ লৈ গ্ৰেপ্তাৰ অসম চৰকাৰৰ যুটীয়া সচিব

নিউজ ডেস্ক। এইবাৰ দিছপুৰীয়া আমােলাৰ বিৰুদ্ধে চলিল সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। নগদ ৯੦ হাজাৰ টকাৰ উৎকােচ লৈ গ্ৰেপ্তাৰ হ’ল অসম চৰকাৰৰ যুটীয়া সচিব পৰ্যায়ৰ এগৰাকী বিষয়া। অসম প্ৰশাসনিক সেৱাৰ জ্যেষ্ঠ বিষয়াগৰকী হৈছে চৰকাৰৰ যুটীয়া সচিব কে কে শৰ্মা। এই সন্দৰ্ভত অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জিপি সিঙে টুইট কৰি প্ৰকাশ কৰা অনুসৰি, এচিএছ … Read more

পত্নী অন্তঃসত্বা, ছবিগৃহত ক্ৰিকেট উপভােগ কৰি থাকােতে প্ৰাণ গ’ল যুৱকৰ…

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। ভাৰত-পাকিস্তানৰ মাজত চলি থকা টি২੦ বিশ্বকাপৰ খেল উপভোগ কৰি থকাৰ সময়তে প্ৰাণ গ’ল এগৰাকী যুৱকৰ। এই ঘটনাৰ স্থান শিৱসাগৰৰ ভাস্কৰজ্যােতি ছবিগৃহ। জানিব পৰা মতে, শিৱসাগৰ চহৰৰ গণকপট্টী কৃষ্ণ নগৰৰ নিৱাসী পুত্ৰ বিতু গগৈ নামৰ যুৱকজনে (পিতাঃ দ্বিজেন গগৈ) আবেলি তিনিজন বন্ধুৰ সৈতে স্থানীয় ভাস্কৰজ্যোতি চিনেমা হলত ভাৰত-পাকিস্তানৰ ক্ৰিকেট খেলৰ পোনপটীয়া … Read more

আধৰুৱা হৈ ৰ’ল চিকিৎসক হােৱাৰ সপােন, দুৰ্ঘটনাত প্ৰাণ গ’ল MBSSৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰৰ…

নিউজ ডেস্ক। এক শােকাৱহ দুৰ্ঘটনাত প্ৰাণ গ’ল এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰৰ। শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ চৌহদৰ ভিতৰতে সংঘটিত বাইক দুৰ্ঘটনাত প্ৰাণ গ’ল এমবিবিএছ চূড়ান্ত বৰ্ষৰ ছাত্ৰ ডিকচন পানমেইৰ। জানিব পৰা মতে, চিকিৎসা মহাবিদ্যালয়খনৰ চৌহদত বাইক দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱায় চিকিৎসা বিজ্ঞানৰ ছাত্ৰগৰাকীয়ে। তেওঁ আৰু আন এজন বন্ধুৱে বাইক চলাই থকা সময়তে পুৱা প্ৰায় ৩.৩০ বজাত … Read more