৫ বছৰীয়া সন্তানক এৰি আজিও সন্ধানহীন নামতিৰ মঞ্জুলা! বিচাৰি হাহাকাৰ স্বামীৰ…

নিউজ ডেস্কঃ ৫ বছৰীয়া সন্তানক এৰি এগৰাকী মহিলা সন্ধানহীন হৈ থকাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে শিৱসাগৰৰ নামতিত। জানিব পৰা মতে, যোৱা ১০ নৱেম্বৰৰ পৰা সন্ধানহীন হৈ আছে আমগুৰি নামতি চাৰিআলি আদৰ্শ গাঁৱৰ ৰফিক আলীৰ কন্যা মঞ্জুলা বেগম ওৰফে ৰিমি নামৰ মহিলাগৰাকীয়ে। এটি ৫ বছৰীয়া পুত্ৰ সন্তানৰ মাতৃ মঞ্জুলা সন্ধানহীন হোৱাৰ পিছতে এতিয়া মহিলাগৰাকীক বিচাৰি … Read more

শোকাবহ! স্বামী-পুত্ৰৰ সৈতে চিৰিয়াখানা চাবলৈ গৈ ৰে’লৰ তলত সোমাই মৃত্যু শিক্ষয়িত্ৰীৰ

নিউজ ডেস্কঃ পৰিয়ালৰ সৈতে চিৰিয়াখানা চাবলৈ গৈ শোকাবহ দুৰ্ঘটনাত প্ৰাণ হেৰুৃৱাবলগীয়া হ’ল এগৰাকী শিক্ষয়িত্ৰীয়ে। পুত্ৰ আৰু স্বামীৰ সৈতে চিৰিয়াখানালৈ যোৱাৰ সময়তে সংঘটিত দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱায় শিক্ষয়িত্ৰীগৰাকীয়ে। শনিবাৰে এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় উত্তৰ প্ৰদেশৰ কানপুৰৰ ৰাজ্যিক চিৰিয়াখানাত। জানিব পৰা মতে, অঞ্জু শৰ্মা (৪০) নামৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰীগৰাকীয়ে স্বামী সুবোধ শৰ্মা আৰু পুত্ৰ অভিৰালৰ সৈতে শনিবাৰে … Read more

শোকাবহ! বিদ্যালয়ৰ ক্ৰীড়া অনুষ্ঠানৰ মাজতে আকস্মিকভাৱে ঢলি পৰি মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰ দক্ষৰ…

নিউজ ডেস্কঃ বিদ্যালয়ত অনুষ্ঠিত ক্ৰীড়া অনুষ্ঠানত ভাগ লোৱাৰ সময়তে আকস্মিকভাৱে ঢলি পৰি এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যু ঘটাক লৈ শোকৰ ছাঁ পৰিছে হাৰিয়ানাৰ পানীপটত। জানিব পৰা মতে, পানীপটৰ আছান্ধ ৰোডস্থিত ছেইণ্ট মেৰী কনভেণ্ট স্কুলত সংঘটিত হয় এই শোকাবহ ঘটনা। বিদ্যালয়খনে পালন কৰা ক্ৰীড়া দিৱসৰ অনুষ্ঠানৰ দৌৰত অংশ লোৱাৰ সময়তে হঠাৎ সংজ্ঞাহীন হৈ ঢলি পৰে দশম … Read more

পুনৰ ৰঙীন হৈ পৰিল কল্পনাৰ জীৱন! কল্পনাৰ উকা কপালত সেন্দুৰ দি নিজৰ কৰি ল’লে নলবাৰীৰ প্ৰশান্তই…

নিউজ ডেস্কঃ এখন ব্যতিক্ৰমী বিবাহেৰে এতিয়া চৰ্চিত হৈছে নলবাৰীৰ প্ৰশান্ত শৰ্মা আৰু কল্পনা ভাগৱতী। শেহতীয়াকৈ নলবাৰীৰ ঐতিহ্যমণ্ডিত বালিলেছাৰ কালী মন্দিৰত সম্পন্ন হৈ যায় কল্পনা আৰু প্ৰশান্তৰ বিয়াখন। য’ত ৮ বছৰীয়া কন্যা সন্তানৰ সৈতে বৈধব্যৰ দুৰ্বিসহ জীৱন পাৰ কৰা কল্পনা ভাগৱতীক জীৱন সংগীৰূপে আঁকোৱালি লয় ম’হখুলীৰ প্ৰশান্ত শৰ্মাই। পৰিয়ালৰ সন্মতি আৰু সামাজিক ৰীতি-নীতিৰে আয়তীৰ উৰুলি, পুৰোহিতৰ … Read more

দুঃখবৰ! প্ৰবীণ অভিনেতা বিক্ৰম গোখলেৰ দেহাৱসান…

নিউজ ডেস্কঃ প্ৰবীণ অভিনেতা বিক্ৰম গোখলে আৰু নাই। শুকুৰবাৰে বিয়লি চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট অভিনেতাগৰাকীয়ে। উল্লেখ্য যে, শাৰীৰিক অসুস্থতাৰ বাবে যোৱা ৫ নৱেম্বৰৰ পৰা পুনেৰ দীননাথ মংগেশকাৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল ৭৭ বৰ্ষীয় অভিনেতাগৰাকী। শেহতীয়াকৈ তেওঁৰ স্বাস্থ্যৰ কিছু উন্নতি ঘটিছিল যদিও শুকুৰবাৰে নিশাৰ পৰা পুনৰ অৱনতি ঘটাত হাস্পতালৰ ভেণ্টিলেশ্যনত ৰখা হয়। কিন্তু … Read more

৫০ টকীয়া দুটা লটাৰীৰ টিকটে সলনি কৰিলে মাছ বিক্ৰেতা ৰবিৰাম বসুমতাৰীৰ ভাগ্য, লাভ কৰিলে ১৮ লাখ টকীয়া ইনোভা…

নিউজ ডেস্কঃ লটাৰীৰ দুটা ৫০ টকীয়া টিকটেই ভাগ্য সলনি কৰিলে বৰপেটাৰোডৰ কালপানীৰ নিৱাসী ৰবিৰাম বসুমতাৰী। বৰপেটাৰোড সাৰ্বজনীন ৰাস মহোৎসৱৰ লটাৰী খেলত প্ৰথম পুৰস্কাৰ এখন ইনোভা বাহন লাভ কৰিবলৈ সক্ষম হ’ল পেছাত মাছ বিক্ৰেতা ৰবিৰাম বসুমতাৰীয়ে। লটাৰীত পুৰস্কাৰ জয়ৰ খবৰ লাভ কৰিয়েই আনন্দত আত্মহাৰা হৈ পৰে ৰবিৰাম আৰু তেওঁৰ পৰিয়াল। উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে … Read more

দুঃখবৰ! অসমৰ চোৰাং চিকাৰ বিৰোধী দলৰ অন্যতম সদস্য ‘জৰবা’ৰ মৃত্যু

নিউজ ডেস্কঃ কাজিৰঙাত চোৰাং চিকাৰীৰ বিৰুদ্ধে চলোৱা বন বিভাগৰ অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ‘জৰবা’ আৰু নাই! বয়স আৰু স্বাস্থ্যজনিত সমস্যাৰ বাবে বিগত কিছুদিন ধৰি অসুস্থ হৈ থাকি ২১ নৱেম্বৰ অৰ্থাৎ সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে বেলজিয়ামৰ মেলিনয় ট্ৰেকিং ডগৰ অনত্যম জৰবাই। উল্লেখ্য যে, জৰবা আৰান্যক-ভাৰতৰ অন্যতম বিশিষ্ট জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থাৰ প্ৰথম কে ৯ … Read more

শোকাবহ! বাথৰুমত গা ধুবলৈ সোমাই আৰু ওলাই নাহিল ১৬ বছৰীয়া যশ, ঘটিল এই ঘটনা…

নিউজ ডেস্কঃ বাথৰুমত গা ধুবলৈ সোমাই কৰুণ মৃত্যুক সাৱটি ল’লে এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰই। মহাৰাষ্ট্ৰৰ এৰাণ্ডোল চহৰৰ ৰেনুকা নগৰত সংঘটিত এই মৰ্মান্তিক ঘটনাই শোকৰ বন্যা নমাইছে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোত। বাথৰুমত লগোৱা গেছ গিজাৰ লিক হোৱাৰ বাবেই শ্বাসৰুদ্ধ হৈ ১৬ বছৰীয়া কিশোৰজনৰ কৰুণ মৃত্যু ঘটা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। জানিব পৰা মতে, ৰেনুকা নগৰ অঞ্চলৰ … Read more

হাস্পতালত ভূত! কাৰ সৈতে কথা পাতিলে হাস্পতালৰ নিৰাপত্তাৰক্ষীয়ে? ভাইৰেল ভিডিঅ’ই তুলিছে খলকনি…

ডিজিটেল ডেস্কঃ আধুনিক যুগত ভূতৰ স্থান কেৱল গল্প-উপন্যাস আৰু চিনেমাতে সীমাবদ্ধ। কিন্তু তাৰ পিছতো ভূত বুলি ক’লেই যেন শিঁয়ৰি উঠে মানুহৰ মন। শেহতীয়াকৈ এনে এক ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ ফলত স্তম্ভিত হৈ পৰিছে নেট ব্যৱহাৰকাৰী। আৰ্জেণ্টিনাৰ এখন চিকিৎসালয়ৰ এটা ভিডিঅ’ত এজন নিৰাপত্তাৰক্ষীয়ে ভূতৰ সৈতে কথা পাতি থকা দেখা গৈছে। ভিডিঅ’টোক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া … Read more

ভাগ্যৰ খেল! হাউলী ৰাস মহোৎসৱৰ লটাৰী খেলত প্ৰথম পুুৰস্কাৰ AUDI A4 লাভ আৰক্ষী কনিষ্টবল জনাৰ্দন বড়োৰ…

নিউজ ডেস্কঃ এইবাৰ অনুষ্ঠিত হোৱা নামনি অসমৰ অন্যতম ৰাস মহোৎসৱ হাউলীৰ ৯৫ সংখ্যক ৰাস মহোৎসৱতে ভাগ্য উদয় হ’ল উত্তৰ গুৱাহাটীৰ নিৱাসী এগৰাকী আৰক্ষী কনিষ্টবলৰ। ৰাস মহোৎসৱৰ লটাৰী খেলত প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে জনাৰ্দন বড়ো নামৰ কনিষ্টবল গৰাকীয়ে। লটাৰী খেলখনৰ প্ৰথম পুৰস্কাৰ হিচাপে এখন AUDI A4 বিলাসী বাহন লাভ কৰে জনাৰ্দনে। জনাৰ্দন বড়োৱে লাভ … Read more