চােৰৰ টাৰ্গেট আৰক্ষীৰ বুলেট! মহানগৰীত কনিষ্টবলৰ বুলেট লৈ উধাও দুঃসাহসিক বাইক চােৰ

নিউজ ডেস্কঃ মহানগৰীত বাইক চোৰৰ সন্ত্ৰাসৰ মাজতে এইবাৰ চোৰে হাত দিলে আৰক্ষীৰ বুলেটত। গণেশগুৰিৰ উৰণীয়া সেতুৰ তলৰ পৰা বাইক চোৰে চুৰি কৰি লৈ গ’ল এগৰাকী আৰক্ষী কনিষ্টবলৰ বুলেট বাইক। জানিব পৰা মতে, শুকুৰবাৰে সংঘটিত হয় এই চুৰিকাণ্ড। অসম আৰক্ষীৰ বিশেষ শাখাৰ কনিষ্টবল দিপাংকৰ কলিতাই তেওঁৰ এএছ ০১ইএইছ ৭২৬২ নম্বৰৰ বুলেট বাইকখন লৈ সন্ধিয়া ওলাই আহিছিল … Read more

শোকাবহ! দুৰ্ঘটনাৰ পিছত আধাঘণ্টা ধৰি গাড়ীৰ ভিতৰত আৱদ্ধ হৈ থাকিল এগৰাকী মহিলা চিকিৎসক, মৃত্যু

নিউজ ডেস্কঃ এক ভয়ংকৰ দুৰ্ঘটনাত এগৰাকী মহিলা চিকিৎসকৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে নগাঁও জিলাত। শুকুৰবাৰে নগাঁও জিলাৰ কাৱৈমাৰীত এখন বাছ আৰু এখন আই১০ বাহনৰ মাজত সংঘটিত সংঘৰ্ষত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে চিকিৎসক ডা০ ৰিজুৱানা বেনজি (৩১)ৰ। জানিব পৰা মতে, কাৱৈমাৰী চিকিৎসালয়ৰ চিকিৎসক ডা০ ৰিজুৱানা বেনজিয়ে এএছ ০৬ এই ৫০০৬ নম্বৰৰ আই১০ বাহনখনেৰে … Read more

শোকাবহ! ঘৰৰ কাষত খেলি থাকোতেই দ খাৱৈত পিচলি পৰি কৰুণ মৃত্যু ২ কণমানিৰ…

নিউজ ডেস্কঃ ঘৰৰ কাষত খেলি থাকোতেই দ খাৱৈত পিচলি পৰি প্ৰাণ হেৰুৱালে দুটি কণমানি শিশুৱে। এই ঘটনাই শোকৰ সৃষ্টি কৰিছে বঙাইগাঁও জিলাৰ কুমাৰকটা গাঁৱত। জানিব পৰা মতে, জিলাখনৰ যোগীঘোপা আৰক্ষী থানাৰ অন্তৰ্গত কুমাৰকটা চতুৰ্থ খণ্ড (বৈৰাগীপাৰা) গাঁৱৰ দুটি কণমানি শিশুৱে ঘৰৰ কাষত খেলি থকা সময়তে হঠাৎ দ খাৱৈত বাগৰি পৰে। পিছত স্থানীয় লোকে শিশু দুটিক … Read more

মৰ্মান্তিক! ছুটিত ঘৰলৈ আহি কপিলী নৈত মাছ মাৰিবলৈ গৈছিল আৰক্ষী কনিষ্টবল আনন্দ কাঠাৰ, পুৱা উদ্ধাৰ হ’ল মৃতদেহ

নিউজ ডেস্কঃ কপিলী নৈত মাছ মাৰিবলৈ গৈ সলিল সমাধি ঘটিল এগৰাকী আৰক্ষীল কনিষ্টবলৰ। এই ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ পশ্চিম কৰ্বি আংলঙত। জানিব পৰা মতে, পশ্চিম কাৰ্বি আংলঙৰ তৰাডুবি নিৱাসী ২৩ নং অসম আৰক্ষী (সংৰক্ষিত)ৰ হেড কনিষ্টবল আনন্দ কাঠাৰে ছুটিত ঘৰলৈ আহি বৃহস্পতিবাৰে নিশা ঘৰৰ কাষৰ কপিলী নৈত মাছ মাৰিবলৈ গৈছিল। কিন্তু তাৰ পিছতে নৈৰ … Read more

নৈশবাছৰ যাত্ৰীৰ ৰূপত ২৫ টা গৰু! জব্দ কৰিলে আৰক্ষীয়ে

নিউজ ডেস্ক। এইবাৰ নৈশবাছৰ যাত্ৰীৰ ৰূপত চােৰাং গৰু! নতুন কৌশলেলে গৰুৰ চোৰাং সৰবৰাহ কৰিও বিফল হ’ল চােৰাং ব্যৱসায়ী। এখন যাত্ৰীবাহী নৈশ বাছৰ পৰা জখলাবন্ধা আৰক্ষীয়ে জব্দ কৰে ২৫ টাকৈ চোৰাং গৰু। নগাঁৱৰ কলিয়াবৰত চোৰাং গৰু, নৈশবাছ জব্দ কৰাৰ লগতে লগতে আটক কৰে দুজন লোকক। আটকাধীন লোক দুজন হবিবুৰ ৰহমান আৰু ৰিবুল হুছেইন বুলি জানিব পৰা … Read more

কামলৈ যাও বুলি ঘৰৰ পৰা ওলাই গৈ ৩ দিনে সন্ধানহীন ডিব্ৰুগড়ৰ ৰূপা দত্ত, সন্ধান বিচাৰি হাহাকাৰ পৰিয়ালৰ…

নিউজ ডেস্কঃ কামলৈ বুলি ঘৰৰ পৰা ওলাই গৈ বিগত ৩ দিন ধৰি সন্ধানহীন হৈ থকা এগৰাকী মহিলাক বিচাৰি হাহাকাৰ কৰিছে পৰিয়ালে। মহিলাগৰাকীৰ নিৰুদ্দেশ সন্দৰ্ভত থানাতো দাখিল কৰা হৈছে এজাহাৰ। কিন্তু এই পৰ্যন্ত বিবাহিত মহিলাগৰাকীৰ কোনো সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়েও। উল্লেখ্য যে, যোৱা ২০ ছেপ্টেম্বৰত কোনো কামৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল ডিব্ৰুগড় জিলাৰ বকুলৰ … Read more

মৰ্মান্তিক! ছুটিত ঘৰলৈ অহাৰ কথা কৈ ৫ মিনিট পূৰ্বে ভিডিঅ’ কলত কথা পাতিছিল পত্নী-কন্যাৰ সৈতে, তাৰ পিছতে আহিল SSB জোৱান অনুজৰ মৃত্যুৰ বতৰা…

নিউজ ডেস্কঃ ৫ দিন পিছতে কিছু দিনৰ ছুটি লৈ ঘৰলৈ অহাৰ কথা আছিল সশস্ত্ৰ সীমা বলৰ জোৱান অনুজে। মাত্ৰ ৫ মিনিট পূৰ্বে ভিডিঅ’ কলত পত্নী আৰু কন্যাৰ সৈতে কথা পাতি সেই কথা জনাইছিল। কিন্তু তাৰ কিছু সময় পিছতে অনুজৰ মৃত্যুৰ খবৰ লাভ কৰি শোকস্তব্ধ হৈ পৰিছে পৰিয়ালটো। বিশ্বাস কৰিব নোৱাৰা সেই দুঃসংবাদে যেন মুহূৰ্তৰ ভিতৰতে … Read more

অভ্যাস সলনি নহয় ঘোচখোৰ চৰকাৰী কৰ্মচাৰীৰ! এইবাৰ হাতে-লোটে কৰায়ত্ব লাট মণ্ডল ৰঞ্জিত মহন্ত

নিউজ ডেস্কঃ ঘোচ লৈ যিমানেই চৰকাৰী বিষয়া-কৰ্মচাৰী জালত নপৰিলেও নেগুৰ চিধা নহয় একাংশ দুৰ্নীতিগ্ৰস্তৰ। চৰকাৰৰ পৰা মোটা অংকৰ দৰমহা লাভ কৰিও অধিক উপাৰ্জনৰ লোভ সামৰিব নোৱাৰি এইবাৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল আন এজন ঘোচখোৰ চৰকাৰী বিষয়া। এইবাৰ নগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে এজন ঘোচখোৰ দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীক। … Read more

৮ বছৰীয়া কৰ্মজীৱনত ১৪০০ৰো অধিক নিখোজ শিশুক উদ্ধাৰ কৰা দেশজুৰি চৰ্চিত এগৰাকী মহিলা আৰক্ষী বিষয়া…

নিউজ ডেস্কঃ আৰক্ষী বাহিনীত যোগদানৰ ৮ বছৰৰ ভিতৰতে ১৪০০ৰো অধিক নিখোজ শিশু আৰু কিশোৰ-কিশোৰীক উদ্ধাৰ কৰি দেশজুৰি চৰ্চিত হৈছে এগৰাকী মহিলা আৰক্ষী বিষয়া। তেওঁৰ এই কৃতিত্বৰ বাবে ইতিমধ্যে প্ৰদান কৰা হৈছে ৰাষ্ট্ৰপতিৰ বঁটাও। কিন্তু মানৱীয় গুণৰ অধিকাৰী এইগৰাকী মহিলা আৰক্ষী বিষয়াই সেই বঁটাৰ পৰা লাভ কৰা এক লাখ টকাও গৃহহাৰা, খাদ্যহাৰা শিশুৰ বাবে দান কৰে। … Read more

সুৰাৰ নিচাত নিজৰ থানাৰ গাড়ী চালককে আক্ৰমণ অ’চি চাহাবৰ! কৰা হ’ল ৰিজাৰ্ভ ক্ল’জ

নিউজ ডেস্কঃ আৰক্ষীৰ ওপৰতে আৰক্ষীৰ গুণ্ডাগিৰিৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ গোলাঘাটত। মঙলবাৰে নিজৰে থানাৰ গাড়ী চালকক সুৰাৰ নিচাত আক্ৰমণ কৰে ভাৰপ্ৰাপ্ত বিষয়াই। ঘটনাৰ পিছতে ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে অভিযুক্ত অ’চি ৰাজেশ্বৰ গগৈক। উল্লেখ্য যে, মঙলবাৰে নিশা সংঘটিত হৈছিল এই ঘটনা। ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ সন্মুখত কৰ্তব্য সম্পাদন কৰি থকা ঘিলাধাৰী আৰক্ষী থানাৰ … Read more