লঘু দোষত গুৰু শাস্তি! বিষয়াই চাহ খোৱা কাপ-প্লেট চাফা নকৰাৰ বাবেই ৰিজাৰ্ভ ক্ল’জ কৰা হ’ল কনিষ্টবল ধীৰেণ দাসক

নিউজ ডেস্কঃ এক লঘু দোষত গুৰু শাস্তিৰ সন্মুখীন হ’বলগীয়া হ’ল অসম আৰক্ষীৰ এগৰাকী কনিষ্টবল! বিষয়াই চাহ খোৱা কাপ-প্লেট সময়মতে চাফা নকৰাৰ বাবেই খৰ্গহস্ত হৈ পৰা ভাৰপ্ৰাপ্ত বিষয়াই ৰিজাৰ্ভ ক্ল’জ কৰিলে বৰপেটা সদৰ থানাৰ কনিষ্টবল ধীৰেন দাসক। অভিযোগ অনুসৰি, বৰপেটা সদৰ থানাত অলপতে অনুষ্ঠিত হৈছিল আৰক্ষীৰ এখন বিভাগীয় সভা। এই সভাত বিষয়াই চাহ খোৱা কাপ-প্লেট চাফা … Read more

মৰ্মান্তিক! নিয়ন্ত্ৰণ হেৰুৱাই ৩০০ ফুট গভীৰ খাৱৈত বাগৰি পৰিল টাটা ছুম’, পিতৃ-কন্যাসহ ৮ জনৰ মৃত্যু

নিউজ ডেস্কঃ এখন যাত্ৰীভৰ্তি টাটা ছুম’ নিয়ন্ত্ৰণ হেৰুৱাই ৩০০ ফুট দ খাৱৈত বাগৰি পৰাত প্ৰাণ হেৰুৱাবলগীয়া হয় পিতৃ-কন্যাকে ধৰি ৮জনকৈ লোকে। এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে জম্মু-কাশ্মীৰৰ কিস্তৱাৰ জিলাৰ ছত্ৰু মহকুমাৰ অন্তৰ্গত বুণ্ডা অঞ্চলত। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মঙলবাৰে বিয়লি প্ৰায় ৩.৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। জেকে ১৭ ৯১১৭ নম্বৰৰ ব্যক্তিগত টাটা ছুম’ বাহনখনেৰে … Read more

সুখবৰ! স্বৰ্ণজয়ী নয়নমণি শইকীয়াক ডিএছপি পদত নিযুক্তি দিব অসম চৰকাৰে, লগতে প্ৰদান কৰিব ৫০ লাখ টকা

নিউজ ডেস্কঃ বাৰ্মিংহামত অনুষ্ঠিত হৈ যোৱা কমনৱেলথ গেমছ, ২০২২ত স্বৰ্ণজয়েৰে অসমৰ লগতে সমগ্ৰ ভাৰতবাসীক গৌৰৱাম্বিত কৰা নয়নমণি শইকীয়াক ডিএছপি পদত নিযুক্তি দিব অসম চৰকাৰে। মঙলবাৰে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত এই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উল্লেখ্য যে, কমনৱেলথ গেমছত স্বৰ্ণ জয়ৰ পিছতে গোলাঘাটৰ জীয়াৰী নয়নমণি শইকীয়াক দ্বিতীয় বন সুৰক্ষা বাহিনীৰ কনিষ্টবলৰ পৰা সহকাৰী কমাণ্ডেন্ট পদলৈ … Read more

নিযুক্তি পৰীক্ষাত প্ৰশ্নকাকত ফাদিল ৰোধৰ চেষ্টা চৰকাৰৰ! কাইলৈ ২৫ জিলাত নাথাকিব ইণ্টাৰনেট সেৱা

নিউজ ডেস্কঃ ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিবলগীয়া তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত কাইলৈ অৰ্থাৎ দেওবাৰে পুনৰ ২৫ জিলাত কৰ্তন কৰা হ’ব ইন্টাৰনেট সেৱা। প্ৰশ্নকাকত ফাদিল ৰোধৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। উল্লেখ্য যে, যোৱা ২১ আগষ্টত অনুষ্ঠিত হোৱা চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ সময়তো ৰাজ্য চৰকাৰে ইণ্টাৰনেট সেৱা কৰ্তন কৰিছিল। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাজু প্ৰসাদ … Read more

ন্যায়ালয়ৰ সেউজ সংকেতঃ ২৮ আগষ্টতো কৰ্তন হ’ব ইন্টাৰনেট সেৱা…

নিউজ ডেস্কঃ ২৮ আগষ্টত অনুষ্ঠিত হ’বলগীয়া ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ সময়তো বন্ধ হ’ব ইন্টাৰনেট সেৱা। এই সেউজ সংকেত প্ৰদান কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। উল্লেখ্য্য যে, ২১ আগষ্টত অনুষ্ঠিত হোৱা চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ সময়ত ৰাজ্য চৰকাৰে ইন্টাৰনেট সেৱা কৰ্তনৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰিছিল ৰাজু প্ৰসাদ শৰ্মা নামৰ এজন ব্যক্তিয়ে। … Read more

ছাত্ৰীলৈ অশ্লীল বাৰ্তা! উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়াক নিলম্বন

নিউজ ডেস্কঃ ছাত্ৰীলৈ অশ্লীল বাৰ্তা প্ৰেৰণ কৰাৰ অভিযোগ তুলি ছাত্ৰ-ছাত্ৰীয়ে কৰা প্ৰতিবাদৰ পিছতে নিৰপেক্ষ তদন্তৰ খাতিৰত নিলম্বন কৰা হৈছে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ বিতৰ্কিত অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়াক। এই কথা সদৰী কৰিছে উচ্চ শিক্ষা সঞ্চালকালয়ে। উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ (স্বায়ত্তশাসিত) ছাত্ৰ সংগঠনে অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়াৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে উচ্চ শিক্ষা সঞ্চালকালয়ক অনুৰোধ কৰাৰ … Read more

অৱসৰলৈ মাজত আৰু ৪ দিন বাকী থকা অৱস্থাত উৎকোচ লৈ গ্ৰেপ্তাৰ শিক্ষা বিষয়া, ১৫ আগষ্টত নিষ্ঠা আৰু সততাৰ বাবে কৰা হৈছিল সন্মানিত

নিউজ ডেস্কঃ অৱসৰলৈ আৰু মাজত মাত্ৰ আছিল ৪টা দিন। সুদীৰ্ঘ কাল নিষ্ঠা আৰু সততাৰে কাম কৰি ৰাজ্য চৰকাৰৰ পৰা শেহতীয়াকৈ সন্মানো জনোৱা হৈছিল তেওঁক। কিন্তু এগৰাকী নিষ্ঠাবান শিক্ষা বিষয়া হিচাপে তেওঁ অৱসৰ গ্ৰহণ কৰিব নোৱাৰিলে। অৱসৰ গ্ৰহণলৈ মাজত আৰু মাত্ৰ ৪টা দিন বাকী থকা অৱস্থাত ঘোচ লোৱাৰ সময়ত হাতে-লোটে গ্ৰেপ্তাৰ কৰা হ’ল শিক্ষা বিষয়াগৰাকীক। এনে … Read more

মৃত্যুৱেই শেষ নহয়! অংগ দানেৰে আন শিশুৰ মাজত জীয়াই থাকিব ১৬ মহীয়া ঋষান্ত…

নিউজ ডেস্কঃ মৃত্যুৱেই শেষ নহয়! মৃত্যুৰ মাজত আন বহু শিশুৰ মাজত জীয়াই থাকিব এটি ১৬ মহীয়া কণমানি। পৰিয়ালে শিশুটিৰ অংগ আন শিশুক দান কৰাৰ সিদ্ধান্ত লৈছে। উল্লেখ্য যে, যোৱা ১৭ আগষ্টত ঘৰত খেলি থাকোতেই হঠাৎ পিচলি পৰি মূৰত গুৰুতৰভাৱে আঘাত পাইছিল ঋষান্ত নামৰ দিল্লীৰ ১৬ মহীয়া শিশুটিয়ে। লগে লগে শিশুটিক পিতৃ-মাতৃয়ে যমুনা পাৰ্কৰ সমীপৰ এখন … Read more

পঞ্চায়ত সচিবৰ চহী জালিয়াতি কৰি আত্মসাৎ আঁচনিৰ লক্ষ লক্ষ টকা, স্বামীসহ গ্ৰেপ্তাৰ পঞ্চায়ত সভানেত্ৰী

নিউজ ডেস্কঃ পঞ্চায়ত সচিবৰ চহী জালিয়াতি কৰি আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে পঞ্চায়তৰ সভানেত্ৰী আৰু তেওঁৰ স্বামীক। এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে বৰপেটাৰ সমীপৰ ১০২নং কুমুল্লীয়াপাৰা গাঁও পঞ্চায়তত। অভিযোগ অনুসৰি, পঞ্চায়তখনৰ সভানেত্ৰী ৰুমা পাৰবিন চুলতানা খানম আৰু তেওঁৰ স্বামী আলাল উদ্দিনে পঞ্চায়ত সচিবৰ চহী জালিয়াতি কৰি কেইবাখনো আঁচনিৰ ২৫ লাখৰো অধিক টকা … Read more

উৎকোচ কাণ্ড! এইবাৰ আৰক্ষীৰ জালত ঘোচখোৰ লাট মণ্ডল ৰঞ্জন গোস্বামী…

নিউজ ডেস্কঃ শুকুৰবাৰে উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল দ্বিতীয়জন চৰকাৰী কৰ্মচাৰী। ধুবুৰীৰ পিছত এইবাৰ কৰিমগঞ্জৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিলে ঘোচখোৰ চৰকাৰী কৰ্মচাৰীক। মাটিৰ মিউটেছনৰ বাবে দাবী কৰা ধন লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে ঘোচখোৰ লাট মণ্ডল। হাতে-লোটে কৰায়ত্ব কৰা লাট মণ্ডল জনৰ পৰিচয় ৰঞ্জন গোস্বামী বুলি … Read more