ইশ্বৰৰ মহিমা! ১২ ঘণ্টাৰ ভিতৰতে দুবাৰকৈ মৃত্যু ঘটিল এটি ৩ বছৰীয়া কণমানিৰ

নিউজ ডেস্কঃ চিকিৎসকে মৃত ঘোষণা কৰা এটি কণমানি কফিনৰ ভিতৰত পুনৰ জী উঠাক লৈ সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। শিশুটিক পুনৰ জীৱিত অৱস্থাত দেখি হাঁহি বিৰিঙি উঠে পৰিয়ালৰ মুখতো। কিন্তু সেয়া যেন আছিল মাথো ক্ষন্তেকৰ সুখ। কিয়নো শিশুটি পুনৰ জী উঠাৰ কিছু সময় পিছতে হাস্পতাললৈ নিয়াত পুনৰ চিকিৎসকে মৃত ঘোষণা কৰে শিশুটিক। জীৱন-মৃত্যুৰ এনে অবিশ্বাস্য শিহৰণকাৰী … Read more

মহানুভৱতা! ভাৰত ৰক্তাক্ত কৰিবলৈ অহা পাকিস্তানী সন্ত্ৰাসবাদীক ৰক্তদান কৰি নতুন জীৱন দিলে ভাৰতীয় সেনাই

নিউজ ডেস্কঃ এজন গুলীবিদ্ধ পাকিস্তানী সন্ত্ৰাসবাদীক ৰক্তদান কৰি মহানুভৱতাৰ পৰিচয় দিলে ভাৰতীয় সেনাই। উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ নৌচেৰা চেক্টৰত সেনাৰে সংঘৰ্ষত গুলীবিদ্ধ হৈছিল পাকিস্তানী সন্ত্ৰাসবাদীজন। কান্ধ আৰু উৰুত দুটাকৈ গুলী লাগি গুৰুতৰভাৱে আহত হোৱা পাকিস্তানী সন্ত্ৰাসবাদী জনক ভাৰতীয় সেনাই উদ্ধাৰ কৰি ভৰ্তি কৰোৱায় ৰাজৌৰীৰ সামৰিক হাস্পতালত। কিন্তু অধিক ৰক্তক্ষৰণৰ বাবে সন্ত্ৰাসবাদীজনৰ অৱস্থা সংকটজনক হৈ … Read more

জনতা ভৱনত বিধায়কৰ খং! চিনি নোপোৱাৰ বাবেই প্ৰতিবন্ধী কৰ্মচাৰীক শোধালে পূৰ্ণহতীয়া চৰ

নিউজ ডেস্কঃ চিনি নাপাও বুলি কোৱাৰ বাবেই প্ৰতিবন্ধী কৰ্মচাৰীৰ গালত পূৰ্ণহতীয়া চৰ শোধালে এগৰাকী বিধায়কে। এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে খোদ দিছপুৰৰ জনতা ভৱনত। জনতা ভৱনৰ পৰিবহণ বিভাগৰ সচিব আদিল খানাৰ কাৰ্যালয়ত কৰ্তব্যৰত এগৰাকী প্ৰতিবন্ধী কৰ্মচাৰীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে শাসকীয় মিত্ৰদলৰ এজন বিধায়কৰ বিৰুদ্ধে। এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে জনতা ভৱনৰ … Read more

ঋণ দিয়াৰ প্ৰলোভন দি সৰকাইছিল লাখ লাখ টকা, অৱশেষত ৰাইজে আঁঠু কঢ়াই থলে ভুৱা বেংক বিষয়াক

নিউজ ডেস্কঃ বেংকৰ ঋণ দিম বুলি লাখ টকা সৰকাই অৱশেষত ৰাইজৰ হাতত কৰায়ত্ব হ’ল এজন ভুৱা বেংক বিষয়া। ২০ লাখ টকা ঋণ দিয়াৰ প্ৰতিশ্ৰুতিৰে এজন ব্যৱসায়ীৰ পৰা ৬ লাখ টকা সৰকোৱা ভুৱা বেংক বিষয়াজনক কৰায়ত্ব কৰি কাণত ধৰাই আঁঠু কঢ়াই থলে ৰাইজে। এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে গহপুৰ থানাৰ অন্তৰ্গত বালিজান চাৰিখেলিয়াত। জানিব পৰা মতে, … Read more

পুনৰ বিভাজিত হ’ব নেকি অসম? অসম-পশ্চিম বংগক সামৰি নতুন কেন্দ্ৰীয় শাসিত ৰাজ্য গঠনৰ দাবী অমিত শ্বাহৰ ঘনিষ্ঠ কােচ নেতাৰ, তীব্ৰ প্ৰতিক্ৰিয়া

নিউজ ডেস্কঃ অসম আৰু পশ্চিমবংগৰ মাজত গঠন হ’ব এখন পৃথক নতুন ৰাজ্য! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত কোচ নেতা অনন্তৰায় মহাৰাজৰ এই দাবীয়ে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সৰ্বত্ৰে। এক সংবাদমেল যোগে কোচ নেতাগৰাকীয়ে দাবী কৰা মতে, অসমৰ ৬ খন আৰু পশ্চিমবংগৰ ৭ খন জিলাৰে গঠন হ’ব কোচবিহাৰ কেন্দ্ৰীয় শাসিত ৰাজ্য। ইতিমধ্যে কেন্দ্ৰীয় … Read more

ই-ৰিক্সা চালকৰ ওপৰত চকু বিদ্যুৎ বিভাগৰ! এই নিৰ্দেশ নামানিলে লোৱা হ’ব আইনী ব্যৱস্থা…

নিউজ ডেস্কঃ এইবাৰ বিদ্যুৎ বিভাগৰ চকু পৰিছে ৰাজ্যৰ ই-ৰিক্সা চালকসকলৰ ওপৰত। এক নিৰ্দেশনা জাৰি কৰি বিদ্যুৎ বিভাগে ই-ৰিক্সা চালকসকলক লৈ দিছে এক বিশেষ বাৰ্তা। ঘৰুৱা বিদ্যুৎ সংযোগত ই-ৰিক্সা চাৰ্জ দি কোনোমতে পৰিয়াল চলাই অহা ই-ৰিক্সা চালকসকলে এতিয়া গ্ৰহণ কৰিব লাগিব অতিৰিক্ত বিদ্যুৎ সংযোগ। এই নিৰ্দেশ প্ৰদান কৰিছে ৰহা বিদ্যুৎ উপ-সংমণ্ডলে। বিদ্যুৎ বিভাগে জাৰি কৰা নিৰ্দেশনা … Read more

প্ৰায় ডেৰ কোটি মূল্যৰ বাৰ্মিজ চেগুণ সৰবৰাহৰ সময়ত শিলিগুৰিত গ্ৰেপ্তাৰ অসমৰ বিজেপি নেতাসহ ৩ জন

নিউজ ডেস্কঃ বহিঃৰাজ্যলৈ গোপনে বাৰ্মিজ চেগুণ সৰবৰাহ কৰি শিলিগুৰিত গ্ৰেপ্তাৰ হ’ল অসমৰ বিজেপি নেতা। পশ্চিমবংগৰ শিলিগুৰিৰ ঘোচপুকুৰত সোমবাৰে নিশা বন বিভাগে অভিযান চলাই বৃহৎ পৰিমাণৰ বাৰ্মিজ চেগুণভৰ্তি এখন ট্ৰাক জব্দ কৰাৰ লগতে অসমৰ এজন বিজেপি নেতাসহ ৩ জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। পশ্চিম বংগৰ বন বিভাগৰ হাতত গ্ৰেপ্তাৰ হোৱা লোক কেইজনক বৰপেটা জিলাৰ সৰভোগৰ বিজেপি … Read more

সৰুকৈ পাচলি দোকান এখন দি চলাই আছিল পৰিয়াল! পথ দুৰ্ঘটনাই কাঢ়ি নিলে মহিউদ্দিনসহ দুজনৰ প্ৰাণ

নিউজ ডেস্কঃ বৰপেটাৰ বজাৰৰ পৰা পাচলি আনিবলৈ গৈ এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল নলবাৰী জিলাৰ এজন ক্ষুদ্ৰ পাচলি বিক্ৰেতাই। এই ঘটনাই শোকৰ ছাঁ পেলাইছে নলবাৰী জিলাৰ কৈঠালকুছি আৰু সমীপৱৰ্তী অঞ্চলত। জানিব পৰা মতে, কৈঠালকুছিৰ চ’কত এখন সাধাৰণ পাচলি দোকান দি জীৱন নিৰ্বাহ কৰা মহম্মদ মহিউদ্দিন (৫২) নামৰ এজন ক্ষুদ্ৰ পাচলি বিক্ৰেতাই উমেশ ডেকা … Read more

হাস্পতালত চিকিৎসাধীন মেৰী কম, কি হৈছে ৬ বাৰৰ বিশ্ব চেম্পিয়নগৰাকীৰ…

নিউজ ডেস্কঃ হাস্পতালত চিকিৎসাধীন হৈ আছে ৬ বাৰৰ বিশ্ব চেম্পিয়ন উত্তৰ-পূবৰ কন্যা মেৰীকম। মুম্বাইৰ এখন হাস্পতালত ইতিমধ্যে সম্পন্ন হৈ গৈছে মেৰীকমৰ আঁঠুৰ অস্ত্ৰোপচাৰ। উল্লেখ্য যে, চলিত বৰ্ষৰ কমনৱেলথ গেমছৰ বাচনিৰ সময়তে জুন মাহত আঁঠুত আঘাত পাইছিল বিশ্ব প্ৰসিদ্ধ বক্সাৰগৰাকীয়ে। যাৰ বাবে তেওঁ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছৰ পৰাও আঁতৰি থাকিবলগীয়া হৈছিল। এই আঁঠুৰ আঘাতৰ পিছতে হাস্পতালত … Read more

আজৱ কাণ্ড! জীয়াই থাকোতেই মৃত ঘোষণা কৰি এগৰাকী বৃদ্ধাৰ মাটি আনৰ নামত নামজাৰি কৰিলে ৰাজহ বিভাগে

নিউজ ডেস্কঃ এগৰাকী অশীতিপৰ বৃদ্ধাক জীৱিত অৱস্থাতে মৃত ঘোষণা কৰিলে ৰাজহ বিভাগে। বৃদ্ধাগৰাকীক মৃত ঘোষণা কৰি তেওঁৰ প্ৰায় ৪ বিঘা মাটি উত্তৰাধিকাৰীসূত্ৰে আনৰ নামত নামজাৰি কৰে ৰাজহ চক্ৰ কাৰ্যালয়ে। এই ঘটনা পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। উল্লেখ্য যে, কামৰূপ জিলাৰ নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত যোগীপাৰা গাঁৱৰ প্ৰয়াত খগেন বায়ন (সাউ)ৰ পত্নী হৰিপ্ৰিয়া বায়ন … Read more