উপায়ুক্ত কাৰ্যালয়ত ভিজিলেঞ্চৰ অভিযান, ঘােচ লৈ গ্ৰেপ্তাৰ কৰ্মচাৰী

নিউজ ডেস্ক। চৰকাৰী কাৰ্যালয়ত পুনৰ চলিল সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক অভিযান। এইবাৰ স্থান বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়। উপায়ুক্ত কাৰ্যালয়ৰ চৌহত থকা জিলা উপ পঞ্জীয়ক কাৰ্যালয়ৰ কৰ্মচাৰী তপন সাহাক এগৰাকী লােকৰ পৰা ভূমি পঞ্জীয়নৰ কামৰ বাবদ ঘোচ লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে ভিজিলেঞ্চৰ অভিযানকাৰী দলে। জানিব পৰা মতে, এজন লােকৰ পৰা ভূমি পঞ্জীয়নৰ কামৰ বাবদ ৭ … Read more

মুখ্যমন্ত্ৰীৰ মানহানিৰ গােচৰ, অহা ২৯ ছেপ্টেম্বৰত দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়াক আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ কামৰূপ চিজেএম আদালতৰ

নিউজ ডেস্কঃ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়াক চমন জাৰি কৰিছে কামৰুপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা ফৌজদাৰী মানহানিৰ গোচৰ সন্দৰ্ভত ছিছ’ডিয়ালৈ চমন জাৰি কৰি ২৯ ছেপ্টেম্বৰত আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে চিজেএম আদালতে। উল্লেখ্য যে, ২০২০ চনত অসম চৰকাৰে শৰ্মাৰ পৰিয়ালৰ সদস্যৰ অন্তৰ্গত ফাৰ্মসমূহক উচ্চ হাৰত পিপিই কিট যোগান ধৰাৰ … Read more

শোকাবহ! দুপৰীয়া ভাত খাই মজিয়াত শুই থাকোতেই সাপে খুটিলে মহিলাক, তিনিদিন চিকিৎসাধীন হৈ থাকি মৃত্যু

নিউজ ডেস্কঃ দুপৰীয়া শুই থকা সময়তে বিষাক্ত সৰ্পৰ দংশনত মৃত্যু ঘটিল এগৰাকী মহিলাৰ। এই শোকাবহ ঘটনা সংঘটিত হৈছে নলবাৰী জিলাৰ বৰভাগৰ মৌৰাত। জানিব পৰা মতে, মৌৰাৰ মাকণি কলিতা নামৰ মহিলাগৰাকীয়ে বৃহস্পতিবাৰে দুপৰীয়া ভাত খাই মজিয়াত শুইছিল। সেই সময়তে বিষাক্ত সাপে দংশন কৰে মহিলাগৰাকীক। লগে লগে মহিলাগৰাকীক পৰিয়ালৰ লোকে নলবাৰী অসামৰিক চিকিৎসালয়লৈ লৈ আনে যদিও স্বাস্থ্যৰ … Read more

সমাজে এঘৰীয়া কৰা ব্যক্তিক শিৱ পূজাৰ প্ৰসাদ খাবলৈ মতাৰ বাবেই বিপদত পৰিবলগীয়া হ’ল এটা পৰিয়াল…

নিউজ ডেস্কঃ ইশ্বৰৰ কৃপাদৃষ্টি পৰক বুলি ঘৰতে সৰুকৈ এখন শিৱ পূজাৰ আয়োজন কৰিছিল এটা ব্ৰাহ্মণ পৰিয়ালে। কিন্তু তাতেই লাগিল কেৰোণ। শিৱ পূজাত নঘটিবলগীয়া ঘটনা ঘটিল, নাহিবলগীয়া এজন মানুহ আহিল। যাৰ বাবে এতিয়া সমাজৰ ৰোষত পৰিবলগীয়া হ’ল পৰিয়ালটো। আধুনিক সমাজক লজ্জানত কৰা পাতালসিং পাৰাৰ গণক চুবাৰ দৰে আন একে ঘটনা সংঘটিত হৈছে মঙলদৈতে। ঘৰত আয়োজিত শিৱ … Read more

বিজেপি নেত্ৰী তথা টিকটক ষ্টাৰ সোণালী ফোগাটৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু

নিউজ ডেস্কঃ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ গোৱাত শেষ নিশ্বাস ত্যাগ কৰিলে বিজেপি নেত্ৰী তথা অভিনেত্ৰী সোণালী ফোগাটে। সোমবাৰে নিশা আকস্মিকভাৱে হৃদৰোগত আক্ৰান্ত হৈ ৪২ বছৰ বয়সত মৃত্যু ঘটে ফোগাটৰ। উল্লেখ্য যে, বিগত বিধানসভা নিৰ্বাচনত আদমপুৰ বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল সোণালী ফোগাটে। অৱশ্যে ফলাফলত কংগ্ৰেছৰ কুলদ্বীপ বিষ্ণৈৰ হাতত পৰাস্ত হয় ফোগাট। অৱশ্যে শেহতীয়াকৈ … Read more

নূপুৰ শৰ্মাৰ পিছত হজৰত মহম্মদক লৈ আপত্তিজনক মন্তব্য কৰি এইবাৰ গ্ৰেপ্তাৰ বিজেপি বিধায়ক

নিউজ ডেস্কঃ পয়গম্বৰ হজৰত মহম্মদক লৈ আপত্তিজনক মন্তব্য কৰি সমগ্ৰ বিশ্বৰ ইছলামিক ৰাষ্ট্ৰসমূহৰে গৰিহণা পাইছিল বিজেপিৰ মুখপাত্ৰ নূপুৰ শৰ্মাই। যাৰ বাবে দলৰ পৰাও নিলম্বন কৰিবলগীয়া হৈছিল নেত্ৰীগৰাকীক। এইবাৰ একেই কাৰণতে গ্ৰেপ্তাৰ কৰা হ’ল আন এগৰাকী বিজেপি নেতাক। হজৰত মহম্মদক লৈ আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় তেলেংগানাৰ বিজেপি বিধায়ক টি ৰাজা সিঙক। মঙলবাৰে আৰক্ষীয়ে … Read more

ডিঙিত জীৱন্ত সাপ মেৰিয়াই ৰাজপথত বিচৰণ উদণ্ড ব্যক্তিৰ, ৰাইজে কৰায়ত্ব কৰি দিলে লপাথপা

নিউজ ডেস্কঃ ডিঙিত জীৱন্ত সাপ মেৰিয়াই মহানগৰীৰ ৰাজপথত আতংকৰ সৃষ্টি কৰিলে এজন লোকে। সোমবাৰে মহানগৰীৰ বীৰকুছিত ডিঙিত সাপ মেৰিয়াই দেখা পোৱা যায় ব্যক্তিজনক। বীৰকুছি অঞ্চলত ব্যক্তিজনৰ ডিঙিত জীৱন্ত সাপ দেখি আতংকিত হৈ পৰে সকলো। দিনৰ পোহৰতে এনেদৰে বাধাহীন ভাৱে ঘূৰি ফুৰা লোকজনক অৱশেষত কৰায়ত্ব কৰি উত্তম মাধ্যম শোধায় ৰাইজে। ইয়াৰ পিছতে উদণ্ড লোকজনক গতাই দিয়া … Read more

প্ৰেমিকৰ সৈতে শেষবাৰৰ বাবে ভিডিঅ’ কলত কথা পাতিছিল শৰ্মিষ্ঠাই, তাৰ পিছতে বাচি ল’লে এই পথ…

নিউজ ডেস্কঃ প্ৰেমিকৰ সৈতে ভিডিঅ’ কলত শেষবাৰৰ বাবে কথা পাতি নিজৰ জীৱন শেষ কৰিলে গুৱাহাটীত অধ্যয়নৰত এগৰাকী পশ্চিমবংগৰ ছাত্ৰীয়ে। দেওবাৰে সন্ধিয়া মহানগৰীৰ উলুবাৰীস্থিত পেয়িং গেষ্টৰ বাথৰুমত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লোৱা যুৱতীগৰাকীৰ পৰিচয় আলিপুুৰদুৱাৰৰ শৰ্মিষ্ঠা ঘোষ বুলি জানিব পৰা গৈছে। গুৱাহাটীৰ এটা নাৰ্ছিং ইনষ্টিটিউটত শিক্ষা … Read more

আজৱ কাণ্ড! কাৰাগাৰৰ ভানত কেক কাটি জন্মদিন পালন কৰিলে হত্যাৰ গোচৰত অভিযুক্তই, আৰক্ষীৰ ভূমিকাক লৈও উত্থাপন প্ৰশ্নৰ…

নিউজ ডেস্কঃ মহাৰাষ্ট্ৰত সংঘটিত এই আজৱ ঘটনাই সামাজিক মাধ্যমত সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ। হত্যাৰ গোচৰত অভিযুক্ত এজন লোকক আদালতলৈ নিয়াৰ সময়তে আধা বাটত গাড়ী ৰখাই জন্মদিন উদযাপন কৰা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। এই সমগ্ৰ ঘটনা সংঘটিত হোৱাৰ সময়ত আৰক্ষীৰ ভূমিকাক লৈও এতিয়া উত্থাপন হৈছে প্ৰশ্নৰ। দৰাচতে, হত্যা, হত্যাৰ চেষ্টা, ধন দাবী আদি কেইবাটাও গোচৰত অভিযুক্ত … Read more

শােকাৱহ! চেন্নাইৰ পৰা উভতি অহাৰ পথত গুৱাহাটী অভিমুখী বিমানত অসমৰ যাত্ৰীৰ আকস্মিক মৃত্যু

নিউজ ডেস্কঃ গুৱাহাটী অভিমুখী বিমানৰ ভিতৰতে আকাশ মাৰ্গতে মৃত্যুক সাৱটিলে এজন যাত্ৰীয়ে। এই শোকাবহ ঘটনা সংঘটিত হয় দেওবাৰে সন্ধিয়া ইণ্ডিগ’ৰ এখন যাত্ৰীবাহী বিমানৰ ভিতৰত। চেন্নাইৰ পৰা গুৱাহাটী অভিমুখে উৰা মৰা বিমানখনৰ ভিতৰত মৃত্যু ঘটা যাত্ৰীজনক হাইদৰ হুছেইন (৬৯) বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, দেওবাৰে সন্ধিয়া ৭.৩০ বজাত চেন্নাইৰ পৰা গুৱাহাটীলৈ উৰা মৰা বিমানখনৰ … Read more