হাস্পতালত চিটি স্কেনৰ নামত ৰোগীৰ পৰা উৎকোচ বিচাৰি গ্ৰেপ্তাৰ ২ কৰ্মচাৰী, কৰা হ’ল নিলম্বনো

নিউজ ডেস্কঃ ৰোগীৰ চিটি স্কেনৰ নামত উৎকোচ বিচাৰি নিলম্বিত হ’বলগীয়া হ’ল লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ দুগৰাকী কৰ্মচাৰী। এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ লখিমপুৰত। জানিব পৰা মতে, লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত চিটি স্কেন কৰা ‘স্পন্দন’ নামৰ সংস্থাটোৰ দুগৰাকী কৰ্মচাৰীয়ে দুগৰাকী ৰোগীৰ পৰা চিটি স্কেনৰ নামত ১৬শ টকাকৈ বিচাৰিছিল। এই ঘটনা পোহৰলৈ অহাৰ পিছতে নিলম্বন কৰা হৈছে … Read more

অসমৰ মাটিত জন্মলাভ কৰা পাকিস্তানৰ কিংবদন্তী গায়িকা নায়াৰা নূৰৰ দেহাৱসান

নিউজ ডেস্কঃ অসমৰ মাটিত উপজি এসময়ত পাকিস্তানৰ প্ৰসিদ্ধ গায়িকা হৈ পৰা ‘বুলবুল-এ-পাকিস্তান’ নায়াৰা নূৰ আৰু নাই। ৭১ বছৰ বয়সত দেওবাৰে দেশ-বিদেশৰ অলেখ অনুৰাগীক কন্দুৱাই শেষ বিদায় লয় কিংবদন্তী পাকিস্তানী কণ্ঠশিল্পীগৰাকীয়ে। উল্লেখ্য যে, ১৯৫০ চনৰ ৩ নৱেম্বৰত অসমৰ গুৱাহাটীত জন্মগ্ৰহণ কৰিছিল নায়াৰা নূৰে। ব্যৱসায়িক কাৰণত অমৃতসৰৰ পৰা আহি অসমত থাকিবলৈ লোৱা নায়াৰাৰ পিতৃ আছিল ইণ্ডিয়ান মুছলিম … Read more

চিকিৎসকে এপইণ্টমেন্ট ল’বলৈ কােৱাৰ বাবে ধৈৰ্য্যচ্যুতি ঘটিল মুখ্যমন্ত্ৰীৰ জীয়ৰীৰ, ইয়াৰ পিছতে সংঘটিত কৰা এই কাণ্ড বন্দী হ’ল CCTV কেমেৰাত…

নিউজ ডেস্কঃ এগৰাকী চিকিৎসকৰ চেম্বাৰলৈ চিকিৎসা কৰিবলৈ গৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ জীয়াৰী। কিন্তু অন্য সাধাৰণ ৰোগীৰ দৰেই মুখ্যমন্ত্ৰীৰ কন্যাকো কোৱা হ’ল এপইন্টমেণ্ট ল’বলৈ। তাতেই খৰ্গহস্ত হৈ চিকিৎসকৰ ওপৰতে জঁপিয়াই পৰিল মুখ্যমন্ত্ৰীৰ জীয়ৰী। এই চাঞ্চল্যকৰ কাণ্ড আন ক’ৰো নহয়, বৰং চুবুৰীয়া ৰাজ্য মিজোৰাম। এগৰাকী চিকিৎসকক শাৰীৰিকভাৱে অপদস্থ কৰা মুখ্যমন্ত্ৰী জোৰামথাংগাৰ কন্যা মিলাৰী ছাংটেইৰ দুৰ্ব্যৱহাৰৰ সমগ্ৰ দৃশ্য বন্দী … Read more

ত্ৰিপুৰাত শ্বহীদ BSF জােৱানৰ পৰিয়াললৈ ১ কােটি টকাৰ ‘সন্মান নিধি’ প্ৰদানৰ ঘােষণা মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ

নিউজ ডেস্ক। যােৱা ১৯ আগষ্টত ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্তৰ সুদূৰ খাংলাং সীমান্ত চকীৰ সমীপত উগ্ৰবন্থীৰ আকস্মিক আক্ৰমণত শ্বহীদ হয় ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ হেড কনিষ্টবল গিৰিজেশ কুমাৰ উড্ডে। দেশমাতৃৰ সুৰক্ষাৰ বাবে চৰম ত্যাগ কৰা মধ্যপ্ৰদেশৰ মাণ্ডা জিলাৰ জাৰগাঁৱৰ বাসিন্দা গিৰিজেশ কুমাৰ উদেলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে মধ্য প্ৰদেশ চৰকাৰে। কাঞ্চনপুৰ মহকুমাৰ সীমা-দ্বিতীয় আউটপোষ্ট এলেকাত বিএছএফৰ এটা টহলদাৰী … Read more

চাঞ্চল্যকৰ! চিঠি লিখি থৈ একেলগে সন্ধানহীন এখন ঘৰৰ দুগৰাকীকৈ বোৱাৰী, বিচাৰি হাহাকাৰ পৰিয়ালৰ…

নিউজ ডেস্কঃ একেখন ঘৰৰ দুগৰাকীকৈ বোৱাৰী একেলগে সন্ধানহীন হৈ থকাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে শিৱসাগৰ জিলাত। জিলাখনৰ আমগুৰি সমষ্টিৰ অন্তৰ্গত গৌৰীসাগৰ পতোৱাচেলাৰ দুগৰাকীকৈ বোৱাৰী সন্ধানহীন হৈ আছে ১৭ আগষ্টৰ পৰাই। নিৰুদ্দিষ্ট হৈ থকা বোৱাৰী দুগৰাকীৰ পৰিচয় জোনমণি চুতীয়া আৰু মৌচুমী চুতীয়া বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, একেখনৰ ঘৰৰ দুয়োগৰাকী বোৱাৰীৰ স্বামীয়েই কেৰালাৰ এটা ব্যক্তিগত … Read more

চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকৰ চকীত বহি ৰোগীক প্ৰেছক্ৰিপশ্যন লিখা ‘মুন্নাভাই’ মুহিধৰ গগৈক গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ চৰকাৰী চিকিৎসালয়ত চিকিৎসকৰ চকীত বহি ৰোগীক প্ৰেছক্ৰিপশ্যন লিখি দিয়া গাড়ী চালক মুহিধৰ গগৈক অৱশেষত গ্ৰেপ্তাৰ কৰিলে ধেমাজি আৰক্ষীয়ে। উল্লেখ্য যে, যোৱা ৬ আগষ্টত ধেমাজি অসামৰিক চিকিৎসালয়ত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ কাণ্ড। চিকিৎসালয়খনৰ ২২নং কোঠাৰ চিকিৎসক ডা০ বিজু বৰুৱাৰ চকীত বহি তেওঁৰ গাড়ীচালক মুহিধৰ গগৈয়ে ৰোগীক প্ৰেছক্ৰিপশ্যনত আলট্ৰাচাউণ্ড কৰিবলৈ লিখি দিছিল। ইফালে এই ঘটনা … Read more

কৰ্কট ৰোগৰ বিৰুদ্ধে পত্নীৰ যুঁজৰ বিষয়ে সামাজিক মাধ্যমত আৱেগিক পোষ্ট স্বামীৰ, অনুপ্ৰাণিত হাজাৰজন…

নিউজ ডেস্কঃ কৰ্কট ৰোগে সমগ্ৰ বিশ্বতে ধৰিছে আগ্ৰাসী ৰূপ। নিতৌ হাজাৰ হাজাৰ নতুন নতুন এনে ৰোগী সন্মুখলৈ আহি পৰে। কেৱল চিকিৎসাই নহয়, কৰ্কটৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰয়োজন হয় যথেষ্ট সাহস আৰু পৰিয়ালৰ সদস্য, বন্ধুবৰ্গ তথা সকলোৰে সমৰ্থনৰ। শেহতীয়াকৈ পাকিস্তানৰ এজন লিংকডইন ব্যৱহাৰকাৰীয়ে তেওঁৰ পত্নীৰ কৰ্কট ৰোগৰ সৈতে যুঁজ আৰু তাৰ মাজতো কেনেদৰে নিজৰ চাকৰিৰ লগতে … Read more

মৰ্মান্তিক! খেদি অহা বাটৰ কুকুৰৰ ভয়ত দৌৰি পলাবলৈ লওঁতেই দ্ৰুতবেগী ল’ৰীয়ে মহতিয়াই লৈ গ’ল মহিলাক, মৃত্যু

নিউজ ডেস্কঃ কামুৰিবলৈ খেদি অহা বাটৰ কুকুৰৰ পৰা ৰক্ষা পৰিবলৈ দৌৰি পলায়নৰ চেষ্টা কৰোতেই ল’ৰীৰ খুন্দাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল এগৰাকী মহিলাই। এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে কেৰালাৰ ৱায়ানডৰ থামাৰাছেৰী। দুৰ্ঘটনাত নিহত মহিলাগৰাকীক চুংগামৰ সমীপৰ অৰ্কিড হিলছ হাউছিং কলনীৰ ফাথিমথু সাজিধা (৩৮) বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, মহিলাগৰাকীয়ে শুকুৰবাৰে পুৱা দুই সন্তান ক্ৰমে সামান … Read more

মধুচন্দ্ৰিকা যাপনৰ বাবে গৈ ঘৰলৈ ঘূৰি নাহিল ৰোহিত-মানসী! যোৱাৰ পথতে ঘটিল এই অঘটন…

নিউজ ডেস্কঃ বিয়াৰ ৩ মাহ পিছত হিমাচল প্ৰদেশৰ কুল্লু মানালীয়ৈ মধুচন্দ্ৰিকা যাপন কৰিবলৈ গৈ ঘৰলৈ ঘূৰি নাহিল এহাল নৱ বিবাহিত দম্পতী। মানালী পাবলৈ আৰু মাত্ৰ ১১ কিলোমিটাৰ পথ বাকী থকা অৱস্থাত ১৭ মাইলত বৃহস্পতিবাৰে নিশা ট্ৰাকৰ খুন্দাত থিতাতে মৃত্যু ঘটে দম্পতীহালৰ। এই ঘটনাই শোকৰ বন্যা নমাইছে সমগ্ৰ উত্তৰ প্ৰদেশত। জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ ললিতপুৰৰ … Read more

আছুক সন্তুষ্ট কৰি যদি চৰকাৰে সিদ্ধান্ত ল’বলগা হয়, তাতকৈ আছুৰ কাৰ্যালয়ত গৈ বহি থকাই ভাল হ’বঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্কঃ ইংৰাজী মাধ্যম ব্যৱহাৰক লৈ নিজৰ স্থিতিত অটল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজী মাধ্যমৰ ব্যৱহাৰক লৈ কেবিনেটৰ সিদ্ধান্তৰ বিৰোধিতা কৰা সকলক ক্ষুৰধাৰ সমালোচনা কৰাত পিছ পৰি ৰোৱা নাই স্বয়ং মুখ্যমন্ত্ৰী। কেবিনেটৰ সিদ্ধান্তৰ বিৰোধিতা সকলক একপ্ৰকাৰ তুচ্ছ তাচ্ছিল্য কৰি নিজৰ স্থিতি পুনৰ এবাৰ সদম্ভে প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই সময়তে … Read more