শোকাবহ! নিশাৰ খাদ্য গ্ৰহণৰ পিছতে হঠাৎ অসুস্থ হৈ আকস্মিক মৃত্যু ৱাৰ্ড মেম্বাৰ কমলিকা ডেকাৰ…

নিউজ ডেস্কঃ নিশাৰ আহাৰ গ্ৰহণৰ পিছতে হঠাৎ অসুস্থ হৈ আকস্মিক মৃত্যু এগৰাকী মহিলা ৱাৰ্ড মেম্বাৰৰ। বৃহস্পতিবাৰে নিশা খাদ্য গ্ৰহণৰ পিছতে অসু্স্থ হৈ মৃত্যু ঘটে সৰ্থেবাৰী পৌৰসভাৰ ৱাৰ্ড মেম্বাৰ কমলিকা ডেকাৰ। জানিব পৰা মতে, সৰ্থেবাৰীৰ তামুলীচুপাৰ ৫নং ৱাৰ্ডৰ সদস্য আছিল কমলিকা ডেকা। পৌৰসভাৰ সদস্যাগৰাকীৰ এই আকস্মিক মৃত্যুৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

মৰ্মান্তিক! ভাৰত-চীন সীমান্তত দুৰ্ঘটনাত পতিত ভাৰতীয় সেনাৰ ট্ৰাক, শ্বহীদ ১৬ জোৱান…

নিউজ ডেস্কঃ ছিক্কিমৰ ভাৰত চীন সীমান্তত মৰ্মান্তিক ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল ভাৰতীয় সেনা কঢ়িওৱা ট্ৰাক। দুৰ্ঘটনাত শ্বহীদ ১৬ গৰাকী ভাৰতীয় সেনা জোৱান। জানিব পৰা মতে, সেনাৰ ৩ খন বাহনৰ কনভয় চতনৰ পৰা থাংগু অভিমুখে গৈ থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। জেমালৈ যোৱাৰ পথত জোৱান কঢ়িয়াই নিয়া ট্ৰাকৰ চালকে নিয়ন্ত্ৰণ হেৰুওৱাত বাহনখনত … Read more

নিজকে সেনাৰ কেপ্তেইন বুলি পৰিচয় দি চাকৰি দিয়াৰ নামত সৰকালে লাখ লাখ টকা! অৱশেষত জালত পৰিল প্ৰৱঞ্চক…

নিউজ ডেস্কঃ সেনা নিযুক্তি কাৰ্যালয়ৰ সন্মুখত প্ৰায়ে দেখা যায় এজন যুৱকক। পিন্ধনত ভাৰতীয় সেনাৰ পোছাক। নিজকে সেনাৰ কেপ্তেইন বুলি পৰিচয় দিয়া এই যুৱকজনে চাকৰি প্ৰত্যাশীৰ পৰা সৰকাই আহিছিল লাখ লাখ টকা। কিন্তু এশ গৰু মাৰিলে যিদৰে বাঘৰো মৰণ অনিবাৰ্য, সেইদৰেই বিপদ নামিল এই প্ৰৱঞ্চক যুৱকজনৰ ওপৰতো। চোৰাংচোৱাৰ গোপন খবৰৰ ভিত্তিত অভিযান চলাই অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ … Read more

ভাল খবৰ! লোক-কৃষ্টিৰ সাধক একলব্য গামলৈ আছুৰ ২০২২ বৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা ঘোষণা…

নিউজ ডেস্কঃ লোক কৃষ্টিৰ সাধক একলব্য গামলৈ ২০২২ বৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা। বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাই ঘোষণা কৰিছে এই বঁটা। উল্লেখ্য যে, লোকশিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ স্মৰণত আছুৱে প্ৰতি বছৰে প্ৰদান কৰি আহিছে এই বঁটা। এইবাৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা ঘোষণা কৰা হৈছে লোক-কৃষ্টিৰ সাধক একলব্য গামলৈ। ২৭ ডিচেম্বৰত প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যু … Read more

আঐ ঠাণ্ডা! প্ৰচণ্ড জাৰত গা ধোৱাৰ অভিনৱ কিটিপ, সামাজিক মাধ্যমৰ ভাইৰেল ভিডিঅ’ই আমোদ দিছে নেট ব্যৱহাৰকাৰীক…

নিউজ ডেস্কঃ এতিয়া পুহ মাহ! ঠাণ্ডা যিমানেই নামিছে, সিমানেই যেন লেপৰ উম আৰু জুইকুৰালৈ আকৰ্ষণ বাঢ়িছে সকলোৰে। শীতৰ এনে সেমেকা দিনবোৰত গা ধোৱাটো বহুতৰ বাবে এখন যুদ্ধৰ সমান। বিশেষকৈ বহু পুৰুষৰ বাবে এই শীতৰ দিনত গা ধোৱা মানে যেন নৰকৰ দুৱাৰৰ পৰা উভতি অহাৰ দৰেহে লগা কথা। এইহেন সময়তে পুনৰ এবাৰ ভাইৰেল হৈ পৰিছে এটা … Read more

ভয়ংকৰ! নৱবৰ্ষৰ প্ৰাকক্ষণত শিক্ষামূলক ভ্ৰমণলৈ গৈ পথ দুৰ্ঘটনাত মৃত্যু কমেও ১৫ ছাত্ৰীৰ

নিউজ ডেস্কঃ চুবুৰীয়া ৰাজ্য মণিপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। নৱবৰ্ষৰ প্ৰাকক্ষণত শিক্ষামূলক ভ্ৰমণলৈ গৈ পথ দুৰ্ঘটনাত মৃত্যু কমেও ১৫ গৰাকী ছাত্ৰীৰ। মণিপুৰৰ ননে’ জিলাত সংঘটিত হৈছে এই মৰ্মান্তিক দুৰ্ঘটনা। জানিব পৰা মতে, বুধবাৰে শিক্ষামূলক ভ্ৰমণৰ বাবে গৈছিল থাম্বালনু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ এটা দল। দুখন বাছেৰে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সকলে খোপুম অভিমুখে গৈ থকা … Read more

স্কুটীৰ সন্মুখত বহি আছিল শিশু, বন্ধ নাছিল ইঞ্জিন! যাৰ বাবেই ঘটিল এই ঘটনা, ভাইৰেল ভিডিঅ’…

নিউজ ডেস্কঃ ইঞ্জিন বন্ধ নকৰাকৈ স্কুটীৰ সন্মুখত শিশুক বহুওৱাৰ ভয়ংকৰ পৰিণতি! যাৰ বাবে দুৰ্ঘটনাত পতিত হ’বলগীয়া হ’ল পিতা-পুত্ৰ। হঠাৎ চলিব ধৰা স্কুটীৰ পৰা বাগৰি গুৰুতৰভাৱে আহত শিশুটিৰ লগতে পিতৃও। সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে এই ভিডিঅ’। জানিব পৰা মতে, এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ সিন্ধদূৰ্গত। ভাইৰেল ভিডিঅ’টোত দেখা পোৱা মতে, এটা ঘৰৰ সন্মুখত স্কুটীৰ … Read more

স্বামীসহ দুৰ্ঘটনাত পতিত বৰষাৰাণী বিষয়া! কেনে আছে অভিনেত্ৰীগৰাকী…

নিউজ ডেস্কঃ অনুষ্ঠানৰ পৰা উভতি অহাৰ পথতে নিশা দুৰ্ঘটনাত পতিত অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু স্বামী ভাস্কৰ বৰুৱা। চৰাইদেউ জিলাৰ টেঙাপুখুৰীত সংঘটিত হয় এই দুৰ্ঘটনা। সাপেখাতীৰ এক অনুষ্ঠানত অংশ লৈ নিশা প্ৰায় ১০ বজাত যোৰহাটৰ ঘৰলৈ স্বামীসহ উভতিছিল অভিনেত্ৰীগৰাকীয়ে। কিন্তু টেঙাপুখুৰীত এখন অল্ট’ বাহনৰ সৈতে সংঘৰ্ষ ঘটে তেওঁলোকৰ বাহনখনৰ। এই দুৰ্ঘটনাত বৰষা আৰু তেওঁৰ স্বামী আঘাতপ্ৰাপ্ত … Read more

আজৱ কাণ্ড! হাস্পতালত মৃত্যু মহিলাৰ, পৰিয়ালক চমজাই দিয়া হ’ল পুৰুষৰ মৃতদেহ, সৎকাৰ কৰিবলৈ লওতেই লাগিল হাহাকাৰ…

নিউজ ডেস্কঃ হাস্পতালত মৃত্যু হ’ল মহিলাৰ। কিন্তু ঘৰত সৎকাৰৰ বাবে চিতাৰ ওপৰত তোলাৰ সময়তে চকু থৰ লাগিল পৰিয়ালৰ লগতে উপস্থিত সকলোৰে। মহিলা বুলি এজন পুৰুষৰ মৃতদেহ মহিলাগৰাকীৰ পৰিয়ালক চমজাই দিলে হাস্পতাল কৰ্তৃপক্ষই। এই আজৱ কাণ্ড সংঘটিত হৈছে উত্তৰ গুৱাহাটীৰ জিএনআৰচি হাস্পতালত। মহিলাৰ মৃতদেহ বুলি পুৰুষৰ মৃতদেহ পৰিয়ালক চমজাই দিয়াৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। জানিব … Read more

অলৌকিক! ৪ খন ভৰিসহ জন্ম হ’ল এটি দেৱশিশুৰ, কি ক’লে চিকিৎসকে…

নিউজ ডেস্কঃ ৪ খন ভৰিসহ এটি দেৱশিশুৰ জন্মগ্ৰহণে স্তম্ভিত কৰিছে পৰিয়ালৰ লগতে চিকিৎসককো। মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ এখন হাস্পতালত জন্মগ্ৰহণ কৰে কন্যা শিশুটিয়ে। চাৰি খন ভৰি লৈ জন্মগ্ৰহণ কৰা কন্যা শিশুটিক এতিয়া অস্ত্ৰোপচাৰৰ জৰিয়তে সুস্থ কৰি তোলাৰ কামত লাগি পৰিছে বিশেষজ্ঞ চিকিৎসক। গোৱালিয়ৰৰ কমলা ৰাজা মহিলা আৰু শিশু ৰোগ বিভাগত আৰতি কুশ্বৱাহা নামৰ এগৰাৰী মহিলাই জন্ম দিয়ে … Read more