ডিটিঅ’ অফিচত ভিজিলেন্সৰ অভিযান, উৎকােচ লৈ গ্ৰেপ্তাৰ মহিলা কৰ্মচাৰী, মধ্যভােগী

নিউজ ডেস্ক। কােকৰাঝাৰৰ ডিটিঅ’ সােমেশ্বৰ ব্ৰহ্ম মুছাহাৰীৰ গ্ৰেপ্তাৰৰ ঘটনাই পৰিবহন বিভাগৰ ভিতৰচ’ৰাত তীব্ৰ খলকনিৰ সৃষ্টি কৰাৰ সময়তে এইবাৰ ডিব্ৰুগড় জিলাৰ পৰিবহন বিষয়াৰ কাৰ্যালয়ত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। এগৰাকী গাড়ীৰ মালিকৰ পৰা পথ কৰ অফলাইনত পৰিশোধ কৰাত সহায় কৰাৰ বিনিময়ত উৎকােচ লৈ ভিজিলেন্সৰ হাতত ধৰা পৰিল এজন দালালসহ ডিটিঅ’ কাৰ্যালয়ৰ নিম্ন বৰ্গৰ সহায়ক। ধৃত দালাজনৰ … Read more

ছাত্ৰীৰে মবাইলত অশ্লীল বাৰ্তালাপ কৰি নিলম্বিত শিক্ষক পদ্ম দত্ত…

নিউজ ডেস্ক। পুনৰ শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তিক কলংকিত কৰি নিলম্বিত হ’ল এগৰাকী চৰকাৰী বিদ্যালয়ৰ শিক্ষক। এগৰাকী কন্যাসম ছাত্ৰীৰ সৈতে মবাইলত অশ্লীল বাৰ্তালাপ কৰা গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক পদ্ম দত্তক নিলম্বন শিক্ষা বিভাগৰ। উল্লেখ্য যে কিছুদিন পূৰ্বে এগৰাকী ছাত্ৰীৰ সৈতে অতি আপত্তিজনক অশালীন বাৰ্তালাপ কৰাৰ ৰেকৰ্ডিং ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। ইয়াৰ পিছতে ৰাজ্যজুৰি … Read more

নৃত্য শিল্পী, মডেল হিচাপে জনপ্ৰিয় অধ্যাপিকা ডঃ দীপালী দাসৰ দেহাৱসান…

ডঃ দীপালী দাস

নিউজ ডেস্ক। এগৰাকী সদ্য অৱসৰপ্ৰাপ্ত অধ্যাপিকা, নৃত্য শিল্পী, মডেল হিচাপে দেশ-বিদেশত পৰিচিত ডঃ দীপালী দাসৰ দেহাৱসান। উল্লেখ্য যে গুৱাহাটীৰ জুৰোডৰ নিৱাসী ডঃ দীপালী দাস বিগত প্ৰায় ছমাহ ধৰি যকৃতৰ জটিল ৰােগত ভুগি আছিল। মঙলবাৰে চিকিৎসাধীন অৱস্থাতে তেওঁ শেষ নিস্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬১ বছৰ। উল্লেখ্য যে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান … Read more

৯ বছৰ ধৰি পত্নীৰ সৈতে কাজিয়া! অৱশেষত চৰম সিদ্ধান্ত ল’লে CRPF জোৱান হেমাংগ কলিতাই…

নিউজ ডেস্কঃ বিয়াৰ পিছৰে পৰা পত্নীৰ সৈতে লাগি অহা কাজিয়াত অতীষ্ঠ হৈ অৱশেষত মৃত্যুৰ পথ বাচি ল’লে এগৰাকী চিআৰপিএফ জোৱানে। বজালী জিলাৰ ৰতনপুৰৰ নিৱাসী চিআৰপিএফ জোৱান হেমাংগ কলিতাই দেওবাৰে স্বগৃহত আত্মহত্যা কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে। জানিব পৰা মতে, ২০১৩ চনত চিআৰপিএফত যোগদান কৰা হেমাংগ কলিতা ৯ বছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল। … Read more

প্ৰশংসনীয়! পুত্ৰই লাভ কৰিলে চৰকাৰী চাকৰি, তাৰ পিছতে মাতৃয়ে ওভতাই দিলে চৰকাৰী ঘৰ…

নিউজ ডেস্কঃ পৰিয়ালৰ কোনো এজন সদস্যই চৰকাৰী চাকৰি লাভ কৰাৰ পিছত সেই পৰিয়ালটোৱে লাভ কৰা চৰকাৰী আঁচনিৰ সুবিধা ঘূৰাই দিবলৈ আহ্বান জনাইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ এই আহ্বানৰ পিছতে বজালীৰ এগৰাকী স্বামীহাৰা মহিলাই গ্ৰহণ কৰা সিদ্ধান্তই এতিয়া মন চুই গৈছে চৰকাৰী বিষয়া-কৰ্মচাৰীৰ লগতে সাধাৰণ জনতাৰ। পুত্ৰই আৰক্ষী বিভাগত চাকৰি লাভ কৰাৰ পিছতে দৰিদ্ৰ সীমাৰেখাৰ … Read more

বালিজান পাহাৰত হাতত কেটেপা লৈ চিকাৰীৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী…

নিউজ ডেস্কঃ এইবাৰ হাতত কেটেপা লৈ চিকাৰীৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী। একালৰ কংগ্ৰেছী নেতা তথা বৰ্তমানৰ বিজেপি বিধায়কগৰাকীয়ে অসম-নাগালেণ্ড সীমান্তৰ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ বালিজান পাহাৰত হাতত কেটেপা লৈ ফুৰা ফটো-ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। বিধায়কজনৰ পিছে পিছে হাতত কেটেপা লৈ আগবাঢ়িছে আন এটা যুৱকৰ দলো। দৰাচলতে হাতত কেটেপা লৈ এনেদৰেই অক্টোবৰ মাহৰ … Read more

লকআপৰ ভিতৰত ১০ যুৱকক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি ক্ষমতা প্ৰদৰ্শন কৰা মৰাণ থানাৰ পূৰ্বৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰীক নিলম্বন…

নিউজ ডেস্কঃ অৱশেষত নিলম্বন কৰা হ’ল থানাৰ ভিতৰত ১০ জনকৈ যুৱকক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি ক্ষমতাৰ প্ৰদৰ্শন কৰা মৰাণ থানাৰ পূৰ্বৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰী আৰু উপ পৰিদৰ্শক ভৱেন দত্ত। পত্নীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত কোনো গোচৰ ৰুজু নকৰাকৈয়ে উঠাই আনি লকআপৰ ভিতৰত যুৱক কেইজনক উলংক গৰি প্ৰহাৰ কৰিছিল ভাৰপ্ৰাপ্ত বিষয়া বিজয় দৈমাৰীয়ে। এই ঘটনা … Read more

আজৱ চুৰি! বাইক এৰি এইবাৰ পাৰ্টছ খুলি লৈ গ’ল চোৰে…

নিউজ ডেস্কঃ বাইক নহয়, এইবাৰ চোৰে চুৰি কৰি লৈ গ’ল বাইকৰ পাৰ্টছ! বাইক এৰি চোৰে কেৱল বাইকৰ পাৰ্টছ খুলি লৈ যোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ডিব্ৰুগড়ত। জানিব পৰা মতে, ডিব্ৰুগড় জিলাৰ মৰাণৰ খোৱা চমুৱা গাঁৱত সংঘটিত হয় এই ব্যতিক্ৰমী চুৰিকাণ্ড। শুকুৰবাৰে নিশা চোৰে এখন বাইকৰ পৰা পাৰ্টছ খুলি চুৰি কৰি নিয়া কাণ্ডই তীব্ৰ প্ৰতিক্ৰিয়াৰ … Read more

ডায়েৰী… তোমাক মই মোৰ ক্ল’জ ফ্ৰেণ্ড হিচাপে আজিৰ পৰা ল’লোঃ ডায়েৰীৰ পৃষ্ঠাত সময়ক ধৰি ৰাখিব বিচৰা তেজস্বিতা গুচি গ’ল এনেকৈয়ে…

নিউজ ডেস্কঃ আধালিখা হৈ ৰ’ল তেজস্বিতাই ক্ল’জ ফ্ৰেণ্ড হিচাপে বাচি লোৱা ডায়েৰীৰ পৃষ্ঠা! চকুলোৰ বন্যা বোৱাই সংগোপনে গুচি যোৱা মাজুলীৰ প্ৰতিভাৱান শিশুশিল্পী তেজস্বিতাই নতুনকৈ আৰম্ভ কৰিছিল ডায়েৰী লিখিবলৈ। জীৱনৰ কিছু বিশেষ মুহূৰ্তৰ সাক্ষী কৰিবলৈ ডায়েৰীৰ পৃষ্ঠাকে ‘ক্লজ ফ্ৰেণ্ড’ হিচাপে বাচি লৈছিল তেজস্বিতাই। কিন্তু হেঁপাহৰ ডায়েৰীখনক বুকুৰ কথাবোৰ খুলি কোৱাৰ পূৰ্বেই অশ্ৰুৰ সুতিয়েদি হেৰাই গ’ল তেজস্বিতা … Read more

উৎকােচ লৈ ভিজিলেন্সৰ হাতত গ্ৰেপ্তাৰ যােৰহাটৰ লাট মণ্ডল আব্দুল বাকি শ্বেখ

নিউজ ডেস্ক। পুনৰ সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত গ্ৰেপ্তাৰ হ’ল ঘােচখােৰ চৰকাৰী কৰ্মচাৰী। যােৰহাট ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত পুৱাই চলিল ভিজিলেন্সৰ অভিযান। মাটি সংক্ৰান্তীয় কামৰ বিনিময়ত এজন লােকৰ পৰা উৎকোচ লৈ হাতে-লােটে ধৰা পৰিল যােৰহাট ৰাজহ চক্ৰ কাৰ্যালয়ত কৰ্মৰত লাট মণ্ডল মােঃ আব্দুল বাকি শ্বেখ। জানব পৰা মতে, মাটি সংক্ৰান্তীয় কামৰ বাবদ এজন ভুক্তভােগীৰ … Read more