টেট‌ শিক্ষক ভিক্টৰ দাসক নিলম্বন শিক্ষা বিভাগৰ

নিউজ ডেস্ক। ভিক্টৰ দাসক চাকৰিৰ পৰা নিলম্বন। ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেনৰ অভিযোগ তোলা ভিক্টৰ দাসক চাকৰিৰ পৰা নিলম্বন। শিক্ষা সঞ্চালকে নিলম্বন কৰে ভিক্টৰ দাসক। উল্লেখ্য যে, ভিক্টৰ দাসে ক’চিং চেণ্টাৰৰ চলাই থকাৰ লগতে এগৰাকী টেট শিক্ষক আছিল। এদিন‌ পূৰ্বে প্ৰাক্তন শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই ভিক্টৰ দাসক নিলম্বনৰ আহ্বান জনাইছিল চৰকাৰক।

কবি মদিৰা শ‍‍ইকীয়া ভূঞাৰ আকস্মিক দেহাৱসান

নিউজ ডেস্ক। উদীয়মান কবি, সমাজ সেৱিকা মদিৰা শইকীয়া ভূঞাৰ আকস্মিক দেহাৱসান। দুলীয়াজানৰ অইলৰ আবাসিক এলেকাৰ বাসিন্দা মদিৰা শইকীয়া ভূঞাৰ হৃদৰােগত আক্ৰান্ত হৈ মৃত্যু হয়।  তেওঁৰ এনে আকস্মিক বিয়োগৰ খবৰে বৃহত্তৰ দুলীয়াজান অঞ্চলতে শোকৰ ছাঁ পেলাইছে।  দুলীয়াজান লেখিকা সংস্থাৰ সম্পাদিকা পদত কাৰ্যনিৰ্বাহ কৰাৰ উপৰি প্ৰয়াত মদিৰা শইকীয়া অঞ্চলটােৰ বিভিন্ন সামাজিক, সাংস্কৃতিক সংগঠনৰ সৈতে ওতঃপ্ৰােতঃভাৱে জড়িত হৈ … Read more

কিশোৰী প্ৰেয়সীক পলুৱাই নিয়া দেখি পিছে পিছে খেদি গ’ল পৰিয়াল! বাইকৰ স্পীড বঢ়াওতেই দুৰ্ঘটনাত পতিত

নিউজ ডেস্কঃ হোষ্টেলৰ পৰা কিশোৰী প্ৰেমিকাক পলুৱাই নিয়াৰ সময়তে বাইক দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আহত প্ৰেমিক। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰা ২য় খণ্ডত। জানিব পৰা মতে, দেওবাৰে নিশা গোৱালপাৰৰ এটা হোষ্টেলৰ পৰা প্ৰেয়সীক বাইকেৰে পলুৱাই নিছিল বৰপেটা জিলাৰ খৰিচালাৰ জুমিৰকুৰ গাঁৱৰ শ্বহিদুল ইছলাম নামৰ যুৱকজনে। কিন্তু ছোৱালীজনীক … Read more

সুখবৰ! ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন বি বৰুৱা মহাবিদ্যালয়ৰ এনএছএছ গোটৰ প্ৰোগ্ৰাম অফিচাৰ ড০ সত্যব্ৰত বৰুৱাৰ

নিউজ ডেস্কঃ অসমবাসীক গৌৰৱাম্বিত কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে বি. বৰুৱা মহাবিদ্যালয়ৰ এনএছএছ গোটৰ প্ৰোগ্ৰাম অফিচাৰ ড০ সত্যব্ৰত বৰুৱাই। ২০২০-২১ বৰ্ষৰ প্ৰোগ্ৰাম অফিচাৰ শীতানত নেশ্যনেল চাৰ্ভিছ স্কীম বঁটাৰ বাবে নিৰ্বাচিত হৈছে ড০ সত্যব্ৰত বৰুৱা। উল্লেখ্য যে, অহা ২৪ ছেপ্টেম্বৰত নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ড০ বৰুৱাক এই বঁটা প্ৰদান কৰিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী … Read more

ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ নয়না, অহা ২৪ ছেপ্টেম্বৰত ৰাষ্ট্ৰপতিয়ে কৰিব পুৰস্কৃত

নিউজ ডেস্কঃ ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ এবাৰ উজ্বলি উঠিল অসমৰ আন এগৰাকী সুযোগ্য সন্তান। এইবাৰ ২০২০-২১ বৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ‘ৰাষ্ট্ৰীয় সেৱা যোজনা’ৰ শ্ৰেষ্ঠ স্বেচ্ছাসেৱক পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে ডিগবৈ মহাবিদ্যালয়ৰ নয়না শ‍ইকীয়াই। ৰাষ্ট্ৰীয় সেনা যোজনাৰ অধীনত আগবঢ়োৱা সেৱাৰ স্বীকৃতি স্বৰূপে এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে নয়না শইকীয়াক। যোৱা ১৬ ছেপ্টেম্বৰত কেন্দ্ৰীয় ক্রীড়া আৰু যুৱ … Read more

শোকাবহ! ছবিগৃহত ‘ব্ৰহ্মাস্ত্ৰ’ উপভোগৰ সময়তে প্ৰাণ গ’ল এগৰাকী মহিলাৰ…

নিউজ ডেস্কঃ ছবিঘৰত বহি ছবি উপভোগ কৰি থকাৰ সময়তে হঠাৎ মৃত্যুক সাৱটি ল’লে এগৰাকী মহিলাই। এই শোকাবহ ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ত। জানিব পৰা মতে, দেওবাৰে নিশা পৰিয়াল সহ ডিব্ৰুগড় চহৰস্থিত শ্বোহমৰ গেলেৰিয়াত সদ্য মুক্তিপ্ৰাপ্ত হিন্দী ছবি ‘ব্ৰহ্মাস্ত্ৰ’ উপভোগ কৰিবলৈ গৈছিল পাৱেল আগৰৱালা নামৰ ৫০ বৰ্ষীয় মহিলাগৰাকীয়ে। ছবিগৃহত চিনেমাখন উপভোগ কৰি থকা সময়তে হঠাৎ হৃদৰোগত আক্ৰান্ত … Read more

ঘোচখোৰ ঔষধ পৰিদৰ্শক জাহ্নৱী কলিতাৰ বাসগৃহত অভিযান, নগদ ৭ লাখ ৭৩ হাজাৰ টকা জব্দ

নিউজ ডেস্কঃ ঘোচ লৈ হাতে-লোটে ধৰা পৰা যোৰহাটৰ ঔষধ পৰিদৰ্শক জাহ্নৱী কলিতাৰ বাসগৃহত এইবাৰ চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। ঘোচখোৰ বিষয়া জাহ্নৱী কলিতাৰ বাসগৃহৰ পৰা উদ্ধাৰ ৭ লাখ ৭৩ হাজাৰ ৭০০ টকা নগদ ধন। উল্লেখ্য যে, শনিবাৰে দুৰ্নীতি নিবাৰক শাখাই উৎকোচ গ্ৰহণৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ কৰিছিল ঔষধ পৰিদৰ্শক জাহ্নৱী কলিতাক। ফাৰ্মাচীৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ নামত দাবী … Read more

আনন্দত আত্মহাৰা পৰিয়াল! ৪ বছৰ ধৰি সন্ধানহীন হৈ থকা সাগৰিকা আৰু দুই সন্তানৰ সন্ধান ওলাল বেংগালুৰুত

নিউজ ডেস্কঃ ৪ বছৰ পূৰ্বে পাৰিবাৰিক কন্দ্বলৰ বাবে দুই পুত্ৰ সন্তানক লগত লৈ ঘৰৰ পৰা ওলাই গৈছিল সাগৰিকা। তাৰ পিছতে মহিলাগৰাকী আৰু সন্তান দুটিৰ সন্ধান বিচাৰি হাহাকাৰ কৰি ফুৰিছিল স্বামী আৰু পৰিয়ালৰ আন সদস্যসকলে। এদিন দুদিনকৈ সময় বাগৰিছিল। পত্নী-পুত্ৰৰ সন্ধানহীনতাই অতিক্ৰম কৰিছিল ৪টা বছৰ। তাৰ পিছতে হঠাৎ এটা অচিনাকী ফোনে পৰিয়ালটোলৈ আশাৰ বতৰা কঢ়িয়াই আনে। … Read more

অৱশেষত মুকলি আকাশৰ তললৈ ভিক্টৰ দাস! মুক্তি লাভ কৰিয়েই ক’লে…

নিউজ ডেস্কঃ এসপ্তাহজোৰা প্ৰতীক্ষাৰ অন্তত অৱশেষত মুকলি আকাশৰ তললৈ ওলাই আহিল ভিক্টৰ দাস। নিযুক্তি প্ৰক্ৰিয়াত কেলেংকাৰীৰ অভিযোগ তুলি নিজেই গ্ৰেপ্তাৰ হ’বলগীয়া হোৱা ভিক্টৰ দাস এতিয়া সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটা চৰ্চিত নাম হৈ পৰিছে। এসপ্তাহ পূৰ্বে অভিযোগকাৰী ভিক্টৰক গ্ৰেপ্তাৰ কৰাৰ পিছত সামাজিক মাধ্যমত তেওঁৰ মুক্তিৰ দাবী সজোৰে উত্থাপন হৈছিল। ভিক্টৰে মাথো নিযুক্তি প্ৰক্ৰিয়াত কেলেংকাৰীৰ অভিযোগ তুলিছিল। … Read more

আকৌ ঘোচকাণ্ড! ঔষধ পৰিদৰ্শকৰ পিছত একেদিনাই উৎকোচ লৈ গ্ৰেপ্তাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক

নিউজ ডেস্কঃ ফাৰ্মাচীৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ নামত ঘোচ লৈ যোৰহাটত এগৰাকী মহিলা ঔষধ পৰিদৰ্শক হাতে লোটে গ্ৰেপ্তাৰ হোৱাৰ পিছত একেদিনাই দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল আন এজন ঘোচখোৰ চৰকাৰী কৰ্মচাৰী। এইবাৰ ধুবুৰী জিলাৰ বিলাসীপাৰা ৰাজহ চক্ৰ কাৰ্যালয়ত অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই উৎকোচ লোৱাৰ সময়তে হাতে লোটে কৰায়ত্ত কৰে চৰকাৰী কৰ্মচাৰী মেহেবুব মোল্লাহক। Sri Mahabub Mollah … Read more