অখিল গগৈ লাজ নথকা বিধায়ক, লোকৰ পিঠাৰে তেওঁ বিহু পাতেঃ সমালোচনাত সৰৱ ৰূপজ্যোতি কুৰ্মী

নিউজ ডেস্কঃ ৰাইজৰ কাম কৰিব পাৰক বা নোৱাৰক, বিৰোধীক কিন্তু ভালকৈয়ে সমালোচনা কৰিব জানে অসমৰ শাসকীয় দলৰ নেতা-মন্ত্ৰী-বিধায়কে। কি পীযুষ হাজৰিকা, কি জয়ন্ত মল্ল বৰুৱা- বিৰোধীক হেয় প্ৰতিপন্ন কৰোৱাত সকলো পাকৈত। এইবাৰ এই একেই শাৰীতে থিয় দিছে সৌ সিদিনা কংগ্ৰেছৰ পৰা আহি গেৰুৱা বসন পৰিধান কৰা মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীও। শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল লাজ … Read more

আচামীক ধৰিবলৈ যােৱা আৰক্ষীৰ বাহন ভয়ংকৰ দুৰ্ঘটনাত পতিত…

নিউজ ডেস্ক। মেঘালয়ৰ পশ্চিম গাৰাে পাহাৰ জিলাৰ ফুলবাৰীৰ পৰা আচামীক লৈ থানালৈ ওভতাৰ পথত ভয়ংকৰ দুৰ্ঘটনাত পতিত পলাশবাৰী আৰক্ষীৰ থানাৰ বাহন। জানিব পৰা মতে, গােৱালপাৰা জিলাৰ দুধনৈৰ সমীপৱৰ্তী ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱা সংঘটিত হয় এই দুৰ্ঘটনা। ঘাইপথৰ এখন দলঙৰ ৰেলিঙত খুন্দিয়াই বিধ্বস্ত হৈ পৰে কামৰূপ জিলাৰ পলাশবাৰী আৰক্ষীৰ থানাৰ বলেৰ’ বাহনখন। দুৰ্ঘটনাত পতিত বাহনখনত … Read more

ৰাজ্যত প্ৰবল বৰষুণৰ লগতে ধুমুহা-বজ্ৰপাতৰ আগজাননী, ডাৱৰীয়া হৈ থাকিব মহানগৰীৰ আকাশ

নিউজ ডেস্কঃ অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত প্ৰবল বৰষুণৰ লগতে ধুমুহা-বজ্ৰপাতৰ আগজাননী জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। আইএমডিয়ে সম্ভাৱনা ব্যক্ত কৰা মতে, অহা ৪ দিনলৈ সমগ্ৰ অসমৰ লগতে ছিকিম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠায়ে ঠায়ে মধ্যমীয়া আৰু প্ৰবল বৰষুণ হ’ব। এই সময়ছোৱাত প্ৰতিঘণ্টাত ৩০-৪০ কিলোমিটাৰ গতিবেগত ধুমুহা আৰু বজ্ৰপাতৰো সম্ভাৱনা কৰা হৈছে। তদুপৰি ১৫ … Read more

শ্ৰী শ্ৰী মাধৱদেৱ তিথি উপলক্ষ্যে চৰকাৰী বন্ধৰ দিন সলনি

নিউজ ডেস্কঃ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ তিথি উপলক্ষ্যে চৰকাৰী বন্ধৰ দিন সলনি কৰিলে ৰাজ্য চৰকাৰে। ১৪ ছেপ্টেম্বৰৰ ঠাইত ১৫ ছেপ্টেম্বৰত বন্ধ ঘোষণা কৰিছে অসম চৰকাৰে। এক জাননীৰ জৰিয়তে মাধৱেদৱৰ তিথি উপলক্ষ্যে বন্ধৰ দিন সলনি কৰাৰ কথা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে ১৪ ছেপ্টেম্বৰত চৰকাৰী বন্ধ ঘোষণা কৰা হৈছিল।

মৰ্মান্তিক! পথৰ ওপৰত বিচ্ছিন্ন হৈ পৰি থকা বিদ্যুতৰ তাঁৰত লাগি গৃহৰক্ষী জােৱানৰ কৰুণ মৃত্যু

নিউজ ডেস্ক। পুনৰ বিদ্যুৎ বিভাগৰ মৰণফান্দত পৰিল প্ৰাণ গ’ল এজন লােকৰ। এসপ্তাহ পূৰ্বে হাইলাকান্দিত পথৰ ওপৰত বিচ্ছিন্ন হৈ পৰি থকা বিদ্যুতৰ তাঁৰত লাগি শিশুসহ একে পৰিয়ালৰ চাৰিজনৰ মৃত্যুৰ ঘটনাৰ পিছত এইবাৰ চৰাইদেউত সংঘটিত হ’ল অনুৰূপ ঘটনা। সাপেখাতী বৰুৱানগৰ কছাৰীপথাৰত পথৰ ওপৰত পৰি থকা বিদ্যুতৰ তাঁৰৰ সংস্পৰ্শলৈ আহি প্ৰাণ গ’ল এগৰাকী গৃহৰক্ষী জােৱানৰ। জানিব পৰা মতে, … Read more

এইবাৰ ভিক্টৰ দাসৰ বাসগৃহত আৰক্ষীৰ অভিযান, জব্দ লেপটপ

নিউজ ডেস্ক। অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নামত এটা মধ্যভােগী চক্ৰই বিভিন্ন পৰীক্ষাৰ্থীৰ পৰা ধনদাবী কৰা বুলি অভিযােগ তুলি গ্ৰেপ্তাৰ হােৱা ভিক্টৰ দাসৰ ঘৰত এইবাৰ চলিল মহানগৰ আৰক্ষীৰ অভিযান। ভিক্টৰ দাসৰ দদৰা স্থিত বাসগৃহত উপস্থিত হয় পাণ বজাৰ আৰক্ষীৰ এটা অভিযানকাৰী দল। জানিব পৰা মতে, এই অভিযানত আৰক্ষীয়ে এটা লেপটপৰ লগতে বিভিন্ন সামগ্ৰী … Read more

এইবাৰ জল সম্পদ বিভাগৰ চাকৰিৰ নামত ধন সংগ্ৰহ কৰা ৭ দালালক আটক মহানগৰ আৰক্ষীৰ

নিউজ ডেস্ক। অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নামত এট প্ৰৱঞ্চকৰ দল সক্ৰিয় হৈ থকা বুলি অভিযােগ তুলি ভিক্টৰ দাস নামৰ এজন যুৱকক পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সময়তে এইবাৰ জল সম্পদ বিভাগৰ চাকৰিৰ নামত ধনৰ লেনদেন কৰা এটা প্ৰৱঞ্চকৰ দল জালত পৰিল মহানগৰ আৰক্ষীৰ। জলসম্পদ বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ ন্যায়ালয়ত বিবেচনাধীন এক গােচৰৰ আলম লৈ … Read more

শোকাবহ! নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ পৰা উফৰি পৰিল টাটা নেক্স’ন, মৃত্যু অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ অভিষেকৰ

নিউজ ডেস্কঃ এক শোকাবহ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি লৈ গ’ল অসম বিশ্ববিদ্যালয়ৰ এগৰাকী আইনৰ ছাত্ৰৰ। শনিবাৰে শিলচৰ চহৰৰ পাৰ্শ্বৱৰ্তী ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু ঘটে ২৪ বৰ্ষীয় আইনৰ ছাত্ৰ অভিষেক দেৱৰ। জানিব পৰা মতে, ছাত্ৰজনে শনিবাৰে সন্ধিয়া শিলচৰৰ পৰা ডলু অভিমুখে গৈ থকা সময়ত নিয়ন্ত্ৰণ হেৰুৱাই এএছ ১১আৰ ৮৬১৮ নম্বৰৰ তেওঁৰ টাটা নেক্সন … Read more

কেন্দ্ৰত চৰকাৰ সলনি হ’লেই বিজেপি ত্যাগ কৰিব হিমন্ত বিশ্ব শৰ্মাঃ গৌৰৱ গগৈ

নিউজ ডেস্কঃ কেন্দ্ৰত চৰকাৰ সলনি হ’লেই বিজেপি ত্যাগ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই! মুখ্যমন্ত্ৰী শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰি এই সন্দেহ ব্যক্ত কৰিলে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে। বিজেপি চৰকাৰৰ বহুতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এতিয়াও বিশ্বাস নকৰে বুলি প্ৰকান্তৰে মন্তব্য কৰি গৌৰৱ গগৈয়ে কয় যে বিজেপিৰ বহুতেই ভাৱে যে কেন্দ্ৰত চৰকাৰ সলনি হ’লেই হিমন্ত বিশ্ব … Read more

সুঃখবৰঃ বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হব ৰীমা দাসৰ ‘তৰা’জ হাজবেণ্ড’

নিউজ ডেস্কঃ আন এক অনন্য সফলতা লাভৰ দিশে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ছবি নিৰ্মাতা ৰীমা দাসৰ ‘তৰা’জ হাজবেণ্ড’লৈ। এছিয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চলচ্ছিত্ৰ মহোৎসৱ ‘বুছান ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল’ত প্ৰদৰ্শিত হ’ব ৰীমা দাসৰ তৰা’জ হাজবেণ্ড। উল্লেখ্য যে, ৫-১৪ অক্টোবৰলৈ দক্ষিণ কোৰিয়াত অনুষ্ঠিত হ’বলগীয়া চলচ্ছিত্ৰ মহোৎসৱখনিৰ ‘A window on Asian cinema’ শীৰ্ষক এক বিশেষ শাখাত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত কৰা হৈছে … Read more