পুনৰ ঘােচ কাণ্ড! এইবাৰ ঘােচ লৈ দুৰ্নীতি নিবাৰকৰ জালত পৰিল এএছআই গােপাল দলে…

নিউজ ডেস্ক। ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহত দুৰ্নীতিৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰকৰ তীব্ৰতৰ অভিযানৰ মাজতে পুনৰ উৎকােচ লৈ গ্ৰেপ্তাৰ হ’ল এজন। এইবাৰ অভিযান চলিল আৰক্ষী চকীত। দুৰ্নীতি নিবাৰকৰ অভিযানত গ্ৰেপ্তাৰ হ’ল ওদালগুৰি জিলাৰ দৰঙা মেলা আৰক্ষীৰ চকীত কৰ্মৰত সহকাৰী উপ-পৰিদৰ্শক গােপাল দলে। জানিব পৰা মতে, এজন ট্ৰাকৰ গৰাকীৰ পৰা ভুক্তিভােগীৰ পৰা উৎকােচ লৈ থকা দুৰ্নীতি নিবাৰকৰ হাতত ধৰা … Read more

সি বেচেৰাই সঠিক তথ্য দিব পৰা নাইঃ ভিক্টৰ দাসৰ গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া DGP ভাস্কৰজ্যোতি মহন্তৰ…

নিউজ ডেস্কঃ নিযুক্তি প্ৰক্ৰিয়াত অনিয়মৰ অভিযোগ তুলি নিজেই গ্ৰেপ্তাৰ হ’বলগীয়া হোৱা ভিক্টৰ দাসৰ মুক্তিৰ দাবীৰে সৰৱ হৈ পৰিছে সামাজিক মাধ্যম। ভিক্টৰ দাসে উত্থাপন কৰা অভিযোগৰ তদন্ত কৰাৰ পৰিৱৰ্তে তেওঁলোকেই গ্ৰেপ্তাৰ কৰা অসম আৰক্ষীৰ কাণ্ডক সহজে মানি ল’ব পৰা নাই অনেকেই। সমান্তৰালভানে নিযুক্তি পৰীক্ষা স্বচ্ছ আৰু নিকা পদ্ধতিৰে অনুষ্ঠিত কৰা বুলি ঢাক-ঢোল বজোৱা অসম চৰকাৰ তথা … Read more

ষ্টাইল কৰি বিদ্যালয়লৈ আহিলে নহ’ব, ছাত্ৰ-ছাত্ৰীক ভালদৰে পঢ়াওকঃ বিদ্যালয়ত ছাডেন ভিজিট কৰি অধ্যাপিকাক সকীয়নী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

নিউজ ডেস্কঃ পৰীক্ষাত বেয়া প্ৰদৰ্শন কৰা বিদ্যালয় পৰিদৰ্শন কৰি অন কেমেৰা অধ্যাপিকাক সকীয়নী প্ৰদান কৰিলে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। পৰীক্ষাত ভাল ফলাফল দেখুৱাব নোৱাৰা বিদ্যালয়ত তলা লগোৱাৰো সকীয়নী দিলে বিধায়কগৰাকীয়ে। শুকুৰবাৰে বিধায়কগৰাকী আকস্মিকভাৱে উপস্থিত হয় তেওঁৰ সমষ্টিৰ মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত অতি দুৰ্বল প্ৰদৰ্শন কৰা … Read more

ডিএফঅ’ৰ আক্ৰমণত বাহিৰ হ’ল বনকৰ্মীৰ কৃত্ৰিম চকু! অনা অসমীয়া ডিএফঅ’ৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ…

নিউজ ডেস্কঃ তিনিচুকীয়া জিলাৰ ডুমডুমাত ডিএফঅ’ৰ আক্ৰমণত এগৰাকী বনকৰ্মী গুৰুতৰভাৱে আহত হোৱাৰ ঘটনাক লৈ অব্যাহত আছে তীব্ৰ প্ৰতিবাদ। অনা অসমীয়া ডিএফঅ’ ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতীয়ে গুণ্ডাগিৰি দেখুৱাই এগৰাকী বনকৰ্মীৰ কৃত্ৰিম চকু উলিয়াই দিয়াৰ ঘটনাৰ বিৰুদ্ধে শুকুৰবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল-সংগঠন, বনকৰ্মী আৰু স্থানীয় ৰাইজে। উল্লেখ্য যে, এই ঘটনাৰ সূত্ৰপাত ঘটিছিল যোৱা ৭ ছেপ্টেম্বৰৰ নিশা। … Read more

পেট্ৰ’ল পাম্প আৰু এলপিজি গেছ এজেন্সীৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ নামত কৰি আহিছিল কোটি টকাৰ প্ৰৱঞ্চনা, অৱশেষত গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰৱঞ্চক দীপজ্যোতি…

নিউজ ডেস্কঃ ভাৰতীয় তৈল নিগম লিমিটেড চমুকৈ আইঅ’চিএলত চাকৰি প্ৰদানৰ নামত অসম আৰু অৰুণাচল প্ৰদেশৰ নিবনুৱা যুৱক-যুৱতীক কোটি কোটি টকা প্ৰৱঞ্চনা কৰা এজন ভুৱা আইএ’চিএল কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে অৰুণাচল আৰক্ষীয়ে। অৰুণাচল প্ৰদেশ আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে বৃহস্পতিবাৰে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰে দীপজ্যোতি দাস (৩০) নামৰ প্ৰৱঞ্চকজনক। জানিব পৰা মতে, অভিযুক্ত দীপজ্যোতি দাসৰ ঘৰ কামৰূপ জিলাৰ … Read more

প্ৰসংগ নিযুক্তি পৰীক্ষা! ভিক্টৰ দাসৰ চাঞ্চল্যকৰ অভিযােগ সন্দৰ্ভত কি ক’লে বিশেষ ডিজিপি জি পি সিঙে…

নিউজ ডেস্কঃ কিছুদিন পূৰ্বে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত বৃহৎ অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰা ভিক্টৰ দাসক গ্ৰেপ্তাৰৰ সম্ভাৱনা ক্ৰমাৎ বৃদ্ধি পাইছে। এটা আঞ্চলিক সংবাদ মাধ্যমৰ সৈতে হোৱা কথাবতৰাত ভিক্টৰ দাসক গ্ৰেপ্তাৰৰ ইংগিত প্ৰদান কৰিলে ৰাজ্যৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে। ভিক্টৰে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত এতিয়ালৈকে আৰক্ষীক … Read more

পুনৰ ঘােচকাণ্ড! এইবাৰ একেলগে ধৰা পৰিল বন বিভাগৰ দুই কৰ্মচাৰী…

নিউজ ডেস্ক। পুনৰ ঘােচ লৈ হাতে–লোটে ধৰা পৰিল দুই চৰকাৰী কৰ্মচাৰী। এইবাৰ ভিজিলেন্সৰ অভিযান চলিল কোকৰাঝাৰৰ গোসাঁইগাঁৱত। বন বিভাগৰ ফৰেষ্টাৰ কামিনী নাৰ্জাৰী আৰু ফৰেষ্ট গাৰ্ড প্ৰবীণ ব্ৰহ্মক এজন লােকৰ পৰা গােচৰ মীমাংসাৰ বিনিময়ত নগদ ধন উৎকােচ হিচাপে লৈ থকা অৱস্থাত ধৰে দুৰ্নীতি নিবাৰক শাখাই। দুয়ােজনক সম্প্ৰতি কাৰ্যালয়তে জেৰা চলাইছে ভিজিলেন্সৰ অভিযানকাৰী দলে।

নিজৰ জীৱনকো তুচ্ছ কৰি ডিফলু নৈত উটি যোৱা ৫ কিশোৰীক উদ্ধাৰ কৰিলে পিণ্টুৱে, এতিয়াও সন্ধানহীন এগৰাকী মহিলা…

নিউজ ডেস্কঃ চাহ বাগানত পাত তুলি উভতি অহাৰ সময়তে ডিফলু নৈতত ডুব গ’ল ৬ গৰাকীকৈ মহিলা-কিশোৰী। মহিলা-কিশোৰী কেইগৰাকী নৈত উটি যোৱা প্ৰত্যক্ষ কৰি নিজৰ জীৱনকো তুচ্ছ কৰি নৈত জঁপিয়াই পৰে স্থানীয় এজন সাহসী যুৱক। যুৱকজনে ডিফলুৰ বুকুৰ পৰা ৫ গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও বৰ্তমানো সন্ধানহীন হৈ আছে এগৰাকী মহিলা। এই শোকাবহ ঘটনা সংঘটিত … Read more

কৰ্তব্যত গাফিলতি! মন্ত্ৰী পীযুষ হাজৰিকাৰ নিৰ্দেশত নিলম্বন কৰা হ’ল ডিমৌৰ জলসম্পদ বিভাগৰ ৬ গৰাকী অভিযন্তাক…

নিউজ ডেস্কঃ কৰ্তব্যত গাফিলতিৰ অভিযোগত নিলম্বন কৰা হৈছে ডিমৌৰ জলসম্পদ বিভাগৰ ৬ অভিযন্তাক। বৃহস্পতিবাৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ নিৰ্দেশ মৰ্মে নিলম্বন কৰা হয় অভিযন্তা কেইগৰাকীক। জানিব পৰা মতে, বালিৰ বেগৰ ভিতৰত খালী বেগ ভৰোৱাৰ অভিযোগত নিলম্বন কৰা হয় অভিযন্তা কেইগৰাকীক। কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত নিলম্বন কৰা হৈছে ডিমৌ মহকুমাৰ সহকাৰী কাৰ্যবাহী অভিযন্তা দীনেশ বুঢ়াগোহাঁই, শিৱসাগৰ … Read more

শোকাবহ! বাইক আৰু ই-ৰিক্সাৰ মুখামুখি সংঘৰ্ষত নিহত কলেজীয়া ছাত্ৰ…

নিউজ ডেস্কঃ কলগাছিয়াৰ উদমাৰীত এখন বাইক আৰু ই-ৰিক্সাৰ মাজত সংঘটিত সংঘৰ্ষত এগৰাকী কলেজীয়া ছাত্ৰৰ মৃত্যুৱে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। জানিব পৰা মতে, আমিনগাঁৱৰ পৰা বৰপেটা হৈ উত্তৰ শালমাৰা সংযোগী বিকল্প ৰাজ্যিক ঘাইপথৰ উদমাৰীত বৃহস্পতিবাৰে সংঘটিত হয় এই দুৰ্ঘটনা। এই শোকাবহ দুৰ্ঘটনাত মৃত্যু ঘটে কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালয়ক দৰ্শন বিভাগৰ পঞ্চম ষাণ্মাসিকৰ ছাত্ৰ মোশ্বাৰফ হুছেইনৰ। নিহত … Read more