মৰ্মান্তিক! কণমানি ভতিজাকৰ চিকিৎসা কৰাই ঘৰলৈ ওভতাৰ পথতেই ভয়ংকৰ দুৰ্ঘটনা, একেটা পৰিয়ালৰ ৩ জনৰ মৃত্যু

নিউজ ডেস্কঃ এবছৰীয়া ভতিজাকৰ চিকিৎসা কৰাই ঘৰলৈ ওভতাৰ পথতে সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি লৈ গ’ল একেটা পৰিয়ালৰ তিনি সদস্যৰ। এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে বিশ্বনাথ জিলাৰ চতিয়াৰ গেৰেকীত। জানিব পৰা মতে, অসুস্থ এবছৰীয়া ভতিজাকৰ চিকিৎসা কৰাই ঘৰলৈ উভতিছিল চতিয়াৰ পুৰণি চেণ্টাৰৰ নিৱাসী এটা পৰিয়াল। তেওঁলোকে এএছ ০৬ জে ১৮০৯ নম্বৰৰ আই-২০ বাহনেৰে … Read more

ৰক্ষকেই ভক্ষক! ভাড়াতীয়া চোৰৰ হতুৱাই দোকানত চুৰি গৃহৰক্ষী জোৱানৰ, অৱশেষত গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ ভাড়াতীয়া চোৰৰ হতুৱাই চুৰি কাৰ্য সংঘটিত কৰি গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল এগৰাকী গৃহৰক্ষী জোৱান। এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে পলাশবাৰীত। জানিব পৰা মতে, এজন গৃহৰক্ষী জোৱানে এজন ভাড়াতীয়া চোৰৰ দ্বাৰা এখন ইলেক্ট্ৰ’নিক দোকানত চুৰি কাণ্ড সংঘটিত কৰিছিল। দোকানৰ ভিতৰত চোৰ প্ৰৱেশ কৰাৰ সময়ত বাহিৰত কৰ্তব্যৰত আছিল গৃহৰক্ষী জোৱানজন। ইফালে ভাড়াতীয়া চোৰে দোকাখনৰ পৰা … Read more

শোকাবহ! জন্মদিনৰ দিনা মোবাইল কিনিবলৈ গৈ উভতি নাহিল চিআৰপিএফৰ জোৱান কিশোৰ কলিতা, পথ দুৰ্ঘটনাই কাঢ়ি নিলে প্ৰাণ

নিউজ ডেস্কঃ নিজৰ জন্মদিন বুলি বজাৰলৈ মোবাইল কিনিবলৈ গৈছিল চিআৰপিএফ জোৱান কিশোৰ কলিতাই। কিন্তু বজাৰৰ পৰা উভতি অহাৰ পথতে তেওঁৰ সৈতে সংঘটিত হ’ল কৰুণ ঘটনা। ছুটি লৈ ঘৰলৈ অহা চিআৰপিএফ জোৱানজনে নিজৰ জন্মদিনৰ দিনা মোবাইল কিনি ঘৰলৈ আহি থকা সময়তে অচিনাক্ত বাহনৰ খুন্দাত প্ৰাণ হেৰুৱাবলগীয়া হয়। এই ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ বঙাইগাঁও জিলাত। জানিব … Read more

জনতা ভৱনত স্বৰ্ণজয়ী নয়নমণি শইকীয়াক প্ৰদান কৰা হ’ল ডিএছপি পদৰ নিযুক্তি পত্ৰ

নিউজ ডেস্কঃ কমনৱেলথ গেমছত স্বৰ্ণ জয় কৰি অসম তথা সমগ্ৰ ভাৰতবাসীক গৌৰৱাম্বিত কৰা অসম কন্যা নয়নমণি শইকীয়াক ডিএছপি পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ল জনতা ভৱনত। জনতা ভৱনত আয়োজিত ক্ৰীড়া পেঞ্চন দিৱসৰ বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বৰ্ণজয়ী নয়নমণি শইকীয়াক নিযুক্তি পত্ৰৰ লগতে ৫০ লাখ টকাৰ চেক প্ৰদান কৰে। উল্লেখ্য যে, অলপতে বাৰ্মিংহামত অনুষ্ঠিত … Read more

মৰ্মান্তিক! দুই পুত্ৰক লৈ বাইকেৰে যাত্ৰা কৰা জিলা শ্ৰম বিষয়াক মহটিয়াই নিলে ট্ৰাকে…

নিউজ ডেস্ক। এক শোকাবহ পথ দুৰ্ঘটনা। দুই পুত্ৰক লৈ বাইকেৰে যাত্ৰা কৰা মঙলদৈৰ জিলা শ্ৰম বিষয়া গৌৰাংগ দাসৰ বাইক মহটিয়াই নিলে তীব্ৰবেগী ট্ৰাকে। বৃহস্পতিবাৰে নিশা খাৰুপেটীয়াৰ পৰা আহি থকা সময়ত সংঘটিত হয় এই দুৰ্ঘটনা। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত গৌৰাংগ দাসৰ চিকিৎসালয়ত মৃত্যু ঘটে। সৌভাগ্যক্ৰমে এস দুৰ্ঘটনাত প্ৰাণৰক্ষা পৰে শ্ৰম বিষয়াগৰাকীৰ দুই সন্তানৰ। জানিব পৰা মতে, … Read more

শোকাৱহ ঘটনা! বিদ্যালয়ৰ পৰা ঘৰলৈ ওভতাৰ পথত পুখুৰীত পৰি দশম শ্ৰেণীৰ ছাত্ৰৰ সলিল সমাধি

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। বিদ্যালয়ৰ পৰা ঘৰলৈ ওভতাৰ পথত পুখুৰীত পৰি সলিল সমাধি এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰৰ। মৃত ছাত্ৰজনৰ নাম ৰােহিত দাস (১৫)। এই ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ নগৰবেৰাত। বিদ্যালয়ৰ পৰা ঘৰ অভিমুখী পথত পুখুৰীত পৰি মৃত্যু ঘটে ৰোহিত দাস(১৫) নামৰ ছাত্ৰ জনৰ। মৃত ছাত্ৰজন নগৰবেৰা আদৰ্শ বিদ্যালয়, দোকুচি’ৰ ছাত্ৰ তথা প্ৰতিবেশী গোৱালপাৰা … Read more

সলনি হ’ল আপােনাৰ জিলাৰ অভিভাৱক মন্ত্ৰী! অভিভাৱক মন্ত্ৰীৰ নতুন তালিকা প্ৰকাশ

নিউজ ডেস্ক। সলনি হ’ল আপােনাৰ জিলাৰা অভিভাৱক মন্ত্ৰী। অভিভাৱক মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে সংসদীয় পৰিক্ৰমা বিভাগে। ৰাজ্যপালৰ স্বাক্ষৰিত অভিভাৱক মন্ত্ৰীৰ নতুন তালিকাখন প্ৰকাশ কৰা হৈছে। এই নতুন তালিকা অনুসৰি, কৃষি মন্ত্ৰী অতুল বৰাক কামৰূপ (ম), লখিমপুৰৰ দায়িত্ব প্ৰদান কৰা হৈছে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক বঙাইগাঁও, ডিব্ৰুগড়, তিনিচুকীয়া জিলাৰ, মন্ত্ৰী পীযুষ হাজৰিকাক শোণিতপুৰ, বিশ্বনাথ, কৰিমগঞ্জৰ দায়িত্ব … Read more

GMCHত চিকিৎসাধীন অৱস্থাত বিয়োগ জ্যেষ্ঠ সাংবাদিক পাৰভিজুৰ ৰহমানৰ

নিউজ ডেস্কঃ দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাৰ সৈতে যুঁজি অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক পাৰভিজুৰ ৰহমানে। ৪৭ বছৰ বয়সত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে সাংবাদিকগৰাকীয়ে। উল্লেখ্য যে, ৰাজ্যৰ বৈদ্যুতিন সংবাদ মাধ্যম প্ৰতিদিন টাইমৰ ধুবুৰীৰ সংবাদদাতা হিচাপে কাম কৰি আছিল পাৰভিজুৰ ৰহমানে। জ্যেষ্ঠ সাংবাদিকগৰাকীৰ বিয়োগৰ খবৰে মৰ্মাহত কৰিছে তেওঁৰ … Read more

এইখন অসমৰে আজৱ ঘটনা! গৰ্ভস্থ সন্তানৰ আকাৰ সৰু থকাৰ বাবেই অস্ত্ৰোপচাৰৰ পিছত পুনৰ প্ৰসূতিৰ পেটৰ ভিতৰত ভৰাই থলে চিকিৎসকে

নিউজ ডেস্কঃ গৰ্ভত থকা সন্তানৰ আকাৰ সৰু হোৱাৰ বাবেই পেট কাটি বাহিৰলৈ উলিয়াই অনাৰ পিছত পুনৰ আকৌ পেটৰ ভিতৰত ভৰাই থলে চিকিৎসকে। এনে এক আশ্বৰ্যকৰ কাণ্ড সংঘটিত হৈছে এইখন অসমৰে এখন চৰকাৰী হাস্পতালত। জানিব পৰা মতে, কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈছিল এগৰাকী ৬ মহীয়া গৰ্ভৱতী মহিলা। অহা ডিচেম্বৰ মাহৰ শেষতহে মহিলাগৰাকীৰ প্ৰসৱৰ সম্ভাৱনা আছিল। কিন্তু … Read more

মৰ্মান্তিক! পথাৰত মাছ মাৰিবলৈ গৈ ভূ-মাফিয়াই খান্দি থোৱা দ গাঁতত পৰি মৃত্যু দুগৰাকী মহিলাৰ

নিউজ ডেস্কঃ মাছ মাৰিবলৈ গৈ পথাৰত খান্দি থোৱা দ গাতত পৰি অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল দুগৰাকীকৈ মহিলাই। এই শোকাবহ ঘটনা সংঘটিত হৈছে দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত সৰপাৰাত। জানিব পৰা মতে, মঙলবাৰে গাঁওখনৰ তিনি গৰাকী মহিলাই একেলগে মাছ মাৰিবলৈ গৈছিল পথাৰলৈ। কিন্তু পথাৰৰ মাজত ভূমি মাফিয়াই খান্দি থোৱা দ গাঁতত বাগৰি পৰে মহিলা কেইগৰাকী। এক্সেভেটৰৰে … Read more