আৰক্ষীৰ দীৰ্ঘ সময় জেৰা, অৱশেষত জামিনত মুক্তি লাভ কাছাৰ কলেজৰ অধ্যক্ষ ডঃ সিদ্ধাৰ্থ শংকৰ নাথৰ

নিউজ ডেস্ক। অসম চৰকাৰে চতুৰ্থ বৰ্গৰ ১৩,৩੦੦ টা পদ পূৰণৰ বাবে দেওবাৰে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত নিৰ্ধাৰিত প্ৰ’টকল ভংগ কৰি চৰম গাফলতিৰ পৰিচয় দিয়া শিলচৰৰ কাছাৰ কলেজৰ অধ্যক্ষ ডঃ সিদ্ধাৰ্থ শংকৰ নাথ ৰােষত পৰিছিল জিলা প্ৰশাসনৰ। চৰকাৰী চাকৰিৰ এই বৃহৎ পৰীক্ষা আয়ােজনৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা চৰম গাফিলতিৰ অভিযােগতে গ্ৰেপ্তাৰ হ’বলগা হ’ল পৰীক্ষা … Read more

শােকাৱহ! চেন্নাইৰ পৰা উভতি অহাৰ পথত গুৱাহাটী অভিমুখী বিমানত অসমৰ যাত্ৰীৰ আকস্মিক মৃত্যু

নিউজ ডেস্কঃ গুৱাহাটী অভিমুখী বিমানৰ ভিতৰতে আকাশ মাৰ্গতে মৃত্যুক সাৱটিলে এজন যাত্ৰীয়ে। এই শোকাবহ ঘটনা সংঘটিত হয় দেওবাৰে সন্ধিয়া ইণ্ডিগ’ৰ এখন যাত্ৰীবাহী বিমানৰ ভিতৰত। চেন্নাইৰ পৰা গুৱাহাটী অভিমুখে উৰা মৰা বিমানখনৰ ভিতৰত মৃত্যু ঘটা যাত্ৰীজনক হাইদৰ হুছেইন (৬৯) বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, দেওবাৰে সন্ধিয়া ৭.৩০ বজাত চেন্নাইৰ পৰা গুৱাহাটীলৈ উৰা মৰা বিমানখনৰ … Read more

হাস্পতালত চিটি স্কেনৰ নামত ৰোগীৰ পৰা উৎকোচ বিচাৰি গ্ৰেপ্তাৰ ২ কৰ্মচাৰী, কৰা হ’ল নিলম্বনো

নিউজ ডেস্কঃ ৰোগীৰ চিটি স্কেনৰ নামত উৎকোচ বিচাৰি নিলম্বিত হ’বলগীয়া হ’ল লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ দুগৰাকী কৰ্মচাৰী। এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ লখিমপুৰত। জানিব পৰা মতে, লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত চিটি স্কেন কৰা ‘স্পন্দন’ নামৰ সংস্থাটোৰ দুগৰাকী কৰ্মচাৰীয়ে দুগৰাকী ৰোগীৰ পৰা চিটি স্কেনৰ নামত ১৬শ টকাকৈ বিচাৰিছিল। এই ঘটনা পোহৰলৈ অহাৰ পিছতে নিলম্বন কৰা হৈছে … Read more

মৰ্মান্তিক! মূৰত গুলীয়াই নিজৰ জীৱন শেষ কৰিলে গৃহৰক্ষী জােৱান ৰণ্টু মেধিয়ে…

নিউজ ডেস্ক। পুনৰ চৰম পথ বাছি ল’লে এজন আৰক্ষী জােৱানে। মৰিগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ বেৰেকত দেওবাৰে পিষ্টলেৰে নিজৰ মূৰত গুলীয়ায় গৃহৰক্ষী জােৱান ৰণ্টু মেধিয়ে। মৃত গৃহৰক্ষী জােৱানজনৰ ঘৰ মৰিগাঁও জিলাৰ কাঁহিবাৰীত বুলি জানিব পৰা গৈছ। ইফালে, এই জােৱানজনে কিয় চৰম পথ বাছি ল’লে সেয়া এতিয়াও জানিব পৰা হোৱা নাই যদিও সন্দেহ কৰা মতে ব্যক্তিগত সমস্যাৰ … Read more

আৰক্ষীৰ থানাৰ পৰাই পলাল শিশু ধৰ্ষণৰ অভিযুক্ত, লাগিল হাহাকাৰ

নিউজ ডেস্ক। পুনৰ আৰক্ষীৰ থানাৰ পৰা পলায়ন কৰিলে এগৰাকী আচামীয়ে। হাইলাকান্দি জিলাৰ আলগাপুৰ থানাৰ পৰা আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিলে শিশু ধৰ্ষণৰ অভিযুক্ত বাহাৰুল ইছলাম নামৰ যুৱকজনে। জানিব পৰা মতে, এটি ১০ বছৰীয়া শিশুক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল বাহাৰুল ইছলাম। এই ধৰ্ষণকাণ্ডৰ অভিযুক্তই শুক্ৰবাৰে নিশা শৌচাগাৰলৈ যোৱাৰ সময়তে আৰক্ষীক প্ৰহাৰ কৰি পলায়ন কৰে। এই … Read more

পানী পৰিশোধন নতুন প্রযুক্তি উদ্ভাৱনেৰে আমেৰিকাত উজলিল অসমৰ জীয়ৰী হৰ্ষিতা…

নিউজ ডেস্ক। পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসম সন্তান। এইবাৰ পানী পৰিশােধনৰ নতুন প্ৰযুক্তি উদ্ভাৱন কৰি আন্তঃৰাষ্ট্ৰীয় পর্যায়ত সুনাম অর্জন কৰিবলৈ সক্ষম হৈছে অসমীয়া পৰিবেশ বিজ্ঞানী ড° হর্ষিতা গগৈ। এই নতুন উদ্ভাৱনৰ বাবে ইতিমধ্যে পেটেন্ট বিচাৰি আবেদন জনাইছে বিজ্ঞানীগৰাকীয়ে। উল্লেখ্য যে জৈৱ ব্যৱস্থাপনাৰ জৰিয়তে উদ্ভাৱন কৰা এই প্ৰযুক্তিৰ জৰিয়তে বৰ্জিত পানীও শোধন কৰিব পৰা যাব। বর্জিত … Read more

শােকাৱহ! ডাম্পাৰৰ সৈতে অটোৰিক্সাৰ মুখামুখি সংঘৰ্ষত থিতাতে মৃত্যু ৪ জনৰ

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা। ডাম্পাৰৰ সৈতে শ্ৰমিক কঢ়িওৱা অটােৰিক্সাৰ মুখামুখি সংঘৰ্ষত প্ৰাণ গ’ল ৪ জন শ্ৰমিকৰ। এই ঘটনা সংঘটিত হ’ল কাটিগড়াত। জানিব পৰা মতে, কাটিগড়াৰ টিকপাৰা গাঁৱৰ ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নিশা প্ৰায় ১ বজাত এই ঘটনাটো সংঘটিত হয়। এই ঘটনাটোত কেইবাজনো লোক গুৰুতৰভাৱে আহতাে হয়। আহত যাত্ৰীসকলক ততাতৈয়াকৈ শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু … Read more

পৰীক্ষা কেন্দ্ৰত গাফিলতি! গ্ৰেপ্তাৰ হ’ল মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সিদ্ধাৰ্থ শংকৰ নাথ

নিউজ ডেস্ক। অসম চৰকাৰে চতুৰ্থ বৰ্গৰ ১৩,৩੦੦ টা পদ পূৰণৰ বাবে দেওবাৰে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাৰ চলি থকাৰ মাজতে অঘটন। পৰীক্ষা কেন্দ্ৰত প্ৰ’টকল ভংগ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হ’বলগা হ’ল পৰীক্ষা কেন্দ্ৰৰ দায়িত্বত থকা মহাবিদ্যালয়ৰ অধ্যক্ষ। এই মহাবিদ্যালয় অধ্যক্ষগৰাকী হৈছে শিলচৰৰ কাছাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ সিদ্ধাৰ্থ শংকৰ নাথ। জানিব পৰা মতে, কাছাৰ জিলা উপায়ুক্ত ৰােহন ঝাৰ এজাহাৰৰ … Read more

চাঞ্চল্যকৰ! চিঠি লিখি থৈ একেলগে সন্ধানহীন এখন ঘৰৰ দুগৰাকীকৈ বোৱাৰী, বিচাৰি হাহাকাৰ পৰিয়ালৰ…

নিউজ ডেস্কঃ একেখন ঘৰৰ দুগৰাকীকৈ বোৱাৰী একেলগে সন্ধানহীন হৈ থকাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে শিৱসাগৰ জিলাত। জিলাখনৰ আমগুৰি সমষ্টিৰ অন্তৰ্গত গৌৰীসাগৰ পতোৱাচেলাৰ দুগৰাকীকৈ বোৱাৰী সন্ধানহীন হৈ আছে ১৭ আগষ্টৰ পৰাই। নিৰুদ্দিষ্ট হৈ থকা বোৱাৰী দুগৰাকীৰ পৰিচয় জোনমণি চুতীয়া আৰু মৌচুমী চুতীয়া বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, একেখনৰ ঘৰৰ দুয়োগৰাকী বোৱাৰীৰ স্বামীয়েই কেৰালাৰ এটা ব্যক্তিগত … Read more

চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকৰ চকীত বহি ৰোগীক প্ৰেছক্ৰিপশ্যন লিখা ‘মুন্নাভাই’ মুহিধৰ গগৈক গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ চৰকাৰী চিকিৎসালয়ত চিকিৎসকৰ চকীত বহি ৰোগীক প্ৰেছক্ৰিপশ্যন লিখি দিয়া গাড়ী চালক মুহিধৰ গগৈক অৱশেষত গ্ৰেপ্তাৰ কৰিলে ধেমাজি আৰক্ষীয়ে। উল্লেখ্য যে, যোৱা ৬ আগষ্টত ধেমাজি অসামৰিক চিকিৎসালয়ত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ কাণ্ড। চিকিৎসালয়খনৰ ২২নং কোঠাৰ চিকিৎসক ডা০ বিজু বৰুৱাৰ চকীত বহি তেওঁৰ গাড়ীচালক মুহিধৰ গগৈয়ে ৰোগীক প্ৰেছক্ৰিপশ্যনত আলট্ৰাচাউণ্ড কৰিবলৈ লিখি দিছিল। ইফালে এই ঘটনা … Read more