CBSE ৰ দশম শ্ৰেণীৰ ফলাফলত দেশজুৰি দ্বিতীয় স্থানত অসমৰ লােচনা…

নিউজ ডেস্ক। পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ শিক্ষাৰ্থী। শুকুৰবাৰে ঘােষিত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ চিবিএছইৰ দশম শ্ৰেণীৰ চূড়ান্ত ফলাফলত দেশৰ ভিতৰতে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে অসমৰ বিশ্বনাথ চাৰিআলিৰ লােচনা বাচটােলাই। বিশ্বনাথ চাৰিআলিৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ ছাত্ৰী লোচনা বাচটোলাই মুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৯৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে বিশ্বনাথৰ গোপাল … Read more

প্ৰধানমন্ত্ৰীৰ কাষত অসমৰ দিব্যাংগ চিত্ৰ শিল্পী অভিজিৎ, নিজ হাতেৰে মােদীক দিলে এই বিশেষ উপহাৰ

নিউজ ডেস্ক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক বিশেষ চিত্ৰ উপহাৰ দিলে শিলচৰৰ চিত্ৰশিল্পী অভিজিত গাটানিয়ে। শুকুৰবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰি বিশেষভাৱে সক্ষম অভিজিতে দিলে বিশেষ উপহাৰ। যুৱকজনৰ উপহাৰ পায় সন্তোষ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে অভিজিতক ভৱিষ্যতে আগবাঢ়ি যাবলৈ দিলে আশীৰ্বাদ প্ৰদান কৰে। Earlier today, Abhijeet Gotani from Assam met PM @narendramodi. He shares his experience … Read more

অৱশেষত কাৰামুক্ত বৰ্ষাশ্ৰী বুঢ়াগােঁহাই, মুকলি আকাশৰ তললৈ আহিয়েই ক’লে এই কথা…

নিউজ ডেস্ক। অৱশেষত ৬৫ দিনৰ মূৰত কাৰামুক্ত হ’ল বৰ্ষাশ্ৰী বুঢ়াগোহাঁই। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰা বৰ্ষাশ্ৰী শুকুৰবাৰে সন্ধিয়া গোলাঘাট কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাই আহিল। কাৰাগাৰৰ বাহিৰত থকা সংবাদকৰ্মীসকলক বৰ্ষাশ্ৰীয়ে কয়- ভালে আছো, ভালকে পৰীক্ষা দিছোঁ। আপোনালোকৰ বাবে ওলাই আহিব পাৰিলো, সকলোকে ধন্যবাদ। বৰ্ষাশ্ৰীয়ে আৰু কয়, ‘মই প্ৰশাসন ব্যৱস্থাকাে ধন্যবাদ জনাইছােঁ, … Read more

প্ৰকৃতিৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিবলৈ গৈ অৰুণাচলত মৃত্যু অসমৰ ৪ বন্ধুৰ, শোকস্তব্ধ পৰিয়াল

নিউজ ডেস্কঃ অৰুণাচল প্ৰদেশৰ নৈসৰ্গিক প্ৰকৃতিৰ মাজত কিছু মুহূৰ্ত পাৰ কৰিবলৈ গৈ চিৰদিনৰ বাবেই হেৰাই থাকিল ৪ বন্ধু। অসমৰ ৪ ৰাইডাৰ বন্ধুৰ মৃতদেহ অৰুণাচল প্ৰদেশৰ ছেছা-ডিৰাং পথৰ পাহাৰৰ নামনিত উদ্ধাৰ হোৱাৰ পিছতে কান্দোনত ভাগি পৰিছে তেওঁলোকৰ পৰিয়াল। জানিব পৰা মতে, যোৱা ১৮ জুলাইত অৰুণাচল প্ৰদেশ ভ্ৰমণৰ বাবে গৈছিল অসমৰ ৪ ৰাইডাৰ বন্ধু। নগাঁও চহৰৰ লাওখোৱা … Read more

সুখকৰ নহ’ল প্ৰমােদ ভ্ৰমণ! চাকৰিৰ পৰা নিলম্বিত হ’ল অসমৰ এইখন জিলাৰ DTO…

নিউজ ডেস্ক। উৰ্ধতন কৰ্তৃপক্ষক অৱগত নকৰাকৈয়ে অসমৰ বাহিৰত প্ৰমােদ ভ্ৰমণলৈ গৈ চাকৰি গ’ল এগৰাকী জিলা পৰিবহণ বিষয়াৰ। এই জিলা পৰিবহণ বিষয়াজন হৈছে হাইলাকান্দিৰ জিলা পৰিবহণ বিষয়া অপু মজুমদাৰ। কর্তব্যত গাফিলতি কৰাৰ অভিযোগত চাকৰিৰ পৰা নিলম্বিত হ’বলগা হ’ল ডিটিঅ’ অপু মজুমদাৰ। পৰিবহণ বিভাগৰ আয়ুক্ত আদিল খানে জাৰি কৰা নিৰ্দেশনাৰ জৰিয়তে অকৰ্তৃত্বশীলভাৱে কৰ্মৰত জিলাখনৰ পৰা আঁতৰি থকাৰ … Read more

অসম আৰক্ষীৰ গুলীত ধৰাশায়ী গাে-চিণ্ডিকেট চক্ৰৰ অন্যতম খলনায়ক আদম আলী…

নিউজ ডেস্ক। অসম আৰক্ষীৰ মূৰৰ কামােৰণি হৈ পৰা কুখ্যাত গাে-মাফিয়া আদম আলী নিহত। ধুবুৰী আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰােতে গুলীবিদ্ধ হৈ মৃত্যু হয় এই কুখ্যাত অপৰাধীৰ। উল্লেখ্য যে কেৱল গাে-চিণ্ডিকেটেই নহয়, টকাৰ হাৱালাৰ জৰিয়তে সৰবৰাহ, মাৰণাস্ত্ৰ সৰবৰাহৰ সৈতেও জড়িত আছিল এই দাগী অপৰাধী আদম আলী। বিভিন্ন অপৰাধৰ সৈতে জড়িত হৈ একাধিকবাৰ গ্ৰেপ্তাৰ হৈছিল আদম … Read more

অৱসৰপ্ৰাপ্ত নাৰ্ছৰ পৰা ৫ হাজাৰ টকাৰ উৎকােচ লৈ ৰঙাঘৰত স্বাস্থ্য বিভাগৰ কৰ্মচাৰী

নিউজ ডেস্ক। স্বাস্থ্য বিভাগৰ এগৰাকী অৱসৰপ্ৰাপ্ত নাৰ্ছৰ পেঞ্চনৰ কামৰ বাবদ ৫ হাজাৰ টকাৰ উৎকােচ লৈ গ্ৰেপ্তাৰ হ’ল বিভাগটােৰে এগৰাকী উচ্চ বৰ্গৰ সহায়ক। বাক্সা জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। জানিব পৰা মতে, বাক্সা জিলা স্বাস্থ্য বিভাগৰ উচ্চবৰ্গৰ সহায়ক বিপিন কলিতাই পেন্সনৰ কামৰ বাবে নীলিমা ভূঞা নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত নাৰ্ছৰ পৰা ৫,০০০ … Read more

বৰ্ষাশ্ৰীৰ পাছত এইবাৰ প্ৰমোদ, ফেচবুক পােষ্টত ‘ককাইদেউ’ৰ সমৰ্থনত ‘কমেন্ট’ কৰি ৰঙাঘৰত…

নিউজ ডেস্ক। কাৰাবন্দী বৰ্ষাশ্ৰী বুঢ়াগােঁহাইৰ প্ৰসংগ ৰাজ্যজুৰি চৰ্চালাভ কৰাৰ সময়তে এইবাৰ আন এগৰাকী ছাত্ৰ আলফা (স্বাধীন)ৰ সমৰ্থনত পােষ্ট দি বিপদত পৰিছে। এই ছাত্ৰগৰাকীৰ নাম প্ৰমােদ কলিতাৰ। ফেচবুকত সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ মুৰব্বী পৰেশ বৰুৱাৰ সমৰ্থনত কমেন্ট কৰি আইনৰ ৰােষত পৰিল কলাইগাঁও বৰঙাবাৰীৰ প্ৰমােদ কলিতা নামৰ ছাত্ৰজন। এই বিষয়ে তথ্য লাভ কৰি গ্ৰেপ্তাৰ হ’ল টংলা … Read more

দুঃসাহসিক! চাইকেলসহ নৈত পৰিল এজন লােক, নৈত জাঁপ দি জীৱন ৰক্ষা কৰিলে এগৰাকী মহিলাই…

নিউজ ডেস্ক। এগৰাকী মহিলাৰ সাহসিকতাৰ বাবে নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা পৰিল এজন লােক। এই মহিলাগৰাকীৰ নাম দীপিকা ঠাকুৰীয়া। ভৰা সুঁতিত ডুবিবলৈ ধৰা এগৰাকী ব্যক্তিৰ প্ৰাণৰক্ষা কৰিবলৈ নৈত জাঁপ দিলে দুঃসাহসী দীপিকাই। দৰাচলতে এক ঘটনা সংঘটিত হৈছিল কামৰুপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বংশৰ কন্দালপাৰাত। সন্ধিয়া ব্রহ্মপুত্র নদী সংলগ্ন এটা ভৰা সুঁতিৰ ওপৰত থকা বাঁহৰ দলঙেৰে … Read more

উৎকট গৰম! পৰিত্ৰাণ বিচাৰি ভাৰত-ভূটান সীমান্তৱৰ্তী এই অঞ্চললৈ ঢাপলি মেলিছে অগণন লােকে…

নিউজ ডেস্ক। উৎকট গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি বিভিন্ন স্থানলৈ ঢাপলি মেলিছে বহু লােকে। এনে পৰিপ্ৰেক্ষিত গুৱাহাটী মহানগৰীৰ অসম-মেঘালয় সীমান্তৱৰ্তী মনােৰম প্ৰাকৃতিক ঠাইসমূহৰ লগতে সমীপৱৰ্তী ঠাইসমূলৈও বৈছে পৰ্যটকৰ সােঁত। শেহতীয়াকৈ ভাৰত-ভূটান সীমান্তৱৰ্তী বাগ্ছা জিলাৰ দাৰাগাঁৱলৈও বৃদ্ধি পাইছে প্ৰকৃতিৰ সান্নিধ্যত কিছুক্ষণ অতিবাহিত কৰিৈ খােজা লােকৰ সংখ্যা। উল্লেখ্য যে বাগ্‌ছা জিলাৰ বৰমাত থকা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা … Read more