মই জীৱনত ইমান লজ্জিত হোৱা নাছিলোঁ! পশুপ্ৰেমী বিনীতৰ মৃত্যুত মৰ্মাহত মুখ্যমন্ত্ৰী…

নিউজ ডেস্ক। এগৰাকী পশুপ্ৰেমীৰ অকাল মৃত্যুৰ ঘটনাই জােকাৰি গৈছে ডিব্ৰুগড়ৰ লগতে সমগ্ৰ ৰাজ্যৰ সচেতন মহলক। কেইজনমান উদণ্ড যুৱকৰ মানসিক-শাৰীৰিক অত্যাচাৰৰ বলি হৈ চৰম পন্থা বাচি ল’বলগীয়া হ’ল ডিব্ৰুগড় চহৰৰ শনি মন্দিৰ ৰোডৰ বাসিন্দা বিনীত বাগাৰিয়াই। ইতিমধ্য বিনীতক মৃত্যুৰ দিশে ঠেলি দিয়া লােকৰ কঠােৰ শাস্তিৰ দাবীৰে ডিব্ৰুগড়ৰ ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ জনতা। উল্লেখ্য যে, বৃহস্পিতবাৰে … Read more

কোৰবানীক লৈ থকা বিভ্ৰান্তিৰ অৱসান! ক’ত, ক’ত কোৰবানী দিব পাৰিব, ক’ত নোৱাৰিব স্পষ্টকৈ বুজাই দিলে মুখ্যমন্ত্ৰীয়ে…

নিউজ ডেস্কঃ কাইলৈ ইছলাম ধৰ্মাৱলম্বীসকলৰ পৱিত্ৰ ঈদ উৎসৱ। এই বিশেষ উৎসৱৰ প্ৰাকক্ষণত ঈদৰ কোৰবানীক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে বিভ্ৰান্তিৰ। মূলতঃ ঈদৰ সময়ছােৱাত কােৰবানিক লৈ অসম চৰকাৰে জাৰি কৰা নিৰ্দেশনাক লৈ উদ্ভৱ হৈছে এনে পৰিস্থিতিৰ। কিন্তু অৱশেষত কোৰবানীক লৈ সৃষ্টি হোৱা বিতৰ্কৰ অৱসান ঘটনাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপৰ সময়ত … Read more

মৰ্মান্তিক! জাপানীজ এনকেফেলাইটিছে অকালতে কাঢ়ি নিলে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীৰ প্ৰাণ…

নিউজ ডেস্কঃ ৰাজ্যত বানৰ সংহাৰৰ পিছতে আতংকৰ সৃষ্টি কৰিছে কোভিডৰ লগতে জাপানীজ এনকেফেলাইটিছ আৰু ডেংগুৱে। বহু অঞ্চলত বানপানী শুকোৱাৰ পিছতে জাপানীজ এনকেফেলাইটিছ আৰু ডেংগুৰ দৰে ৰোগে দেখা দিয়াত আতংকিত হৈ পৰিছে বন্যাৰ্ত। ইফালে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ প্ৰকাশিত তথ্য অনুসৰি এপ্ৰিল মাহৰ পৰা ৭ জুলাই পৰ্যন্ত অসমত 48 জন লোক জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈছে৷ ইয়াৰে … Read more

২৫ হাজাৰ টকাৰ ঘােচ লৈ ৰঙাঘৰৰ আলহী হ’ল বৈধ পৰিমাপ বিভাগৰ নিয়ন্ত্ৰক…

নিউজ ডেস্ক। ঘােচখােৰ চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ তীব্ৰ অভিযান। দাবী কৰা উৎকােচ লৈ পুনৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত পৰিল জােখ-মাপ বিভাগৰ এগৰাকী বিষয়া। গুৱাহাটীৰ ৰামকৃষ্ণ মিছন পথত থকা কার্যালয়ত অভিযান চলাই ভিজিলেঞ্চৰ দলে হাতেলোটে গ্ৰেপ্তাৰ কৰে বিভাগটােৰ নিয়ন্ত্রক পৰ্যায়ৰ এগৰাকী বিষয়া। গ্রেপ্তাৰ হোৱা বিষয়াজনৰ নাম … Read more

হাতত নকল পিষ্টল লৈ প্ৰেংক ভিডিঅ’ বনাবলৈ গৈ বিপদত পৰিল ২ ইউটিউবাৰ!

নিউজ ডেস্কঃ হিন্দী প্ৰেংক ভিডিঅ’ৰ ষ্টাইলত অসমতো প্ৰেংক ভিডিঅ’ বনাবলৈ গৈ বিপদত পৰিল দুই ইউটিউবাৰ। সামাজিক মাধ্যমত ভিউৱাৰ্ছৰ অন্যতম পচন্দ প্ৰেংক ভিডিঅ’। ৰাজহুৱা স্থানত অদ্ভুত আচৰণ কৰি, সাধাৰণ পথচাৰী বা আনক ভীতিগ্ৰস্ত কৰাৰ প্ৰেংক ভিডিঅ’ বনাই আহিছে বহুতেই। হিন্দী বা অইন ভাষাত ইউটিউবাৰে নিৰ্মাণ কৰা প্ৰেংক ভিডিঅ’ৰ ষ্টাইলত আজিকালি অসমতো অনেকে প্ৰেংক ভিডিঅ’ বনাবলৈ আৰম্ভ … Read more

জামিনত মুক্তি লাভ কৰি এই কথা ক’লে জােনমণি ৰাভাই…

নিউজ ডেস্ক। প্ৰৱঞ্চনাৰ গােচৰত নিলম্বনৰ পিছত এমাহৰাে অধিক সময় কাৰাৰুদ্ধ হৈ থকা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জােনমণি ৰাভাক অৱশেষত জামিন প্ৰদান কৰিলে ন্যায়ালয়ে। নিজৰ ভাবী স্বামী ৰাণা পগাগক প্ৰৱঞ্চনাৰ গােচৰত গ্ৰেপ্তাৰ কৰি দেশজুৰি চৰ্চালাভ কৰাৰ পিছত নিজেই প্ৰৱঞ্চনাৰ গােচৰত অভিযুক্ত হৈ ৪ জুনত গ্ৰেপ্তাৰ হৈছিল এছআই জােনমণি ৰাভা। এমাহৰাে অধিক সময় কাৰাবন্দী হৈ থকা জােনমণি ৰাভাক … Read more

এইখন অসমৰে ঘটনা! শ্ৰেণীকোঠাত ছাত্ৰীক গোলাপ উপহাৰ দি ‘প্ৰেম নিবেদন’ শিক্ষকৰ, তাৰ পিছত…

নিউজ ডেস্কঃ প্ৰেমত ঘূৰে ভূমণ্ডল, প্ৰেমত ফুলে শতদল। এই প্ৰেমেই কৰ্ম জীৱনত যতি পেলালে এগৰাকী শিক্ষকৰ। শ্ৰেণীকোঠাত চিনেমাৰ কায়দাত ছাত্ৰীক গোলাপ যাঁচি নিলম্বিত হ’বলগীয়া হ’ল প্ৰেমিক শিক্ষক। এই ঘটনা সংঘটিত হৈছে ধেমাজিৰ দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনাৰ কেন্দ্ৰত। ছাত্ৰীক প্ৰেমৰ প্ৰস্তাত দিয়াৰ এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে প্ৰতিষ্ঠানখনৰ পৰা নিলম্বন কৰা হয় শিক্ষকজনক। আনহাতে লাজে … Read more

কিয় চৰম পন্থা বাছি ল’লে শিখাই? আৰক্ষীৰ তদন্তৰ ফাদিল বিস্ফােৰক তথ্য, দম্পতীক গ্ৰেপ্তাৰ…

নিউজ ডেস্কঃ কি কাৰণত চৰম পন্থা হাতত ল’লে শিৱসাগৰ জিলাৰ কালুগাঁও উপ স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য কৰ্মী শিখা শইকীয়াই? কিয় ২৩ জুনৰ নিশা দিখৌৰ বুকুত জঁপিয়াই আত্মহত্যা কৰিছিল এটি কণমানি সন্তানৰ মাতৃ শিখাই? এই ৰহস্য উদঘাটনৰ বাবে আৰক্ষীয়ে অনুসন্ধান চলাই থকাৰ মাজতে বুধবাৰে নিশা শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এক দম্পতীক। উল্লেখ্য যে শিখাৰ মৃত্যুৰ পিছতে তেওঁৰ … Read more

৭੦ বছৰ বয়সত অৱসৰপ্ৰাপ্ত শিক্ষকে অর্জন কৰিলে হোমিঅ’পেথিকৰ ডিপ্লমা ডিগ্ৰী

নিউজ ডেস্ক। শিক্ষাগ্ৰহণৰ কােনাে আনুষ্ঠানিক বয়স নাই! এই কথাকেই যেন পুনৰবাৰ প্ৰমাণিত কৰি দেখুৱালে যােৰহাটৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে। শিক্ষকতাৰ পৰা অৱসৰগ্ৰহণ কৰাৰ পাছত থমকি নৰৈ দূৰ শিক্ষাৰ যোগেদি হোমিঅ’পেথিক চিকিৎসাৰ ডিপ্লমা লাভ কৰি দেখুৱালে উত্তৰ পশ্চিম যোৰহাটৰ সকাইখঙীয়া গাঁৱৰ হৰেশ্বৰ বৰাই। হোমিঅ’পেথিক চিকিৎসাৰ প্ৰতি অগাধ ৰাপ থকা শিক্ষকগৰাকীয়ে তেওঁ অৱসৰৰ পাছত গুৱাহাটীৰ আনন্দ নগৰস্থিত নেশ্যনেল … Read more

মৰ্মান্তিক! বানৰ কবলত পৰি ৪ বছৰীয়া শিশুৰ সলিল সমাধি

নিউজ ডেস্ক। অভূতপূৰ্ব বানে জলপ্ৰলয়ৰ সৃষ্টি কৰিছে সমগ্ৰ বৰাক উপত্যকাত। বৰাক নৈৰ লগতে উপনৈসমূহৰ বলিয়া বানে দুৰ্বিষহ কৰি তুলিছে স্থানীয় লােকৰ জীৱন। বানৰ কবলত পৰি অকালতে মৃত্যু ঘটিছে বহু লােকৰ। ইপিনে, শেহতীয়াকৈ শিলচৰত এটা হৃদয়বিদারক ঘটনাই সকলোৰে চকু সেমেকাই তুলিছে। বানপানীত ওপঙি থকা অৱস্থাত এটা চাৰি বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ হোৱা কৰুণ ঘটনাই অঞ্চলটোত শোকৰ … Read more