ৰাজপথত অসহায় বৃদ্ধাক নিজৰ ট্ৰাইচাইকেলেৰে গন্তব্যস্থানত থৈ পুৰস্কৃত দুভৰি নথকা আব্দুল

নিউজ ডেস্কঃ মানৱতাৰ অনন্য নিদৰ্শন দাঙি ধৰিলে বঙাইগাঁৱৰ এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিয়ে। এগৰাকী হিন্দু বৃ্দ্ধাক নিজৰ ট্ৰাইচেইকেলৰ পিছফালে বহুৱাই সুদীৰ্ঘ ৫ কিলোমিটাৰ নিলগৰ গন্তব্যস্থানত থৈ আহে আব্দুল আজিজ নামৰ দুভৰি নথকা বিশেষভাৱে সক্ষম লোকজনে। সামাজিক মাধ্যমত আব্দুল আজিজৰ মহানুভৱতাৰ এখন আলোকচিত্ৰ ভাইৰেল হৈ পৰাৰ পিছতে এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে ডিঙিত গামোছা পিন্ধাই সন্মানিত কৰে আব্দুল … Read more

১ জুলাইৰ পৰিৱৰ্তে এইবাৰ ২৫ জুনৰ পৰাই হ’ব গৰমৰ বন্ধ

নিউজ ডেস্ক। ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতৰ মাজতে ঘােষণা কৰা হ’ল গৰমৰ বন্ধ। এইবাৰ ১ জুলাইৰ পৰিৱৰ্তে ২৫ জুনৰ পৰাই কাৰ্যকৰী হ’ব গৰমৰ বন্ধ। ৰাজ্যৰ শিক্ষানুষ্ঠান অহা ২৫ জুনৰ পৰা ২৫ জুলাইলৈ বন্ধ ৰখাৰ ঘােষণা। বৃহস্পতিবাৰে দিছপুৰৰ জনতা ভৱনত এই কথা ঘোষণা কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বহু চৰকাৰী বিদ্যালয়ত বন্যাৰ্তৰ … Read more

দিল্লীৰ উপ-মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ১੦੦ কোটি টকাৰ মানহানিৰ গোচৰ মুখ্যমন্ত্ৰী পত্নীৰ…

নিউজ ডেস্ক। দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ ছিছদিয়াৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানিৰ গোচৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ। দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছদিয়াই অনাহকত ৰিণিকি ভূঞা শৰ্মাৰ নাম পিপিই কিট কেলেংকাৰীত সাঙোৰাৰ অভিযোগত এই গোচৰ তৰিছে ৰিণিকি ভূঞা শৰ্মাই। মুখ্যমন্ত্ৰীৰ পত্নীৰ হৈ গুৱাহাটীৰ চিভিল আদালতত এই গোচৰ তৰিছে অধিবক্তা পদ্মধৰ নায়কে। উল্লেখ্য যে, … Read more

বন্যাৰ্তক উদ্ধাৰ কৰিবলৈ গৈ বানত উটি গল কামপুৰ থানাৰ OC আৰু কনিষ্টবল

নিউজ ডেস্ক। ৰাজ্যত বানৰ সংহাৰৰ মাজতে নিশা কামপুৰত সংঘটিত হল অঘটন। বানৰ মাজত আবদ্ধ লােকক উদ্ধাৰ কৰিবলৈ গৈ বানত উটি গ’ল কামপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু এগৰাকী কনিষ্টবল। জানিব পৰা মতে, দেওবাৰে নিশা কােনাে লােক বানত আবদ্ধ হৈ থকা বুলি খবৰ লাভ কৰি কামপুৰ আৰক্ষী থানাৰ অচি সমুজ্জ্বল কাকতিৰ নেতৃত্বত অভিযান চলাইছিল তিনিজনীয়া আৰক্ষীৰ … Read more

নিজৰ মূৰত গুলীয়ালে আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভূপেন দিহিংগীয়াই, মৃত্যু

নিউজ ডেস্ক। পুনৰ আত্মঘাতী হ’ল এগৰাকী অসম আৰক্ষীৰ উপ-পৰিদৰ্শক। কিছুদিন পূৰ্বে শিলচৰত এগৰাকী উপ-পৰিদৰ্শকে থানা চৌহদতে নিজৰ মূৰ গুলীয়াই মৃত্যুবৰণ কৰাৰ ঘটনাৰ পিছত এইবাৰ যােৰহাট জিলাৰ চেলেংহাটত সংঘটিত হ’ল অনুৰূপ ঘটনা। নিজৰ চাৰ্ভিচ পিষ্টলেৰে মূৰত গুলীয়াই আত্মঘাতী হ’ল আৰক্ষী চকীত নতুনকৈ যােগদান কৰা ভাৰপ্ৰাপ্ত বিষয়া ভূপেন দিহিংগীয়া। দেওবাৰে দিনতে নিজৰ কােৱাৰ্টাৰত কােঠালিত এনেদৰে মূৰত গুলীয়াই … Read more

কৃষিমন্ত্ৰীৰ কনভয়ৰ বাহনে মহটিয়াই নিলে পথচাৰীক, যুৱকৰ মৃত্যু

নিউজ ডেস্ক। পুনৰ দুৰ্ঘটনাত পতিত হ’ল ভিভিআইপিৰ নিৰাপত্তাত নিয়ােজিত আৰক্ষীৰ বাহন। এইবাৰ কৃষিমন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই মহটিয়াই নিলে পথচাৰীক। দেওবাৰে এই ঘটনা সংঘটিত হ’ল নগাঁৱৰ চামগুৰিত। এই ঘটনাত গুৰুতৰভাৱে আহত মানস প্ৰতিম দাস (৩২) নামৰ যুৱকজনক চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু ঘটে ৷ দেওবাৰে দুপৰীয়া নগাঁৱৰ চামগুৰি হায়াৰ ছেকেণ্ডেৰিৰ সমীপতে সংঘটিত হয় এই দুৰ্ঘটনা। … Read more

..ময়াে যাম! আলফা (স্বাধীন)ত যােগদানৰ ইচ্ছা প্ৰকাশ কৰি গ্ৰেপ্তাৰ যুৱতী

নিউজ ডেস্ক। সামাজিক মাধ্যমত নিষিদ্ধ ঘােষিত উগ্ৰপন্থী সংগঠন সংযুক্ত মুক্তি বাহিনী, অসম চমুকৈ আলফা (স্বাধীন)ত যােগদানৰ ইচ্ছা প্ৰকাশ কৰি গ্ৰেপ্তাৰ হ’ল এগৰাকী যুৱতী। চৰাইদেউ জিলাৰ আৰক্ষীয়ে শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা এই যুৱতীগৰাকীৰ নাম মইনা চুতীয়া বয়স ২৩ বছৰ। উল্লেখ্য যে, ৰাইদঙীয়া চাৰিআলিৰ এইগৰাকী যুৱতীয়ে ফেচবুকত অলপতে ‘আই লাভ আলফা, আলফাৰ লিংক পালে ময়ো যাম’ বুলি এটা … Read more

ভয়ংকৰ ঘটনা! অটােৰিক্সাৰ ওপৰত পৰিল গছ, থিতাতে মৃত্যু চালকৰ

নিউজ ডেস্ক। ৰাজ্যজুৰি অব্যাহত থকা মুষলধাৰ বৰষুণৰ বাবে ব্যাহত হৈ পৰিছে জনজীৱন। ঠায়ে-ঠায়ে হােৱা বান, গৰাখহনীয়া আৰু ভূমিস্খলনৰ ঘটনাত প্ৰাণ হেৰুৱাইছে কেবাজনাে লােকে। ইয়াৰ মাজতে কৰিমগঞ্জ চহৰত বুধবাৰে দুপৰীয়া সংঘটিত হ’ল এক শােকাৱহ ঘটনা। এখন চলন্ত অটােৰিক্সাৰ ওপৰত এডাল প্ৰকাণ্ড গছ পৰাৰ ফলতে থিতাতে মৃত্যু হয় অটাে চালকজনৰ। কৰিমগঞ্জ চহৰৰ মাজমজিয়াত থকা অগ্নি নিৰ্বাপক বাহিনীৰ … Read more

নগদ ১੦ হাজাৰ টকাৰ ঘােচ লৈ দুৰ্নীতি নিবাৰকৰ হাতত গ্ৰেপ্তাৰ কােষাগাৰৰ গাণনিক বিষয়া

নিউজ ডেস্ক। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাই অব্যাহত ৰাখিছে দুৰ্নীতি বিৰােধী অভিযান। এইবাৰ নগদ ১੦ হাজাৰ টকাৰ উৎকােচ লৈ দুৰ্নীতি নিবাৰকৰ হাতত গ্ৰেপ্তাৰ হ’ল শিলচৰ কােষাগাৰৰ জ্যেষ্ঠ গাণনিক বিষয়া মােহন সিং। কাছাৰ আৰক্ষীৰ সহযোগত এই অভিযান চলাইছিল সতৰ্কতা আৰু দুৰ্নীতি বিৰোধী সঞ্চালকালয়ৰ বিষয়াসকলে। জানিব পৰা মতে, শিলচৰ কোষাগাৰ কাৰ্যালয়ৰ … Read more

মহানগৰীত ডাম্পাৰৰ দৌৰাত্ম্য! ডাম্পাৰৰ খুন্দাত বাইক আৰােহী বিজেপি নেতাৰ মৃত্যু

নিউজ ডেস্ক। ৰাজ্যৰ অন্যান্য জিলাসমূহৰ লগতে গুৱাহাটী মহানগৰীতাে অব্যাহত আছে শিল, বালি, মাটি কঢ়িওৱা একাংশ ট্ৰাক-ডাম্পাৰ চালকৰ সন্ত্ৰাস। এনে একাংশ উদণ্ড চালকৰ বাবে নিতৌ সংঘটিত হৈছে বহু পথ দুৰ্ঘটনা। এইবাৰ মহানগৰীৰ সাতগাঁও অঞ্চলত এটা তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিলে বাইক। শনিবাৰে নিশা সংঘটিত এই দুৰ্ঘটনাত বিজেপিৰ এগৰাকী দলীয় যুৱনেতাৰ শােকাৱহ মৃত্যু ঘটে। নিহত যুৱ-নেতাগৰাকীৰ নাম ধুনুমণি … Read more