ঘােচ লৈ ভিজিলেঞ্চৰ জালত পৰিল খাদ্য সুৰক্ষা বিভাগৰ পৰিদৰ্শক

নিউজ ডেস্ক। পুনৰ ঘােচখােৰ চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। এইবাৰ ১੦ হাজাৰ টকাৰ উৎকােচ লৈ হাতে-লােটে ভিজিলেঞ্চৰ হাতত ধৰা পৰিল খাদ্য সুৰক্ষা বিভাগৰ এগৰাকী পৰিদৰ্শক। ধৃত পৰিদৰ্শকগৰাকীৰ নাম বিৰিঞ্চি কুমাৰ কাৰ্জি। তেওঁ নগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত কৰ্মৰত। জানিব পৰা মতে, খাদ্য সুৰক্ষা অনুজ্ঞাপত্ৰ দিয়াৰ নামত ১ লাখ টকাৰ উৎকোচ বিচাৰিছিল … Read more

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণঃ ২৮ এপ্ৰিলত ৰাজ্যৰ এই দুখন জিলাত স্থানীয় বন্ধ ঘোষণা…

নিউজ ডেস্ক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ২৮ এপ্ৰিলত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে ডিব্ৰুগড় আৰু কাৰ্বি আংলং জিলাত। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ এই দিনটোত জিলা দুখনত সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আদি বন্ধ থাকিব বুলি ঘোষণা কৰিছে জিলা প্ৰশাসনে। উল্লেখ্য যে, অসম ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ডিব্ৰুগড় ভ্ৰমণ কৰি ৭ খন কেন্সাৰ হাস্পতালৰ উদ্বোধন কৰিব। … Read more

চিট্ বেল্ট পৰিধান নকৰাৰ বাবে বাইকৰ গৰাকীক বিহিলে ১ হাজাৰ টকাৰ জৰিমণা!

নিউজ ডেস্ক। চিটবেল্ট পৰিধান নকৰাৰ বাবে দুচকীয়া বাহন চালকে অনলাইন লাভ কৰিলে চালান। এই আশ্বৰ্যকৰ কাণ্ড আন ৰাজ্য বা দেশৰ নহয়। এয়া সংঘটিত হৈছে অসমৰে মঙলদৈত। পাথৰিঘাট ৰাজহ চক্ৰৰ কৰ্মচাৰী তথা মঙলদৈৰ বৰুৱাপাৰাৰ নিৱাসী মানস শৰ্মা নামৰ যুৱকজনে দেওবাৰে সন্ধিয়া বাহন এপৰ জৰিয়তে তেওঁলৈ প্ৰেৰণ কৰা এখন চালান লাভ কৰে। য’ত চিটবেল্ট পৰিধান নকৰাৰ বাবে … Read more

RRR, KGF ৰ দৰে ফটুৱা চিনেমা নাচাব, অসমীয়া চিনেমা চাওকঃ জুবিন গাৰ্গ

নিউজ ডেস্ক। পুনৰ বিহু মঞ্চৰ পৰা দক্ষিণৰ ছবিক লৈ মন্তব্য জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ। আৰআৰআৰ, কেজিএফৰ দৰে ফটুৱা চিনেমা নাচাবলৈ আহ্বান জনালে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ গৰাকীয়ে। বিহু মঞ্চৰ পৰাই দৰ্শকৰ প্ৰতি আহ্বান জনাই জুবিন গাৰ্গে কয় যে অসমীয়া মানুহে অসমীয়া চিনেমা চাব লাগে। দক্ষিণৰ চিনেমা চাই তেওঁলোকক ধনী কৰাৰ প্ৰয়োজন নাই, তাৰ পৰিৱৰ্তে অসমীয়া মানুহক … Read more

প্ৰতিকূল বতৰৰ মাজতে চাইকেল লৈ চৰকাৰী আঁচনিৰ কাম-কাজ পৰিদৰ্শন এগৰাকী জিলা উপায়ুক্তৰ

নিউজ ডেস্ক। ৰাজ্যত প্ৰবল বৰষুণৰ মাজতে বুধবাৰে পুৱাই চাইকেলত উঠি কেবাখনো আঁচনি পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ ললে বৰপেটা জিলাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূচালে। উপায়ুক্ত গৰাকীয়ে বৰপেটা চহৰৰ বুদৰুটুপত পুৱা ৬ বজাৰ পূৰ্বেই চাইকেল চলাই উপস্থিত হয় আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মীয়মান কেইবাটাও আবাসগৃহ পৰিদৰ্শন কৰি কামৰ বুজ লয়। তদুপৰি নিৰ্মাণ কাৰ্যত সৃষ্টি হোৱা … Read more

শােকাৱহ! প্ৰমােদ বড়ােৰ কনভয়ৰ আৰক্ষীৰ বাহন দুৰ্ঘটনাত পতিত, আৰক্ষী জােৱানৰ মৃত্যু

নিউজ ডেস্ক। দুৰ্ঘটনাত পতিত হ’ল বিটিআৰৰ মুৰব্বী প্ৰমােদ বড়ােৰ কনভয়ৰ আৰক্ষীৰ বাহন। এই দুৰ্ঘটনাত মৃত্যু এগৰাকী আৰক্ষী জােৱানৰ। এই দুৰ্ঘটনা তিনিজন আৰক্ষী জােৱান গুৰুতৰভাৱে আহত হােৱা বুলি জানিব পৰা গৈছে। তামুলপুৰৰ এঘাৰ মাইলত নিশা এই দুৰ্ঘটনা সংঘটিত হয়। অৱশ্যে দুৰ্ঘটনাত পতিত বাহনখন কনভয়ৰ সৈতে নাছিল। দুৰ্ঘটনাত পতিত মহিন্দ্ৰ জীপ গাড়ীখনৰ নম্বৰ এএছ-১৬ই-৫੦৮২। চিকিৎসাধীন অৱস্থাতে ৰাজু … Read more

নকৰোঁ নকৰোঁ বুলিও দলত্যাগ কৰিলে ৰিপুণ বৰাই, কংগ্ৰেছ এৰি হ’লগৈ তৃণমূুল কংগ্ৰেছৰ নেতা

নিউজ ডেস্ক। নকৰো নকৰো বুলি অৱশেষত কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগ দিলে প্ৰদেশ কংগ্ৰছৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন সাংসদ ৰিপুণ বৰাই। দেওবাৰে তেওঁ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষা ছোনীয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি দলৰ পৰা পদত্যাগ কৰাৰ পিছতে তৃণমূলৰ সাংসদ অভিষেক বেনাৰ্জীৰ উপস্থিতিত মমতা বাহিনীত যোগদান কৰে। মূলতঃ ৰাজ্যসভা নিৰ্বাচনত অসমৰ একাংশ জ্যেষ্ঠ কংগ্ৰেছ নেতাই … Read more

‘বাংকু’ক গীটাৰ শিকাবা…! ফেচবুকত অন্তঃসত্বা পত্নীলৈ আবেগিক চিঠি লিখি আলফা (স্বা)লৈ গ’ল কংগ্ৰেছ নেতা জনাৰ্দন গগৈ

নিউজ ডেস্ক। জাতিৰ হকে আলফা স্বাধীনলৈ গ’ল তিনিচুকীয়াৰ জনাৰ্দন গগৈ! ছ’চিয়েল মিডিয়াত পত্নীলৈ আবেগিক চিঠি লিখি সশস্ত্ৰ সংগ্ৰামলৈ যোৱাৰ কথা স্বীকাৰ কৰিলে জনাৰ্দনে। উল্লেখ্য যে, তিনিচুকীয়া যুৱ কংগ্ৰেছৰ উপ সভাপতিৰূপে কাৰ্যৰত আছিল জনাৰ্দন গগৈ। কিন্তু ৰাজনৈতিক কুটিলতা, অসমীয়া জাতিৰ প্ৰতি নামি অহা দুৰ্যোগ সহিব নোৱাৰি স্বাধীনতাৰ জন্মস্বত্বঃ অধিকাৰ বিচাৰি সশস্ত্ৰ সংগ্ৰামৰ পথ বাচি লোৱা বুলি … Read more

দুৰ্ঘটনাত পতিত হুঁচৰি গাবলৈ যোৱা বিহুৱা দলৰ বাহন! ৩ যুৱতীসহ ৫ জনৰ মৃত্যু

নিউজ ডেস্ক। বিহুৰ আনন্দ উছাহৰ মাজতে সংঘটিত হল ভয়ংকৰ দুৰ্ঘটনা। হুচৰি গাবলৈ গৈ দুৰ্ঘটনাত পতিত বিহুৱা দলৰ বাহন। দুৰ্ঘটনাত ৩ গৰাকী যুৱতীসহ ৫ জনৰ মৃত্যু। জানিব পৰা পৰে, গহপুৰৰ টকৌবাৰী ৰঙাজানত নিশা সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা। হুচৰি গাবলৈ যোৱাৰ পথত এটা বিহুৱা দলৰ বলেৰ’ পিকআপ বাহনখন দুৰ্ঘটনাত পতিত হয়। বাহনখনৰ ভিতৰত আছিল ২০ জন … Read more

শােকাৱহ! বজ্ৰপাতত কৰুণ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। বজ্ৰপাতত কৰুণ মৃত্যু ঘটিল এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰৰ। এই ঘটনাৰ স্থান বাক্সা জিলাৰ বগুলামাৰী। জানিব পৰামতে, বৰবৰি থানাৰ অন্তৰ্গত বগুলামাৰীৰ বনগাঁও চুবুৰিৰ কালা বড়োৰ পুত্ৰ অঞ্চমা বড়োৱে (১৫) পুৱতি নিশা প্ৰস্ৰাৱ কৰিবলৈ ঘৰৰ বাহিৰলৈ ওলাই অহা সময়তে বজ্ৰ পৰে আৰু থিতাতে ছাত্ৰজনে কৰুণ মৃত্যুক আঁকোৱালি লয়। পিচত কিশোৰজনৰ মৃতদেহটো আৰক্ষীয়ে … Read more