মন্দিৰৰ ভিতৰত পূজা সম্পন্ন কৰিয়েই প্ৰাণত্যাগ পূজাৰীৰ

নিউজ ডেস্ক। ভগৱনাৰ শ্ৰীচৰণত নতশিৰ হৈ পূজা-অৰ্চনা কৰি থকাৰ সময়তে মৃত্যুৰ কোলাত ঢলি পৰিল এজন ব্যক্তি। এই শোকাবহ ঘটনা সংঘটিত হৈছে গোলাঘাট জিলাৰ সুভাষ কলনিত। জানিব পৰা মতে, মহাশিৱৰাত্ৰিৰ নিশা ঘৰৰ শিৱ মন্দিৰতে ভগৱানৰ পূজা-অৰ্চনাত ব্যস্ত হৈছিল উদয়াদিত্য সেন নামৰ ৭৮ বছৰীয়া ব্যক্তি গৰাকী। মন্দিৰৰ ভিতৰত তেওঁ ভগৱান শিৱৰ আৰাধনাত চন্দীপাঠ কৰি থকাৰ সময়তে হঠাৎ … Read more

মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, হতাহত ৪ জন

নিউজ ডেস্ক। গুৱাহাটী মহানগৰীৰ কামাখ্যা গে’ট এলেকাত মংগলবাৰে দুপৰীয়া সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এএছ ০৬এছ ০১০১ নম্বৰৰ এখন তীব্ৰবেগী এনডিভাৰ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে এখন ৰখাই থোৱা বুলেটত পিছফালৰ পৰা প্ৰচণ্ড খুন্দা মাৰে আৰু তাৰ পিছতে খুন্দা মাৰে এখন এল্ট’ বাহনক। এই দুৰ্ঘটনাত এজন লােকৰ মৃত্যু হােৱাৰ উপৰি গুৰুতৰভাৱে আহত হয় এল্ট’ বাহনখনত … Read more

গান্ধীবাদী আদৰ্শত জীৱন সমৰ্পণ কৰা পদ্মশ্ৰী শকুন্তলা চৌধুৰীৰ দেহাৱসান

গান্ধীবাদী আদৰ্শৰে গোটেই জীৱন অতিবাহিত কৰা পদ্মশ্ৰী শকুন্তলা চৌধুৰী আৰু নাই! দেওবাৰে নিশা প্ৰায় ১০-৩০ বজাত মহানগৰীৰ উলুৱাৰীস্থিত কস্তুৰবা আশ্ৰমত শেষ নিশ্বাস ত্যাগ কৰে সমাজ সেৱাৰ বাবে সমগ্ৰ জীৱন উচৰ্গা কৰা শকুন্তলা চৌধুৰীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ১০২ বছৰ। সুদীৰ্ঘ প্ৰায় সাতটা দশক গান্ধীবাদী আদৰ্শৰে আশ্ৰমবাসিনী হৈ সমাজ সেৱা আগবঢ়াই অহা শকুন্তলা চৌধুৰীক চলিত … Read more

UGC-NET পৰীক্ষাত ৯৯.৫৬ শতাংশ নম্বৰ লাভ হিমাঞ্জলিৰ

নিউজ ডেস্ক। শনিবাৰে ঘোষিত ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ পৰীক্ষা চমুকৈ নেটত ৯৯.৫৬ শতাংশ নম্বৰেৰে উত্তীর্ণ হৈ অসমবাসীৰ লগতে দৰং জিলাবসীক গৌৰৱান্বিত কৰিলে দগীয়াপাৰ গাঁৱৰ হিমাঞ্জলি কলিতাই। উল্লেখ্য যে ইয়াৰ পূৰ্বে উচ্চতৰ মাধ্যমিকত স্থান দখল কৰি বৃহত্তৰ দৰং বাসীক গৌৰৱান্বিত কৰিছিল হিমাঞ্জলীয়ে। নেট পৰীক্ষাত ফলাফলত ৰাজনীতি বিজ্ঞান বিষয়ত জুনিয়ৰ ৰিচাৰ্ছ ফেল’শ্বিপ আৰু সহকাৰী অধ্যাপকৰ যোগ্যতা অর্জন কৰা … Read more

বিহুক লৈ মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাক অবান্তৰ আখ্যা জুবিন গাৰ্গৰ, ক’লে…

বিহু সম্পৰ্কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া কণ্ঠশিল্পী জুবিন গাৰ্গৰ। এসপ্তাহৰ ভিতৰত বিহুৰ অনুষ্ঠান সম্পন্ন কৰাটো এক অবান্তৰ কথা বুলি অভিহিত কৰে জুবিন গাৰ্গে। সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কণ্ঠশিল্পী গৰাকীয়ে কয় যে এসপ্তাহৰ ভিতৰত গোটেই অসমত বিহু পাতি শেষ কৰিবলগা হলে শিল্পী সকলক ফ্লাইট বা হেলিকপ্টাৰ দিব লাগিব। জুবিন গাৰ্গে কয়, … Read more

শােকাৱহ! পিতৃৰ বিয়োগৰ শোকত একমাত্ৰ পুত্ৰৰো প্ৰাণত্যাগ, থানবান হ’ল এটি পৰিয়াল

নিউজ ডেস্ক। এক অভাৱনীয় ঘটনাই জােকাৰি গ’ল নগাঁও জিলাৰ ৰহাহা কটহগুৰি অঞ্চল। পিতৃৰ বিয়োগত শোকবিহ্বল পুত্ৰইও হেৰুৱালে প্ৰাণ! ২৪ ঘন্টাৰ অন্তৰালত পিতা-পুত্ৰৰ এনে মৃত্যুৰ বাতৰিয়ে স্তম্ভিত কৰি তুলিছে সকলােকে। নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ অন্তৰ্গত কটহগুৰিত পিতৃ-পুত্ৰৰ বিয়োগৰ বাতৰিয়ে শোকৰ ছাঁ পেলাইছে। ধীৰেন গাওখোৱা জানিব পৰা মতে, নগাঁৱৰ ৰণথলী পঞ্চায়তৰ জ্যেষ্ঠ বিজেপি কর্মী তথা কৃষক … Read more

সলনি নহয় কামাখ্যা-পাণ্ডু পথৰ নাম, ৰাইজৰ আপত্তিৰ পিছত নাম সলনিৰ সিদ্ধান্ত বাতিল পৌৰ নিগমৰ

সলনি নহয় মালিগাঁৱৰ কামাখ্যা-পাণ্ডু পথৰ নাম। এই কথা জনালে গুৱাহাটী পৌৰ নিগমে। স্থানীয় নাগৰিকৰ আপত্তিৰ পৰিপ্ৰেক্ষিতত পাণ্ডু ঘাটৰ পৰা কামাখ্যালৈ যোৱা পথটোৰ নাম সলনি কৰা সিদ্ধান্ত বাতিল কৰে পৌৰ নিগমে। উল্লেখ্য যে, কামাখ্যা-পাণ্ডু পথটোৰ নাম স্বামী মুকুতানন্দ সৰস্বতী পথ নামেৰে ৰখাৰ প্ৰস্তাৱ আগবঢ়াইছিল গুৱাহাটী পৌৰ নিগমে। এই নতুন নাম সন্দৰ্ভত কাৰোবাৰ ওজৰ আপত্তি থাকিলে ১৫ … Read more

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত খাৱৈত পৰিল বলেৰাে বাহন

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ খাৱৈত পৰিল এখন বলেৰ’ বাহন। এই ঘটনাৰ স্থান তিনিচুকীয়া জিলাৰ শদিয়াৰ ইছলামপুৰ। জানিব পৰা মতে, বৃহস্পতিবাৰে শদিয়া সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ইছলামপুৰত অইল ইণ্ডিয়াৰ এএছ০৬বিচি৪৩০৭ নম্বৰৰ এখন বলেৰ’ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দ খাৱৈত বাগৰি পৰে। জানিব পৰা মতে, দুৰ্ঘটনাটোত চালকসহ তিনিজন লোক সৌভাগ্যক্ৰমে … Read more

ডাম্পাৰ চালকৰ দৌৰাত্ম্যৰ বাবে দুৰ্ঘটনাত বিধ্বস্ত স্কুটী, কথমপি প্ৰাণ ৰক্ষা মহিলাৰ

নিউজ ডেস্ক। ৰাজ্যৰ বিভিন্ন জিলাত একাংশ ডাম্পাৰ চালকৰ দৌৰাত্ম্যৰ বাবে নিতৌ ভয়াৱহ পথ দুৰ্ঘটনা হৈ থকাৰ মাজতে এইবাৰ নগাঁও জিলাত এখন ডাম্পাৰ চালকৰ বাবেই দুৰ্ঘটনাত বিধ্বস্ত হৈ পৰে এখন স্কুটী। এই দুৰ্ঘটনাত সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা পৰে স্কুটী আৰােহী এগৰাকী মহিলাগৰাকীৰ। জানিব পৰা মতে, বৃহস্পতিবাৰে বিয়লি সংঘটিত হয় এই দুৰ্ঘটনা। স্কুটীখনৰ আৰোহী ৰাষ্ট্ৰীয় ঘাইপথটোৰে আহি সময়ত পুৰণিগুদাম … Read more

অনিমেশ ভূঞাৰ সপোনৰ ৰেস্তোৰাঁখন নিৰ্মাণত সহযোগ কৰিব সাংসদ গৌৰৱ গগৈয়ে

নিউজ ডেস্ক। যোৰহাটৰ মাজমজিয়াত গণ আক্ৰমণৰ বলি হৈ প্ৰাণ হেৰুওৱা ছাত্ৰনেতা অনিমেশ ভূঞাৰ সপোনৰ ৰেস্তোৰাঁখন নিৰ্মাণত সহযোগ আগবঢ়াব কলিয়াবৰ সমষ্টিৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে। বৃহস্পতিবাৰে সাংসদ গৌৰৱ গগৈয়ে অনিমেশৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ সৈতে মত বিনিময় কৰে। য’ত তেওঁ অনিমেশে জীৱিত কালত নিৰ্মান কৰিব বিচৰা ৰেস্তোৰাঁখন নিৰ্মাণত সহযোগ আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। আনহাতে অনিমেশ ভূঞাৰ … Read more