কাৰাগাৰৰ পৰা পলায়ন, শহুৰেকৰ ঘৰৰ পৰা পুনৰ আটক

দুদিন পূৰ্বে বৰপেটা জিলা কাৰাগাৰৰ পৰা পলায়ন কৰা কয়দীক গ্ৰেপ্তাৰ শহুৰেকৰ ঘৰৰ পৰা। উল্লেখ্য যে বৰপেটাৰ সনকুছি কলনিৰ মজিবৰ ৰহমানৰ পুত্ৰ আৰিফুল ইছলামে মংগলবাৰে নিশা প্ৰায় ১১ বজাত কাৰাগাৰৰ পৰা পলায়ন কৰে। পাছত নিশা প্ৰায় তিনি বজাত বন্দী পলায়ন কৰা বুলি খবৰ লাভ কৰি বৰপেটা জিলা কাৰাধ্যক্ষ তাপস ভূঞাই আৰক্ষী আৰু কাৰাগাৰৰ কৰ্মচাৰীসকলৰ সহযোগত অভিযান … Read more

মৰ্মান্তিক! ওপজা দিনতে পথ দুৰ্ঘটনাত প্ৰাণ গ’ল পাৰ্থ প্ৰতিমৰ

এক শােকাৱহ পথ দুৰ্ঘটনা। নিজৰ ওপজা দিনতে ইহ সংসাৰৰ পৰা বিদায় ল’লে এজন উদীয়মান যুৱকে। এই ঘটনাৰ স্থান কামৰূপ জিলাৰ চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত ডোৰাকঁহৰা। জানিব পৰা মতে, মংগলবাৰে পুৱাই সংঘটিত হয় এই পথ দুৰ্ঘটনা। দুৰ্ভগীয়া যুৱকজন হ’ল পচৰীয়াৰ অমামী কোম্পানীত কৰ্মৰত পাৰ্থপ্ৰতিম চহৰীয়া (২৯)। যুৱকজন বাইহাটা চাৰিআলিৰ নিকটৱৰ্তী গাঁও বেলকোনাৰ ডিম্বেশ্বৰ চহৰীয়া আৰু বাসুমতী … Read more

অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ সৈতে জড়িত ১৫ নম্বৰ অভিযুক্তক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ

নিউজ ডেস্ক। ছাত্ৰনেতা অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰি তুলিছে যােৰহাট আৰক্ষীয়ে। ঘটনাৰ সৈতে জড়িত থকাৰ অভিযােগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইজনৰ পাছত সিজন অপৰাধী। ইপিনে, অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ লগত জড়িত ১৫ নং অপৰাধীজনক গ্ৰেপ্তাৰ কৰো যোৰহাট আৰক্ষীয়ে। ধৃত যুৱকজন বালিগাঁৱৰ সুশান্ত শৰ্মা বুলি জানিব পৰা গৈছে। গুৱাহাটীৰ পল্টনবজাৰৰ পৰা গ্ৰেপ্তাৰ কৰে এই অভিযুক্তক। যোৰহাটৰ … Read more

Supersonic Boom! ভয়ংকৰ শব্দই কঁপাই গ’ল উজনি অসমৰ বৃহৎ অঞ্চল

supersonic boom

নিউজ ডেস্ক। বিগত কিছুদিন ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চলত শুনা গৈছে বিস্ফােৰণৰ দৰেই প্ৰচণ্ড শব্দ। আকাশত উৎপন্ন এনে বিস্ফােৰণৰ শব্দত কঁপি উঠিছে বিভিন্ন অঞ্চল। সােমবাৰে পুৱতি নিশাও তেনে ভয়ংকৰ শব্দই কঁপাই গ’ল গ’ল উজনি অসমৰ বিভিন্ন অঞ্চল। জানিব পৰা মতে, পুৱা ৪.১੦ মান বজাত শুনা গ’ল এই প্ৰচণ্ড শব্দ। হঠাত্‍ বিস্ফোৰণৰ শব্দত কঁপি উঠিল উজনি অসমৰ … Read more

শােকাৱহ! পুনৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল অসম আৰক্ষীৰ দুজন জােৱানৰ

নিউজ ডেস্ক। শুকুৰবাৰে তিনিচুকীয়া জিলাত মনােৰঞ্জন গগৈ নামৰ এজন আৰক্ষী কনিষ্টবলৰ মৃত্যু পাছতে শনিবাৰে পুনৰ এক শােকাৱহ পথ দুৰ্ঘটনাত মৃত্যু ঘটে অসম আৰক্ষীৰ আন এজন কনিষ্টবলৰ। দেওবাৰে পুৱাও আন এটা পথ দুৰ্ঘটনাত অসম আৰক্ষীৰ এজন গৃহৰক্ষী জােৱানৰ মৃত্যু ঘটে। জানিব পৰা মতে, শনিবাৰে বিয়লি কৰিমগঞ্জত সংঘটিত পথ দুৰ্ঘটনাত মৃত জােৱানজনৰ নাম জয়দীপ পাল। প্ৰয়াত জয়দীপ পাল … Read more

পথ দুৰ্ঘটনাত অকালতে প্ৰাণ গ’ল আৰক্ষী জােৱান মনোৰঞ্জন গগৈৰ

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ অৱশেষত চিকিৎসালয় মৃত্যুৰে হাৰ মানিলে অসম আৰক্ষীৰ জােৱান মনােৰঞ্জন গগৈয়ে। উল্লেখ্য যে যােৱা ৩০ নৱেম্বৰত তিনিচুকীয়া জিলাৰ অন্তৰ্গত লাইপুলিৰ সমীপত সংঘটিত এটা পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল অসম আৰক্ষীৰ হাবিলদাৰ মনােৰঞ্জন গগৈ। প্ৰয়াত মনােৰঞ্জন গগৈ কৰ্তব্য সামৰি ঘৰলৈ মটৰচাইকেলেৰে আহি থকা অৱস্থাত লাইপুলি সমীপত ৩৭ নং … Read more

ছুটীত ঘৰলৈ আহি পুনৰ কৰ্মস্থলীলৈ ঘূৰি নগ’ল CRPF জােৱান, পথ দুৰ্ঘটনাত মৃত্যু

নিউজ ডেস্ক। শীতৰ আগমনৰ লগে লগে ৰাজ্যজুৰি উদ্বেগজনকভাৱে বৃদ্ধি পাইছে পথ দুৰ্ঘটনা। এইবাৰ ডিব্ৰুগড় জিলাৰ লেজাইত এক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল এগৰাকী কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ CRPF ৰ জােৱানৰ। নিহত জােৱানজনৰ নাম কৰণি ৰঞ্জন বৰা। জানিব পৰা মতে, ডিব্ৰুগড়ৰ লেজাইত পুৱতি নিশা এই পথ দুৰ্ঘটনা সংঘটিত হয় ৷ প্ৰাপ্ত তথ্য মতে, কৰণি ৰঞ্জন বৰা … Read more

ৰাসত নৃত্য কৰা নহ’ল মাম্পীৰ, যাত্ৰাপথতে তীব্ৰবেগী ডাম্পাৰে অকালতে কাঢ়ি নিলে প্ৰাণ

এক শােকাৱহ ঘটনা। এক ভয়াৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল এগৰাকী কলেজীয়া ছাত্ৰীৰ। নিশা ৰাস মহােৎসৱত নৃত্য কৰাৰ উদ্দেশ্য পিতৃৰ সৈতে স্কুটীত উঠি ৰাস উৎসৱ থলীলৈ যাত্ৰা কৰাৰ পথতে এখন তীব্ৰবেগী ডাম্পাৰে খুন্দিয়াই নিহত কৰিলে নগাঁও জিলাৰ কামপুৰৰ মাম্পী বৰাক। জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা নগাঁও জিলাৰ কামপুৰৰ ওচৰৰ তেঁতেলীসৰাত ৰাসত নাচিবলৈ পিতৃৰ মিণ্টু বৰাই নিজ … Read more

গুৱাহাটী অভিমুখী নৈশ বাছৰ পৰা আটক ৪ মহিলাসহ ১੦ বাংলাদেশী অনুপ্ৰৱেশকাৰী, দালাল পলাতক

নিউজ ডেস্ক। প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশৰ তথা ম্যানমাৰৰ পৰা ভাৰতলৈ অনুপ্ৰৱেশৰ ঘটনা এতিয়াও অব্যাহত আছে। এইবাৰ বাংলাদেশৰ পৰা ত্ৰিপুৰা সীমান্তৰে ভাৰতত প্ৰৱেশ কৰি অসম হৈ গুৱাহাটী অভিমুখে যাত্ৰা কৰাৰ পথতে আৰক্ষীৰ তালাচীত আটক হয় ৪ মহিলাসহ ১੦ জনকৈ বাংলাদেশী নাগৰিক। অসম-ত্ৰিপুৰা সীমান্তৰ প্ৰৱেশ পথ চুড়াইবাৰী তালাচী চকীৰ আৰক্ষীয়ে নিয়মীয়া তালাচীৰ সময়ত পৃথক পৃথক দুখন নৈশ বাছৰ … Read more

আঁতৰিল অসমীয়া, শিলচৰ ৰে’ল ষ্টেচনত বিভাগীয়ভাৱে লগােৱা হ’ল বঙালী ভাষাৰ হ’ৰ্ডিং

নিউজ ডেস্ক। বৰাকত অসমীয়া ভাষা ব্যৱহাৰক লৈ তীব্ৰ প্ৰতিবাদ কৰিছিল বৰাকৰ দুই সংগঠন ক্ৰমে বৰাক ডেম’ক্রেটিক য়ুথ ফ্ৰণ্ট আৰু সদৌ বঙালী ছাত্ৰ যুৱ সংগঠনে। শিলচৰ ৰে’ল ষ্টেচনত অসমীয়া ভাষাৰ চৰকাৰী হ’ৰ্ডিঙত কলা ৰং সানি প্ৰতিবাদ কৰিছিল সংগঠন দুটাই। জল জীৱন অভিযানৰ চৰকাৰী বিজ্ঞাপনত কলা ৰং সানিছিল তেওঁলোকে। সংগঠন দুটাই দাবী কৰিছিল যে বৰাকত যিহেতু বঙালী … Read more