বকোত কংগ্ৰেছৰ প্ৰাৰ্থী নন্দিতা দাসৰ বৃহৎ জয়লাভ…

অৱশেষত বকো সমষ্টিত শেষ হাঁহি মাৰিলে কংগ্ৰেছে। কংগ্ৰেছৰ প্ৰাৰ্থী নন্দিতা দাসৰ বৃহৎ জয়লাভ। ৫৩৪২০ টা ভোটত জয়লাভ কৰে কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাসে। নন্দিতা দাসে মুঠ ভোট লাভ কৰে ১২০৪২০টা ভোট। আনহাতে সমষ্টিটোৰ অগপৰ প্ৰাৰ্থী জ্যোতি প্ৰসাদ দাসে লাভ কৰে ৬৭০০০ টা ভোট। ইয়াৰ বিপৰীতে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী গোপীনাথ দাসে লাভ কৰে ১২০৬২টা ভোট। নিজৰ এই … Read more

মাজুলীত সৰ্বানন্দ সোণোৱালৰ বৃহৎ জয়…

বহু জল্পনা কল্পনাৰ অন্ত। মাজুলীত বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ বৃহৎ জয়। সোণোৱালৰ সন্মুখত ধৰাসায়ী হয় কংগ্ৰেছ প্ৰাৰ্থী। সৰ্বানন্দ সোণোৱালে লাভ কৰে ৬৯,৭৪২ টা ভোট। আনহাতে মাজুলীত কংগ্ৰেছৰ প্ৰাৰ্থী ৰাজীৱ লোচন পেগু ২৭,৫৭৪ টা ভোটা। সৰ্বানন্দ সোণোৱালে ৪২,১৬৮ টা ভোটত বিজয়ী সাব্যস্ত কৰে।

অসমৰ ৰাজনীতিত নজিৰ বিহীন ঘটনা, কাৰাগাৰৰ পৰা জয়ী হ’ল অখিল গগৈ…

অসমৰ ৰাজনীতিত নজিৰ বিহীন ঘটনা। কাৰাগাৰৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই জয়লাভ কৰিলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। কাৰাবন্দী অৱস্থাৰ পৰা শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বীত আগবঢ়াই অখিল গগৈয়ে বিজেপি প্ৰাৰ্থী সুৰভি ৰাজকুঁৱৰীক ১১,৭৭৯ টা ভােটৰ ব্যৱধানত পৰাজিত কৰে। অখিল গগৈয়ে ৫৭,১৭৩ টা ভােট লাভ কৰাৰ বিপৰীতে সুৰভি ৰাজকুঁৱৰীয়ে লাভ কৰে ৪৫,৩৯৪ টা ভােট। উল্লেখ্য যে … Read more

মৰ্মান্তিক! অসমৰ আন এগৰাকী কন্ঠশিল্পীৰ প্ৰাণ ল’লে কােৰােনাই

নিউজ ডেস্ক। ৰাজ্যবাসীৰ বাবে এক অনাকাংক্ষিত দুঃখবৰ খবৰ। ক’ভিড-১৯ত পুনৰ প্ৰাণ হেৰুৱালে অসমৰ এগৰাকী জনপ্ৰিয় কন্ঠশিল্পীয়ে। বিশিষ্ট কন্ঠশিল্পী ভিতালী দাস আৰু ডঃ বিজয়লক্ষ্মী দাসৰ পাছত এইবাৰ ক’ভিড-১৯ত প্ৰাণ গ’ল জনপ্ৰিয় কন্ঠশিল্পী পাৰবীন পৰীৰ। উল্লেখ্য যে ক’ভিড-১৯ত ভুগি থকা গায়িকা গৰাকীয়ে গুৱাহাটীৰ জিএনআৰচি হাস্পতালত চিকিৎসাধীন হৈ আছিল। গায়িকা গৰাকীৰ পিতৃও আক্ৰান্ত হৈছিল ক’ভিডত। দুদিন পূৰ্বে কোভিডত … Read more

কৰ’ণাত আক্ৰান্ত ভ্ৰাম্যমাণ জগতৰ ট্ৰেজেডী কিং মৃদুল ভূঞা…

ৰাজ্যত অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে। সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে উদ্বেগজনকভাৱে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। ইতিমধ্যে কৰ’ণাত আক্ৰান্ত হৈ অসমৰ বহু বিশিষ্ট ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে চিকিৎসাধীন হৈ আছে বহুজন। এইবাৰ কৰ’ণাত আক্ৰান্ত হৈছে ভ্ৰাম্যমাণ জগতৰ জনপ্ৰিয় অভিনেতা তথা ট্ৰেজে়ডী কিং খ্যাত মৃদুল ভূঞা। চ’ছিয়েল মিডিয়াযোগে নিজেই কৰ’ণাত আক্ৰান্ত … Read more

ডাঙৰ খবৰ! মহানগৰীত পুনৰ ভয়াৱহ ৰূপত ক’ভিড-১৯ৰ সংক্ৰমণ, শিক্ষয়িত্ৰীৰ মৃত্যু

গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাত ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণে। গুৱাহাটীত এগৰাকী শিক্ষয়িত্ৰীৰ ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু ঘটা বুলি জানিব পৰা গৈছে। মৃত শিক্ষয়িত্ৰীগৰাকীৰ নাম সীমা হাজাৰী। তেওঁ গুৱাহাটীৰ গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত আছিল। শনিবাৰে পুৱা হেল্থ চিটি হাস্পতালত তেওঁ শেষ নিস্বাস ত্যাগ কৰে। জানিব পৰা মতে, যােৱা ৩ … Read more

অঘটন! পুনৰ গঁড়ৰ আক্ৰমণত প্ৰাণ হেৰুৱালে কৰ্তব্যৰত বনৰক্ষীয়ে

নিউজ ডেস্ক। পুনৰ গঁড়ৰ আক্ৰমণত কৰুণভাৱে মৃত্যুক আঁকােৱালি ল’লে বন বিভাগৰ কৰ্মচাৰীয়ে। এইবাৰ ঘটনাৰ স্থান মানাহ ৰাষ্ট্ৰীয় উদ্যান। শুকুৰবাৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাঁপাৰা ৰেঞ্জত কৰ্তব্যৰত অৱস্থাত গঁড়ৰ আক্ৰমণত কৰুণ মৃত্যুক সাৱটি লয়।অনিমেষ ডেকা (৩৫) নামৰ অসম ফৰেষ্ট বেটেলিয়নৰ জােৱানজনে। দ্বিতীয় অসম বন সুৰক্ষা বাহিনীত কৰ্মৰত শ্বহীদ জোৱানজন। জানিব পৰা মতে, শ্বহীদ জােৱানজনৰ ঘৰ বজালী জিলাৰ … Read more

কাজিৰঙাত অঘটন! বহিঃৰাজ্যৰ পৰ্যটক কঢ়িয়াই নিয়া বাহনত অগ্নিকাণ্ড, তদন্তৰ নিৰ্দেশ

নিউজ ডেস্ক। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অঘটন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ বাবে আহি এক অভাৱনীয় ঘটনাৰ সন্মুখীন হ’ল কৰ্ণাটকৰ ৬ জনীয়া পৰ্যটকৰ দল। জিপ্চি চাফাৰীৰ সময়তে দাও দাও কৈ জ্বলি উঠিল পৰ্যটকক কঢ়িওৱা বাহনখন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলত শুক্ৰবাৰে পুৱা সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, AS-03-M-6436 নম্বৰৰ Maruti Gypsy খনে এই ৬ জনীয়া … Read more

ৰাষ্ট্ৰীয় পৰ্যায়ৰ দেহশ্ৰী প্ৰতিযােগিতাত পদক জয় অসমৰ গুৰিয়া খাতুনৰ

নিউজ ডেস্ক। ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনলৈ এক সুখবৰ। উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰ লক্নৌত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ দেহশ্ৰী প্ৰতিযোগিতাত উজলি উঠিল অসম কন্যা গুৰিয়া খাতুন। লক্নৌত অনুষ্ঠিত ফেডাৰেচন কাপ ৰাষ্ট্ৰীয় দেহশ্ৰী প্ৰতিযোগিতাৰ ব্ৰঞ্জৰ পদক জয়েৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে খাতুনে। উল্লেখ্য মহিলা স্প’ৰ্টছ্ মডেল ফিজিক ইভেণ্টত এই সাফল্য লাভ কৰে খেলুৱৈগৰাকীয়ে। জানিব পৰা মতে, গুৰিয়া খাতুনে মহিলা … Read more

হেলিকপ্টাৰৰ যান্ত্রিক বিজুতি! ফোনযোগে নিৰ্বাচনী সভাত ভাষণ ৰাখি দুখ প্ৰকাশ আজমলৰ

নিউজ ডেস্ক। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে দৰঙৰ দলগাঁও সমষ্টিত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে ৷ সমষ্টিত ব্যাপক প্ৰচাৰ অভিযান অব্যাহত ৰখা এ আই ইউ ডি এফৰ এখন নিৰ্বাচনী জন সভা বুধবাৰে বেছিমাৰী খেলপথাৰত অনুষ্ঠিত হয় ৷ উক্ত সভাত দলটোৰ মনোনীত প্ৰাৰ্থী মজিবৰ ৰহমানেও ভাষণ প্ৰদান কৰি বিধায়ক নিৰ্বাচিত হ’লে সমষ্টিৰ ৰাইজৰ সকলো … Read more