বৰষুণৰ বতৰত মুকলি ঠাইত ম’বাইল ফােন ব্যৱহাৰ কৰাৰ ভয়ংকৰ পৰিণতি! CCTV কেমেৰাত বন্দী দৃশ্য

নিউজ ডেস্ক। কেইটামান চেকেণ্ডৰ এটা ভিডিঅ’। যি দৃশ্য দেখিলে গাৰ নোম শিয়ঁৰি উঠিব আপোনাৰো। প্ৰচণ্ড বজ্ৰপাতে এজন ব্যক্তিক দূৰলৈ দলিয়াই পেলোৱাৰ দৃশ্য এয়া। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এই ভিডিঅ’টো ইণ্ডোনেছিয়াৰ বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, এই ঘটনা সংঘটিত হৈছে ইণ্ডোনেছিয়াৰ জাকাৰ্টা চহৰত। বাতৰি অনুসৰি, এটা ঔদ্যোগিক প্ৰতিষ্ঠানৰ এজন ৩৫ বছৰীয়া নিৰাপত্তাৰক্ষী গুৰুতৰভাৱে … Read more

বৰদিনৰ পূৰ্বে কোভিড-১৯ত আক্ৰান্ত শিশুৰ মাজত উপহাৰ বিতৰণ ছাণ্টাৰ, ভাইৰেল ভিডিঅ’

নিউজ ডেস্ক। খ্ৰীষ্টান ধৰ্মাৱলম্বী সকলৰ বাবে বছৰটোৰ এটা বিশেষ দিন বৰদিন। বিশেষকৈ শিশু সকলে এই বিশেষ দিনটোৰ বাবে ৰৈ থাকে আগ্ৰহেৰে। ছাণ্টাই দি যোৱা ৰঙা-নীলা উপহাৰৰ টোপোলাৰে শিশুসকলৰ বাবে বিশেষ হৈ পৰে খ্ৰীষ্টমাছৰ সন্ধিয়াটো। কিন্তু বিশ্বব্যপী আতংকৰ সৃষ্টি কৰা কোভিড মহামাৰীৰ বাবে যোৱা দুটা বছৰ ম্লান পৰিছে খ্ৰীষ্টমাছৰ আনন্দ। শিশুসকলে ঘৰতে আবদ্ধ থাকিবলগা হোৱাত ছাণ্টাৰ … Read more

অবিশ্বাস্য ঘটনা! প্ৰকাণ্ড চিলা উৰুৱাবলৈ গৈ বিপদত পৰিল এজন লােক, ভাইৰেল ভিডিঅ’

নিউজ ডেস্ক। চিলা উৰুৱাবলৈ কোনেনো পছন্দ নকৰে। বিশ্বৰ বিভিন্ন প্ৰান্তত চিলা উৰুওৱা প্ৰতিযোগিতাও অনুষ্ঠিত। কিন্তু যদি চিলা উৰুওৱাৰ সময়ত চিলাৰ সৈতে আপুনিও বতাহত পেণ্ডুলামৰ দৰে দুলি থাকে.. সেই দৃশ্য এবাৰ কল্পনা কৰকচোন। অবিশ্বাস্য যেন লাগিলেও শ্ৰীলংকাৰ জাফনা প্ৰদেশত সংঘটিত হল এনে এক ঘটনা। যি ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত এতিয়া দ্ৰুত গতিত ভাইৰেল হৈ পৰিছে। জাফনা … Read more

আবেগিক মুহূৰ্ত! বিবাহ অনুষ্ঠানত প্ৰয়াত মাতৃৰ ফটো বুকুত সাৱটি প্ৰৱেশ কইনাৰ

নিউজ ডেস্ক। আইৰ সমান হ’ব কোন, নৈৰ সমান বব কোন! পৃথিৱীৰ এনে কোনো স্থানেই হয়তো যত মাতৃৰ প্ৰতি থকা আবেগ পৃথক হ’ব। সকলো ঠাইতেই আই মানে বুজাব নোৱাৰা অনুভূতি। শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে মাতৃ-কন্যাৰ এৰাব নোৱাৰা স্নেহৰ এক ভিডিঅ’। মাতৃৰ বিয়োগৰ পিছতো এগৰাকী কন্যাই নিজৰ বিবাহ অনুষ্ঠানত মাতৃৰ এখন আলোকচিত্ৰ হাতত লৈ প্ৰৱেশ … Read more

বেডমিণ্টন কৰ্টত লাইট জ্বলোৱাৰ সময়ত বিদ্যুৎস্পৃষ্ট হৈ ছাত্ৰৰ মৃত্যু

নিউজ ডেস্ক। এক শোকাৱহ ঘটনা। বেডমিণ্টন খেলিবৰ বাবে কৰ্টত লাইট জ্বলোৱাৰ সময়ত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় এজন ছাত্ৰৰ। এই ঘটনা দেওবাৰে নিশা প্ৰায় ৯.৩০ বজাত সংঘটিত হয় বাংলাদেশৰ চিটগাঁৱৰ ডিভিজনৰ কমিলা জিলাৰ লাকচাম উপ-জিলাৰ ৫ নং ৱাৰ্ডৰ পশ্চিমগাঁও মিয়াপাৰাত। বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা ছাত্ৰজনক আৰাফাত ৰহমান (১৬) বুলি জানিব পৰা যায়। তেওঁ আল আমিন ইনষ্টিটিউট … Read more

জন্মৰ পাছতে গীনিজ বুকত নাম অন্তৰ্ভুক্ত হ’ল নৱজাতকৰ, গঢ়িলে এই বিশ্ব অভিলেখ…

নিউজ ডেস্ক। আচৰিত। মাত্ৰ ২১ সপ্তাহতে সন্তান প্ৰসৱ কৰিলে এগৰাকী মহিলাই। যিটো শিশু বৰ্তমান পৃথিৱীৰ আটাইতকৈ কম বয়সত জীৱিত অকাল নৱজাতক (Premature Infant) হিচাপে স্থান লাভ কৰিছে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত। এই ঘটনা আমেৰিকাৰ আলাবামাৰ। কম বয়সীয়া শিশুটিৰ নাম হৈছে কাৰ্টিছ মিনছ। জানিব পৰা মতে, আলাবামাৰ কাৰ্টিছ মিনছৰ জন্ম হৈছিল ২০২০ চনৰ ৫ জুলাইত। তেওঁৰ মাতৃ … Read more

ভূ-পৃষ্ঠৰ পৰা ৪,০১৬ মিটাৰ উচ্চতাত হট্ এয়াৰ বেলুনৰ ওপৰত উৰিল যুৱক, দৃশ্য ভাইৰেল

নিউজ ডেস্ক। এক দুঃসাহসিক কাৰ্য। ভূ-পৃষ্ঠৰ পৰা ৪,০১৬ মিটাৰ (১৩,১৭৫ ফুট) উচ্চতাত হট্ এয়াৰ বেলুনৰ ওপৰত উৰিলে এজন যুৱকে। এই কাৰ্যৰ দ্বাৰা তেওঁ নিজৰেই পূৰ্বৰ ৰেক’ৰ্ড ভংগ কৰে। এই দুঃসাহসিক কাৰ্য সম্পন্ন কৰা যুৱক জনক ফৰাচী যুৱক ওভাৰাৰ্ড বুলি জানিব পৰা যায়। খবৰ অনুসৰি, ফৰাচী ডেয়াৰডেভিল জনে নিজৰ বিশ্ব ৰেকৰ্ড ভংগ কৰি হট এয়াৰ বেলুনৰ … Read more

বিবাহপাশত আবদ্ধ হ’ল নবেল বঁটা বিজয়ী মালালা ইউছুফজাই

নিউজ ডেস্ক। নবেল বঁটা বিজয়ী মালালা ইউছুফজাইয়ে মঙলবাৰে ব্ৰিটেইনৰ বাৰ্মিংহামৰ ঘৰত সম্পন্ন নিকাহ (বিবাহ) অনুষ্ঠানত এছাৰ মালিকক সৈতে বিবাহপাশত আবদ্ধ হয়। সামাজিক মাধ্যমত টুইটাৰত বিয়াৰ ফটাে প্ৰকাশ কৰি ২৪ বছৰীয়া মালালাই লিখিছে, “আজি মোৰ জীৱনৰ এক মূল্যৱান দিন। এছাৰ আৰু মই জীৱনৰ অংশীদাৰ হ’বলৈ বিবাহপাশত আৱদ্ধ হৈছাে।” Today marks a precious day in my life. … Read more

বিমান যাত্ৰী হিচাপে যোৱা চিকিৎসকে জীৱন ৰক্ষা কৰিলে সহযাত্ৰীৰ

আচলতে চিকিৎসকসকলক ভগৱান বুলি বিবেচনা কৰা হয়। কোনো ৰোগীক সুস্থ কৰি তুলিব পৰা ক্ষমতা থাকে চিকিৎসকৰ। ঠিক সেই অনুসৰি এইবাৰ এজন চিকিৎসকে সাধিলে মহান কাৰ্য। বিমান যাত্ৰা কালত বিমানৰ ভিতৰত অচেতন হৈ পৰা এজন যাত্ৰীক চিকিৎসা কৰি সুস্থ কৰি তুলিলে তেওঁ। আৰু সেই চিকিৎসকজন হল বিহাৰৰ দৰভাঙ্গাৰ বাসিন্দা তথা ৰয়েল কলেজ অফ চাৰ্জনছৰ গৱেষক চিকিৎসক … Read more

শুই থকা অৱস্থাত মহিলাৰ কাষতে পৰিলেহি উল্কাপিণ্ড! কথমপি প্ৰাণৰক্ষা

নিউজ ডেস্ক। পৃথিৱীৰ বহুতো দেশত উল্কাপিণ্ড পৰাৰ বহুতো ঘটনা শুনিবলৈ পোৱা যায়। কেতিয়াবা ইয়াৰ মূল্য সম্পৰ্কে বহুতো অনুমান কৰা হয়। কোৱা হয় যে এই উল্কাপিণ্ডবোৰ ইমান ব্যয়বহুল যে যিয়ে ইয়াক বিচাৰি পায় তেওঁ ধনী হৈ পৰে। এইবাৰ কানাডাৰ এনে এটা ঘটনা পোহৰলৈ আহিছে, য’ত এগৰাকী মহিলা শুই থকা অৱস্থাত এটা উল্কাপিণ্ড আহি তেওঁৰ বিচনাত পৰে। … Read more