অসমত জন্মগ্ৰহণ কৰা IPS বিষয়াক জম্মু-কাশ্মীৰত হত্যা, গ্ৰেপ্তাৰ ঘৰুৱা সহায়ক

নিউজ ডেস্ক। জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান (জে’ল) হেমন্ত কুমাৰ লােহিয়াক হত্যা। পত্নীসহ জম্মুৰ এজন বন্ধুৰ ঘৰলৈ যােৱা ভাৰতীয় আৰক্ষী সেৱাৰ জ্যেষ্ঠ বিষয়াগৰাকীৰ মৃতদেহ বন্ধুজনৰ ঘৰৰে এটা কােঠালিত উদ্ধাৰ কৰা হয়। তেওঁৰ হত্যাৰ খবৰ পােহৰলৈ অহাৰ পিছৰে পৰা আত্মগােপন কৰা ঘৰুৱা সহায়ক ইয়াছিন আহমেদক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। এই হত্যাকাণ্ডই জম্মু-কাশ্মীৰৰ লগতে সমগ্ৰ দেশতে তীব্ৰ আলােড়নৰ … Read more

পত্নী ৭ মাহৰ অন্তঃসত্বা! কৰ্তব্যৰ সময়তে নক্সালবাদীৰ আক্ৰমণত শ্বহীদ CRPF জোৱান ধৰ্মেন্দ্ৰ কুমাৰ…

নিউজ ডেস্কঃ ৭ মাহৰ অন্তঃসত্বা পত্নী আৰু দুই সন্তানক এৰি নেদেখা পৃথিৱীলৈ গুচি গ’ল চিআৰপিএফৰ জোৱান ধৰ্মদেৱ কুমাৰ। দেওবাৰে ছত্তীশগড়ত নক্সালবাদীৰ আক্ৰমণত শ্বহীদ হোৱা জোৱানজনৰ মৃত্যুৰ খবৰ লাভ কৰিয়েই শোকত ভাগি পৰে অন্তঃসত্বা পত্নী আৰু পৰিয়াল। উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ বাৰানসীৰ ছাহাবগঞ্জ থানা এলেকাৰ ঠেকাহান গাঁৱৰ নিৱাসী ধৰ্মদেৱ কুমাৰে ২০১৩ চনত চিআৰপিএফত যোগদান কৰিছিল। ৩২ … Read more

ওজন ১৮০ কেজি! ৰাজপথত গাড়ী ৰখাই ধন দাবী কৰি গ্ৰেপ্তাৰ ভুৱা আৰক্ষী পৰিদৰ্শক

নিউজ ডেস্কঃ ইমান প্ৰকাণ্ড শৰীৰ এজন আৰক্ষী বিষয়াৰ থাকিব পাৰে নে? তাতেই সন্দেহ বাঢ়িছিল সাধাৰণ জনতাৰ মনত। ৰাজপথত গাড়ীৰ পৰা ধন দাবী কৰা নিজকে আৰক্ষী পৰিদৰ্শক বুলি পৰিচয় দিয়া ব্যক্তিজনক দেখি মানুহৰ সন্দেহ বৃদ্ধি পোৱাৰ পিছতে অৱগত কৰা হয় আৰক্ষীক। তাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল ১৮০ কেজি ওজনৰ প্ৰকাণ্ড ওজনৰ ভুৱা … Read more

অবিশ্বাস্য! ৰে’ল যাত্ৰাৰ সময়ত মৃত স্বামীক পুনৰ জীয়াই তুলিলে পত্নীয়ে, ভাইৰেল ভিডিঅ’

নিউজ ডেস্কঃ কিছু সময়ৰ বাবে নিথৰ হৈ পৰিছিল ব্যক্তিজন। ক্ৰমাৎ চেঁচা পৰিছিল হাত-ভৰি। উশাহো বন্ধ হৈ পৰিছিল। কিন্তু সেই সময়তে ব্যক্তিজনক মৃত্যুৰ মুখৰ পৰা উভতাই আনিবলৈ সক্ষম হ’ল পত্নীয়ে। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এজন ব্যক্তিৰ জীৱন-মৃত্যুৰ যুঁজৰ এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মথুৰা ৰে’ল ষ্টেছনত। দৰাচলতে কেৰালাৰ কছাৰাগোদৰৰ নিৱাসী ৬৭ বৰ্ষীয় কেশৱন নামৰ … Read more

আন এক গুৰুত্ব দায়িত্ব অৰ্পণ অসম সন্তান IPS সুজয় লাল থাওছেনক, CRPFৰ সঞ্চালকপ্ৰধান ৰূপে নিযুক্তি

নিউজ ডেস্কঃ আন এক গুৰু দায়িত্ব অসম মাতৃৰ সুযোগ্য সন্তান আইপিএছ বিষয়া সুজয় লাল থাওছেনক। এইবাৰ তেওঁক প্ৰদান কৰা হৈছে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চিআৰপিএফৰ নতুন সঞ্চালপ্ৰধানৰ দায়িত্ব। আইপিএছ বিষয়া কুলদীপ সিঙৰ অৱসৰৰ পিছতে এই গুৰু দায়িত্ব প্ৰদান কৰা হয় আইপিএছ বিষয়া থাওছেনক। উল্লেখ্য যে, শুকুৰবাৰে চিআৰপিএফৰ সঞ্চালকপ্ৰধান (ডিজি) পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল … Read more

দুৰ্গা পূজাৰ উছাহৰ মাজতে অঘটন! মন্দিৰৰ পৰা ওভতাৰ পথত দুৰ্ঘটনাত মৃত্যু কমেও ২৬জন ভক্তৰ

নিউজ ডেস্কঃ দুৰ্গা পূজাৰ আনন্দ উছাহৰ মাজতে মন্দিৰৰ পৰা ওভতাৰ পথত এখন ট্ৰেক্টৰ-ট্ৰেইলাৰে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাত মৃত্যু ঘটে কমেও ২৬ জন ভক্তৰ। এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কানপুৰ চহৰত। জানিব পৰা মতে, শনিবাৰে ৫০ জন ভক্তই স্থানীয় এটা হিন্দু মন্দিৰত অনুষ্ঠিত এক অনুষ্ঠানত অংশ লৈ এখন ট্ৰেক্টৰ-ট্ৰেইলাৰেৰে উভতি অহাৰ পছতে নিয়ন্ত্ৰণ হেৰুৱাই … Read more

মৰ্মান্তিক! গাত উতলা গৰম গাখীৰ পৰি গুৰুতৰভাৱে আহত ডেৰ বছৰীয়া ছেৰা, হাস্পতালত সাৱটিলে মৃত্যুক

নিউজ ডেস্কঃ পাকঘৰত মাতৃৰ কাষত খেলি থকা সময়তে হঠাৎ উতলা গৰম গাখীৰ গাত পৰি গুৰুতৰভাৱে আহত হোৱা এটি ডেৰ বছৰীয়া কণমানিৰ হাস্পতালত মৃত্যু ঘটাৰ পিছতে শোকত ভাগি পৰিছে পিতৃ-মাতৃ। জানিব পৰা মতে, ১৫ দিন পূৰ্বে কেৰালাৰ কোট্টায়ামৰ নিৱাসী প্ৰিন্স মেথিউ আৰু দিয়া থমাছৰ ডেৰ বছৰীয়া কন্যা ছেৰা মাৰিয়া প্ৰিন্সে মাকৰ সৈতে পাকঘৰত খেলি আছিল। সেই … Read more

মৰ্মান্তিক! টায়াৰ ফাটি যোৱা অভাৰলোড ট্ৰাকৰ যাত্ৰীবাহী বাছত প্ৰচণ্ড খুন্দা, ১০ জনৰ মৃত্যু

নিউজ ডেস্কঃ এখন যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ সংঘৰ্ষত নিহত হয় ১০ জনৰো অধিক লোক। এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰী জিলাত। ৰাষ্ট্ৰীয় ঘাইপথ ৭৩০ৰ পিলিভীত-বস্তি পথৰ এৰা দলঙত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীৰ মতে, দুৰ্ঘটনাৰ পিছত আহত সকলক উদ্ধাৰ কৰি হাস্পতাললৈ নিয়াৰ সময়তে মৃত্যু ঘটে ৮ জনৰ। আনহাতে আন দুজনৰ হাস্পতালত চিকিৎসাধীন … Read more

মৰ্মান্তিক! প্ৰতিকূল বতৰৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল পৰ্যটকৰ বাহন, ৭ জনৰ মৃত্যু, আহত ১০

নিউজ ডেস্কঃ হিমাচল প্ৰদেশৰ কুল্লু জিলাৰ বঞ্জাৰ বিধানসভা সমষ্টিৰ ঘিয়াগীত দেওবাৰে নিশা এখন পৰ্যটকক কঢ়িয়াই নিয়া ট্ৰেভেলাৰ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ দ খাৱৈত বাগৰি পৰাত দুগৰাকী যুৱতীসহ ৭ জন পৰ্যটকৰ মৃত্যু ঘটে। এই দুৰ্ঘটনাত চালকসহ আন ১০ জন লোক আহত হয়। জানিব পৰা মতে, দেওবাৰে জালোদী জোটৰ পৰা জিবি অভিমুখে গৈ থকা ইউ পি ১৪ … Read more

শোকাৱহ! ভাৰতৰ বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণৰ বাবে নামভৰ্তি কৰা ভূটানৰ ছাত্ৰৰ পথ দুৰ্ঘটনাত মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। উচ্চ শিক্ষা গ্ৰহণৰ বাবে ভাৰতলৈ আহি দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে প্ৰতিবেশী ৰাষ্ট্ৰ ভূটানৰ এগৰাকী মেধাবী ছাত্ৰই। মৃত ছাত্ৰজনৰ নাম শ্বেৰিং পেলজোৰ ৱাংডি। হাৰিয়ানাৰ আম্বালাস্থিত মুলানা বিশ্ববিদ্যালয়ৰ বিচিএৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ আছিল ভূটানৰ নিৱাসী শ্বেৰিং পেলজোৰ ৱাংডি। জানিব পৰা মতে, শুকুৰবাৰে নিশা বন্ধু বিবেক ৰায়ৰ সৈতে বাইকেৰে ব্ৰাৰাৰ পৰা বিশ্ববিদ্যালয়লৈ উভতি আহিছিল … Read more