পথ নহয় যেন পুখুৰী! পথৰ ওপৰৰ গাতত গা ধুই, যোগাসান কৰিলে এগৰাকী ব্যক্তিয়ে, কাষতে থিয় হৈ চাই থাকিল বিধায়কে…

নিউজ ডেস্কঃ পথ নহয়, যেন পথাৰ! ব্যস্ত পথটোৰ ওপৰত ঠায়ে ঠায়ে প্ৰকাণ্ড গাঁত। এজাক বৰষুণৰ পাছত সেই গাঁতত পানী জমা হৈ পুখুৰী সদৃশ হৈ পৰিছে। আৰু পুখুৰী সদৃশ হৈ পৰিছেই যেতিয়া, গা টোকে তিয়াই ল’ব পৰা যায়। সেয়ে পথৰ ওপৰৰ সেই প্ৰকাণ্ড গাঁতত গা ধুবলৈ আহিল এজন ব্যক্তি। গা ধোৱাৰ পূৰ্বে পানীত নামি তেওঁ যোগাসনো … Read more

৭ বছৰ বয়সতে অপহৰণ কৰিছিল পূজাক! সুদীৰ্ঘ ৯ বছৰ পিছত নিজ কন্যাক ঘূৰাই পালে পিতৃ-মাতৃয়ে

নিউজ জেস্কঃ ৯ বছৰ আগৰ কথা। তেতিয়া মাত্ৰ ৭ বছৰ বয়স পূজাৰ। দুফালে দুডাল বেণী গাঁথি ককায়েকৰ হাতত ধৰি সদায় তেতিয়া স্কুললৈ যায় পূজা। কিন্তু এদিন ককায়েকৰ সৈতে স্কুললৈ যোৱাৰ পথতেই সন্ধানহীন হৈ কণমানি ছোৱালীজনী। পূজাক বিচাৰি নাপায় হাহাকাৰ লাগে পিতৃ-মাতৃৰ। কণমানি ছোৱালী জনীৰ সন্ধানত বাতৰি কাকতত বিজ্ঞাপন দিয়াৰ পৰা চহৰৰ চুকে কোনে পোষ্টাৰ অঁৰালৈকে … Read more

সম্প্ৰীতি! হিন্দু মহাকাব্য ৰামায়ণৰ ওপৰত আয়োজিত কুইজ প্ৰতিযোগিতাত বিজয়ী হ’ল বসিত আৰু জাবিৰ

নিউজ ডেস্কঃ হিন্দু মহাকাব্য ৰামায়ণৰ ওপৰত আয়োজন কৰা এখন কুইজ প্ৰতিযোগিতাত বিজয়ী হৈ দেশজুৰি চৰ্চিত হৈ পৰিছে দুগৰাকী মুছলমান ছাত্ৰ। দেশজুৰি বিয়পি পৰা ধৰ্মীয় গোড়ামীৰ মাজত এই দুগৰাকী ছাত্ৰই অন্য এটা ধৰ্মৰ গ্ৰন্থ গভীৰভাৱে অধ্যয়ন কৰি কুইজ প্ৰতিযোগিতা জয়লাভ কৰাৰ ঘটনাই উদ্বুব্ধ কৰিছে আনকো। উল্লেখ্য যে, শেহতীয়াকৈ ডিচি বুকছৰ দ্বাৰা অনলাইনযোগে আয়োজন কৰা কুইজ প্ৰতিযোগিতাত … Read more

মৰ্মান্তিক! নিশা শুই থাকোতেই বিষাক্ত সাপৰ দংশন ভাতৃ-ভগ্নীক, হাস্পতাললৈ নিয়াৰ পথত মৃত্যু

নিউজ ডেস্কঃ নিশা ভাত খাই একেলগে শুইছিল দুই কণমানি ভাতৃ-ভগ্নীয়ে। কিন্তু পুৱতি নিশা বিষাক্ত সাপে খুঁটাৰ ফলত মৃত্যুক সাৱটি ল’লে দুয়োজনে। এই শোকাবহ ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ বুন্দী জিলাত। জানিব পৰা মতে, বুন্দী জিলাৰ গোপালপুৰা বৰাডৰ বাসিন্দা তুলসীৰাম গুৰ্জৰৰ ১৩ বছৰীয়া পুত্ৰ শিৱদয়াল গুৰ্জৰ (১৩) আৰু ১১ বছৰীয়া কন্যা মণিকা ওৰফে সোনাক্ষী গুৰ্জৰে প্ৰতিদিনৰ দৰে … Read more

শােকাৱহ! ছুটীত ঘৰলৈ গৈ দুৰ্ঘটনাত প্ৰাণ গ’ল অৰুণাচল প্ৰদেশত কৰ্মৰত সেনা জােৱানৰ

নিউজ ডেস্কঃ এমাহৰ ছুটী লৈ ঘৰলৈ আহি ভগ্নীৰ পৰা ৰাখী পিন্ধাৰ সপোন পূৰণ নহ’ল এগৰাকী সেনা জোৱানৰ! ছুটীত ঘৰলৈ অহাৰ পিছতে এক পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লয় ৫ ভগ্নীৰ ভাতৃ সেনা জোৱানগৰাকীয়ে। এই শোকাবহ ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ ভৰতপুৰত। শুকুৰবাৰে ভৰতপুৰৰ চিকসানা থানা এলেকাৰ অন্তৰ্গত দাৰাপুৰ খুড়ত এখন টেম্প’ৰ খুন্দাত প্ৰাণ হেৰুৱায় ৩৫ বৰ্ষীয় … Read more

দুঃখবৰ! জনপ্ৰিয় অভিনেতা মিথিলেশ চতুৰ্বেদীৰ বিয়োগ

মিউজ ডেস্কঃ জীৱনৰ পৰা মেলানি মাগিলে হিন্দী ছবিজগতৰ বৰ্ষীয়ান অভিনেতা মিথিলেশ চতুৰ্বাদীয়ে। মুখ্যতঃ কমেডি চৰিত্ৰৰ অভিনয় কৰি জনপ্ৰিয় হৈ পৰা জ্যেষ্ঠ অভিনেতাগৰাকীৰ বুধবাৰে নিশা হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৪ বছৰ। পৰিয়ালৰ সূত্ৰ অনুসৰি কিছুদিন পূৰ্বে প্ৰথমটো হৃদৰোগত আক্ৰান্ত হৈছিল মিথিলেশ চতুৰ্বেদী। সেই সময়ত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰিব লগা … Read more

অসমৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হােৱা ২ কিশােৰীক নতুন দিল্লীত উদ্ধাৰ…

নিউজ ডেস্ক। অসমৰ বিভিন্ন অঞ্চলত এতিয়াও সক্ৰিয় হৈ আছে নাৰী সৰবৰাহকাৰী চক্ৰ। এনে চক্ৰৰ কবলত পৰি নিতৌ সন্ধানহীন হৈছে কিশােৰী-মহিলা। অনুৰূপ ধৰণে যোৱা ২৯ জুলাইৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হােৱা অসমৰ দুগৰাকী কিশোৰী সৌভাক্ৰমে উদ্ধাৰ হয় সুদূৰ দিল্লীত। জানিব পৰা মতে, অসম আৰক্ষীৰ খবৰৰ ভিত্তিত দিল্লী আৰক্ষীৰ উত্তৰ পূৰ্বাঞ্চলৰ শাখাই দিল্লীৰ এটা ৰে’লৱে ষ্টেছনত অভিযান চলাই … Read more

ৰেঞ্জাৰৰ পাছত এইবাৰ মণ্ডল! ঘােচ লৈ জালত পৰিল ভিজিলেঞ্চৰ

নিউজ ডেস্ক। সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ এটা দলে কাছাৰ জিলাৰ লক্ষীপুৰৰ বনাঞ্চলিক বিষয়াক ঘােচ লােৱাৰ মুহূৰ্তত খেদি খেদি আটক কৰাৰ পিছত পুনৰ ভিজিলেঞ্চৰ জালত পৰিল এগৰাকী লাটমণ্ডল। এইবাৰ কামৰূপ জিলাৰ নগৰবেৰাত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালত চলিল দুৰ্নীতি নিবাৰকৰ অভিযান। এগৰাকী লােকৰ পৰা কাম কৰি দিয়াৰ বিনিময়ত উৎকােচ লৈ নগৰবেৰা ৰাজহ চক্ৰৰ লাট মণ্ডল মদন … Read more

মৰ্মান্তিক! বাছক অভাৰটেকৰ সময়ত দুৰ্ঘটনা, অল্টাে বাহন খালত পৰি দুই কন্যাসহ পিতৃৰ কৰুণ মৃত্যু

নিউজ ডেস্ক। এখন বাছক অতিক্ৰম কৰাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ খালত পৰিল এখন অল্ট’ বাহন। এই দুৰ্ঘটনাত এজন ৪৮ বছৰীয়া লােকৰ সৈতে তেওঁ দুইগৰাকী জীয়ৰীৰ থিতাতে মৃত্যু হয়। এই কৰুণ দুৰ্ঘটনা সংঘটিত হয় কেৰেলাৰ পাঠনামথিট্টা জিলাত। জিলাখনৰ তিৰুৱল্লা চহৰৰ এখন দলঙৰ পৰা অল্টাে (KL01AJ2102) গাড়ীখন খালত পৰাৰ ফলতে দুই কন্যাসহ পিতৃৰ মৃত্যু হয়। আৰক্ষীয়ে … Read more

মৰ্মান্তিক! শিৱ মন্দিৰলৈ গৈ থকা সময়তে বাহনত শ্বৰ্ট চাৰ্কিট হৈ ১০ জনৰ মৃত্যু, আহত ১৬ জন

নিউজ ডেস্কঃ ‘কানৱাৰ যাত্ৰা’ উপলক্ষ্যে গৈ থকা সময়তে এখন পিকআপ বাহনৰ ডিজে চিষ্টেমৰ জেনেৰেটৰৰ তাঁৰত সংঘটিত শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিদগ্ধ হৈ মৃত্যু ঘটে ১০ জনকৈ শিৱ ভক্তৰ। এই শোকাবহ ঘটনা সংঘটিত হৈছে পশ্চিমবংগৰ কোচ বিহাৰত। দেওবাৰে মাজনিশা শিৱ মন্দিৰলৈ গৈ থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা মতে, পিকআপ বাহনখনেৰে যাত্ৰা কৰি আছিল মুঠ … Read more