শােকাৱহ! দুখন বাছৰ মাজত পিষ্ট হৈ ১৬ বছৰীয়া কিশোৰীৰ মৃত্যু

দুৰ্ঘটনা

নিউজ ডেস্ক। এই ভয়ংকৰ ঘটনা। দুখন বাছৰ খুন্দাত পিষ্ট এগৰাকী ১৬ বছৰীয়া কিশোৰী। এই ঘটনা মঙলবাৰে সংঘটিত হয় মুম্বাইৰ ৱৰ্লি ডিপোৰ সমীপত। নিহত কিশোৰী গৰাকীক প্ৰীতি মনোজ কোৰি বুলি চিনাক্ত কৰা হয়। যি ৱৰ্লি গাঁৱৰ বাসিন্দা আৰু ৰিজৱী মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী আছিল। জানিব পৰা মতে, চালকৰ অসাৱধানতাৰ বাবে মুম্বাইৰ ৱৰ্লি ডিপোৰ ওচৰত দুখন বেষ্ট বাছৰ … Read more

ধাৰাসাৰ বৰষুণৰ মাজতে অচেতন লোকক কান্ধত কঢ়িয়াই প্ৰশংসিত মহিলা আৰক্ষী

নিউজ ডেস্ক। ধাৰাসাৰ বৰষুণৰ মাজতে অচেতন হৈ পৰি থকা এজন লােকক কান্ধত তুলি চিকিৎসালয়লৈ কঢ়িয়াই নিলে এগৰাকী সাহসী মহিলা আৰক্ষী বিষয়াই। এগৰাকী আৰক্ষী বিষয়াৰ এনে মহৎ কাৰ্যই সম্প্ৰতি চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত। সকলােৱে একমুখে প্ৰশংসা কৰিছে মহিলা আৰক্ষী বিষয়াগৰাকীক। উল্লেখ্য যে তামিলনাডুত অব্যাহত আছে ধাৰাসাৰ বৰষুণ আৰু ইয়াৰ ফলত সৃষ্ট অভাৱনীয় পৰিস্থিতি। ধাৰাসাৰ বৰষুণৰ … Read more

পথৰ গাঁতৰ বাবে সংঘটিত হ’ল ভয়াৱহ দুৰ্ঘটনা, CCTV কেমেৰাত বন্দী দৃশ্য

নিউজ ডেস্ক। এক ভয়ংকৰ দুৰ্ঘটনা। পিছফালে বাছ আহি থকা দেখি এহাল দম্পতী বহি থকা বাইক লৈ গৈছিল পথৰ কাষত ৰখাবলৈ। পথৰ কাষ ভৰি আছিল বৰষুণৰ চিপচিপিয়া পানীৰে। হঠাতে বাইকৰ চকা সোমাই পৰিল পানীৰ তলৰ গাঁতত। সেই সময়তে বাছখনে তেওঁলোকৰ কাষেৰে পাৰ হৈ গৈ আছিল। চালকে নিয়ন্ত্ৰণ হেৰুৱাই বাইকৰ সৈতে এঢলীয়া হৈ পৰি গল বাছৰ ফালে। … Read more

বিলাসী অ’ডি গাড়ীয়ে মহটিয়াই নিলে স্কুটি, পথচাৰীক, নিহত ১

নিউজ ডেস্ক। এক ভয়ংকৰ দুৰ্ঘটনা। বিলাসী অডি গাড়ীৰ চালকে ৰাজপথত চলালে তাণ্ডৱ। দেখা গল যেন এক চিনেমাৰহে দৃশ্য। গাড়ীৰ খুন্দাত উফৰি গ’ল পথচাৰী সহ বহুতো বাইক। আনকি দ্ৰুতবেগী বিলাসী গাড়ীয়ে খুন্দা মাৰেগৈ পথৰ কাষৰ জুপুৰীত। যাৰ ফলত ঘটনাত এজন লোকৰ থিতাতে নিহত হোৱাৰ বিপৰীতে আহত হয় ৮ জন লোক। এই ঘটনা সংঘটিত হয় ৰাজস্থানৰ এইমছ … Read more

চৌদিশে বিষাক্ত ফেন! তাৰ মাজতে ষট্ পূজাৰ স্নানত ব্যস্ত জনতা

দেশজুৰি উদযাপন কৰা হৈছে ষট্ পূজা। কিন্তু ইয়াৰ মাজতে যমুনা নৈত উদযাপন কৰা ষট্ পূজা চৰ্চিত হৈছে দেশজুৰি। ইয়াৰ কাৰণ হ’ল ভয়াৱহ প্ৰদূষণৰ কবলত পৰা নৈখনৰ সাম্প্ৰতিক পৰিৱেশ যাৰ বাবে জনতাৰ স্বাস্থ্যলৈ আহিছে তীব্ৰ ভাবুকি। জানিব পৰা মতে, দিল্লীৰ যমুনাত শুভ্ৰ বিষাক্ত ফেনত সৃষ্টি হয়। যমুনাৰ পানীত বিষাক্ত ফেন উদ্ভৱ হোৱাত বিশেষজ্ঞসকল চিন্তিত হৈ পৰিছে। … Read more

দুৰ্ঘটনাত দুই মডেলৰ মৃত্যু সন্দৰ্ভত বাহনৰ চালক আব্দুল ৰহমানক গ্ৰেপ্তাৰ

নিউজ ডেস্ক। যোৱা ১ নৱেম্বৰত পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল প্ৰাক্তন মিছ কেৰালা ২০১৯ আনচি কাবিৰ (২৪) আৰু মিছ কেৰালা ২০১৯ ৰ ৰানাৰ-আপ অঞ্জনা শজনৰ (২৫)। দুৰ্ঘটনাৰ পিছৰে পৰা পলাতক অৱস্থাত আছিল তেওঁলোকৰ বাহনখনৰ চালক আব্দুল ৰহমান (২৫)। সেই অনুসৰি আৰক্ষীয়ে চালকক বিচাৰি অব্যাহত ৰাখিছিল অনুসন্ধান। আৰু অৱশেষত সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় … Read more

ব্যতিক্ৰম পৰম্পৰা! এই বিশেষ পূজাত শিশুক সু-স্বাস্থ্যৰ বাবে শুৱাই দিয়া হয় গোবৰত

নিউজ ডেস্ক। এক ব্যতিক্ৰম পৰম্পৰা। নিজৰ জীৱন দীৰ্ঘায়ু হোৱা আৰু শিশুৰ সু-স্বাস্থ্যৰ বাবে আয়োজন কৰা হয় এক বিশেষ উৎসৱ। যাক কোৱা হয় পাদৱা বা গোবৰ্ধন পূজা। এই উৎসৱ অনুষ্ঠিত কৰা হয় মধ্য প্ৰদেশত। মূলতঃ ৰাজ্যখনৰ যাদৱ সম্প্ৰদায়ৰ মহিলাসকলে এই পৰম্পৰা মানি আহিছে। জানিব পৰা মতে, এই লোক সকলৰ বসতি স্থানত পাদৱাৰ দিনা এক অনন্য অনুষ্ঠান … Read more

এক আজব পৰম্পৰা! সপোন পূৰণ হ’বলৈ ‘গাে মাতা’ অহাৰ পথত পৰি দিয়ে যুৱক

নিউজ ডেস্ক। এক আচৰিত তথা ব্যতিক্ৰম পৰম্পৰা। নিজৰ প্ৰতিজ্ঞা আৰু সপোন পূৰণ হবলৈ যুৱকে নিজৰ গাৰ ওপৰেৰে যাবলৈ দিয়ে গৰু। এনে অনন্য আৰু ৰোমাঞ্চকৰ পৰম্পৰা শতিকা ধৰি দীপাৱলীৰ দ্বিতীয় দিনা পালন কৰি আহিছে মধ্য প্ৰদেশৰ উজ্জয়িনী জিলাৰ বদনগৰ মহকুমাৰ সমান্দৱদ-লোহাৰিয়া গাঁৱত। জানিব পৰা মতে, এই পৰম্পৰাত যিসকল যুৱকে নিজৰ প্ৰতিজ্ঞা আৰু সপোন পূৰণ হোৱাটো বিচাৰে, … Read more

ফটকাৰ মােনা লৈ স্কুটিত উঠি ঘৰমুৱা যাত্ৰা পিতা-পুত্ৰৰ, ঘটিল শােকাৱহ ঘটনা

নিউজ ডেস্ক। এক শোকাৱহ ঘটনা। দীপাৱলী উদযাপনৰ বাবে স্কুটিত কঢ়িয়াই নিয়া আতচবাজীৰ বিস্ফােৰণত জ্বলি মৃত্যু পিতা-পুত্ৰৰ। এই ঘটনা বৃহস্পতিবাৰে সংঘটিত হয় পণ্ডীচেৰীৰ ওচৰৰ ভিল্লুপুৰম জিলাৰ কোট্টাকুপ্পাম গাঁৱত। ঘটনাত পিতৃ আৰু তেওঁৰ সাত বছৰীয়া পুত্ৰই স্কুটিত কঢ়িয়াই অনা দুটা আতচবাজীৰ বেগ জ্বলি মৃত্যুমুখত পৰে। আৰু তেওঁলোকৰ স্কুটিখনৰ ওচৰত থকা আন দুজন পথচাৰীও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। মৃত … Read more

নিৰাপত্তা কৰ্মীৰ সাহসীকতাৰ বাবে ব্যৰ্থ হ’ল ডকাইতি কাণ্ড, দৃশ্য বন্দী CCTV কেমেৰাত

নিউজ ডেস্ক। এক ভয়ংকৰ ডকাইতিৰ ঘটনা। সোণৰ প্ৰতিষ্ঠান ডকাইতি কৰিবলৈ আহি ডকাইত আৰু প্ৰতিষ্ঠানৰ নিৰাপত্তাৰক্ষীৰ মাজত প্ৰচণ্ড গুলীবৰ্ষণ। সেই ঘটনাৰ দৃশ্য বন্দী হয় চি চি টিভিৰ কেমেৰাত। যিবোৰ বৰ্তমান পোহৰলৈ আহিছে। এই ঘটনা সংঘটিত হয় পাঞ্জাৱৰ লুধিয়ানাত। লুধিয়ানাৰ সুন্দৰ নগৰস্থিত মুথুট ফাইনেন্সত সংঘটিত হয় এই ঘটনা। দৃশ্যত দেখা অনুসৰি, ডকাইতে প্ৰতিষ্ঠানটো লুটিবলৈ চেষ্টা কৰিছিল। প্ৰতিষ্ঠানটোৰ … Read more