এক পেগ মদ খাই শুই যাবলৈ দিব পুৰুষ সকলক! মহিলালৈ আজব পৰামৰ্শ এগৰাকী মহিলা মন্ত্ৰীৰ

নিউজ ডেস্ক। মহিলাসকলৰ উদ্দেশ্যে আজব পৰামৰ্শ ছত্তীশগড়ৰ এগৰাকী মন্ত্ৰীৰ। তেওঁ মহিলা সকলক পৰামৰ্শ দি কয় যে, “ঘৰৰ পুৰুষ সদস্যক এক পেগ মদ খাই শুই যাবলৈ দিব।” এই মন্তব্য আগবঢ়াইছে ৰাজ্যখনৰ নাৰী তথা শিশু কল্যাণ মন্ত্ৰী অনিলা ভেণ্ডিয়াই। তেওঁৰ এই মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছে ৰাজ্যৰ লগতে সমগ্ৰ দেশত। ৰাজনৈতিক মহলৰ মতে, ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভুপেশ বাঘেলৰ মন্ত্ৰীসভাৰ … Read more

টীম ইণ্ডিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙক গ্ৰেপ্তাৰ!

নিউজ ডেস্ক। প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিঙক গ্ৰেপ্তাৰ। শনিবাৰে হাৰিয়ানাৰ হান্সি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে খেলুৱৈজনক। স্পিনাৰ যুজবেন্দ্ৰ চাহালৰ বিৰুদ্ধে জাতিগত আপত্তিজনক শব্দ ব্যৱহাৰ কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে দাখিল কৰা গোচৰত গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি, যুৱৰাজ সিঙক ভাৰতীয় দণ্ডবিধিৰ ১৫৩ ক ধাৰা আৰু ৫০৫ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল। পৰৱৰ্তী সময়ত অন্তৱৰ্তীকালীন … Read more

কন্যা সন্তান জন্ম হোৱাৰ বাবেই পেট্ৰ’ল পাম্পৰ মালিকে গ্ৰাহকলৈ আগবঢ়ালে ‘বাম্পাৰ অফাৰ’!

নিউজ ডেস্ক। বৰ্তমান পেট্ৰলৰ দামে সৰ্বত্ৰে স্পৰ্শ কৰিলে চেঞ্চুৰী। কিন্তু তেনে সময়তে যদি আপুনি লাভ কৰে বিনামূলীয়া অতিৰিক্ত পেট্ৰল, তেন্তে সেইয়া নিশ্চয়কৈ এক আনন্দৰ খবৰ নহয়নে! কথাটো আপোনাৰ মিছা যেন লাগিলেও কিন্তু সঁচা। এই বিনামূলীয়া পেট্ৰল আগবঢ়াইছে মধ্য প্ৰদেশৰ বেটুলৰ এজন পেট্ৰল পাম্প অপাৰেটৰে। অৱশ্যে এইয়া কোনো উৎসৱৰ বাবে আগবঢ়োৱা অফাৰ নহয়। এগৰাকী কন্যা সন্তান … Read more

প্ৰতি লিটাৰ পেট্ৰ’ল ১১৬.৮৮, ডিজেল ১੦৫.৯৯ টকা! দেশৰ কােন ঠাইত ইন্ধনৰ মূল্য সৰ্বাধিক?

নিউজ ডেস্ক। বৰ্তমানেও পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধি ৰোধ হোৱা নাই। যাৰ ফলত ইন্ধনৰ মূল্যই মাধমাৰ সোধাইছে সাধাৰণ জনতাক। পেট্ৰল আৰু ডিজেলৰ আকাশলংঘী মূল্যই সাধাৰণ মানুহৰ জীৱন দুৰ্বিষহ কৰি তুলিছে। ইন্ধনৰ মূল্য আজি অৰ্থাৎ শনিবাৰেও প্ৰতি লিটাৰত ৩৫ পইচা বৃদ্ধি পাইছে। এই বৃদ্ধিৰ জৰিয়তে সমগ্ৰ দেশতে পেট্ৰল আৰু ডিজেলৰ মূল্যই নতুন অভিলেখ সৃষ্টি কৰিছে। জানিব পৰা … Read more

এবছৰ পূৰ্বেই বিবাহপাশত আবদ্ধ হৈছিল শ্বহীদ সেনা জােৱান চাৰাজ সিঙ, দুই ভাতৃয়ো সেনা জােৱান

সোমবাৰে পুৱা পাকিস্তানৰ সীমান্তৱৰ্তী জম্মু-কাশ্মীৰৰ পুঞ্চ চেক্টৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হৈছিল পাঁচ জোৱান। শ্বহীদসকলৰ ভিতৰত আছিল উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰ জিলাৰ বান্দা আৰক্ষী থানা অন্তৰ্গত আখতিয়াৰপুৰ গাঁৱৰ বাসিন্দা চাৰাজ সিং। তেওঁৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত। শােকত ভাগি পৰিছে পত্নী তথা পৰিয়ালৰ সকলাে সদস্য। জানিব পৰা মতে, চাৰাজ সিঙৰ দুই ভাতৃ ক্ৰমে গুৰপ্ৰীত সিং আৰু … Read more

পিতৃ অৱসৰপ্ৰাপ্ত সৈনিক, ২৪ বছৰ বয়সত শ্বহীদ সেনাত কৰ্মৰত পুত্ৰ

নিউজ ডেস্ক। ভাৰতীয় সেনাত ৩ দশক ধৰি দায়িত্ব পালন কৰা এগৰাকী অৱসৰপ্ৰাপ্ত সৈনিক ২৪ বছৰীয়া পুত্ৰ হ’ল দেশৰ বাবে শ্বহীদ। বৰফাবৃত্ত সুউচ্চ চিয়াচেনৰ যুদ্ধক্ষেত্ৰত কৰ্তব্যৰত অৱস্থাত শ্বহীদ হ’ল ভাৰতীয় সেনাৰ জোৱান বিপিন সিং গােঁসাই। জোৱানজনৰ উত্তৰাখণ্ডৰ গড়ৱালৰ পাউৰীৰ পাবৌ খণ্ডৰ ধাৰকোট গাঁৱৰ বাসিন্দা। দেওবাৰে কৰ্তব্যৰত অৱস্থাত এক শােকাৱহ দুৰ্ঘটনাত প্ৰাণ ত্যাগ কৰে সৈনিকগৰাকীয়ে। প্ৰাপ্ত তথ্য … Read more

সেনাত চাকৰিৰ নামত প্ৰৱঞ্চনা! ৰঙাঘৰত ভুৱা সেনা বিষয়া

নিউজ ডেস্ক। এইবাৰ চাকৰিৰ নামত যুৱক-যুৱতীক প্ৰৱঞ্চনা কৰি ৰঙাঘৰৰ আলহী হ’ল এজন ভুৱা সেনা বিষয়া। উত্তৰাখণ্ড আৰক্ষীৰ বিশেষ টাস্ক ফৰ্চে নিজকে সেনাৰ লেফটেনেণ্ট বুলি পৰিচয় দি অবৈধ কাৰ্যকলাপ কৰা এজনক গ্ৰেপ্তাৰ কৰে। ভুৱা লেফটেনেণ্টজনক শচীন অৱস্থী বুলি চিনাক্ত কৰা হৈছে। বিশেষ টাস্ক ফৰ্চৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অজয় সিঙে কয় যে, তেওঁ সেনাৰ লেফটেনেণ্টৰ ইউনিফৰ্ম পিন্ধি … Read more

পেট্ৰ’লতকৈ পানীৰ দামহে বেছি! আজব যুক্তি পেট্ৰ’লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীৰ

নিউজ ডেস্ক। দেশৰ অধিকাংশ ৰাজ্যতে চেঞ্চুৰি কােবাইছে পেট্ৰ’লৰ দামে। পেট্ৰ’লৰ লগতে বৃদ্ধি পাইছে ডিজেল তথা ৰন্ধন গেছৰ মূল্যও। এনে মূল্যবৃদ্ধিয়ে দেশৰ জনসাধাৰণক জ্বলা-ক’লা খুওৱাৰ সময়তে এক আজব যুক্তিৰে এই মূল্যবৃদ্ধিক যুক্তিসংগত আখ্যা দিছে অসমৰ সাংসদ তথা কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। সাংবাদিকৰ সৈতে হােৱা সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে মূল্যবৃদ্ধিৰ সপক্ষে যুক্তি দৰ্শাই কয়, ”ভেকচিনৰ পইচা কৰ পৰা … Read more

বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত নিহত ৯, আহত ২৭

এক ভয়ংকৰ পথ দুৰ্ঘটনা। বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত নিহত হয় ৯ জন লোক। তাৰ বিপৰীতে আহত হয় প্ৰায় ২৭ জন লোক। এই ঘটনা বৃহস্পতিবাৰে পুৱা সংঘটিত হয় উত্তৰ প্ৰদেশৰ বাৰাবাংকীৰ বাবুৰাহিয়া গাঁৱৰ ওচৰৰ কিষাণ পথত। খবৰ অনুসৰি, যাত্ৰী সহ দিল্লীৰ পৰা আহি আছিল বাছখন। পুৱা ৪.৪৫ বজাত দেৱ কোতৱালী অঞ্চলৰ মিট্টি চকীৰ অন্তৰ্গত বাবুৰিয়া … Read more

মুণ্ডন কৰি গংগাত স্নান, যজ্ঞত বহি তৃণমূলত যােগদান বিজেপি বিধায়কৰ

নিউজ ডেস্ক। পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰ পাছতে ত্ৰিপুৰা বিজেপিত যেন আৰম্ভ হৈছে খহনীয়া। এজনৰ পিছত এজনকৈ নেতা প্ৰতিনিধিয়ে ঢাপলি মেলিছে তৃণমূল কংগ্ৰেছলৈ। এইবাৰ এজন বিধায়কে যোগদান কৰিবলৈ আগবাঢ়িছে তৃণমূল কংগ্ৰেছত। তেওঁ হল ত্ৰিপুৰাৰ চুৰমা বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক আশীষ দাস। তেওঁ পূৰ্বেই জনাইছিল যে তেওঁ তৃণমূল কংগ্ৰেছত যোগদান কৰিব। সেই অনুসৰি তেওঁ যোগদান কৰাৰ পূৰ্বে … Read more