মুম্বাই অভিমুখী ইণ্ডিগ’ৰ বিমানত ওলাল সাপ, দৃশ্য ভাইৰেল

নিউজ ডেস্ক। এক আচৰিত ঘটনা। বিমানৰ ভিতৰত ওলাল সাপ। এই ঘটনা কলকাতা বিমানবন্দৰৰ। যোৱা ৬ আগষ্টত কলকাতা বিমানবন্দৰত মুম্বাই অভিমুখী এখন ইণ্ডিগ’ বিমানত দেখা পোৱা যায় এই দৃশ্য। খবৰ অনুসৰি, ৰায়পুৰৰ পৰা কলকাতা বিমানবন্দৰত অৱতৰণ কৰিছিল বিমানখনে। ঘটনাটো সংঘটিত হোৱাৰ সময়ত এটা নিৰ্জন এলেকাত ৰখাই থোৱা হৈছিল বিমানখন। বিমানখন গন্তব্য স্থানলৈ যোৱাৰ পূৰ্বে বিমানখনৰ কৰ্মচাৰী … Read more

ভাল খবৰ! দেশত একক পালিৰ ক’ভিড–১৯ ভেকচিনত অনুমোদন, অচিৰেই হ’ব উপলব্ধ

নিউজ ডেস্ক। কোৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ দেশত সংযোজিত হ’ল আৰু এটি প্ৰতিষেধক। যিটো প্ৰতিষেধকৰ এপালি (Single Dose) গ্ৰহণ কৰিলে ক’ভিড-১৯ৰ বিৰুদ্ধে দেহত গঢ়ি উঠিব প্ৰতিৰক্ষা। সেইয়া হ’ল ‘জনছন এণ্ড জনছন’ৰ জনচীন ভেকচিন। ভাৰতত জৰুৰীভাৱে এই প্ৰতিষেধক প্ৰদানৰ বাবে অনুমতি বিচাৰিছিল ‘জনছন এণ্ড জনছন’ কোম্পানীয়ে। মাৰ্কিন এই ঔষধ নিৰ্মাণকাৰী সংস্থাই এক বিবৃতি জাৰি কৰি কয় যে, … Read more

বানৰ মাজতে সম্পন্ন হ’ল বিয়া, নাৱেৰে ঘৰলৈ যাত্ৰা দৰা-কইনাৰ

নিউজ ডেস্ক। এক ব্যতিক্ৰম বিবাহ। বিবাহৰ আয়োজন চলিছিল ধুমধামেৰে। কিন্তু হঠাতে অহা বানৰ বাবে তেওঁলোক পৰিল বিপাঙত। তথাপিও আয়োজন কৰিলে বিবাহ। যাৰ ফলত দৰাই কইনা আনিবলৈ গ’ল নাৱত। আৰু নাৱত উঠিয়েই কইনা আহিল দৰাৰ ঘৰলৈ। এই ঘটনা পশ্চিম বংগৰ হাওৰাৰ উদয়নাৰায়ণপুৰৰ আমটা ব্লকৰ। জানিব পৰা মতে, বিবাহখনৰ দৰা আছিল চিৰঞ্জীত পাত্ৰ। আৰু কইনা আছিল দক্ষিণ … Read more

নিৰজ চােপ্ৰালৈ হাৰয়ানা চৰকাৰৰ ৬ কােটি, মণিপুৰ চৰকাৰৰ ১ কােটি টকা প্ৰদানৰ ঘােষণা

নিউজ ডেস্ক। দেশৰ অলিম্পিকৰ ইতিহাসত ব্যক্তিগত শাখাত স্বৰ্ণ পদক জয় কৰা প্ৰথমজন এথলীট হিচাপে দেশবাসীক গৌৰৱান্বিত কৰিলে ভাৰতীয় সেনাৰ চুবেদাৰ নিৰজ চােপ্ৰাই। নিৰজ চােপ্ৰাৰ এই ঐতিহাসিক সাফল্যক লৈ সমগ্ৰ দেশজুৰি বৈছে আনন্দৰ বন্যা। নিৰজ চােপ্ৰাই বাস কৰা হাৰয়ানাৰ পানীপতত উঠিছে আনন্দৰ জােৱাৰ। ইপিনে, হাৰয়ানা চৰকাৰে ৰাজ্যখনত খেল নীতি অনুসৰি নিৰজ চােপ্ৰালৈ নগদ ৬ কােটি টকা … Read more

পেট্ৰল পাম্পত প্ৰৱেশ ঘৰিয়ালৰ! সামাজিক মাধ্যমত দৃশ্য ভাইৰেল

নিউজ ডেস্ক। উত্তৰ প্ৰদেশৰ ললিতপুৰ জিলাত একেৰাহে চাৰি দিন বৰষুণ হোৱাৰ ফলতে প্ৰবল বানপানীৰ সৃষ্টি হৈছে। যাৰ ফলত নদীৰ জীৱ-জন্তু সমূহৰ প্ৰৱেশ ঘটিছে জনাঞ্চলত। বৰষুণৰ মাজতে এটা অদ্ভুত দৃশ্যও দেখা পোৱা গ’ল। য’ত ললিতপুৰৰ লগাউনৰ পথৰ কাষৰ এটা পেট্ৰল পাম্পত উপস্থিত হল এটা ঘৰিয়াল। যিটোৱে এক কৌতূহলী পৰিৱেশৰ সৃষ্টি কৰে। বিভিন্নজনে ঘৰিয়ালৰ ফটাে উঠাবলৈ হেতা … Read more

ৰবি দাহিয়ালৈ হাৰয়ানা চৰকাৰৰ ৪ কোটি টকা, প্ৰথম শ্ৰেণীৰ চাকৰিৰ লগতে বিভিন্ন সা-সুবিধা

নিউজ ডেস্ক। টকিঅ’ অলিম্পিকত বৃহস্পতিবাৰে মল্লযুঁজত ৰূপৰ পদক লাভ কৰিছিল ৰবি দাহিয়াই। ৰাছিয়াৰ প্ৰতিদ্বন্দীক ৫৭ কিলোগ্ৰাম শাখাত ৭-৪ ব্যৱধানত হৰুৱাই তেওঁ লাভ কৰিছিল ৰূপৰ পদক। তেওঁ দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ পিছতেই অজস্ৰজনে তেওঁক জনাইছিল শুভেচ্ছা। দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে তেওঁৰ গৃহ ৰাজ্য হাৰিয়ানা চৰকাৰেও তেওঁক জনাইছিল উষ্ম অভিনন্দন। তেওঁৰ এই অনবদ্য অৱদানৰ বাবে হাৰিয়ানাৰ … Read more

বানপানীত মাজতে চহৰত প্ৰৱেশ ঘৰিয়ালৰ, কান্ধত উঠাই ছেল্ফি একাংশৰ!

নিউজ ডেস্ক। মধ্য প্ৰদেশৰ শিৱপুৰী জিলাত দেখা গ’ল এক আচৰিত দৃশ্য। দৃশ্যটো বৰ্তমান ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। বৰ্তমান মধ্য প্ৰদেশৰ কেইবাখনো জিলাত বানে প্ৰভাৱিত কৰিছে। সেই সমূহৰ ভিতৰত শিৱপুৰীও অন্যতম। জিলাখনত বানৰ ফলত এটা প্ৰকাণ্ড ঘৰিয়াল আহি প্ৰৱেশ কৰে এখন গাৱঁত। বিশাল আকাৰৰ ঘৰিয়ালটোক প্ৰত্যক্ষ কৰি গাৱঁৰ এচাম লোকে ধৰিবলৈ চেষ্টা কৰে। ঘৰিয়ালটো ধৰি … Read more

নিশা ব্যস্ত ৰাজপথত উদ্ভণ্ডালি সুৰামত্ত যুৱতীৰ, ভিডিঅ’ ভাইৰেল

নিউজ ডেস্ক। এগৰাকী সুৰামত্ত যুৱতী। ব্যস্ত ৰাজপথৰ সোঁ মাজত পৰি তেওঁ কৰিছে উদ্ভণ্ডালি। পথেৰে পাৰ হৈ যোৱা যান-বাহনৰ সন্মুখত পৰি দিছে তেওঁ। সাজে-পোছাকে তেওঁ এগৰাকী সম্ভ্ৰান্ত যুৱতী। কিন্তু নিশাৰ ৰাজপথত তেওঁ কৰিছে তেনে উদ্ভণ্ডালি। তেওঁৰ সেই দৃশ্য চাই ৰৈছে পথৰ কাষৰ অনেকজনে। আৰু বহুতে নিজৰ মোবাইল কেমেৰাত বন্দী কৰে সেই দৃশ্য। পৰৱৰ্তী সময়ত সেই দৃশ্য … Read more

প্ৰতিশ্ৰুতি পূৰণ! ক’ভিডত পিতৃ-মাতৃক হেৰুওৱা কন্যা গৰাকীয়ে লাভ কৰিলে ৯৯.৮% নম্বৰ

নিউজ ডেস্ক। “তোমাৰ অবিহনেও মই এজনী শক্তিশালী কন্যা হ’ম দেউতা।” কভিডত পিতৃ-মাতৃ দুয়োকে লগতে হেৰুৱাই সেই শিৰোনামেৰে এটা কবিতা লিখিছিল তেওঁ। যিটো কবিতা পঢ়ি সকলোৰে চকুপানী ওলাইছিল। আৰু কবিতাৰ সেই শিৰোনামকেই যেন এইবাৰ সত্য প্ৰমাণিত কৰিলে তেওঁ। তেওঁ হল ভূপালৰ এগৰাকী ১৬ বছৰীয়া কিশোৰী বনিশা পাঠক। যিয়ে সদ্যঘোষিত চি বি এছ ইৰ দশম শ্ৰেণীৰ পৰীক্ষাত … Read more

অসম কন্যা লাভলীনা বৰগোহাঁইক শুভেচ্ছা ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰসহ বিভিন্নজনৰ

নিউজ ডেস্ক। অলিম্পিকত ব্ৰঞ্জ পদক নিশ্চিত হোৱাৰ পিছত অসম কন্যা লাভলীনা বৰগোহাঁইক লৈ সমগ্ৰ দেশবাসীৰ প্ৰত্যাশা যথেষ্ট বৃদ্ধি পাইছিল। ভাৰতক সোণৰ পদক উপহাৰ দিব লাভলীনাই, এনেদৰেই ভাবিছিল সকলোৱে। কিন্তু বুধবাৰে তুৰস্কৰ বক্সাৰৰ বিৰুদ্ধে চূড়ান্ত ব্যৰ্থ হল লাভলীনা। ৰিঙত লাভলীনাক হৰুৱালে তুৰস্কৰ বিশ্ব চেম্পিয়ন বুসেনাজ চুৰমেনেলিয়ে। ৫-০ ব্যৱধানত পৰাজয় হ’ল ২৪ বছৰীয়া বক্সাৰ তথা অসম কন্যা … Read more