সামাজিক মাধ্যমত ভাইৰেল এটা বিশেষ ৰে’লপথৰ নান্দনিক দৃশ্য, চাওক ভিডিঅ’

নিউজ ডেস্ক। দেশজুৰি মনচুনৰ বাৰিষা অব্যাহত থকাৰ মাজতে সামাজিক মাধ্যমত শেহতীয়াকৈ ভাইৰেল হৈছে এটা বিশেষ ৰে’লপথত দৃশ্য। শাৰী শাৰী জলপ্ৰপাতৰ পানীৰ আচ্ছাদনৰ মাজেৰে পাৰ হৈছে যাত্ৰীবাহী ৰে’ল। এক নান্দনিক দৃশ্য। এই দৃশ্য দুধসাগৰ জলপ্ৰপাতৰ। উল্লেখ্য যে কৰ্ণাটক আৰু গােৱাৰ সীমান্তত অৱস্থিত এই দুধসাগৰ জলপ্ৰপাত। দৃশ্যটোত দেখা অনুসৰি, দক্ষিণ পশ্চিম ৰেলৱেৰ এখন ৰেল দুধসাগৰ জলপ্ৰপাতৰ কাষৰে … Read more

ৰাজহুৱা স্থানত বিষাক্ত সাপ ডিঙিত লৈ কৰি আছিল ধেমালি, তাৰ পিছত ঘটিল এই ঘটনা…

নিউজ ডেস্ক। সাধাৰণতে সাপক লৈ কোনোৱে নকৰে ধেমালি। সাপ দেখিলেই আঁতৰি যায় বহুতেই। কিন্তু এইবাৰ এজন লোকে সেই কথাক গুৰুত্ব নিদি বিষাক্ত সাপৰ লগত কৰিলে ধেমালি। যাৰ ফলত সাপৰ দংশনত মৃত্যুক আঁকোৱালি লবলগীয়া হ’ল লোকজনে। এই ঘটনা বৃহস্পতিবাৰৰ মহাৰাষ্ট্ৰৰ থানে জিলাৰ। আৰু এই দৃশ্য কেমেৰাত বন্দী কৰিছিল লোকজনৰ এজন বন্ধুৱে। আৰক্ষীয়ে জনোৱা অনুসৰি, থানে জিলাৰ … Read more

অটােৰ খুন্দাত ন্যায়াধীশৰ মৃত্যু, CCTV ত বন্দী ৰহস্যজনক দুৰ্ঘটনাৰ দৃশ্য

নিউজ ডেস্ক। এক ৰহস্যজনক পথ দুৰ্ঘটনা। প্ৰাতঃ ভ্ৰমণৰ সময়ত অটােৰ খুন্দাত মৃত্যু জিলা তথা সত্ৰ ন্যায়াধীশৰ। এই ঘটনা ঝাৰখণ্ডৰ ধনবাদৰ। নিহত ন্যায়াধীশজনক নাম উত্তম আনন্দ। তেওঁ হাজাৰীবাগত বাস কৰে। তেওঁ পিতৃ আৰু ভাতৃ হাজিৰাবাগ আদালতৰ অধিবক্তা। এই ঘটনা প্ৰথমতে দুৰ্ঘটনা বুলি ধৰা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত চিচি টিভিৰ দৃশ্যৰ ভিত্তিত পােহৰলৈ আহে যে প্ৰকৃততে এই … Read more

সংসদলৈ চাইকেল চলাই গ’ল ৰিপুন বৰা!

নিউজ ডেস্ক। দেশত দৈনিক বৃদ্ধি পায় আছে অত্যাৱশ্যকীয় সামগ্ৰী। ইয়াৰ লগতে বৃদ্ধি পাইছে ইন্ধনজাত সামগ্ৰীৰ মূল্য। পেট্ৰল, ডিজেলৰ মূল্যই অতিক্ৰম কৰিলে শতকৰ ঘৰ। তথাপিও বিশেষ গুৰুত্ব নাই চৰকাৰৰ। বিৰোধী দলসমূহে ইয়াৰ বিৰুদ্ধে কৰি আহিছে প্ৰতিবাদ। তথাপিও ইয়াক আওকাণ কৰি চলিছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ। সেয়েহে এইবাৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে গাত বেনাৰ ওলমাই চাইকেল চলাই প্ৰতিবাদ কৰিলে … Read more

এইবাৰ সামাজিক মাধ্যমত ভাইৰেল জুনিয়ৰ মীৰাবাই! চাওক ভিডিঅ’

নিউজ ডেস্ক। চলিত টকিঅ’ অলিম্পিকত দেশে লাভ কৰিছে মাত্ৰ এটা পদক। আৰু সেই পদকেৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে মণিপুৰৰ ২৬ বছৰীয়া ভাৰোত্তোলক মীৰাবাই চানুৱে। শনিবাৰে ভাৰোত্তোলনৰ ৪৯ কিলো শাখাত চানুৱে লাভ কৰে ৰূপৰ পদক। আৰু ইয়াৰ পিছতেই দেশজুৰি প্ৰশংসিত হৈ পৰে চানু। দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ পৰা বিশিষ্ট ব্যক্তিলৈকে সকলোৱে শুভেচ্ছা জনায় তেওঁক। বিমানবন্দৰৰ পৰা সকলোতে … Read more

বাইকক প্ৰচণ্ড জােৰে খুন্দিয়ায় পলায়ন তীব্ৰবেগী বাহনৰ, গ্ৰেপ্তাৰ চালকসহ ৪ আৰােহী

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ দৃশ্য। যিটো দেখিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব। দুজন আৰোহী যোৱা এখন মটৰ চাইকেলত এখন বিলাসী গাড়ীয়ে খুন্দা মাৰে। যাৰ ফলত পথৰ কাষৰ ৰেলিঙত খুন্দা মাৰে মটৰ চাইকেল। আৰু দুই আৰোহী পৰে পথত। এই দৃশ্য তামিলনাডুৰ এক ঘাইপথৰ। দৃশ্যটো বন্দী হয় মটৰ চাইকেলৰ খনৰ পিছে পিছে যোৱা এখন গাড়ীৰ … Read more

পূৰণ হ’ল ইচ্ছা! দেশলৈ আহি মীৰাবাই চানুৱে হেঁপাহেৰে খালে পিজা…

নিউজ ডেস্ক। যেতিয়া তেওঁ চলিত টকিঅ’ অলিম্পিকত জয় লাভ কৰিছিল। তেতিয়া তেওঁক সোধা হৈছিল যে তেওঁ দেশত গৈ কি কৰিব। আৰু তেতিয়া তেওঁ উত্তৰত কৈছিল যে তেওঁ বহুদিন পিজা খোৱা নাই। সেয়েহে তেওঁ দেশলৈ আহি হেঁপাহেৰে পিজা খাব। অৱশেষত তেওঁৰ আশা পূৰণ হ’ল। সোমবাৰে নতুন দিল্লীত টকিঅ’ অলিম্পিকৰ ৰূপৰ পদক বিজয়ী চানু চাইখোম মীৰাবাইক সম্বৰ্ধনা … Read more

শ্বহীদ ভাতৃৰ নশ্বৰ দেহত দৰাৰ সাজ পিন্ধালে জ্যেষ্ঠ ভাতৃয়ে, অক্টােবৰত ঠিক হৈছিল বিয়াৰ দিন

নিউজ ডেস্ক। এক আৱেগিক মুহূৰ্ত। দৃশ্য দেখি চকু সেমেকি উঠিল সকলােৰে। বিয়াৰ মাত্ৰ ৩ মাহ পূৰ্বে শ্বহীদ এগৰাকী ভাৰতীয় সেনা জােৱানক শেষকৃত্যৰ পূৰ্বে দৰাৰ সাজ পিন্ধালে জ্যেষ্ঠ ভাতৃয়ে। আত্মীয়ৰ মাজত উঠিল কান্দােনৰ ৰােল। চকুপানী টুকিলে আন বহুজনে। এই দৃশ্য দেখা গ’ল হিমাচল প্ৰদেশৰ হামিৰপুৰ জিলাৰ ঘুৰৱী গাঁৱত। উল্লেখ্য যে জম্মু আৰু কাশ্মীৰৰ পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ … Read more

ভোটাৰক উৎকোচ দিয়াৰ অপৰাধত ৬ মাহৰ কাৰাদণ্ডৰ শাস্তি মহিলা সাংসদক!

নিউজ ডেস্ক। দেশৰ বিভিন্ন নিৰ্বাচনত ভােটাৰক প্ৰলােভিত কৰিবলৈ ৰাজনৈতিক দলসমূহে বিভিন্ন পন্থা গ্ৰহণ কৰে। ইয়াৰ মাজতে কিছুমানে নেতা-পালিনেতাই আকৌ আইন উলংঘা কৰি ভােটাৰক প্ৰত্যক্ষভাৱে নগদ ধন, সুৰা আদি প্ৰদান কৰে। কিন্তু দেশৰ ইতিহাসত এনে বে-আইনী কাৰ্য কৰিবলৈ গৈ কােনাে নিৰ্বাচিত ৰাজনৈতিক নেতা কাৰাদণ্ডৰ দৰে আইনী শাস্তিৰ সন্মুখীন হােৱাৰ ঘটনা পূৰ্বে হােৱাৰ উদাহৰণ নাই। কিন্তু এইবাৰ … Read more

সহস্ৰাধিকৰ উপস্থিতিত সম্পন্ন শ্বহীদৰ শেষকৃত্য, ভাতৃৰ নশ্বৰ দেহ দৰ্শনৰ পৰা বঞ্চিত হ’ল ভগ্নী

নিউজ ডেস্ক। জম্মু আৰু কাশ্মীৰৰ পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ কৃষ্ণ ঘাটি চেক্টৰত হোৱা এক লেণ্ডমাইন বিস্ফোৰণত শ্বহীদ হৈছিল সেনা জোৱান চিপাহী কমলদেৱ বৈদ্য। সেনাৰ দলে টহল দিয়া সময়ত শুকুৰবাৰে পুৱতি নিশা সংঘটিত হৈছিল এই ঘটনা। বিস্ফোৰণটোত এটা ভৰি আৰু কমলদেৱ বৈদ্যৰ আন অংশ ক্ষতিগ্ৰস্ত হৈছিল। ইয়াৰ পিছতেই শ্বহীদজনৰ নশ্বৰ দেহ হিমাচল প্ৰদেশৰ স্থানীয় ঘুৰৱী গাঁৱলৈ … Read more