হাতেৰে ঘূৰালেই বাজি উঠে এক ব্যতিক্ৰমী বাঁহী! জাপানলৈ ৰপ্তানি কৰি চৰ্চিত এজন শিল্পী

নিউজ ডেস্ক। সাধাৰণতে শিল্পী সকলে ওঁঠৰ সহায়ত বজায় বাঁহী। কিন্তু এইবাৰ এজন শিল্পীয়ে সৃষ্টি কৰিছে এক ব্যতিক্ৰমী বাঁহী যিটো বাঁহী বজাবলৈ প্ৰয়োজন নহয় ওঁঠৰ। আপুনি যদি হাতেৰে মুকলি বতাহত ইয়াক ঘুৰাই দিয়ে অথবা লৰচৰ কৰে তেন্তে ই বিভিন্ন ছন্দত বাজি উঠিব। আপুনি যিটো লয়ত বাঁহীটো লৰচৰ কৰিব, সেই অনুসৰি ই বাজি উঠিব এক ছন্দেৰে। বাঁহেৰে … Read more

অটােৰিক্সাত ভ্ৰাম্যমাণ ঘৰ নিৰ্মাণ কৰি চৰ্চিত এজন লােক, যৌথভাৱে কাম কৰাৰ প্ৰস্তাৱ দিলে আনন্দ মহিন্দ্ৰাই

নিউজ ডেস্ক। কিছুদিন পূৰ্বে গৃহ নিৰ্মাতা অৰুণ প্ৰভুৰ এক অপূৰ্ব সৃষ্টি ভাইৰেল হৈ পৰিছিল সৰ্বত্ৰে আৰু বৰ্তমান তেওঁৰ আকৰ্ষণীয় সৃষ্টিত মোহিত হৈ তেওঁৰ সৈতে একেলগে কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে দেশৰ প্ৰখ্যাত ব্যৱসায়ী আনন্দ মহিন্দ্ৰাই। অৰুণ প্ৰভুৱে সৃষ্টি কৰিছিল এখন অটোৰিক্সাৰ ওপৰত এটা ক্ষুদ্ৰ ঘৰ য’ত আছিল এখন বিচনা সহ শোৱনি কোঠা, পাকঘৰ আৰু স্নানাগাৰ। … Read more

হাইপ্ৰফাইল চুৰ! চুৰিকাণ্ডৰ বাবে ক্ৰয় কৰি ললে ৯০ লাখ টকাৰ ভূমি, সুৰংগ খান্দি প্ৰতিবেশীৰ ঘৰত চুৰিকাণ্ড

নিউজ ডেস্ক। এক আচৰিত চুৰিকাণ্ড। মাটিৰ তলেৰে সুৰংগ খান্দি চিকিৎসকৰ ঘৰত চুৰি কৰিলে চোৰে। এটা ৰূপ ভৰ্ত্তি বাকচ চুৰি কৰিবৰ বাবেই চোৰে বাছি ললে এই পদ্ধতি। আনকি চুৰ কৰিবলৈ সুবিধা হোৱাকৈ চোৰে ক্ৰয় কৰি ললে চিকিৎসকৰ ঘৰৰ কাষৰ মাটি। এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ জয়পুৰত। ঘটনা অনুসৰি, জয়পুৰৰ ডাঃ সুনিত চনি নামৰ চিকিৎসক জনৰ ঘৰত … Read more

হঠাতে নাৱৰ পৰা সাগৰত জাঁপ দিলে ৰাহুল গান্ধীয়ে! তাৰ পাছত…

ৰাহুল গান্ধী

নিউজ ডেস্ক। হঠাতে মাজ সাগৰত নাৱৰ পৰা জঁপিয়ালে কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীয়ে! ৰাহুলৰ পিচে পিচে জাঁপ দিলে মাছমৰীয়াই! কিন্তু হঠাতে কিয় এনে কৰিলে ৰাহুলে? দৰাচলতে কংগ্ৰেছৰ যুৱৰাজ তথা সাংসদ ৰাহুল গান্ধীক মঙ্গলবাৰে কেৰেলাত দেখা গ’ল অন্য ৰূপত। কেৰেলাৰ কল্লাম জিলাৰ থাংগাচাৰী উপকূলত সাংসদজনে সাগৰৰ মাছমৰীয়াৰ লগত নাওঁ চলাই মাছ ধৰাৰ লগতে সাঁতুৰায়ো দেখা পোৱা … Read more

CCTV কেমেৰাত বন্দী মাৰুতি ছুইফ্টৰ সৈতে টেংকাৰৰ সংঘৰ্ষ, নিহত ৬ কলেজীয়া ছাত্ৰ

নিউজ ডেস্ক। ৰাজপথত পুনৰ সংঘটিত হ’ল এক শােকাৱহ পথ দুৰ্ঘটনা। নিজৰ কলেজীয়া বন্ধুৰ জন্মদিন উদযাপন কৰি ঘৰলৈ ওভতাৰ পথত মৃত্যুক আঁকােৱালি ল’লে ৬ কলেজীয়া বন্ধুৱে। মধ্যপ্ৰদেশৰ ইন্দােৰ চহৰত সংঘটিত হয় এক ঘটনা। নিশা ১.੦৫ বজাত পথৰ কাষত ৰখাই থােৱা টেংকাৰত পাছফালৰ পৰা খুন্দিয়ায় এখন তীব্ৰবেগী যাত্ৰীবাহী মাৰুতি ছুইফ্ট গাড়ীয়ে। এই সংঘৰ্ষ ইমানেই ভয়ংকৰ আছিল যে … Read more

NO NETWORK! ম’বাইল ফোনৰ নেটৱৰ্কৰ বাবে মন্ত্ৰী উঠিল ৫০ ফুট উচ্চতাৰ দোলন যন্ত্ৰলৈ! ভিডিঅ’ ভাইৰেল

নিউজ ডেস্ক। যেতিয়া মোবাইল ফোনৰ নেটৱৰ্ক নাথাকে, তেতিয়াই বহুতেই মুকলি ঠাইলৈ বা ওখ স্থানলৈ যায় নেটৱৰ্ক পাবলৈ। কিন্তু এইবাৰ নেটৱৰ্ক লাভৰ বাবে এজন ব্যক্তিয়ে কৰা উপায় ভাইৰেল হৈ পৰিছে সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত। ব্যক্তিজন অৱশ্যে কোনো সাধাৰণ ব্যক্তি নহয়, তেওঁ স্বয়ং এখন ৰাজ্যৰ এজন দায়িত্বশীল মন্ত্ৰী। মন্ত্ৰীজনে নেটৱৰ্ক লাভৰ বাবে বগাই গল ৫০ ফুট … Read more

অঘটন! অৱতৰণৰ সময়ত বিদ্যুতৰ খুঁটাত খুন্দা মাৰিলে এয়াৰ ইণ্ডিয়াৰ বিমানে!

নিউজ ডেস্ক। অৱতৰণৰ সময়ত অন্ধ্ৰ প্ৰদেশৰ বিজয়ৱাডা আন্তৰ্জাতিক বিমানবন্দৰ বিদ্যুতৰ খুঁটাত খুন্দা মাৰিলে এয়াৰ ইণ্ডিয়াৰ এখন বিমানে। কিন্তু সৌভাগ্যক্ৰমে বৰ বিশেষ ক্ষতি নহল বিমান খনৰ। সুৰক্ষিত থাকিল বিমানখনৰ ৬৪ গৰাকী যাত্ৰীৰ লগতে বিমান কৰ্মীসকল। এই কথা জানিবলৈ দিয়ে বিমানবন্দৰটোৰ সঞ্চালক জে মধুসূদন ৰাওৱে। শনিবাৰে কাটাৰৰ দ’হাৰ পৰা বিজয়ৱাডা হৈ তামিলনাডুৰ তিৰুচিৰাপাল্লিলৈ বুলি আহিছিল বিমানখন। মুঠ … Read more

মৰ্মান্তিক! একেলগে পৰীক্ষা দিবলৈ গৈ বাছ দুৰ্ঘটনাত প্ৰাণ গ’ল নৱ দম্পতীৰ!

নিউজ ডেস্ক। নিয়তীৰ কি নিষ্ঠুৰ পৰিহাস! যুগ্ম জীৱনৰ পাতনি মেলাৰ সময়তে এক শােকাৱহ দুৰ্ঘটনাত প্ৰাণ কাঢ়ি নিলে নৱ দম্পতীৰ। যােৱা ১৬ ফেব্ৰুৱাৰীত মধ্যপ্ৰদেশৰ সিধি জিলাৰ পাটনা গাঁৱত সংঘটিত ভয়াৱহ বাছ দুৰ্ঘটনাই কাঢ়ি নিছিল ৫১ জনকৈ লােকৰ প্ৰাণ। এই অভিশপ্ত বাছখনতে যাত্ৰা কৰিছিল জিলাখনৰ গেৱটা গাঁও পঞ্চায়তৰ বাসিন্দা অজয় আৰু পত্নী তপস্যা। উল্লেখ্য যে ৮ জুন … Read more

পোহনীয়া গৰুৰ দেহত সংস্থাপন কৰা হ’ব মাইক্ৰ’ চিপ! ৰাজপথত ধৰা পৰিলে জৰিমনা ২৫,০০০ টকা

নিউজ ডেস্ক। সাধাৰণতে নগৰ অঞ্চলত পোহনীয়া গৰু সমূহ গৰাকীয়ে এৰাল নিদি এৰি দিয়া দেখা যায়। যাৰ ফলত গৰুৰ গোবৰে নগৰ বা চহৰৰ পথ সমূহ লেতেৰা কৰাৰ লগতে দুৰ্ঘটনা হোৱাও দেখা যায়। কিন্তু এতিয়াৰ পৰা সাৱধান! যদি গৰুৱে ৰাজপথ লেতেৰা কৰে বা দুৰ্ঘটনা কৰে, তেন্তে গৰাকীয়ে ভৰিব লাগিব ২৫,০০০ টকা জৰিমনা। সেয়েহে প্ৰতিটো গৰুৰ দেহত সংস্থাপন … Read more

২৫ বছৰে মহিলাৰ শ্বাস নলীত থাকিল হুইচেল! অস্ত্ৰােপচাৰ কৰি উলিয়ালে চিকিৎসকে

নিউজ ডেস্ক। এক আচৰিত ঘটনা। ৪০ বছৰীয়া মহিলাৰ শ্বাস নলীত ধৰা পৰিল হুইচেল। কিশোৰ অৱস্থাতে খেলি থাকোতে মহিলা গৰাকীয়ে গিলি দিছিল সৰু হুইচেলটো। ২৫ বছৰ শ্বাস নলীত থাকিল হুইচেলটো। মহিলা গৰাকীয়ে দীৰ্ঘদিন ভুগি আছিল কাহৰ অসুখত। অৱশেষত চিকিৎসকে অস্ত্ৰোপ্ৰচাৰ কৰি উলিয়ালে হুইচেলটো। এই ঘটনা কেৰেলাৰ কান্নুৰ জিলাৰ মাত্তান্নুৰৰ। Kerala: Doctors at government medical college in … Read more