প্ৰশিক্ষণৰ সময়তে প্ৰাণ ত্যাগ আৰক্ষী পিতৃৰ একমাত্ৰ সন্তান মনেশ্বৰৰ…

নিউজ ডেস্ক। অসমীয়াত এষাৰ কথা আছে- দাতাই দিলেও বিধাতাই নিদিয়ে। এই কথাই যেন বাস্তৱায়িত হ’ল অসম আৰক্ষীৰ এগৰাকী নৱ-নিযুক্ত উপ-পৰিদৰ্শকৰ ক্ষেত্ৰত। সৰুৰে পৰা আৰক্ষী পিতৃৰ দৰেই নিজে এগৰাকী আৰক্ষী বিষয়া হােৱাৰ সপােন দেখা কােকৰাঝাৰৰ মনেশ্বৰ পণ্ডিৰ এই সপােন পূৰ্ণ হ’ল যদিও প্ৰশিক্ষণৰ সময়তে নিষ্ঠুৰ নিয়তিয়ে অকালতে কাঢ়ি নিলে তেওঁৰ প্ৰাণ। মনেশ্বৰ পণ্ডিত উল্লেখ্য যে শ্বিলঙৰ … Read more

অৰুণাচল প্ৰদেশত হিমস্খলনত শ্বহীদ ৭ ভাৰতীয় সেনা জােৱান

নিউজ ডেস্ক। দেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সুৰক্ষাৰ বাবে পহৰাৰত অৱস্থাতে শ্বহীদ হ’ল ৭ জনকৈ ভাৰতীয় সেনাৰ জােৱান। অৰুণাচল প্ৰদেশৰ কামেং জিলাৰ বৰফাবৃত্ত দুৰ্গম এলেকাত হিমস্খলনত আবদ্ধ হৈ দেশৰ বাবে প্ৰাণ ত্যাগ কৰিলে ৭ বীৰ সেনা জােৱানে। উল্লেখ্য যে যােৱা ৬ ফেব্ৰুৱাৰীত সংঘটিত হিমস্খলনৰ পাছতে বৰফৰ মাজত আবদ্ধ হৈ সন্ধানহীন হৈ পৰে সেনা জোৱান কেইগৰাকী। অৱশেষত মঙ্গলবাৰে … Read more

অৰুণাচল প্ৰদেশত হিমস্খলনত আবদ্ধ হৈ শ্বহীদ ৭ ভাৰতীয় সেনা জোৱান…

নিউজ ডেস্ক। অৱশেষত উদ্ধাৰ হ’ল অৰুণাচল প্ৰদেশৰ কামেং সীমান্তত সন্ধানহীন হৈ থকা ৭ জোৱানৰ নশ্বৰদেহ। ৬ ফেব্ৰুৱাৰীৰ পৰা হিমস্খলনত আবদ্ধ হৈ সন্ধানহীন হৈ আছিল সেনা জোৱান কেইগৰাকী। অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত টহল দিয়াৰ অৱস্থাতে হিমস্খলনত আৱদ্ধ হৈ পৰে বহু কেইজন ভাৰতীয় সেনা জোৱান। ইয়াৰে ৭ জন জোৱান তুষাৰস্খলনৰ ফলত সন্ধানহীন হৈ আছিল। অৱশেষত মঙ্গলবাৰে কামেঙ … Read more

ক’ভিডত আক্ৰান্ত কনৰাড চাংমা, চাৰ্টাৰ বিমানত অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে একেলগে কৰিছিল দিল্লী যাত্ৰা

নিউজ ডেস্ক। মেঘালয় ৰাজ্য প্ৰতিষ্ঠাৰ সােণালী জয়ন্তীৰ দিনাখনে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা ক’ভিড-১৯ পজিটিভ হিচাপে চিনাক্ত হােৱাত পূৰ্ব নিৰ্ধাৰিত সকলাে চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণৰ পৰা বিৰত থাকিব লগীয়া হয়। ক’ভিড-১৯ পজিটিভ হােৱাৰ কথা শুকুৰবাৰে টুইটাৰৰ জৰিয়তেই প্ৰকাশ কৰিছে কনৰাড চাংমাই। I have tested positive for COVID-19. I am isolating myself for the required time. I have … Read more

প্ৰবল শিলাবৃষ্টি! শুভ্ৰ আচ্ছাদনত মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলং

নিউজ ডেস্ক। পুনৰ প্ৰবল শিলাবৃষ্টিৰ কবলত পৰিছে অসমৰ প্ৰতিবেশী ৰাজ্য মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলং। বুধবাৰে দিনৰ ভাগত হােৱা প্ৰবল বৰষুণ আৰু শিলাবৃষ্টিৰ ফলত চহৰখনৰ অধিকাংশতে বগা ৰঙৰ আৱৰণ ঢাকি পেলােৱা পৰিলক্ষিত হয়। চহৰখনৰ বাসিন্দাসকলে সামামিক মাধ্যমতাে এনে দৃশ্যৰ ভিডিঅ’ আৰু ফটাে শ্বেয়াৰ কৰে। প্ৰবল শিলাবৃষ্টিৰ ফলত চহৰখনৰ তাপমাত্ৰাও অৱনমিত হয়। Earlier today in #Shillong pic.twitter.com/w1EfXS9Fxp … Read more

পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে এজন ব্যক্তিৰ ধৰ্মযুদ্ধ!

স্বচ্ছতা

নিউজ ডেস্ক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ ২ অক্টোবৰ তাৰিখে আৰম্ভ কৰিছিল স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী। কিন্তু তাৰ পূৰ্বেই এজন ব্যক্তি আছিল, যিয়ে পৰিষ্কাৰ পৰিচ্ছন্নতা কি বুজি পাইছিল। তেওঁ বুজি পাইছিল যে এইটো এক স্বৰ্গীয় কাম। সেই কাৰ্যৰ দ্বাৰা তেওঁ মানুহক জনালে যে তেওঁৰ চাৰিওফাল পৰিষ্কাৰ কৰি ৰখাটো তেওঁৰ এক নৈতিক কৰ্তব্য। আৰু সেই বিশেষ … Read more

অৰুণাচল প্ৰদেশত বায়ুসেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনা, কথমপি প্ৰাণৰক্ষা দুই পাইলটসহ ৫ জনৰ

অৰুণাচল প্ৰদেশত দুৰ্ঘটনাত পতিত হ’ল ভাৰতীয় বায়ু সেনাৰ MI-17 হেলিকপ্টাৰ। ৰাজ্যখনৰ পূব প্ৰান্তৰ আনজাও জিলাৰ ৰোচাম হেলিপেডত অৱতৰণৰ সময়ত সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা মতে, হেলিকপ্টাৰে হায়ুলিয়াঙৰ পৰা ৰোচামলৈ সেনাৰ বাবে ৰেচন চৰ্টি কৰি আছিল। সেই সময়তে অৱতৰণৰ সময়ত দিনৰ ৯ বাজি ২৫ মিনিটত যান্ত্ৰিক বিজুতিৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই ৰােচাম হেলিপেডৰ নিচেই কাষত ভূ-পতিত … Read more

ক’ভিডত আক্ৰান্ত হৈ মানৱ দৰদী মহিলা চিকিৎসকৰ মৃত্যু

নিউজ ডেস্ক। এক দুঃখবৰ। দৰিদ্ৰ তথা বিশেষভাৱে সক্ষম লোকক সহায়ৰ বাবে অহৰ্নিশে কাম কৰি অহা মানৱ দৰদী চিকিৎসকৰ মৃত্যু। যাৰ মৃত্যুত ভাগি পৰিছে বহুতো দৰিদ্ৰ তথা অসহায় লোক। সেই মহান চিকিৎসক গৰাকী হ’ল অৰুণাচল প্ৰদেশৰ নাহৰলগুনৰ চিকিৎসক ডাঃ গাম্বা পাডু ৰিবা। যি ইটানগৰৰ দৰিদ্ৰ লোকসকলক সহায় কৰিবলৈ তেওঁৰ নিয়মীয়া কৰ্তব্যৰ উপৰিও গৈছিল। আৰু অৱশেষত মঙলবাৰে … Read more

বৃহৎ পৰিমাণৰ চােৰাং সােণ- নিষিদ্ধ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ ৯

নিউজ ডেস্ক। অসম আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছৰ লগতে বিভিন্ন অপৰাধী চক্ৰৰ বিৰুদ্ধে অব্যাহত ৰখা অভিযানৰ মাজতে এইবাৰ এনে অপৰাধীৰ বিৰুদ্ধে বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ প্ৰতিবেশী ৰাজ্য নাগালেণ্ডৰ আৰক্ষীয়ে। নাগালেণ্ড আৰক্ষীয়ে পৃথক পৃথক অভিযানত বৃহৎ পৰিমাণৰ সোণ আৰু ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে। নাগালেণ্ড আৰক্ষীয়ে কহিমাৰ বিভিন্ন প্ৰান্তৰ পৰা জব্দ কৰে চোৰাং সোণ আৰু … Read more

NSD ত সহকাৰী অধ্যাপক হিচাপে নিযুক্তি অৰুণাচল প্ৰদেশৰ ৰিকেন নগমলেক

নিউজ ডেস্ক। উত্তৰ-পূব, বিশেষকৈ অৰুণাচল প্ৰদেশৰ নাট্যপ্ৰেমী লােকৰ বাবে এক ভাল খবৰ। নতুন দিল্লীৰ সন্মানীয় নেচনেল স্কুল অৱ ড্ৰামা (এনএছডি)ত সহকাৰী অধ্যাপক (অভিনয়) হিচাপে নিযুক্তি লাভ কৰিছে অৰুণাচল প্ৰদেশৰ ৰিকেন নগমলেয়ে। এনএছডিৰ সহকাৰী অধ্যাপক (অভিনয়) হিচাপে নিযুক্ত হোৱা ৰাজ্যখনৰ তেওঁৱেই হৈছে প্ৰথমজন লোক। নগমলে লৱাৰ চিয়াং জিলাৰ হিমে গাঁৱৰ বাসিন্দা। ইয়াৰ পূৰ্বে তেওঁ হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ … Read more