মৰ্মান্তিক! ঘৰলৈ ওভতাৰ আগদিনা দুৰ্ঘটনাত পতিত হৈ মৃত্যু বহিঃৰাজ্যত অধ্যয়নৰত অসমৰ পুনমৰ…

নিউজ ডেস্কঃ পিছদিনা ঘৰলৈ ওভতাৰ কথা। তাৰ পূৰ্বে আগদিনা বজাৰ কৰিবলৈ গৈ বহিঃৰাজ্যত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল অসমৰ পুনমে। বাংগালুৰুৰ শ্ৰীকৃষ্ণ ইনষ্টিটিউট অৱ টেকন’লজীত বি টেক্ অধ্যয়ন কৰি থকা পুনম দাস নামৰ ছাত্ৰীগৰাকীয়ে শুকুৰবাৰে বিমানযোগে ঘৰলৈ অহাৰ কথা আছিল। যাৰ বাবে তেওঁ বৃহস্পতিবাৰে দুই-এপদ সামগ্ৰী ক্ৰয় কৰিবলৈ বজাৰলৈ ওলাই গৈছিল। কিন্তু তেতিয়াই এখন তীব্ৰবেগী … Read more

মৰ্মান্তিক! কলেজলৈ যােৱাৰ পথত ট্ৰেক্টৰে মহটিয়াই নিলে মেধাবী ছাত্ৰীক, থিতাতে মৃত্যু

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা। অকালতে প্ৰাণ গ’ল এগৰাকী মেধাবী ছাত্ৰীৰ। লখিমপুৰত সংঘটিত হৈছে এই শোকাৱহ পথ দুৰ্ঘটনা। ট্ৰেক্টৰৰ খুন্দাত থিতাতে প্ৰাণ গ’ল লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰী লুকুমণি সোণোৱালৰ। দুৰ্ঘটনাটো সংঘটিত হৈছে লখিমপুৰৰ চুতীয়াকাৰিত। জানিব পৰামতে, লুকুমণি নামৰ ছাত্ৰীগৰাকীয়ে ৰাতিপুৱা মহাবিদ্যালয়লৈ গৈ থকা অৱস্থাত এখন তীব্ৰবেগী ট্ৰেক্টৰে মহতিয়াই নিয়ে। ফলত দুৰ্ঘটনাস্থলীতে নিহত … Read more

মৰ্মান্তিক! কৰ্তব্যস্থলীৰ পৰা ঘৰলৈ ওভতাৰ পথত ৰে’লৰ পৰা পিছলি অধ্যাপিকাৰ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। কৰ্তব্যস্থলীৰ পৰা ৰে’লত উঠি ঘৰলৈ ওভতাৰ সময়তে দুৰ্ভাগ্যক্ৰমে ৰে’লৰ পৰা নমাৰ সময়ত পিছলি কৰুণ মৃত্যু ঘটিল এগৰাকী অধ্যাপিকাৰ। দুৰ্ভগীয়া অধ্যাপিকাগৰাকীৰ নাম ডঃ সঞ্জিতা সিন্হা। বয়স ৫੦ বছৰ। এই ঘটনাৰ স্থান গুৱাহাটীৰ নাৰেংগী ৰেল ষ্টেচন। জানিব পৰা মতে, বৃহস্পতিবাৰে বিয়লিৰ ভাগতনগাঁও-গুৱাহাটী অভিমুখী নামনিমুৱা কলংপাৰ পেছেঞ্জাৰ ৰে’লগাড়ীৰ পৰা নামিবলৈ লোৱাৰ সময়তে সংঘটিত … Read more

দুঃখবৰ! নেমকেয়াৰ হাস্পতালত জীৱন নাট সামৰি শেষ নিশ্বাস ত্যাগ জ্যেষ্ঠ সাংবাদিক, লেখক শিৱনাথ বৰ্মনৰ

নিউজ ডেস্কঃ অৱশেষত জীৱন নাট সামৰি বিদায় মাগিলে ৰাজ্যৰ প্ৰবীণ সাংবাদিক, লেখক, শিক্ষাবিদ শিৱনাথ বৰ্মনে। গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত বিগত প্ৰায় এসপ্তাহ ধৰি চিকিৎসাধীন হৈ থাকি বৃহস্পতিবাৰে সন্ধিয়া শেষ নিশ্বাস ত্যাগ জ্যেষ্ঠ সাংবাদিকগৰাকীৰ। উল্লেখ্য যে, বৃক্ক, হাওঁফাঁওৰ সমস্যাৰ লগতে মধুমেহ, ৰক্তচাপৰ দৰে ৰোগত আক্ৰান্ত হৈ আছিল শিৱনাথ বৰ্মন। শাৰীৰিক অসুস্থতাৰ বাবে নেমকেয়াৰ হাস্পতালৰ আইচিইউত ৰখা হৈছিল … Read more

ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল অসমৰ বনস্মিতা, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক উপহাৰ দিলে নিজে অংকন কৰা চিত্ৰ…

নিউজ ডেস্কঃ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিল অসমৰ বনস্মিতা। কেন্দ্ৰীয় শক্তি মন্ত্ৰণালয়ে অনুষ্ঠিত কৰা চিত্ৰাংকণ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰি উজ্বলি উঠে অসম কন্যা বনস্মিতা কাশ্যপ। তাৰ পিছতে বুধবাৰে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা বনস্মিতাই গ্ৰহণ কৰে পুৰস্কাৰ। উল্লেখ্য যে, শক্তি সংৰক্ষণৰ ওপৰত যোৱা ১১ ডিচেম্বৰত কেন্দ্ৰীয় শক্তি মন্ত্ৰণালয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত কৰিছিল এখন চিত্ৰাংকণ প্ৰতিযোগিতাৰ। … Read more

মৰ্মান্তিক! বাগিচাত বহি অত্যাধুনিক মেচিনেৰে কলম কটা চাই থাকোতেই মেচিনৰ ক্ষুৰধাৰ ব্লেডে ভেদ কৰিলে বুকু, ব্যৱসায়ী ভাইটি কছাৰীৰ মৃত্যু

নিউজ ডেস্কঃ বাগিচাত অত্যাধুনিক মেচিনেকে কলম কটা চাই থাকোতেই কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হ’ল এগৰাকী চাহ ব্যৱসায়ী তথা সমাজ সেৱকে। এই মৰ্মান্তিক ঘটনা সংঘটিত হয় তিনিচুকীয়া জিলাৰ ৩নং ডিব্ৰুজানত। জানিব পৰা মতে, বুধবাৰে পুৱা পেঙেৰী নিৱাসী বিশিষ্ট সমাজসেৱক তথা চাহ ব্যৱসায়ী হিতেশ্বৰ কছাৰী ওৰফে ভাইটি (৫০)য়ে ৩নং ডিব্ৰুজানত থকা নিজা চাহ বাগিচাত অত্যাধুনিক মেচিনেকে শ্ৰমিকে … Read more

ভয়ংকৰ! বাইক আৰোহীক বচাবলৈ গৈয়ে ডিভাইডৰত উঠিল ফৰ্চুনাৰ বাহন, গুৰুতৰভাৱে আহত ২ জন

নিউজ ডেস্কঃ নগাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। বাইক আৰোহীক বচাবলৈ গৈ দুৰ্ঘটনাত পতিত এখন চাৰিচকীয়া বাহন। নগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন লোক। জানিব পৰা মতে, নলবাৰীৰ পৰা তেজপুৰ অভিমুখে গৈ থকা AS 01EA 0920 নম্বৰৰ ফৰ্চুনাৰ বাহনখনৰ সন্মুখত হঠাৎ উপস্থিত হয় এখন বাইক। বাইক আৰোহীক বচাবলৈ ফৰ্চুনাৰ … Read more

আজৱ কাণ্ড! বিয়াৰ ৰভাতলীতে তয়াময়া ৰণ দৰা-কইনাৰ, ভাইৰেল ভিডিঅ’ই কঁপাইছে নেট দুনীয়া…

নিউজ ডেস্কঃ ভাৰতীয় পৰম্পৰাত বিয়া বুলি ক’লে এক মধুৰ মুহূৰ্তৰ কথাই মনলৈ আহে, য’ত দুটি মনে এক হোৱাৰ পণ লয়। লাজ-শংকাত দুৰু দুৰুকৈ কঁপি থকা দুটি মনে বিয়াৰ ৰভাতলীতে সংগোপনে ৰচে যুগ্ম জীৱনৰ অলেখ সপোন। কিন্তু বিয়াৰ ৰভাতলীতে যদি দৰা-কইনাৰ মাজত আৰম্ভ হয় তয়াময়া ৰণ… অবিশ্বাস্য যেন লগা এনে ঘটনাৰে এটা ভিডিঅ’ এতিয়া ভাইৰেল হৈ … Read more

শোকাবহ! ঘৰৰ পদূলিতে হাতীৰ গছকত মৃত্যু নৱম শ্ৰেণীৰ ছাত্ৰীৰ, সংকটজনক মাতৃৰ অৱস্থাও…

নিউজ ডেস্কঃ যোৰহাট জিলাৰ মৰিয়নীত মঙলবাৰে পুৱতি নিশা সংঘটিত এক মৰ্মান্তিক ঘটনা। ঘৰৰ পদূলিতে বন্যহস্তীৰ গছকত অকাল মৃত্যুক সাৱটি লয় এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীয়ে। ইফালে হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে মাতৃও। পুৱতি নিশা মৰিয়নীৰ বিজয়পুৰত সংঘটিত হয় এই শোকাবহ ঘটনাটো। জানিব পৰা মতে, পুৱতি নিশা গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই … Read more

মৰ্মান্তিক! পত্নী কেন্সাৰ ৰোগী, চিকিৎসাৰ বাবে নিবলৈ বাছৰ বাবে অপেক্ষা কৰি থাকোতেই তীব্ৰবেগী মেজিকে মহটিয়াই নিলে দম্পতীক, মৃত্যু

নিউজ ডেস্কঃ দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত পত্নীক চিকিৎসাৰ বাবে নিবলৈ পথৰ দাঁতিত বাছৰ বাবে অপেক্ষা কৰি আছিল এহাল দম্পতী। সেই সময়তে তীব্ৰবেগী এখন মেজিকে নিয়ন্ত্ৰণ হেৰুৱাই দুয়োকে মহটিয়াই নিয়াত প্ৰাণ হেৰুৱাবলগীয়া হ’ল দম্পতীহালে। সোমবাৰে পুৱাই এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় ঢেকীয়াজুলিৰ ভোটপাৰা গাঁৱত। জানিব পৰা মতে, সোমবাৰে পুৱতি নিশা কৰ্কট ৰোগত আক্ৰান্ত পত্নীৰ চিকিৎসাৰ বাবে … Read more