ভাল খবৰ! দেশত একক পালিৰ ক’ভিড–১৯ ভেকচিনত অনুমোদন, অচিৰেই হ’ব উপলব্ধ

নিউজ ডেস্ক। কোৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ দেশত সংযোজিত হ’ল আৰু এটি প্ৰতিষেধক। যিটো প্ৰতিষেধকৰ এপালি (Single Dose) গ্ৰহণ কৰিলে ক’ভিড-১৯ৰ বিৰুদ্ধে দেহত গঢ়ি উঠিব প্ৰতিৰক্ষা। সেইয়া হ’ল ‘জনছন এণ্ড জনছন’ৰ জনচীন ভেকচিন। ভাৰতত জৰুৰীভাৱে এই প্ৰতিষেধক প্ৰদানৰ বাবে অনুমতি বিচাৰিছিল ‘জনছন এণ্ড জনছন’ কোম্পানীয়ে। মাৰ্কিন এই ঔষধ নিৰ্মাণকাৰী সংস্থাই এক বিবৃতি জাৰি কৰি কয় যে, … Read more

বানৰ মাজতে সম্পন্ন হ’ল বিয়া, নাৱেৰে ঘৰলৈ যাত্ৰা দৰা-কইনাৰ

নিউজ ডেস্ক। এক ব্যতিক্ৰম বিবাহ। বিবাহৰ আয়োজন চলিছিল ধুমধামেৰে। কিন্তু হঠাতে অহা বানৰ বাবে তেওঁলোক পৰিল বিপাঙত। তথাপিও আয়োজন কৰিলে বিবাহ। যাৰ ফলত দৰাই কইনা আনিবলৈ গ’ল নাৱত। আৰু নাৱত উঠিয়েই কইনা আহিল দৰাৰ ঘৰলৈ। এই ঘটনা পশ্চিম বংগৰ হাওৰাৰ উদয়নাৰায়ণপুৰৰ আমটা ব্লকৰ। জানিব পৰা মতে, বিবাহখনৰ দৰা আছিল চিৰঞ্জীত পাত্ৰ। আৰু কইনা আছিল দক্ষিণ … Read more

নিৰজ চােপ্ৰালৈ হাৰয়ানা চৰকাৰৰ ৬ কােটি, মণিপুৰ চৰকাৰৰ ১ কােটি টকা প্ৰদানৰ ঘােষণা

নিউজ ডেস্ক। দেশৰ অলিম্পিকৰ ইতিহাসত ব্যক্তিগত শাখাত স্বৰ্ণ পদক জয় কৰা প্ৰথমজন এথলীট হিচাপে দেশবাসীক গৌৰৱান্বিত কৰিলে ভাৰতীয় সেনাৰ চুবেদাৰ নিৰজ চােপ্ৰাই। নিৰজ চােপ্ৰাৰ এই ঐতিহাসিক সাফল্যক লৈ সমগ্ৰ দেশজুৰি বৈছে আনন্দৰ বন্যা। নিৰজ চােপ্ৰাই বাস কৰা হাৰয়ানাৰ পানীপতত উঠিছে আনন্দৰ জােৱাৰ। ইপিনে, হাৰয়ানা চৰকাৰে ৰাজ্যখনত খেল নীতি অনুসৰি নিৰজ চােপ্ৰালৈ নগদ ৬ কােটি টকা … Read more

টকিঅ’ত স্বৰ্ণজয়ী নিৰজ চােপ্ৰা ভাৰতীয় সেনা বাহিনীৰ চুবেদাৰ

নিউজ ডেস্ক। অৱশেষত টকিঅ’ অলিম্পিকত ভাৰতৰ বাবে স্বৰ্ণ পদক আজুৰি আনিলে এথলিট নিৰজ চােপ্ৰাই। দুৰ্দান্ত প্ৰদৰ্শনেৰে জেভেলিন থ্ৰ’ত সৰ্বশ্ৰেষ্ঠ খেলুৱৈ হিচাপে উপনীত হ’ল নিৰজ চােপ্ৰা। নিৰজৰ এই সাফল্যত গৌৰৱান্বিত দেশবাসী। আনন্দৰ বন্যা বৈছে নিৰজৰ ওপজা ঠাই হাৰয়ানাৰ পানীপতত। এই ফাইনেল খেলৰ বাবে অপেক্ষাৰত আছিল দেশবাসী আৰু দেশবাসীৰ আশা পূৰণ কৰি স্বৰ্ণজয় কৰিলে নিৰজ চােপ্ৰাই। The … Read more

দেশবাসীক গৌৰৱান্বিত কৰি টকিঅ’ত প্ৰথমটাে স্বৰ্ণ পদক জয় নিৰজ চোপ্ৰাৰ

নিউজ ডেস্ক। টকিঅ’ অলিম্পিকত প্ৰথমটাে স্বৰ্ণ পদক জয় ভাৰতৰ। জেভেলিন থ্ৰ’ত দুৰ্দান্ত প্ৰদৰ্শনেৰে শীৰ্ষস্থান দখল নিৰজ চােপ্ৰাৰ। প্ৰথম ৰাউণ্ডত ৮৭.৫৮ মিটাৰ থ্ৰ’ কৰি শীৰ্ষস্থান দখল কৰে নিৰজ চােপ্ৰাই। উল্লেখ্য যে নিৰজ চােপ্ৰাৰ পৰা টকিঅ’ত দেশৰ প্ৰথমটাে স্বৰ্ণ পদকৰ আশা কৰা হৈছিল আৰু চােপ্ৰাই সেই আশা পূৰণ কৰিবলৈ সক্ষম হয়। নিৰজৰ এই সাফল্যৰ পাছতে তেওঁৰ ওপজা … Read more

শোকাৱহ! মৌমাখিৰ কামোৰত এগৰাকী কণমানিৰ কৰুণ মৃত্যু

নিউজ ডেস্ক। কলগাছিয়াৰ বালাৰপথাৰত শোকাৱহ ঘটনা। মৌমাখিয়ে কামোৰাৰ ফলত এগৰাকী শিশুৰ কৰুণ মৃত্যু। এই ঘটনাক লৈ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালাৰপথাৰ গাঁৱত বিৰাজ কৰিছে এক শোকাকুল পৰিৱেশ। শুকুৰবাৰে মাকৰ লগত খৰিচালা আবাদি গাঁৱত আইতাকৰ ঘৰলৈ আহি মৃত্যু হয় তিনি বছৰীয়া এটি কণমানিৰ। মৃত শিশুগৰাকী বালাৰপথাৰ গাঁৱৰ আজিজুৰ হকৰ পুত্ৰ বুলি জানিব পৰা গৈছে। শিশুটিক মৌমাখিয়ে … Read more

পেট্ৰল পাম্পত প্ৰৱেশ ঘৰিয়ালৰ! সামাজিক মাধ্যমত দৃশ্য ভাইৰেল

নিউজ ডেস্ক। উত্তৰ প্ৰদেশৰ ললিতপুৰ জিলাত একেৰাহে চাৰি দিন বৰষুণ হোৱাৰ ফলতে প্ৰবল বানপানীৰ সৃষ্টি হৈছে। যাৰ ফলত নদীৰ জীৱ-জন্তু সমূহৰ প্ৰৱেশ ঘটিছে জনাঞ্চলত। বৰষুণৰ মাজতে এটা অদ্ভুত দৃশ্যও দেখা পোৱা গ’ল। য’ত ললিতপুৰৰ লগাউনৰ পথৰ কাষৰ এটা পেট্ৰল পাম্পত উপস্থিত হল এটা ঘৰিয়াল। যিটোৱে এক কৌতূহলী পৰিৱেশৰ সৃষ্টি কৰে। বিভিন্নজনে ঘৰিয়ালৰ ফটাে উঠাবলৈ হেতা … Read more

ৰবি দাহিয়ালৈ হাৰয়ানা চৰকাৰৰ ৪ কোটি টকা, প্ৰথম শ্ৰেণীৰ চাকৰিৰ লগতে বিভিন্ন সা-সুবিধা

নিউজ ডেস্ক। টকিঅ’ অলিম্পিকত বৃহস্পতিবাৰে মল্লযুঁজত ৰূপৰ পদক লাভ কৰিছিল ৰবি দাহিয়াই। ৰাছিয়াৰ প্ৰতিদ্বন্দীক ৫৭ কিলোগ্ৰাম শাখাত ৭-৪ ব্যৱধানত হৰুৱাই তেওঁ লাভ কৰিছিল ৰূপৰ পদক। তেওঁ দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ পিছতেই অজস্ৰজনে তেওঁক জনাইছিল শুভেচ্ছা। দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে তেওঁৰ গৃহ ৰাজ্য হাৰিয়ানা চৰকাৰেও তেওঁক জনাইছিল উষ্ম অভিনন্দন। তেওঁৰ এই অনবদ্য অৱদানৰ বাবে হাৰিয়ানাৰ … Read more

প্ৰশিক্ষণৰ সময়ত সহায় কৰা অচিনাকী ট্ৰাক চালকসকলক কাষত পাই উচুপি উঠিল মীৰাবাঈ চানু

নিউজ ডেস্ক। চলিত টকিঅ’ অলিম্পিকত ভাৰোত্তোলনত ৰূপৰ পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল মণিপুৰৰ মীৰাবাই চানুৱে। যাক লৈ সমগ্ৰ দেশবাসী হৈ পৰিছিল উৎফুল্লিত। সেই মীৰাবাই চানুৱে এইবাৰ কিছু ট্ৰাক চালকৰ সমুখত হুকহুকাই কান্দি উঠিল। কিন্তু কিয় কান্দি উঠিল জানেনে? তেওঁৰ মতে সেই ট্ৰাক চালকসকলৰ অবিহনে তেওঁ আজি অলিম্পিকত পদক লাভ কৰিব নোৱাৰিলেহেঁতেন। জানিব পৰা … Read more

বানপানীত মাজতে চহৰত প্ৰৱেশ ঘৰিয়ালৰ, কান্ধত উঠাই ছেল্ফি একাংশৰ!

নিউজ ডেস্ক। মধ্য প্ৰদেশৰ শিৱপুৰী জিলাত দেখা গ’ল এক আচৰিত দৃশ্য। দৃশ্যটো বৰ্তমান ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। বৰ্তমান মধ্য প্ৰদেশৰ কেইবাখনো জিলাত বানে প্ৰভাৱিত কৰিছে। সেই সমূহৰ ভিতৰত শিৱপুৰীও অন্যতম। জিলাখনত বানৰ ফলত এটা প্ৰকাণ্ড ঘৰিয়াল আহি প্ৰৱেশ কৰে এখন গাৱঁত। বিশাল আকাৰৰ ঘৰিয়ালটোক প্ৰত্যক্ষ কৰি গাৱঁৰ এচাম লোকে ধৰিবলৈ চেষ্টা কৰে। ঘৰিয়ালটো ধৰি … Read more