দিল্লীত কৰ্মৰত অসমৰ দুগৰাকী অধ্যাপকৰ ক’ভিড-১৯ত মৃত্যু

নিউজ ডেস্ক। ক’ভিড-১৯ৰ দ্বিতীয়টাে ঢৌৱে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে দেশৰ ৰাজধানী নতুন দিল্লীত। এনে ভয়াৱহ পৰিস্থিতিৰ মাজতে নতুন দিল্লীত বিভিন্ন ক্ষেত্ৰত কৰ্মৰত অসমীয়া লােকৰ ধাৰাবাহিক মৃত্যুৰ ঘটনাও অব্যাহত আছে। বিগত এপষেকত দিল্লীত প্ৰাণ হেৰুৱাইছে অসমৰ কেবাজনাে সাংবাদিক, অধ্যাপকৰ লগতে বহু লােকে। পুনৰ ক’ভিড-১৯ৰ সংক্ৰমণত আক্ৰান্ত হৈ দিল্লীত অসমৰ দুগৰাকীকৈ অধ্যাপকৰ মৃত্যু হােৱাৰ খবৰে ৰাজ্যবাসীক মৰ্মাহত … Read more

উদ্বেগজনক! ৰাজ্যত এদিনতে ক’ভিডত প্ৰাণ হেৰুৱালে ৫৫ জন লােকে

নিউজ ডেস্ক। এক উদ্বেগজনক খবৰ! ৰাজ্যত সংহাৰী ৰূপ লৈছে মাৰাত্মক ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণে। ৰাজ্যজুৰি প্ৰথমবাৰলৈ অৰ্ধ শতাধিক লােকে এদিনতে প্ৰাণ হেৰুৱাইছে এই ভাইৰাছৰ সংক্ৰমণত। বিগত ২৪ ঘন্টাত ৰাজ্যজুৰি ক’ভিডৰ সংক্ৰমণত সৰ্বাধিক ৫৫ জন লােকে প্ৰাণ হেৰুৱালে। এই সন্দৰ্ভত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমে টুইটাৰত প্ৰকাশ কৰা অনুসৰি, দিনটােত নতুনকৈ ৪,৮২৬ জন লােক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে। ইয়াৰে … Read more

অসমৰ প্ৰতিবেশী ৰাজ্যত উদ্ধাৰ ১০ কােটি বছৰ পুৰণি ডাইনছৰৰ হাড়

নিউজ ডেস্ক। প্ৰায় ১০ কােটি বছৰ পুৰণি বিশাল ডাইনছৰৰ বিভিন্ন হাড়ৰ অংশ গৱেষকৰ এক দলে উদ্ধাৰ কৰিছে মেঘালয়ৰ পশ্চিম খাছী পাৰ্বত্য জিলাত। ভৌগোলিক জৰীপৰ ক্ষেত্ৰ অধ্যয়নৰ বাবে যোৱা জীৱাশ্ম বিজ্ঞান বিভাগৰ দলটোৱে লাভ কৰে সেই সমূহ। অৱশ্যে, দলটোৱে আনুষ্ঠানিক ভাৱে বৰ্তমানেও মুকলিকৈ প্ৰকাশ কৰা নাই সেই বিষয়ে। গৱেষকৰ দলটোৱে কয় যে উত্তৰ পূব ভাৰতত ডাইনছৰৰ … Read more

ক’ভিড আক্ৰান্ত হৈ মৃত্যু অতিৰিক্ত আৰক্ষী অধীক্ষকৰ, পূৰ্বে মৃত্যু ভাতৃৰাে

নিউজ ডেস্ক। দেশত দ্ৰুত হাৰত বৃদ্ধি পায় আছে ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা। বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যাও। মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হৈছে ক’ভিড যোদ্ধা হিচাপে বিবেচিত চিকিৎসা কৰ্মী আৰু আৰক্ষী সকলো। এইবাৰ এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হ’ল আৰক্ষীৰ এজন উচ্চ পদস্থ বিষয়াৰ। তেওঁ হল উত্তৰ প্ৰদেশৰ এটাহ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাহুল কুমাৰ। বুধবাৰে চিকিৎসালয়ত … Read more

উন্মুক্ত কুঁৱাত পৰিল হাতী পোৱালি, উদ্ধাৰৰ বাবে চলিল বন বিভাগৰ তীব্ৰ অভিযান

দিব্যজ্যােতি ৰাজখােৱা। এক বনৰীয়া হাতী পোৱালিৰ উদ্ধাৰ দৃশ্য সামাজিক মাধ্যমত হৈ পৰিছে ভাইৰেল। দৃশ্যটো ঝাৰখণ্ডৰ এখন গাঁৱৰ। উন্মুক্ত এটা দ’ কুঁৱাত পৰি গৈছিল এক বনৰীয়া হাতী পোৱালি আৰু পৰৱৰ্তী সময়ত বন বিভাগে জেচিবিৰ সহায়ত ৩੦ ফুট দ’ কুঁৱাৰ দেৱাল খান্দি উদ্ধাৰ কৰে হাতী পোৱালিটোক। যোৱা সপ্তাহৰ বৃহস্পতিবাৰে কৰা সেই উদ্ধাৰ অভিযানৰ দৃশ্য টুইটাৰত শ্বেয়াৰ কৰে … Read more

ক’ভিড-১৯ত আক্ৰান্ত জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকন, পিতৃ-মাতৃ-ভগ্নীও আক্ৰান্ত

নিউজ ডেস্ক। ক’ভিড-১৯ৰ দ্বিতীয়টাে ঢৌৱে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে দেশৰ বিভিন্ন ৰাজ্যত। ক’ভিডত আক্ৰান্ত হৈছে বলিউডৰ ইজনৰ পাছত সিজন তাৰকা। এইবাৰ ক’ভিড আক্ৰান্ত হ’ল মােহময়ী অভিনেত্ৰী দীপিকা পাডুকন। জানিব পৰা মতে, দীপিকাৰ পিতৃ প্ৰকাশ পাডুকনৰ লগতে মাতৃ আৰু ভগ্নীও কিছুদিন পূৰ্বে ক’ৰনাত আক্ৰান্ত হৈছিল। ইয়াৰ পাছতে মংগলবাৰে অভিনেত্ৰী দীপিকা পাডুকনাে ক’ভিড পজিটিভ হিচাপে পৰীক্ষাত চিনাক্ত … Read more

চিৰিয়াখানাৰ ৮ টাকৈ সিংহ ক’ভিড-১৯ত আক্ৰান্ত!

নিউজ ডেস্ক। দেশজুৰি ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণৰ দ্বিতীয়টাে ঢৌৰ মাজতে এইবাৰ চিৰিয়াখানাৰ বন্যপ্ৰাণীলৈও বিয়পিছে এই ভাইৰাছ। আমেৰিকাত পােহনীয়া কুকুৰ আৰু চিৰিয়াখানাৰ জন্তুৰ দেহত ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণৰ ঘটনা হৈছিল যদিও ভাৰতত প্ৰথমবাৰলৈ এনে ঘটনা পােহৰলৈ আহিছে। জানিব পৰা মতে, তেলেংগানাৰ হায়দৰাবাদৰ ‘নেহৰু জুল’জিকেল পাৰ্ক’ৰ আঠটা সিংহ ক’ভিড-১৯ত আক্ৰান্ত হৈছে। ভাৰতৰ চিৰিয়াখানাত বন্দী জন্তু ক’ভিডত আক্ৰান্ত হোৱাটো এয়া … Read more

ক’ভিডত আক্ৰান্ত হৈ জয়পুৰত মৃত্যু অসমীয়া যুৱকৰ

নিউজ ডেস্ক। অসমৰ লগতে দেশৰ বিভিন্ন ৰাজ্যত ভয়াৱহ ৰূপ লৈছে ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণে। এনে ভয়াৱহ পৰিস্থিতিৰ মাজতে বহিঃৰাজ্যত কৰ্মৰত বহু অসমীয়া লােকে অকালতে হেৰুৱাইছে প্ৰাণ। এইবাৰ ৰাজস্থানৰ জয়পুৰত ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু কাজিৰঙাৰ এজন ব্যক্তিৰ। জানিব পৰা মতে, কাজিৰঙাৰ ১নং কঁহৰা গাও নিবাসী বাদল সৰকাৰ নামৰ এই লােকজন জয়পুৰত এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল। বিগত … Read more

পিতৃ-মাতৃক চোৱাচিতা কৰিবৰ বাবেই এৰিছিল চাকৰি, আজি তেওঁ ৩০০০ কোটি টকাৰ মালিক

নিউজ ডেস্ক। পেছাত তেওঁ এজন মেকানেকিল ইঞ্জিনিয়াৰ। সেই খণ্ডত তেওঁ কিছু কাম কৰি পৰৱৰ্তী সময়ত পুনৰ এম বি এৰ মাৰ্কেটিঙৰ শিক্ষা গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত তেওঁ হয় এক টেলিকম বিভাগৰ মুখ্য বিষয়া। কিন্তু তাৰ পিছতো তেওঁ বিলাসপূৰ্ণ কৰ্পৰেট জীৱন ত্যাগ কৰে। তাৰ কাৰণ এটাই। পিতৃ-মাতৃক শুশ্ৰূষা। সেই উদ্দেশ্যেৰে বিদেশৰ পৰা চাকৰি এৰি ঘূৰি আহে স্বগৃহলৈ। … Read more

উদ্বেগজনক! ৰাজ্যত এদিনতে ক’ভিডত প্ৰাণ হেৰুৱালে ৪১ জন লােকে, নতুনকৈ আক্ৰান্ত ৪,৪৭৫ জন

নিউজ ডেস্ক। এক উদ্বেগজনক খবৰ! ৰাজ্যত সংহাৰী ৰূপ লৈছে মাৰাত্মক ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণে। মংগলবাৰে দিনৰ ভাগত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত ৰাজ্যৰ ক’ভিড পৰিস্থিতি উদ্বেগজনক বুলি মন্তব্য কৰাৰ পাছতে সন্ধিয়া টুইটাৰত প্ৰকাশ কৰে আন এক বেয়া খবৰ। বিগত ২৪ ঘন্টাত ৰাজ্যজুৰি ক’ভিডৰ সংক্ৰমণত সৰ্বাধিক ৪১ জন লােকে প্ৰাণ হেৰুওৱা বুলি প্ৰকাশ কৰে … Read more