ঘৰে ঘৰে ভিক্ষা খুজি খোৱা ল’ৰাজন আজি ৫০০ কোটি টকাৰ কোম্পানীৰ মালিক…

নিউজ ডেস্ক। কাৰ ভাগ্য কেতিয়া উদয় হয়, সেইয়া কোনেও ক’ব নোৱাৰে। অৱশ্যে তাৰ বাবে কৰিব লাগিব অপৰিসীম শ্ৰম আৰু সাধনা। অত্যন্ত কষ্টৰ বাবে ভিক্ষাৰীয়ো এদিন হৈ যাব পৰে কোটিপতি। সেই কথাই সত্য প্ৰমাণ কৰিবলৈ সক্ষম হৈছিল এজন যুৱকে। ভিক্ষা খুজি খোৱাৰ ল’ৰাজন আজি বহু কোটি টকাৰ গৰাকী। তেওঁৰ নাম ৰেণুকা আৰাধ্য। বেংগালুৰুৰ নিকতৱৰ্তী গুপচাণ্ড গাৱঁৰ … Read more

লুৰীণজ্যােতিৰ সমষ্টিবাসীলৈ কৃতজ্ঞতা, নিৰ্বাচিত বিধায়কলৈ শুভেচ্ছা

নিউজ ডেস্ক। অসম বিধানসভাৰ নিৰ্বাচনত প্ৰথম প্ৰয়াসত শােচনীয়ভাৱে পৰাজিত হ’ল অসম জাতীয় পৰিষদৰ সকলাে প্ৰাৰ্থী। আনকি দলৰ সভাপতি লুৰীণজ্যােতি গগৈয়ে প্ৰতিদ্বন্দ্বীতা কৰা দুয়ােটা সমষ্টিতে পৰাজয়বৰণ কৰিলে। দলৰ এনে বিপৰ্যয়ৰ মাজতে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লুৰীণজ্যােতি গগৈয়ে। সাংবাদিকৰ সৈতে হােৱা বাৰ্তালাপত লুৰীণজ্যােতি গগৈয়ে কয় যে জনতাৰ ৰায়ক আমি শ্ৰদ্ধাৰে গ্ৰহণ কৰিছােঁ। লগতে ৰাজ্যৰ সকলাে নৱ নিৰ্বাচিত … Read more

বকোত কংগ্ৰেছৰ প্ৰাৰ্থী নন্দিতা দাসৰ বৃহৎ জয়লাভ…

অৱশেষত বকো সমষ্টিত শেষ হাঁহি মাৰিলে কংগ্ৰেছে। কংগ্ৰেছৰ প্ৰাৰ্থী নন্দিতা দাসৰ বৃহৎ জয়লাভ। ৫৩৪২০ টা ভোটত জয়লাভ কৰে কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাসে। নন্দিতা দাসে মুঠ ভোট লাভ কৰে ১২০৪২০টা ভোট। আনহাতে সমষ্টিটোৰ অগপৰ প্ৰাৰ্থী জ্যোতি প্ৰসাদ দাসে লাভ কৰে ৬৭০০০ টা ভোট। ইয়াৰ বিপৰীতে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী গোপীনাথ দাসে লাভ কৰে ১২০৬২টা ভোট। নিজৰ এই … Read more

মাজুলীত সৰ্বানন্দ সোণোৱালৰ বৃহৎ জয়…

বহু জল্পনা কল্পনাৰ অন্ত। মাজুলীত বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ বৃহৎ জয়। সোণোৱালৰ সন্মুখত ধৰাসায়ী হয় কংগ্ৰেছ প্ৰাৰ্থী। সৰ্বানন্দ সোণোৱালে লাভ কৰে ৬৯,৭৪২ টা ভোট। আনহাতে মাজুলীত কংগ্ৰেছৰ প্ৰাৰ্থী ৰাজীৱ লোচন পেগু ২৭,৫৭৪ টা ভোটা। সৰ্বানন্দ সোণোৱালে ৪২,১৬৮ টা ভোটত বিজয়ী সাব্যস্ত কৰে।

অসমৰ ৰাজনীতিত নজিৰ বিহীন ঘটনা, কাৰাগাৰৰ পৰা জয়ী হ’ল অখিল গগৈ…

অসমৰ ৰাজনীতিত নজিৰ বিহীন ঘটনা। কাৰাগাৰৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই জয়লাভ কৰিলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। কাৰাবন্দী অৱস্থাৰ পৰা শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বীত আগবঢ়াই অখিল গগৈয়ে বিজেপি প্ৰাৰ্থী সুৰভি ৰাজকুঁৱৰীক ১১,৭৭৯ টা ভােটৰ ব্যৱধানত পৰাজিত কৰে। অখিল গগৈয়ে ৫৭,১৭৩ টা ভােট লাভ কৰাৰ বিপৰীতে সুৰভি ৰাজকুঁৱৰীয়ে লাভ কৰে ৪৫,৩৯৪ টা ভােট। উল্লেখ্য যে … Read more

ক’ভিড-১৯ত আক্ৰান্ত হৈ দিল্লীত অসমৰ চিকিৎসকৰ মৃত্যু, পত্নীও আক্ৰান্ত

নিউজ ডেস্ক। নতুন দিল্লীৰ পৰা অসমবাসীৰ বাবে আহিল আন এটা বেয়া খবৰ। চলিত সপ্তাহত দিল্লীত কৰ্মৰত কেবাজনাে অসমীয়া লােকৰ ক’ভিড-১৯ত মৃত্যু ঘটিছে। এইবাৰ অসমৰ এজন চিকিৎসকৰ দিল্লীত ক’ভিডত মৃত্যুৰ খবৰ পােৱা গৈছে। জানিব পৰা মতে, ডাঃ ডিম্বেশ্বৰ বৰা (৭০) নামৰ দিল্লীস্থ অসমৰ চিকিৎসকজনৰ ২৯ এপ্ৰিলৰ নিশা ক’ভিডত মৃত্যু ঘটে। তেওঁৰ পত্নী ডাঃ বিমলা বৰাও ক’ভিডত আক্ৰান্ত … Read more

মৰ্মান্তিক! অসমৰ আন এগৰাকী কন্ঠশিল্পীৰ প্ৰাণ ল’লে কােৰােনাই

নিউজ ডেস্ক। ৰাজ্যবাসীৰ বাবে এক অনাকাংক্ষিত দুঃখবৰ খবৰ। ক’ভিড-১৯ত পুনৰ প্ৰাণ হেৰুৱালে অসমৰ এগৰাকী জনপ্ৰিয় কন্ঠশিল্পীয়ে। বিশিষ্ট কন্ঠশিল্পী ভিতালী দাস আৰু ডঃ বিজয়লক্ষ্মী দাসৰ পাছত এইবাৰ ক’ভিড-১৯ত প্ৰাণ গ’ল জনপ্ৰিয় কন্ঠশিল্পী পাৰবীন পৰীৰ। উল্লেখ্য যে ক’ভিড-১৯ত ভুগি থকা গায়িকা গৰাকীয়ে গুৱাহাটীৰ জিএনআৰচি হাস্পতালত চিকিৎসাধীন হৈ আছিল। গায়িকা গৰাকীৰ পিতৃও আক্ৰান্ত হৈছিল ক’ভিডত। দুদিন পূৰ্বে কোভিডত … Read more

কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু বিশিষ্ট সংগীতশিল্পী তথা অধ্যাপিকা ড০ বিজয়লক্ষ্মী দাসৰ

দেশজুৰি অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে। সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে উদ্বেগজনকভাৱে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা। কৰ’ণাই প্ৰাণ ল’লে বিশিষ্ট সংগীতশিল্পী তথা অধ্যাপিকা ড০ বিজয়লক্ষ্মী দাসৰ। গুৱাহাটীস্থিত ‘হায়াট হাস্পতাল’লৈ নিয়াৰ পথতে মৃত্যুক আঁকোৱালি লয় বিজয়লক্ষ্মী দাসে। জানিব পৰা মতে শিল্পী তথা ‘পশ্চিম গুৱাহাটী মহাবিদ্যালয়’ৰ অধ্যাপিকাগৰাকীয়ে বিগত চাৰিদিন ধৰি … Read more

কৰ’ণাত আক্ৰান্ত ভ্ৰাম্যমাণ জগতৰ ট্ৰেজেডী কিং মৃদুল ভূঞা…

ৰাজ্যত অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে। সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে উদ্বেগজনকভাৱে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। ইতিমধ্যে কৰ’ণাত আক্ৰান্ত হৈ অসমৰ বহু বিশিষ্ট ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে চিকিৎসাধীন হৈ আছে বহুজন। এইবাৰ কৰ’ণাত আক্ৰান্ত হৈছে ভ্ৰাম্যমাণ জগতৰ জনপ্ৰিয় অভিনেতা তথা ট্ৰেজে়ডী কিং খ্যাত মৃদুল ভূঞা। চ’ছিয়েল মিডিয়াযোগে নিজেই কৰ’ণাত আক্ৰান্ত … Read more

কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পী তথা গিটাৰিষ্ট ত্ৰিদীপ চৌধুৰীৰ…

দেশজুৰি অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে। সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা। কৰ’ণাই প্ৰাণ ল’লে ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পী তথা গিটাৰিষ্ট ত্ৰিদীপ চৌধুৰীৰ। গুৱাহাটীত শেষ নিশ্বাস ত্যাগ কৰে চৌধুৰীয়ে। উল্লেখ্য যে, অসমৰ বাহিৰলৈ গৈছিল ত্ৰিদীপ চৌধুৰী। উভতি অহাৰ পিছতে কৰ’ণাত আক্ৰান্ত হৈছিল চৌধুৰী। প্ৰথমে বঙাইগাওঁৰ এখন … Read more