সৰিয়হৰ ডুলিতে ভূত! এইবাৰ GMCHত ৰোগীক চিকিৎসা কৰিবলৈ গৈ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক…

নিউজ ডেস্কঃ নাম তেওঁৰ প্ৰণৱজ্যোতি দাস। পূৰ্বে এটা ফাৰ্মাচিটিউকেল কোম্পানীত কাম কৰিছিল তেওঁ। সেইসূত্ৰে পৰিচয় ঘটিছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কেইগৰাকীমান চিকিৎসকৰ সৈতেও। কিন্তু অসমীয়াত এষাৰ ফকৰা আছে- আদাক দেখি উঠিল গা, কেটুৰীয়ে বোলে মোকো খা। চিকিৎসকক ঔষধ বিক্ৰী কৰি কৰি নিজেও চিকিৎসক হোৱাৰ মন মেলিলে প্ৰণৱজ্যোতিয়ে। সেয়ে কোভিডৰ সময়তে নামৰ সন্মুখত ‘ডাক্তৰ’ বহুৱাই বনাই ল’লে … Read more

দুখনকৈ বিলাসী বাহনত উদ্ধাৰ দুষ্প্ৰাপ্য কেংগাৰু, চিম্পাঞ্জী, কাছ! দুজনক আটক

নিউজ ডেস্কঃ বিলাসী বাহনেৰে দুষ্প্ৰাপ্য বন্যপ্ৰাণী সৰবৰাহৰ সময়তে ৰঙিয়াত আৰক্ষীৰ জালত পৰিল দুই সৰবৰাহকাৰী। বৃহস্পতিবাৰে পুৱতি নিশা ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই ছ’চাইটী চ’কত জব্দ কৰে দুষ্প্ৰাপ্য বন্য জীৱ-জন্তু ভৰ্তি দুখন বিলাসী বাহন। এক গোপন খবৰৰ ভিত্তিত ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই ডিএল ৮চি একিউ ৯৮৭৬ নম্বৰৰ এখন ফৰ্চুনাৰ বাহন … Read more

শোকাবহ! বৰ বৰলৰ কামোৰত অসহ্য যন্ত্ৰণাত চটফটাই মৃত্যু কণমানিৰ…

নিউজ ডেস্কঃ বৰ বৰলৰ কামোৰত কৰুণ মৃত্যুক সাৱটিবলগীয়া হ’ল এগৰাকী কণমানিয়ে। কামৰূপৰ দামপুৰৰ আমদলাত সংঘটিত হৈছে এই শোকাবহ ঘটনা। ঘৰৰ চোতালত খেলি থকা সময়তে এটি ৫ বছৰীয়া কণমানিক কামুৰিছিল বৰ বৰলে। ইয়াৰ পিছতে গুৰুতৰভাৱে অসুস্থ হৈ পৰি কন্যা শিশুটিক ভৰ্তি কৰোৱা হৈছিল শুৱালকুছি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত। কিন্তু বৰলৰ কামোৰত অসহ্য যন্ত্ৰণাত চটফটাই অৱশেষত মৃত্যুক সাৱটি … Read more

আশ্বৰ্যকৰ! ব্যস্ত ঘাইপথৰ ট্ৰেফিক পইন্টৰ ওপৰত ওলমি ৰৈছে এখন দুৰ্ঘটনাগ্ৰস্ত বাহন, সামাজিক মাধ্যমত ভাইৰেল দৃশ্য…

নিউজ ডেস্কঃ ভাৰতত প্ৰতিদিনে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হয় ৩ শতাধিক লোকে। দুৰ্ঘটনাই কাৰোবাৰ শিৰৰ সেন্দুৰ মচি পেলায়, কাৰোবাৰ বুকু উদং কৰি থৈ যায়। প্ৰতিদিনে ভয়াবহ হাৰত সংঘটিত হোৱা পথ দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে চৰকাৰ আৰু প্ৰশাসনে। শেহতীয়াকৈ পথ দুৰ্ঘটনা প্ৰতিৰোধৰ বাবেই চাৰিচকীয়া বাহনত যাত্ৰা কৰা সকলো যাত্ৰীয়ে চিট … Read more

এয়াই জীৱন যুদ্ধ! এমুঠি ভাতৰ বাবে ৰে’লৰ ভিতৰত চকলেট বিক্ৰী এগৰাকী বৃদ্ধাৰ, ভাইৰেল ভিডিঅ’…

নিউজ ডেস্কঃ জীয়াই থকাৰ তাড়নাই মানুহক কাম কৰিবলৈ সাহস দিয়ে। সামাজিক মাধ্যমত শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে এমুঠি ভাতৰ বাবে এগৰাকী বৃদ্ধাই কৰা সংগ্ৰামৰ এক ভিডিঅ’। ভাইৰেল ভিডিঅ’টোত এগৰাকী বৃদ্ধাক ৰে’লত যাত্ৰীসকলক চকলেট আৰু অন্য খাদ্য সামগ্ৰী বিক্ৰী কৰা দেখা গৈছে। ভিডিঅ’টো মায়ানগৰী মুম্বাই বুলি জানিব পৰা গৈছে। সামাজিক মাধ্যমত এগৰাকী ৰে’ল যাত্ৰীয়ে বৃদ্ধা গৰাকীৰ জীৱন … Read more

চাইবাৰ অপৰাধীৰ জালত কণ্ঠশিল্পী ময়ূৰী শইকীয়া! ঋণ নােলােৱাকৈ লক্ষাধিক টকা পৰিশােধ কৰিবলৈ উপৰ্যুপৰি ভাবুকি…

নিউজ ডেস্কঃ ৰাজ্যৰ বৃদ্ধি পোৱা চাইবাৰ অপৰাধৰ ঘটনাৰ মাজতে এইবাৰ চাইবাৰ অপৰাধীৰ জালত পৰিল ৰাজ্যৰ জনপ্ৰিয় কণ্ঠশিল্পী ময়ূৰী শইকীয়া। ফোন কৰি কৰি লোন পৰিশোধ কৰিবলৈ ভাবুকি দি মানসিকভাৱে হাৰাহাস্তি কৰা চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অৱশেষত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিবলৈ বাধ্য হ’ল কণ্ঠশিল্পীগৰাকী। কণ্ঠশিল্পীগৰাকীয়ে জানিবলৈ দিয়া মতে, বিগত এসপ্তাহ ধৰি তেওঁলৈ অসমৰ বাহিৰৰ বিভিন্ন নম্বৰৰ পৰা … Read more

বহিঃৰাজ্যত নৃশংস হত্যাৰ বলি হোৱা অসমৰ শ্ৰমিক দম্পতীৰ মৃতদেহ ওভতাই অনা হ’ল স্বগৃহলৈ, শোকাকুল পৰিৱেশ…

নিউজ ডেস্কঃ কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ ৰহস্যজনক মৃত্যুক সাৱটি লোৱা অসমৰ এহাল শ্ৰমিক দম্পতীৰ মৃতদেহ ওভতাই অনা হ’ল স্বগৃহলৈ। চিৰাং জিলাৰ পানবাৰীৰ নিজ-দামুগাওঁৰ ফাৰুক আলী আৰু তেওঁৰ অন্তঃসত্বা পন্তী নুৰেজা খাতুনৰ নশ্বৰ দেহ স্বগৃহলৈ অনাৰ পিছতে সৃষ্টি হয় এক শোকাকুল পৰিৱেশৰ। উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ টুটিঙত কাঠ মিস্ত্ৰী হিচাপে কৰ্মৰত আছিল ফাৰুক আলী আৰু পত্নী … Read more

পুনৰ ঘােচ লৈ গ্ৰেপ্তাৰ চৰকাৰী কৰ্মচাৰী, এইবাৰ জালত পৰিল লাট মণ্ডল

নিউজ ডেস্ক। ভিজিলেঞ্চৰ অভিযানত নিতৌ চৰকাৰী কাৰ্যালয়ত ঘােচ লৈ বিষয়া-কৰ্মচাৰী হাতে-লােটে ধৰা পৰাৰ পিছতাে সহজ ধনৰ লালসা হ্ৰাস পােৱা নাই একাংশৰ। পূৰ্বৰ দৰেই দৰমহা বহিৰ্ভূত অতিৰিক্ত টকা উপাৰ্জনৰ বাবে সাধাৰণ লােকক হাৰাশাস্তি কৰিছে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে। বুধবাৰে পুনৰ ঘােচ লৈ ভিজিলেঞ্চৰ জালত পৰিল এজন চৰকাৰী কৰ্মচাৰী। এইবাৰ অভিযান চলিল দৰং জিলাৰ পাথাৰিঘাট চক্ৰ বিষয়াৰ কাৰ্যালয়ত। … Read more

শোকাবহ! বিদ্যালয়লৈ যোৱাৰ পথত যাত্ৰীবাহী বাছে নিলে মহতিয়াই, শিক্ষয়িত্ৰীৰ মৃত্যু

নিউজ ডেস্কঃ মঙলবাৰে পুৱা বিদ্যালয়লৈ গৈ থকাৰ সময়তে এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলাগীয়া হয় এগৰাকী শিক্ষয়িত্ৰীয়ে। এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় হাৰিয়ানাৰ ফতেহাবাদ জিলাৰ হুডা ছেক্টৰ ৩ৰ সন্মুখৰ ৰাষ্ট্ৰীয় ঘাইপথত। জানিব পৰা মতে, ভাদোৱালীৰ এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰী অনুপমা (৫১)ই অইন দিনৰ দৰে মঙলবাৰে পুৱাও স্কুটী চলাই বিদ্যালয় অভিমুখে গৈ আছিল। সেই সময়তে বিপৰীত … Read more

শোকাবহ! সময়মতে সুদৰ ধন ওভতাই দিব নোৱাৰাৰ বাবেই আতিশয্য কাবুলিৱালাৰ, চৰম পন্থা ল’লৈ ডাক বিভাগৰ কৰ্মচাৰীয়ে…

নিউজ ডেস্কঃ কাবুলিৱালাৰ মানসিক আতিশয্যৰ বলি হৈ অৱশেষত জীৱন ত্যাগ কৰিবলৈ বাধ্য হ’ল এগৰাকী ডাক বিভাগৰ কৰ্মচাৰীয়ে। এই ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ শোণিতপুৰ জিলাত। কাবুলিৱালাৰ পৰা সুদত লোৱা ধনৰ সুদ-মূল সময়ত ঘূৰাই দিব নোৱাৰাৰ বাবেই মানসিক নিৰ্যাতনৰ বলি হৈ চৰম পন্থা বাচি লয় শোণিতপুৰৰ বালিপৰা কৃষ্ণ ওৰাং নামৰ ডাক বিভাগৰ কৰ্মচাৰীজনে। অভিযোগ অনুসৰি, ডাক … Read more