কিশোৰীক যৌন নির্যাতন চলাই ৰঙাঘৰৰ আলহী হ’ল আবকাৰী অধীক্ষক প্রীতম বৰুৱা

নিউজ ডেস্ক। ঘােচ লৈ নহয়, এইবাৰ এগৰাকী ১৩ বছৰীয়া কিশােৰীক যৌন নিৰ্যাতন চলােৱাৰ অভিযােগত গ্ৰেপ্তাৰ হ’ল এগৰাকী চৰকাৰী বিষয়া। এই বিষয়াগৰাকী হৈছে ধেমাজি জিলাৰ ভাৰপ্ৰাপ্ত আবকাৰী অধীক্ষক প্রীতম বৰুৱা। বৰুৱাক গ্ৰেপ্তাৰ কৰে মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই। জানিব পৰা মতে, ভুক্তভােগী কিশোৰীগৰাকীৰ মাতৃৰ অভিযোগৰ ভিত্তিত প’কছ’ আইনৰ অধীনত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত প্রীতম বৰুৱাক গ্ৰেপ্তাৰ … Read more

কৰুণ! হাস্পতালৰ চৌহদতে আধা ঘণ্টা ধৰি এম্বুলেন্সৰ ভিতৰত আবদ্ধ হৈ মৃত্যু দুৰ্ঘটনাত পতিত ব্যক্তিৰ…

নিউজ ডেস্ক। কথাতে কয় ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কােনে? মৃত্যু কাৰ জীৱনলৈ কেতিয়া কেনেকৈ আহে কোনেও নাজানে। কেৰেলাত সংঘটিত এটা ঘটনাই যেন প্ৰতীয়মান কৰিছে এই কথাকেই। এজন দুৰ্ঘটনাত পতিত লোক সময়মতে চিকিৎসালয় পোৱাৰ পিছতো এম্বুলেন্সত আবদ্ধ হৈ পৰাৰ ফলতেই চিকিৎসা বিহীন ভাৱে মৃত্যু হোৱাৰ এটা খবৰ পোহৰলৈ আহিছে। পথ দুৰ্ঘটনাত আহত লোকজন … Read more

সুখবৰ! স্বৰ্ণজয়ী নয়নমণি শইকীয়াক ডিএছপি পদত নিযুক্তি দিব অসম চৰকাৰে, লগতে প্ৰদান কৰিব ৫০ লাখ টকা

নিউজ ডেস্কঃ বাৰ্মিংহামত অনুষ্ঠিত হৈ যোৱা কমনৱেলথ গেমছ, ২০২২ত স্বৰ্ণজয়েৰে অসমৰ লগতে সমগ্ৰ ভাৰতবাসীক গৌৰৱাম্বিত কৰা নয়নমণি শইকীয়াক ডিএছপি পদত নিযুক্তি দিব অসম চৰকাৰে। মঙলবাৰে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত এই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উল্লেখ্য যে, কমনৱেলথ গেমছত স্বৰ্ণ জয়ৰ পিছতে গোলাঘাটৰ জীয়াৰী নয়নমণি শইকীয়াক দ্বিতীয় বন সুৰক্ষা বাহিনীৰ কনিষ্টবলৰ পৰা সহকাৰী কমাণ্ডেন্ট পদলৈ … Read more

বন্ধ ৰে’লগেট পাৰ হ’বলৈ গৈ বিপদত পৰিল বাইক আৰোহী, ঘটিল এই ভয়ংকৰ ঘটনা…

নিউজ ডেস্ক। এক ভয়ংকৰ ঘটনা। বন্ধ হৈ থকা ৰে’লগেট অতিক্ৰম কৰিবলৈ গৈ বিপদত পৰিল এগৰাকী বাইক আৰােহী। এটা ৰে’লপথেৰে এখন ৰে’ল পাৰ হৈ যােৱাৰ সময়তে আন এটা ৰে’লপথেৰে অকস্মাতে অহা ৰে’লে মহটিয়াই নিয়ে বাইক। অৱশ্যে এই ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে লােকজন। লগতে দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে ৰে’লখনাে। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ঘটনাৰ ভিডিঅ’। … Read more

সুখবৰ! লােকসেৱা আয়ােগৰ পৰীক্ষাত স্থান লাভ অসমৰ ছাত্ৰী দিবাংগনাৰ

নিউজ ডেস্ক। কেন্দ্ৰীয় লােকসেৱা আয়ােগ চমুকৈ ইউপিএছচিয়ে অনুষ্ঠিত কৰা প্ৰতিযােগিতামূলক পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত স্থান লাভ কৰি ৰাজ্যবাসীক গৌৰৱান্বিত কৰিছে ডিব্ৰুগড় জিলাৰ মৰাণৰ দিবাংগনা মহনে। উল্লেখ্য যে কেন্দ্ৰীয় লােকসেৱা আয়ােগে অনুষ্ঠিত কৰা এনফ’ৰ্চমেণ্ট অফিচাৰ পদৰ পৰীক্ষাত দেশৰ ভিতৰতে ১৬২ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে দিবাংগনা মহনে। উল্লেখ্য যে মৰাণ নতুন নগৰৰ নিৱাসী অজয় মহনৰ কন্যা … Read more

টাৰ্গেট অংকিতা দত্ত! কাৰ্যালয়ত হাজিৰ হ’বলৈ চমন জাৰি কৰিলে চিবিআইয়ে…

নিউজ ডেস্ক। এইবাৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চিবিআইৰ ৰাডাৰত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নেত্ৰী অংকিতা দত্ত। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী প্ৰয়াত অঞ্জন দত্তৰ কন্যা অংকিতা দত্তলৈ চিবিআইয়ে চমন জাৰি কৰিছে। উল্লেখ্য যে বিগত কিছু সময়ত বিভিন্ন বিষয়ক লৈ অসম আৰু কেন্দ্ৰ চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে আন্দােলনৰ নেতৃত্ব দিছে অংকিতা দত্তই। জানিব পৰা … Read more

সুখবৰ! ১০০ মিটাৰ দৌৰত নতুন ৰাষ্ট্ৰীয় অভিলেখ অসম সন্তান অম্লান বৰগােহাঁইৰ

নিউজ ডেস্ক। অসম সন্তান অম্লান বৰগোহাঁই ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰবাৰ জিলিকি উঠিছে। যুৱ স্ত্ৰীণ্টাৰ অম্লানে সোমবাৰে পুৰুষৰ ১০০ মিটাৰত নতুন ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰে। উত্তৰ প্ৰদেশৰ ৰায় বেৰেলিত অনুষ্ঠিত সৰ্বভাৰতীয় আন্তঃৰে’লৱেজ এথলেটিকছ চেম্পিয়নশ্বিপত আকর্ষণীয় ১০.২৫ ছেকেণ্ড সময়মানেৰে দৌৰ সম্পূৰ্ণ কৰি অমিয় কুমাৰ মল্লিকৰ নামত থকা পূৰ্বৰ ৰাষ্ট্ৰীয় অভিলেখ ম্লান কৰে অম্লানে। ৮৭ সংখ্যক প্রতিযোগিতাখনত স্বৰ্ণ লাভ … Read more

অসমতাে হ’ব ‘আপ’ৰ চৰকাৰ! কেতিয়া হ’ব ক’লে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই…

নিউজ ডেস্ক। শেহতীয়াকৈ অসমৰ শিক্ষাখণ্ডৰ অৱস্থাক লৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰৰ যুঁজ ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে। নিতৌ ইজনে-সিজনক লক্ষ্য কৰি টুইটৰ জৰিয়তে বিভিন্ন বিষয় উত্থাপন কৰিছে। শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীৰ এটা টুইটৰ প্ৰত্যুত্তৰ দিবলৈ গৈ দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে টুইট কৰি কয় যে অসমৰ যেতিয়া ‘আপ’ৰ চৰকাৰ গঠন হ’ব, তেতিয়া … Read more

গাড়ীৰ ক্ৰয়ৰ বিনিময়ত ডিলাৰৰ মহিলা কৰ্মচাৰীক ‘নৈশ যাপন’ৰ প্ৰস্তাৱ দিয়াৰ অভিযােগ জ্যেষ্ঠ চিকিৎসকৰ বিৰুদ্ধে! উভয় পক্ষৰে গােচৰ ৰুজু

নিউজ ডেস্ক। এক অবাঞ্ছিত ঘটনা সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ডিব্ৰুগড়ত। পত্নীৰ সৈতে গাড়ীৰ কিনিবলৈ ডিব্ৰুগড়ৰ বিমল অটাে নামৰ প্ৰতিষ্ঠানলৈ যােৱা এগৰাকী জ্যেষ্ঠ চিকিৎসৰ বিৰুদ্ধে গােচৰ ৰুজু কৰিছে প্ৰতিষ্ঠানটােৰে এগৰাকী মহিলা কৰ্মচাৰীয়ে। অভিযােগ অনুসৰি, গাড়ী ক্ৰয় কৰাৰ বিনিময়ত হেনো এই মহিলা কৰ্মচাৰীগৰাকীক এনিশাৰ বাবে ‘অফাৰ’ত বিচাৰিছিল অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি বিভাগৰ চিকিৎসক ডাঃ লিথিংগা লোথাই। … Read more

শােকাৱহ! অন্য জিলাৰ কৰ্তব্যস্থলীৰ পৰা ঘৰলৈ ওভতাৰ পথত দুৰ্ঘটনাত প্ৰাণ গ’ল টেট শিক্ষক গণেশ মণ্ডলৰ…

নিউজ ডেস্ক। এক কৰুণ ঘটনা। সুদূৰ শিৱসাগৰৰ কৰ্তব্যস্থলীৰ পৰা নিজ ঘৰলৈ ওভতাৰ পথত দুৰ্ঘটনাত প্ৰাণ গ’ল টেট শিক্ষক গণেশ মণ্ডলৰ (২৪)। অকালতে মৃত্যুক সাৱটি লােৱা টেট শিক্ষকগৰাকী কামৰূপ জিলাৰ বকো-মালিবাৰী সত্ৰৰ বাসিন্দা। জানিব পৰামতে, গণেশ মণ্ডল নামৰ এই টেট শিক্ষক গৰাকীয়ে কর্মস্থলী শিৱসাগৰৰ জিলাৰ পৰা ৰে’লযোগে গুৱাহাটীলৈ আহি লালগণেশৰ পৰা লখৰালৈ মেজিক (AS-01HC-6736 ) এখনেৰে গৈ … Read more