চাঞ্চল্যকৰ! সহকৰ্মী মহিলা কনিষ্টবলক হত্যা, তাৰ পিছতে নিজেও চৰম সিদ্ধান্ত ল’লে ৫ বছৰীয়া কন্যা সন্তানৰ পিতৃ আৰক্ষী জোৱানে…

নিউজ ডেস্কঃ এগৰাকী মহিলা সহকৰ্মীক গুলীয়াই হত্যা কৰাৰ পিছত নিজেও চৰম সিদ্ধান্ত ল’লে এগৰাকী আৰক্ষী জোৱানে। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে পঞ্জাৱৰ ফিৰোজপুৰত। জানিব পৰা মতে, ফিৰোজপুৰ কেণ্টনমেণ্ট থানাত কম্পিউটাৰ অপাৰেটৰ হিচাপে নিযুক্ত হৈ থকা মহিলা কনিষ্টবল অমনদ্বীপ কৌনক নিজৰ চাৰ্ভিছ পিষ্টেলেৰে গুলীয়াই হত্যা কৰে পঞ্জাৱ আৰক্ষীৰ স্বাট টীমৰ সদস্য গুৰসেৱাক সিঙে। ইফালে এই হত্যাকাণ্ড … Read more

মৰ্মান্তিক! ৪ দিনৰ ছুটীত ঘৰলৈ গৈ আকৌ ঘূৰি নাহিল সংবাদকৰ্মী ডলী, পিতৃৰ সৈতে মাংস কিনিবলৈ যাওতেই আল্ট্ৰা বাছৰ খুন্দাত হেৰুৱালে প্ৰাণ…

নিউজ ডেস্কঃ ৪ দিনৰ ছুটী লৈ ঘৰলৈ গৈ কৰ্মস্থলীলৈ আৰু ঘূৰি নাহিল যুৱ সংবাদকৰ্মী ডলী। ঘৰলৈ যোৱাৰ আনন্দত পিতৃৰ সৈতে বজাৰলৈ মাংস কিনিবলৈ যাওতেই তীব্ৰবেগী আল্ট্ৰা বাছৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱায় যুৱতীগৰাকীয়ে। আনহাতে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা ডলীৰ পিতৃ বৰ্তমান সংকটজনক অৱস্থাত হাস্পতালত চিকিৎসাধীন হৈ আছে। উল্লেখ্য যে, মহানগৰীৰ এটা সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত আছিল … Read more

অসম আৰক্ষীৰ সঞ্চালকপ্রধানৰ দায়িত্ব গ্ৰহণৰ পূৰ্বে আৰক্ষীলৈ বিশেষ আহ্বান জি পি সিঙৰ…

নিউজ ডেস্কঃ অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ গুৰু দায়িত্ব গ্ৰহণৰ পূৰ্বে অসম আৰক্ষীৰ নেতৃত্ব আৰু কৰ্মীলৈ বিশেষ অনুৰোধ জনালে জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে। সামাজিক মাধ্যমযোগে অসম আৰক্ষীৰ নেতৃত্বলৈ আহ্বান জনায় বৰ্তমানৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে কয় যে অসম আৰক্ষীয়ে অসমবাসীক চিন্তা-চৰ্চাৰ আদান-প্ৰদান আৰু বিপদৰ সময়ত কনিষ্ঠ, মধ্য আৰু জ্যেষ্ঠ পৰ্যায়ৰ আৰক্ষী নেতৃত্বৰ সৈতে যোগাযোগ কৰিবলৈ এখন মঞ্চ প্ৰদান কৰা … Read more

দুমাহৰ ভিতৰতে পিতৃ-মাতৃ দুয়োকে হেৰুৱাই দিকহাৰা মেধাৱী ছাত্ৰী নীহাৰিকা! বাঢ়িছে ভৱিষ্যতক লৈ উদ্বিগ্নতা…

নিউজ ডেস্কঃ প্ৰায় দুমাহৰ ভিতৰতে পিতৃ-মাতৃ দুয়োকে হেৰুৱাই দিকহাৰা হৈ পৰিছে এগৰাকী মেধাৱী ছাত্ৰী। পিতৃ-মাতৃৰ মৃত্যুৰ পিছত অকলশৰীয়া হৈ পৰা ছাত্ৰীগৰাকীয়ে এতিয়া ভৱিষ্যতে কেনেকৈ জীৱন নিৰ্বাহ কৰিব তাক লৈও চিন্তিত হৈ পৰিছে। দৰঙৰ দেওমৰনৈৰ বৰিগাঁও নিৱাসী তথা দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰথম বৰ্ষৰ ছাত্ৰী নীহাৰিকা শৰ্মা। অতি মেধাৱী ছাত্ৰীগৰাকীৰ পিতৃ দুগ্ধৰাম শৰ্মা উচ্চ ৰক্তচাপত আক্ৰান্ত … Read more

এক অপূৰণীয়া ক্ষতি! বিশিষ্ট ছবি পৰিচালক গুণসিন্ধু হাজৰিকা আৰু নাই…

নিউজ ডেস্কঃ অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে অসমীয়া চলচ্ছিত্ৰৰ বিশিষ্ট পৰিচালক গুণসিন্ধু হাজৰিকাই। দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থাকি হেঙেৰাবাৰীস্থিত হাউছিং কলনীৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট পৰিচালকগৰাকীয়ে। উল্লেখ্য যে, এক পথ দুৰ্ঘটনাত পতিত হৈ কেইবাবছৰ পূৰ্বে দৃষ্টিশক্তি হেৰুৱাই পেলাইছিল গুণসিন্ধু হাজৰিকাই। তথাপিও মনৰ উদ্যমেৰে নতুন জীৱন আৰম্ভ কৰা হাজৰিকাই লাহে লাহে ভুগিছিল … Read more

বিদ্যালয়ৰ পৰা ঘৰলৈ ওভতাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল টে’ট্ শিক্ষয়িত্ৰী শৰ্মিষ্ঠা ভট্টাচাৰ্যৰ

নিউজ ডেস্ক। এক শােকাৱহ দুৰ্ঘটনা। বিদ্যালয়ৰ পৰা ঘৰলৈ ওভতাৰ পথত ভয়ংকৰ দুৰ্ঘটনাত কৰুণ মৃত্যু এগৰাকী টেট্ শিক্ষয়িত্ৰীৰ। বাইকৰ সৈতে মাৰুতি ভানৰ সংঘৰ্ষৰ পিছতে পথত উফৰি পৰা বাইক আৰােহী শিক্ষয়িত্ৰীগৰাকীক মহটিয়াই নিলে তেল টেংকাৰে, যাৰ ফলতে থিতাতে মৃত্যু ঘটে শিক্ষয়িত্ৰী শৰ্মিষ্ঠা ভট্টাচাৰ্যৰ। এই দুৰ্ঘটনা শনিবাৰে দুপৰীয়া শিলচৰ চহৰৰ সমীপত শিলচৰ- কালাইন পথৰ তোপখানাত সংঘটিত হয়। জানিব … Read more

শোকাবহ! পুনৰ ডাম্পাৰৰ দৌৰাত্ম্যই প্ৰাণ কাঢ়িলে দুজনৰ, ক্ষুব্ধ ৰাইজে জ্বলাই দিলে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন…

নিউজ ডেস্কঃ চেঙেলীয়া চালকে চলোৱা ডাম্পাৰৰ দৌৰাত্ম্যই পুনৰ প্ৰাণ কাঢ়িলে দুজন লোকৰ। শনিবাৰে ৰঙিয়াত তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিয়াৰ ফলত প্ৰাণ হেৰুৱায় লোক দুজনে। ৰঙিয়া তিনিআলিত সংঘটিত এই দুৰ্ঘটনাৰ পিছতে অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। একাংশ ক্ষুব্ধ ৰাইজে এই ঘটনাৰ প্ৰতিবাদত দুৰ্ঘটনা সংঘটিত কৰা এএছ ২৫ইচি ৯৩৫৯ নম্বৰৰ ডাম্পাৰখনত আক্ৰমণ কৰাৰ লগতে অগ্নিসংযোগ কৰে। ইফালে দুৰ্ঘটনাত … Read more

পূৰণ নহ’ল সুখৰ সংসাৰ গঢ়াৰ সপোন! বিয়াৰ পিছদিনাই শ্বাসৰুদ্ধ হৈ মৃত্যু দৰা ৰাম মজুমদাৰৰ…

নিউজ ডেস্কঃ সুখৰ সংসাৰ গঢ়াৰ সপোন দেখি বৃহস্পতিবাৰে সম্পন্ন হৈছিল ৰামৰ বিয়াখন। শুকুৰবাৰে ন কইনাই গৰকিছিল চোতাল। ঘৰৰ উলহ-মালহ পৰিৱেশৰ মাজত যুগ্ম জীৱনক লৈ সুখী আছিল ৰাম। সপোন দেখিছিল এটা সোণালী সুখৰ ভৱিষ্যতৰ। কিন্তু নিয়তিয়ে যেন ৰামৰ ইচ্ছাক স্বীকাৰ নকৰিলে। শুকুৰবাৰে নিশা শুই থাকোতেই হঠাৎ শ্বাস প্ৰশ্বাসৰ অসুবিধাৰ সন্মুখীন হয় দৰা ৰাম। তাৰ পিছতে তেওঁক … Read more

কোন হ’ব অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালকপ্ৰধান? নাম ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে…

নিউজ ডেস্কঃ ৩১ জানুৱাৰীত বৰ্তমানৰ অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ অৱসৰৰ পিছতে ৰাজ্যৰ পৰৱৰ্তী সঞ্চালকপ্ৰধান কোন হ’ব তাক লৈ আৰম্ভ হৈছিল জল্পনা-কল্পনাৰ। কিন্তু অৱশেষত সকলো চৰ্চাৰ অৱসান ঘটনাই মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালকপ্ৰধানৰ নাম। কলাক্ষেত্ৰত অনুষ্ঠিত নিযুক্তি প্ৰদান অনুষ্ঠান প্ৰদানৰ পৰা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি কয় যে ৰাজ্যৰ পৰৱৰ্তী ডিজিপি হ’ব আইপিএছ জিপি সিং। … Read more

মৰ্মান্তিক! হাস্পতালত ভিতৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত মৃত্যু চিকিৎসক দম্পতীসহ ৬ জনৰ…

নিউজ ডেস্ক। এক অতি কৰুণ ঘটনা। মাজনিশা হাস্পতালত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডই প্ৰাণ কঢ়ি লৈ গল চিকিত্সক দম্পতীৰ। এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ ধনবাদত। ভয়ংকৰ অগ্নিকাণ্ডত মৃত্যু চিকিত্সক দম্পতী ডাঃ বিকাশ হাজৰা আৰু ডাঃ প্ৰেমা হাজৰাৰ। জানিব পৰা মতে, শনিবাৰে পুৱতি নিশা প্ৰায় ২.৩০ বজাত ধনবাদৰ প্ৰতিষ্ঠিত ব্যক্তিগত খণ্ডৰ হাস্পতালত হাজৰা মেমােৰিয়েল হাস্পতালত এই অগ্নিকাণ্ডৰ … Read more