অসমলৈ অব্যাহত ৰােহিংগীয়াৰ প্ৰব্ৰজন! পুনৰ ৰে’ল ষ্টেচনত আটক ৬ যুৱতীসহ ৭ ৰােহিংগীয়া

নিউজ ডেস্ক। অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যলৈ অব্যাহত আছে ম্যানমাৰৰ ৰােহিংগীয়া মুছলমানৰ প্ৰব্ৰজনৰ ঘটনা। ৩ দিন পূৰ্বে কৰিমগঞ্জ জিলাৰ বদৰপুৰ ৰে’ল ষ্টেচনত দুজন ৰােহিংগীয়া যুৱকক আটক হােৱাৰ পাছত একেখন ৰে’ল ষ্টেচনত পুনৰ আটক হ’ল ৭ জনকৈ ৰােহিংগীয়া। ইয়াৰে ৬ গৰাকী যুৱতী আৰু এজন যুৱক। জানিব পৰা মতে, বাংলাদেশ হৈ ত্ৰিপুৰাত প্ৰৱেশ কৰাৰ পিছতে আগৰতলাৰ পৰা … Read more

ই-ৰিক্সা চালকৰ ওপৰত চকু বিদ্যুৎ বিভাগৰ! এই নিৰ্দেশ নামানিলে লোৱা হ’ব আইনী ব্যৱস্থা…

নিউজ ডেস্কঃ এইবাৰ বিদ্যুৎ বিভাগৰ চকু পৰিছে ৰাজ্যৰ ই-ৰিক্সা চালকসকলৰ ওপৰত। এক নিৰ্দেশনা জাৰি কৰি বিদ্যুৎ বিভাগে ই-ৰিক্সা চালকসকলক লৈ দিছে এক বিশেষ বাৰ্তা। ঘৰুৱা বিদ্যুৎ সংযোগত ই-ৰিক্সা চাৰ্জ দি কোনোমতে পৰিয়াল চলাই অহা ই-ৰিক্সা চালকসকলে এতিয়া গ্ৰহণ কৰিব লাগিব অতিৰিক্ত বিদ্যুৎ সংযোগ। এই নিৰ্দেশ প্ৰদান কৰিছে ৰহা বিদ্যুৎ উপ-সংমণ্ডলে। বিদ্যুৎ বিভাগে জাৰি কৰা নিৰ্দেশনা … Read more

প্ৰায় ডেৰ কোটি মূল্যৰ বাৰ্মিজ চেগুণ সৰবৰাহৰ সময়ত শিলিগুৰিত গ্ৰেপ্তাৰ অসমৰ বিজেপি নেতাসহ ৩ জন

নিউজ ডেস্কঃ বহিঃৰাজ্যলৈ গোপনে বাৰ্মিজ চেগুণ সৰবৰাহ কৰি শিলিগুৰিত গ্ৰেপ্তাৰ হ’ল অসমৰ বিজেপি নেতা। পশ্চিমবংগৰ শিলিগুৰিৰ ঘোচপুকুৰত সোমবাৰে নিশা বন বিভাগে অভিযান চলাই বৃহৎ পৰিমাণৰ বাৰ্মিজ চেগুণভৰ্তি এখন ট্ৰাক জব্দ কৰাৰ লগতে অসমৰ এজন বিজেপি নেতাসহ ৩ জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। পশ্চিম বংগৰ বন বিভাগৰ হাতত গ্ৰেপ্তাৰ হোৱা লোক কেইজনক বৰপেটা জিলাৰ সৰভোগৰ বিজেপি … Read more

সৰুকৈ পাচলি দোকান এখন দি চলাই আছিল পৰিয়াল! পথ দুৰ্ঘটনাই কাঢ়ি নিলে মহিউদ্দিনসহ দুজনৰ প্ৰাণ

নিউজ ডেস্কঃ বৰপেটাৰ বজাৰৰ পৰা পাচলি আনিবলৈ গৈ এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল নলবাৰী জিলাৰ এজন ক্ষুদ্ৰ পাচলি বিক্ৰেতাই। এই ঘটনাই শোকৰ ছাঁ পেলাইছে নলবাৰী জিলাৰ কৈঠালকুছি আৰু সমীপৱৰ্তী অঞ্চলত। জানিব পৰা মতে, কৈঠালকুছিৰ চ’কত এখন সাধাৰণ পাচলি দোকান দি জীৱন নিৰ্বাহ কৰা মহম্মদ মহিউদ্দিন (৫২) নামৰ এজন ক্ষুদ্ৰ পাচলি বিক্ৰেতাই উমেশ ডেকা … Read more

হাস্পতালত চিকিৎসাধীন মেৰী কম, কি হৈছে ৬ বাৰৰ বিশ্ব চেম্পিয়নগৰাকীৰ…

নিউজ ডেস্কঃ হাস্পতালত চিকিৎসাধীন হৈ আছে ৬ বাৰৰ বিশ্ব চেম্পিয়ন উত্তৰ-পূবৰ কন্যা মেৰীকম। মুম্বাইৰ এখন হাস্পতালত ইতিমধ্যে সম্পন্ন হৈ গৈছে মেৰীকমৰ আঁঠুৰ অস্ত্ৰোপচাৰ। উল্লেখ্য যে, চলিত বৰ্ষৰ কমনৱেলথ গেমছৰ বাচনিৰ সময়তে জুন মাহত আঁঠুত আঘাত পাইছিল বিশ্ব প্ৰসিদ্ধ বক্সাৰগৰাকীয়ে। যাৰ বাবে তেওঁ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছৰ পৰাও আঁতৰি থাকিবলগীয়া হৈছিল। এই আঁঠুৰ আঘাতৰ পিছতে হাস্পতালত … Read more

আজৱ কাণ্ড! জীয়াই থাকোতেই মৃত ঘোষণা কৰি এগৰাকী বৃদ্ধাৰ মাটি আনৰ নামত নামজাৰি কৰিলে ৰাজহ বিভাগে

নিউজ ডেস্কঃ এগৰাকী অশীতিপৰ বৃদ্ধাক জীৱিত অৱস্থাতে মৃত ঘোষণা কৰিলে ৰাজহ বিভাগে। বৃদ্ধাগৰাকীক মৃত ঘোষণা কৰি তেওঁৰ প্ৰায় ৪ বিঘা মাটি উত্তৰাধিকাৰীসূত্ৰে আনৰ নামত নামজাৰি কৰে ৰাজহ চক্ৰ কাৰ্যালয়ে। এই ঘটনা পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। উল্লেখ্য যে, কামৰূপ জিলাৰ নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত যোগীপাৰা গাঁৱৰ প্ৰয়াত খগেন বায়ন (সাউ)ৰ পত্নী হৰিপ্ৰিয়া বায়ন … Read more

উপায়ুক্ত কাৰ্যালয়ত ভিজিলেঞ্চৰ অভিযান, ঘােচ লৈ গ্ৰেপ্তাৰ কৰ্মচাৰী

নিউজ ডেস্ক। চৰকাৰী কাৰ্যালয়ত পুনৰ চলিল সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক অভিযান। এইবাৰ স্থান বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়। উপায়ুক্ত কাৰ্যালয়ৰ চৌহত থকা জিলা উপ পঞ্জীয়ক কাৰ্যালয়ৰ কৰ্মচাৰী তপন সাহাক এগৰাকী লােকৰ পৰা ভূমি পঞ্জীয়নৰ কামৰ বাবদ ঘোচ লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে ভিজিলেঞ্চৰ অভিযানকাৰী দলে। জানিব পৰা মতে, এজন লােকৰ পৰা ভূমি পঞ্জীয়নৰ কামৰ বাবদ ৭ … Read more

মুখ্যমন্ত্ৰীৰ মানহানিৰ গােচৰ, অহা ২৯ ছেপ্টেম্বৰত দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়াক আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ কামৰূপ চিজেএম আদালতৰ

নিউজ ডেস্কঃ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়াক চমন জাৰি কৰিছে কামৰুপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা ফৌজদাৰী মানহানিৰ গোচৰ সন্দৰ্ভত ছিছ’ডিয়ালৈ চমন জাৰি কৰি ২৯ ছেপ্টেম্বৰত আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে চিজেএম আদালতে। উল্লেখ্য যে, ২০২০ চনত অসম চৰকাৰে শৰ্মাৰ পৰিয়ালৰ সদস্যৰ অন্তৰ্গত ফাৰ্মসমূহক উচ্চ হাৰত পিপিই কিট যোগান ধৰাৰ … Read more

শোকাবহ! দুপৰীয়া ভাত খাই মজিয়াত শুই থাকোতেই সাপে খুটিলে মহিলাক, তিনিদিন চিকিৎসাধীন হৈ থাকি মৃত্যু

নিউজ ডেস্কঃ দুপৰীয়া শুই থকা সময়তে বিষাক্ত সৰ্পৰ দংশনত মৃত্যু ঘটিল এগৰাকী মহিলাৰ। এই শোকাবহ ঘটনা সংঘটিত হৈছে নলবাৰী জিলাৰ বৰভাগৰ মৌৰাত। জানিব পৰা মতে, মৌৰাৰ মাকণি কলিতা নামৰ মহিলাগৰাকীয়ে বৃহস্পতিবাৰে দুপৰীয়া ভাত খাই মজিয়াত শুইছিল। সেই সময়তে বিষাক্ত সাপে দংশন কৰে মহিলাগৰাকীক। লগে লগে মহিলাগৰাকীক পৰিয়ালৰ লোকে নলবাৰী অসামৰিক চিকিৎসালয়লৈ লৈ আনে যদিও স্বাস্থ্যৰ … Read more

সমাজে এঘৰীয়া কৰা ব্যক্তিক শিৱ পূজাৰ প্ৰসাদ খাবলৈ মতাৰ বাবেই বিপদত পৰিবলগীয়া হ’ল এটা পৰিয়াল…

নিউজ ডেস্কঃ ইশ্বৰৰ কৃপাদৃষ্টি পৰক বুলি ঘৰতে সৰুকৈ এখন শিৱ পূজাৰ আয়োজন কৰিছিল এটা ব্ৰাহ্মণ পৰিয়ালে। কিন্তু তাতেই লাগিল কেৰোণ। শিৱ পূজাত নঘটিবলগীয়া ঘটনা ঘটিল, নাহিবলগীয়া এজন মানুহ আহিল। যাৰ বাবে এতিয়া সমাজৰ ৰোষত পৰিবলগীয়া হ’ল পৰিয়ালটো। আধুনিক সমাজক লজ্জানত কৰা পাতালসিং পাৰাৰ গণক চুবাৰ দৰে আন একে ঘটনা সংঘটিত হৈছে মঙলদৈতে। ঘৰত আয়োজিত শিৱ … Read more