লোমহৰ্ষক! আদালতত চলি আছিল বিবাহ বিচ্ছেদৰ শুনানি, তাৰ মাজতে এই ঘটনা সংঘটিত কৰিলে স্বামীয়ে…

নিউজ ডেস্কঃ ঘৰুৱা হিংসাত অতীষ্ঠ হৈ সাত বছৰীয়া বৈবাহিক জীৱনৰ অন্ত পেলাই বিবাহ বিচ্ছেদৰ সিদ্ধান্ত লৈছিল চিত্ৰাই। এখন পাৰিবাৰিক আদালতত তেওঁৰ আবেদনৰ শুনানিও চলি আছিল। কিন্তু এই শুনানিৰ মাজতে আদলত চৌহদত পাষাণ স্বামীৰ আক্ৰমণত প্ৰাণ হেৰুৱাবলগীয়া হ’ল ২৮ বৰ্ষীয় মহিলাগৰাকীয়ে। এই লোমহৰ্ষক কাণ্ড সংঘটিত হৈছে কৰ্ণাটকৰ হাছান জিলাত। জিলাখনৰ হোলেনাৰসীপুৰাৰ পাৰিবাৰিক বিবাহ বিচ্ছেদৰ শুনানি চলি … Read more

সুখৰব! ACP হিমাংশু দাসলৈ ৰাষ্ট্ৰপতিৰ পদক, অসমৰ ৮ গৰাকী আৰক্ষীলৈ সাহসিকতাৰ বঁটা

নিউজ ডেস্কঃ স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত অসম আৰক্ষীলৈ সুখৰ খবৰ। সহকাৰী আৰক্ষী আয়ুক্ত হিমাংশু দাসে লাভ কৰিছে ৰাষ্ট্ৰপতি মেডেল। কৰ্তব্যনিষ্ঠা আৰু জনসেৱাৰ বাবে এচিপি হিমাংশু দাসক এই সন্মান প্ৰদান কৰে দেশৰ ৰাষ্ট্ৰপতিয়ে। উল্লেখ্য যে, চলিত বৰ্ষত ৰাষ্ট্ৰপতিৰ পদক লাভ কৰা অসমৰ একমাত্ৰ আৰক্ষী বিষয়া হৈছে এচিপি হিমাংশু দাস। প্ৰণিধানযোগ্য যে, ১৯৮৮ চনত অসম আৰক্ষীত যোগদান … Read more

অৱশেষত ক্ষমা খুজিলে মঙলদৈৰ গণক চুবাৰ ৰাইজে! অতুল শৰ্মাৰ দহা-সকামতো সহায়-সহযোগিতা কৰাৰ দিলে প্ৰতিশ্ৰুতি

নিউজ ডেস্কঃ অসবৰ্ণ বিবাহ কৰাৰ বাবেই ২৭ বছৰ ধৰি সমাজৰ পৰা লাঞ্চিত-বঞ্চিত হৈ অহা মঙলদৈৰ পাটালসিং পাৰাৰ গণক চুবাৰ সদ্য প্ৰয়াত অতুল শৰ্মাৰ চোতালত থিয় হৈ এতিয়া ক্ষমা খুজিবলৈ বাধ্য হ’ল গঞা ৰাইজে। নিম্ন জাতিৰ ছোৱালী বিয়া কৰোৱাৰ অপৰাধতে অতুল শৰ্মাৰ মৃত্যুৰ পিছতো তেওঁৰ সৎকাৰ কৰিবলৈ অস্বীকাৰ কৰিছিল গাঁওবাসীয়ে। যাৰ বাবে স্বামীৰ মৃতদেহ নৈৰ পাৰত … Read more

হঠাতে অসুস্থ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা, আই চি ইউত চিকিৎসাধীন

নিউজ ডেস্ক। হঠাতে অসুস্থ হৈ পৰিল বীৰ লাচিত সেনাৰ শীৰ্ষ নেতা শৃংখল চলিহা। সংগঠনটােৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদকগৰাকীক অসুস্থতাৰ বাবে ভৰ্তি কৰােৱা হৈছে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত৷ জানিব পৰা মতে, উচ্চ ৰক্তচাপজনিত কাৰণতে পুৱা শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় চলিহাক। ইয়াৰ পিছতে চিকিৎসকে পৰীক্ষা-নিৰীক্ষাৰ অন্তত চলিহাক আই চি ইউত ভৰ্তি কৰে। ইতিমধ্য শৃংখল চলিহাৰ অসুস্থতাৰ সংবাদ … Read more

ভাৰতৰ শ্বেয়াৰ বজাৰৰ ‘সম্ৰাট’ ৰাকেশ ঝুনঝুনৱালাৰ আকস্মিক দেহাৱসান

নিউজ ডেস্ক। শ্বেয়াৰ বজাৰৰ ‘বিগ বুল’ বুলি পৰিচিত ৰাকেশ ঝুনঝুনৱালাৰ ৬২ বছৰ বয়সত দেহাৱসান। দেওবাৰে পুৱা ৬.৪৫ বজাত মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত ৰাকেশ ঝুনঝুনৱালাৰ মৃত্যু ঘটে। ৰাকেশ ঝুনঝুনৱালা ভাৰতৰ ৱাৰেন বাফেট বুলিও জনাজাত আছিল। শ্বেয়াৰ বজাৰৰ পৰা বৃহৎ টকা উপাৰ্জন কৰা ব‍্যৱসায়ী জনে শেহতীয়াকৈ দেশৰ বিমান পৰিবহন খণ্ডত প্ৰৱেশ কৰিছিল। তেওঁ নতুন এয়াৰলাইন কোম্পানী আকাশ … Read more

‘আজাদী কা অমৃত মহোৎসৱ’ উপলক্ষ্যে মহাবাহুৰ বুকুত সৌন্দৰ্যৰ পয়োভৰ! ধুবুৰীত লুইতৰ বুকুত সজাই তোলা হৈছে ৭৫ খন নাও…

নিউজ ডেস্কঃ এক নান্দনিক দৃশ্যৰ পয়োভৰ ঘটিল মহাবাহুৰ বুকুত। আজাদী কা অমৃত মহোৎসৱ উপলক্ষ্যে ধুবুৰী জিলা প্ৰশাসনে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত সজাই তোলা ৭৫ খন নাওৱে সুৱগা চৰালে লুইতৰ। উল্লেখ্য যে, স্বাধীনতা ৭৫ বছৰ পূৰ্তি উপলক্ষ্যে এইবাৰ সমগ্ৰ দেশ জুৰি পালন কৰা হৈছে আজাদী কা অমৃত মহোৎসৱৰ। ইয়াৰ লগত সংগতি ৰাখিয়েই ধুবুৰী জিলা প্ৰশাসনে আয়োজন কৰিছে … Read more

পঞ্জাৱ চৰকাৰৰ নতুন আইন! এটা কাৰ্যকালত নিৰ্বাচিত হােৱাৰ বাবেহে পেঞ্চন লাভ কৰিব বিধায়কে…

নিউজ ডেস্কঃ পঞ্জাৱত গৃহীত হ’ল ‘এক বিধায়ক, এক পেঞ্চন’ নীতি। ৰাজ্যখনৰ ৰাজ্যপাল বানোল বানোৱাৰীলাল পুৰোহিতে শনিবাৰে অনুমোদন জনায় ৰাজ্য চৰকাৰৰ এই নতুন বিধেয়কখনত। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ভগৱন্ত মানে টুইটযোগে বিধেয়কখনে ৰাজ্যপালৰ পৰা সন্মতি লাভ কৰাৰ বিষয়ে জানিবলৈ দিয়ে। টুইটাৰত মুখ্যমন্ত্ৰী মানে লিখিছে, “মই পাঞ্জাবীসকলক জনাবলৈ পাই অতি সুখী যে মাননীয় ৰাজ্যপাল ডাঙৰীয়াই ‘এক বিধায়ক-এক পেঞ্চন’ … Read more

২২ বছৰ পূৰ্বে টিকটৰ নামত ২০ টকা বেছি লৈছিল ৰে’ল বিভাগে, এতিয়া ১৫ হাজাৰ টকা যাত্ৰীক ওভতাই দিয়াৰ নিৰ্দেশ আদালতৰ

নিউজ ডেস্কঃ ২২ বছৰ পূৰ্বে এজন ৰে’লযাত্ৰীৰ টিকটৰ নামত ২০ টকা অতিৰিক্তভাৱে লৈছিল ৰে’ল বিভাগে। তাৰ পৰিণতিত এতিয়া ১৫ হাজাৰ টকা সেই ব্যক্তিজনক ঘূৰাই দিবলগীয়া হ’ল ৰে’ল বিভাগে। শেহতীয়াকৈ ২২ বছৰ পুৰণি এটা গোচৰৰ ৰায়দান কৰি ন্যায়ালয়ে ৰে’ল বিভাগক ১৫ হাজাৰ টকা ঘূৰাই দিয়া নিৰ্দেশে সামাজিক মাধ্যমতো লাভ কৰিছে ব্যাপক চৰ্চা। দৰাচলতে ১৯৯৯ চনৰ ২৫ … Read more

শিক্ষা বিভাগত পুনৰ পৰিৱৰ্তন! অষ্টম শ্ৰেণীৰ পৰা বাধ্যতামূলক হ’ব বুৰঞ্জী বিষয়…

নিউজ ডেস্কঃ অসমৰ শিক্ষা ক্ষেত্ৰখনত আকৌ পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে অসম চৰকাৰ। ৰাজ্যৰ শিক্ষা ব্যৱস্থাত অষ্টম শ্ৰেণীৰ পৰা বুৰঞ্জী পাঠ্যক্ৰম বাধ্যতামূলক কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শনিবাৰে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰী অহা বছৰৰ পৰা অষ্টম শ্ৰেণীৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বুৰঞ্জী পাঠ্যক্ৰম বাধ্যতামূলক কৰা হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে লগতে জানিবলৈ … Read more

হৃদয়স্পৰ্শী! এটা নাহৰফুটুকী বাঘক ৰাখী বান্ধিলে এগৰাকী মহিলাই, ভাইৰেল ছবিয়ে হৃদয় জিনিছে সকলোৰে

নিউজ ডেস্কঃ প্ৰেম আৰু ভাতৃত্ববোধেৰে যোৱা বৃহস্পতিবাৰে সমগ্ৰ দেশজুৰি পালন কৰা হয় পবিত্ৰ ৰাখী বন্ধন উৎসৱ। এই উপলক্ষে বিভিন্ন লোকে সামাজিক মাধ‍্যমযোগে আপলোড কৰা লাখ লাখ আলোকচিত্ৰৰ মাজত বিশেষ দৃষ্টি আকৰ্ষণ কৰিছে এখন আকৰ্ষণীয় তথা ব‍্যতিক্ৰমী আলোকচিত্ৰই। সামাজিক মাধ্যমত নেট ব্যৱহাৰকাৰীৰ হৃদয় জিনা এই ভাইৰেল ফটোখনৰ স্থান হৈছে ৰাজস্থান। য’ত এগৰাকী মহিলাই এটা ৰুগীয়া নাহৰ … Read more