অসমত মানুহ বিশেষ আইন বেলেগ-বেলেগঃ কংগ্ৰেছ বিধায়িকা শিৱামণি বৰা

নিউজ ডেস্ক। অসমত মানুহ বিশেষ আইন বেলেগ-বেলেগ! একে অপৰাধৰ বাবে কােনাে লােকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে, কিন্তু আন বিশেষ ব্যক্তিক ৰেহাই দিয়ে। -এই গুৰুতৰ অভিযােগ উত্থাপন কৰিছে বটদ্ৰৱা সমষ্টিৰ কংগ্ৰেছ বিধায়িকা শিৱামণি বৰাই। উল্লেখ্য যে যােৰহাটৰ টীয়কৰ জীয়ৰী বৰ্ষাশ্ৰী বুঢ়াগােঁহাইৰ মুক্তিৰ দাবীত শেহতীয়াকৈ সামাজিক মাধ্যম উত্তাল হৈ পৰিছে। লগতে মেধাৱী ছাত্ৰীগৰাকীৰ মুক্তিৰ দাবী তুলিছে ৰাজ্যৰ বিভিন্ন … Read more

কাৰাবন্দী বৰ্ষাশ্ৰী বুঢ়াগােঁহাইৰ মুক্তিৰ চৰ্ত কি? ক’লে মুখ্যমন্ত্ৰীয়ে…

নিউজ ডেস্ক। কাৰাবন্দী বৰ্ষাশ্ৰীৰ মুক্তিৰ চৰ্ত কি কি? শেহতীয়াকৈ বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ মুক্তি দাবীৰে সামাজিক মাধ্যম উত্তাল হৈ থকাৰ মাজতে প্ৰথমবাৰলৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। সংবাদ মাধ্যমৰ সৈতে হােৱা বাৰ্তালাপৰ সময়ত সাংবাদিকে এই বিষয়ে সােধা প্ৰশ্নৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথম স্পষ্ট কৰি দিয়ে যে বৰ্ষাশ্ৰীক কবিতা লিখাৰ বাবে নহয়, বাৰে বাৰে … Read more

কাৰাবন্দী বৰ্ষাশ্ৰীলৈ সকাহ সত্ৰ ন্যায়ালয়ৰ! পৰীক্ষাক লৈ দিলে এই নিৰ্দেশনা…

নিউজ ডেস্ক। কবিতা লিখাৰ বাবেই ৰাষ্ট্ৰদ্ৰােহৰ গােচৰত প্ৰায় দুমাহ ধৰি কাৰাবন্দী টীয়কৰ মেধাৱী ছাত্ৰী বৰ্ষাশ্ৰী বুঢ়াগােঁহাই। শেহতীয়াকৈ বৰ্ষাশ্ৰীৰ মুক্তিৰ দাবীৰে সামাজিক মাধ্যম উত্তাল হৈ থকাৰ মাজতে ছাত্ৰীগৰাকীলৈ সামান্য সকাহ প্ৰদান কৰিছে গােলাঘাট সত্ৰ ন্যায়াধীশৰ আদালতে। কাৰাবন্দী বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক পৰীক্ষা দিবলৈ অনুমতি প্ৰদান কৰিছে আদালতে। কাৰাবন্দী অৱস্থাতে সংশ্লিষ্ট পৰীক্ষা কেন্দ্ৰৰ পৰা পৰীক্ষা দিব পাৰিব বৰ্ষাশ্ৰী বুঢ়াগোহাঁয়ে। … Read more

সলনি হ’ব চেৰাবভাটী আৰু কালাপাহাৰৰ নাম, নতুন নাম হ’ব…

নিউজ ডেস্কঃ সলনি কৰা হ’ব গুৱাহাটীৰ কেইবাখনো ঠাইৰ নাম। এই কথা ঘোষণা কৰিছে গুৱাহাটী পৌৰ নিগমে। স্থানীয় ৰাইজ আৰু সংগঠনৰ আহ্বানমৰ্মে গুৱাহাটীৰ কেইবাখনো ঠাইৰ নাম সলনি কৰিবলৈ যো-জা চলাইছে পৌৰ নিগমে। সেই অনুসৰি চেৰাবভাটীৰ নতুন নাম ৰখা হ’ব আৰ্যনগৰ। আনহাতে কালাপাহাৰৰ নাম সলনি কৰি নতুনকৈ ৰখা হ’ব নীলাচল নগৰ। উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই … Read more

ঘৰলৈ আহিম বুলি ভুলতে পাকিস্তান অভিমুখী ৰে’লত উঠিল বহিঃৰাজ্যত কৰ্মৰত অসমৰ শ্ৰমিক মনোজ ওঝাই, বিচাৰিছে চৰকাৰৰ সহায়

নিউজ ডেস্কঃ উঠিব লাগিছিল গৃহাভিমুখী ৰে’লত। কিন্তু ভুলতে পাকিস্তানী অভিমুখী ৰে’লত উঠি সীমান্ত পালেগৈ বহিঃৰাজ্যত কৰ্মৰত অসমৰ এজন শ্ৰমিক। জানিব পৰা মতে, চৰাইদেউ জিলাৰ মাহমৰাৰ চেলেং গাঁৱৰ নিৱাসী মনোজ ওঝা নামৰ এজন ৪০ বছৰীয়া ব্যক্তিয়ে এমাহ পূৰ্বে কৰ্মৰ সন্ধানত গৈছিল ৰাজস্থানৰ জয়পুৰলৈ। তাত এটা প্লাইউড কোম্পানীত কৰ্মৰত হৈ আছিল মনোজ। কিন্তু কিছুদিন ধৰি শাৰীৰিক অসুস্থতাত … Read more

মৰ্মান্তিক! বালিৰ ছুইমিং পুলত মৃত্যু গুৱাহাটী এইমছৰ ছাত্ৰ নিৰ্ণয় শৰ্মাৰ…

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। পিতৃ-মাতৃৰ সৈতে বহিঃৰাষ্ট্ৰলৈ ফুৰিবলৈ গৈ অকাল মৃত্যুক আকােৱালি ল’লে গুৱাহাটীৰ এগৰাকী মেধাৱী ছাত্ৰই। মৃত ছাত্ৰজনৰ নাম নিৰ্ণয় শৰ্মা (২੦)। জানিব পৰা মতে, পিতৃ-মাতৃৰ সৈতে দুদিন পূৰ্বে ইণ্ডোনেছিয়াৰ বালিত উপস্থিত হৈছিল নিৰ্ণয়। বালিৰ এখন বিলাসী হোটেলৰ ছুইমিং পুলত সোমবাৰে মৃত অৱস্থাত উদ্ধাৰ হয় গুৱাহাটী এইমছৰ ছাত্ৰ নিৰ্ণয় শৰ্মাৰ মৃতদেহ। জানিব পৰা … Read more

কামৰূপ জিলাৰ নতুন উপায়ুক্ত IAS বিষয়া কীৰ্তি জল্লী…

নিউজ ডেস্ক। কামৰূপ জিলাৰ নতুন উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া কীৰ্তি জল্লীক। উল্লেখ্য যে সম্প্ৰতি কাছাৰ জিলাৰ উপায়ুক্ত হিচাপে কীৰ্তি জল্লীয়ে বান-ভূমিস্খলনৰ দুৰ্যােগপূৰ্ণ সময়ৰ মাজতে অহৰহভাৱে বন্যাৰ্তৰ কাষত থিয় দিছিল। উপায়ুক্তগৰাকীৰ এনে কৰ্তব্যনিষ্ঠাই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতাে ব্যাপক চৰ্চা লাভ কৰিছিল। তেওঁৰ ঠাইত কাছাৰৰ নতুন উপায়ুক্তৰ দায়িত্ব প্ৰদান কৰা হৈছে হাইলাকান্দিৰ উপায়ুক্ত … Read more

বিবাহ অনুষ্ঠানত দৰা-কইনাই কৰিলে চুক্তিপত্ৰত স্বাক্ষৰ, চৰ্তসমূহ দেখিলে চকু কপালত উঠিব আপোনাৰ

নিউজ ডেস্কঃ বিবাহ হৈছে এক পবিত্ৰ বান্ধোন। বিবহৰ মাজেৰেই ওৰে জীৱন লগত থকাৰ প্ৰতিশ্ৰুতিৰে একেলগ হয় দুটি প্ৰাণ। ধৰ্ম অনুসৰি ভাৰতত পূৰ্বৰে পৰা প্ৰচলিত ৰীতি নীতি তথা পৰম্পৰা অনুসৰিয়ে বিবাহ অনুষ্ঠান সম্পন্ন হৈ আহিছে যদিও বিগত সময়চোৱাত ভাৰতৰ কেইবাখনো অগতানুগতিক বিবাহে পৰম্পৰা ভংগ কৰি সামাজিক মাধ‍্যমত চৰ্চিত হৈ পৰিছে। তেনে এখন বিয়াৰ কাহিনীয়ে এতিয়া ভাইৰেল … Read more

ভয়ংকৰ দুৰ্ঘটনা! দলঙৰ ৰেলিঙত খুন্দিয়াই বিধ্বস্ত জাইল’ বাহন, থিতাতে নিহত ২, আহত ৬ যাত্ৰী

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা। দলঙৰ ৰেলিঙত খুন্দিয়াই চৰ্ণ-বিচূৰ্ণ জাইল’ বাহন, থিতাতে নিহত ৪ জন লােক। গুৰুতৰভাৱে আহত আন ৪ জন যাত্ৰী। এই ভয়ংকৰ দুৰ্ঘটনা মংগলবাৰে সংঘটিত হ’ল ধেমাজি জিলাৰ চিলাপথাৰ জলকীয়া সুঁতিৰ ৫১৫ নং ঘাইপথৰ ভঙা দলঙত। জানিব পৰা মতে, পুৱা ১১-৩০ বজাত পাছিঘাটৰ পৰা চিলাপথাৰ অভিমুখে আহি থকা এআৰ ০৯ বি ৬৪৭২ … Read more

২৫ বছৰ বয়সত প্ৰাণ ত্যাগ ভাৰতৰ ‘ৰাজা’ৰ

নিউজ ডেস্ক। পিঞ্জৰাবদ্ধ অৱস্থাত থকা দেশৰ আটাইতকৈ বয়স্ক বাঘ ‘ৰাজা’ৰ মৃত্যু। সোমবাৰে পুৱতি নিশা উত্তৰ বংগৰ এটা পশু পুনৰুদ্ধাৰ কেন্দ্ৰত ২৫ বছৰ ১০ মাহ বয়সত প্ৰাণত্যাগ কৰে ‘ৰাজা’ই। উল্লেখ্য যে ২০০৮ চনৰ আগষ্ট মাহত ৰয়েল বেংগল টাইগাৰ ‘ৰাজা’ক সুন্দৰবনৰ এখন নৈত আহত অৱস্থাত উদ্ধাৰ কৰি উত্তৰ বংগৰ জলদাপাৰাৰ খৈৰাবাৰীৰ বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰলৈ অনা হৈছিল। এটা … Read more