SSB ৰ সঞ্চালক প্ৰধান পদত অধিষ্ঠিত প্ৰথমগৰাকী অসম সন্তান ডঃ সুজয় লাল থাউচেন

SSB ৰ সঞ্চালক প্ৰধান পদত অধিষ্ঠিত প্ৰথমগৰাকী অসম সন্তান ডঃ সুজয় লাল থাউচেন

June 2, 2022 0 By NEWS DESK

নিউজ ডেস্ক। ভাৰতৰ সৈতে প্ৰতিবেশী ৰাষ্ট্ৰ ভূটান আৰু নেপাল সীমান্তৰ সুৰক্ষাৰ দায়িত্বত নিয়ােজিত বিশেষ অৰ্ধ সামৰিক বাহিনীৰ মুৰব্বীৰ পদত অধিষ্ঠিত হ’ল প্ৰথমগৰাকী অসমীয়া।

কেন্দ্ৰীয় চৰকাৰে সশস্ত্ৰ সীমা বাহিনী চমুকে এছএছবিৰ সঞ্চালক প্ৰধান পদত নিযুক্ত কৰিছে ১৯৮৮ চনৰ মধ্য প্ৰদেশ কেডাৰৰ আইপিএছ বিষয়া সুজয় লাল থাউচেনক।

ভাৰতীয় আৰক্ষী সেৱাত যােগদান কৰিয়েই থাউছেনে বিভিন্ন গুৰুত্বপূৰ্ণ পদত সুখ্যাতিৰে দায়িত্ব পালন কৰি আহিছে।

শেহতীয়াকৈ তেওঁ সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) বিশেষ সঞ্চালক প্রধান হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল যদিও যােৱা ৩১ মে’ত কেন্দ্ৰীয় চৰকাৰে সশস্ত্র সীমা বল (এছ এছ বি)ৰ নতুন সঞ্চালক প্রধান হিচাপে পদোন্নতি দিয়াৰ কথা ঘোষণা কৰে।

তেওঁ এই পদত ২੦২৩ বৰ্ষৰ ৩੦ নৱেম্বৰ পৰ্যন্ত কাৰ্যনিৰ্বাহ কৰিব।

কেন্দ্রীয় গৃহমন্ত্রণালয়ে অসম সন্তানজনৰ ওপৰতে নেপাল-ভূটান সীমান্তৰ প্ৰায় ২,৫০০ কিলোমিটাৰ এলেকাৰ সুৰক্ষাৰ গুৰুদায়িত্ব অর্পণ কৰিছে।

উল্লেখযোগ্য যে যোৱা ৩১ ডিচেম্বৰত বৰ্তমানৰ ডি জি কুমাৰ ৰাজেশ চন্দ্ৰই অৱসৰ লোৱাৰ পাছত এছ এছ বিৰ মুৰব্বীগৰাকীৰ পদ খালী হৈ আছিল।

পাহাৰীয়া পিছ পৰা জিলাৰ পৰা এছ এল থাউছেনে দেশৰ অৰ্ধ সামৰিক সুৰক্ষা বাহিনীৰ শীৰ্ষ স্থানত নিযুক্তি লাভ কৰাত ডিমা হাছাওৰ লগতে ৰাজ্যবাসী আনন্দিত হৈ পৰিছে।

ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ উপৰি অসম চৰকাৰৰ কেবাজনাে মন্ত্ৰীয়ে এছএছবিৰ মুৰব্বীৰ দায়িত্বত অধিষ্ঠিত হােৱা বিষয়াগৰাকীক শুভেচ্ছা জ্ঞাপন কৰিছে।