অথলে গ’ল নিহাৰিকাৰ চেষ্টা, ক’ভিডে প্ৰাণ ল’লে শহুৰেক থুলেশ্বৰ দাসৰ…

নিউজ ডেস্ক। বোৱাৰীৰ দায়িত্ব পালন কৰি সামাজিক মাধ্যমত সমাদৰ লাভ কৰিছিল নগাঁও জিলাৰ বােৱাৰী নিহাৰিকা দাসে।

ৰহাৰ ক’ভিড আক্ৰান্ত শহুৰেকক অসুস্থ অৱস্থাত বোকোচাত তুলি লৈ গৈছিল চিকিৎসালয়লৈ।

সামাজিক মাধ্যমত মুহূৰ্ততে ভাইৰেল হৈ পৰা এই ঘটনাৰ দৃশ্যই সকলোৰে অন্তৰ চুই গৈছিল।

কিন্তু যেন অথলে গ’ল বোৱাৰী নিহাৰিকাৰ সেই চেষ্টা।

অৱশেষত মৃত্যুক সাৱটিলে নিহাৰিকা দাসৰ শহুৰেক থুলেশ্বৰ দাসে।

ক’ভিড-১৯ত আক্ৰান্ত হৈ প্ৰাণ গ’ল থুলেশ্বৰ দাসৰ।

সোমবাৰে নিশা গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৃত্যু হয় নিহাৰিকাৰ শহুৰেক থুলেশ্বৰ দাসৰ।

উল্লেখ্য যে, ক’ভিড-১৯ আক্ৰান্ত শহুৰ পিতৃক পৰিচৰ্যা কৰোতে বোৱাৰী নিহাৰিকাও হৈছিল ক’ভিড পজিটিভ। তাৰ পাছতে দুয়াে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল।

লগতে চাওকঃ

প্ৰসিদ্ধ বিজ্ঞানী তথা বাঁহৰ বটলৰ উদ্ভাৱক ড° পৱন কে কৌশিকৰ ক’ভিড-১৯ত মৃত্যু

ৰাখে হৰি… নৈত সােঁতত উটি যোৱা বয়ােজ্যেষ্ঠ মহিলাক ২০ কিলোমিটাৰ নিলগত জীৱন্তে উদ্ধাৰ

Leave a Comment