মাজুলীৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে হেৰাল মুখ্যমন্ত্ৰীৰ ফোন!

নিউজ ডেস্ক। নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজতে হেৰাল মুখ্যমন্ত্ৰীৰ মোবাইল ফোন। কিছু সময়ৰ বাবে প্ৰচাৰ মঞ্চত সৃষ্টি হল হাহাকাৰ পৰিস্থিতিৰ। সকলোৱে বিচাৰিলে।

মঞ্চৰ প্ৰতিটো চুক-কোণত মুখ্যমন্ত্ৰীৰ মোবাইল বিচাৰি চলাথ কৰিলে নেতা-কৰ্মী আৰু নিৰাপত্তাৰক্ষীয়ে। অৱশ্যে পিছত নিৰপত্তাৰক্ষীৰ বাহনতে উদ্ধাৰ হল মোবাইল ফোনটো।

দৰাচলতে মাজুলীৰ উপ নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

মাজুলীত বাহৰ পাতি তেওঁ ইখনৰ পিছত সিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈছে। তাৰ মাজে মাজে বিভিন্ন বিষয় লৈ সংবাদ মাধ্যমৰো সন্মুখীন হৈছে।

মুখ্যমন্ত্ৰীৰ এই ব্যস্ত সূচীৰ মাজতে এখন নিৰ্বাচনী প্ৰচাৰ সভাত হেৰায় তেওঁৰ ব্যক্তিগত মোবাইল ফোনটো। এই খবৰ প্ৰকাশ হোৱাৰ পিছতে মঞ্চত কুৰিৰো অধিক নেতা-কৰ্মী আৰু নিৰপত্তাৰক্ষী মুখ্যমন্ত্ৰীৰ মোবাইল বিচাৰি অভিযান আৰম্ভ কৰে।

অৱশ্যে কিছু সময় পিছত জানিব পৰা যায় যে মুখ্যমন্ত্ৰীয়ে তেওঁৰ মোবাইল ফোনটো নিৰপত্তাৰক্ষীৰ বাহনতে এৰি থৈ গৈছিল।

যি নহলেও মুখ্যমন্ত্ৰীৰ মোবাইল হেৰুওৱাৰ ঘটনাই কিছু সময়ৰ বাবে সকলোকে চিন্তাত পেলায়।

লগতে চাওকঃ

একেলগে ৩ যমজ ভগ্নীক বিয়া এজন যুৱকৰ! সামাজিক মাধ্যমত চৰ্চিত এই ব্যতিক্ৰমী বিয়া

Leave a Comment